Monday, May 20, 2019

মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক দীপৰ বিল সংৰক্ষণ আৰু উন্নয়ন ছ’চাইটিৰ

0 comments
প্ৰকাশিত তাৰিখঃ ২০ মে’ ২০১৯

 

চি এন ডেক্স


জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দীপৰ বিলৰ সংৰক্ষণ আৰু উন্নয়নৰ বিভিন্ন দিশ সামৰি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। যোৱা ১৬ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত দীপৰ বিল সংৰক্ষণ আৰু উন্নয়ন ছ’চাইটিৰ বিষয়ববীয়াৰ এক বৈঠক মিলিত হয়।


বৈঠকত বিলখনৰ বৰ্তমানৰ মাটিকালিৰ সঠিক ৰূপ নিৰূপণৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু আৰ্দ্ৰভূমি কৰ্তৃপক্ষক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।  


দীপৰ বিলৰ সকলোবোৰ প্ৰাকৃতিক জলধাৰা পুনৰ মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো উক্ত বৈঠকত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষ আৰু জলসম্পদ বিভাগে বিতংভাৱে অধ্যয়ন কৰি অহা তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ বিভাগকেইটাৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত থকা আৱৰ্জনা নিষ্কাষণথলীৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। আৱৰ্জনাৰ পৰা কেনেকৈ জৈৱিক সাৰ আৰু বিকল্প শক্তি উৎপাদন কৰিব পাৰি এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগ সমূহক দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।


দীপৰ বিলৰ জলধাৰাৰ মূল উৎস আৰু বহিৰ্গমণৰ পথসমূহৰ ওপৰতো বৈঠকে গুৰুত্ব আৰোপ কৰে। বিলৰ পানী অহা–যোৱা মূলপথ সমূহৰ ওপৰত বিজ্ঞান সন্মত অধ্যয়ন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে গুৱা্হাটী উন্নয়ন বিভাগক পামহিত প্ৰথমটো পয়ঃপ্ৰণালী ব্যৱস্থাপনা প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো নিৰ্দেশ দিয়ে।


উচ্চ পৰিবাহী বিদ্যুতৰ তাঁৰ দীপৰ বিলৰ মাজেৰে যোৱাত স্থানীয় তথা বিশ্বৰ বিভিন্ন দেশৰ পৰিভ্ৰমী পক্ষীকুলৰ বিচৰণত কিবা বাধাৰ সৃষ্টি হৈছে নেকি তাৰ ওপৰত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়ে।


দীপৰ বিলৰ নৈসৰ্গিক শোভা অটুট ৰখা আৰু শোভাবৰ্ধনৰ ক্ষেত্ৰত ৰাজ্যিক পৰ্যটন আৰু বন বিভাগক যুটীয়াভাৱে উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে।


গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিবদ্বয় ক্ৰমে– ৰাজীৱ বৰা, ৰবি কাপুৰ আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে প্ৰকৃতি সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ প্ৰতিনিধি বৰ্গও উপস্থিত বৈঠকত থাকে।


শিৰোনামৰ ফটোঃ চানডুবি নিউজ


Photo Courtesy: Chandubi News


No comments:

Post a Comment