Monday, May 20, 2019

উত্তৰবিহীন চিঠিৰ টোপোলা

0 comments
প্ৰকাশিত তাৰিখঃ ২০ মে’ ২০১৯

সীমান্ত কাকতি –


চতুৰ্থ খণ্ড


মোৰ মৰমৰ অৰুনিমা ভড়ালী


হৃদয় নামৰ মণিকোঠাত আবদ্ধ হৈ থকা মোৰ পুঞ্জীভূত মনৰ ক্ষোভ–অসন্তুষ্টি প্ৰকাশ কৰাৰ কোনো মাধ্যম বিচাৰি নাপায় তোমালৈ মোৰ এই পত্ৰলেখা। মোৰ বৈবাহিক জীৱনৰ দহোটা বছৰ পাৰ কৰাৰ পাছত মনত গজি উঠিছে আজি অলেখ প্ৰশ্ন। জীৱনবোৰেৰে প্ৰকৃততে আমি কি বিচাৰো? কি পাবলৈ আমাৰ ইমান লৰা–ঢপৰা? আচলতে জীৱনেৰে কি বিচাৰিব লাগিছিল? অথচ পাৰ হৈ দশকটোত আমি পোৱা নোপোৱা, সুখ–দুখৰ কথাবোৰএবাৰো মূল্যাংকণ কৰিব নোৱাৰিলো। এবাৰ মনত পেলোৱাচোন বৈবাহিক জীৱনৰ পূৰ্বে আমি দুয়ো দুয়োকো সুখী কৰিবলৈ অংগীকাৰ কৰিছিলোঁ। আৰু আজি বিধিৰ কি বিপাক। বিচৰা সুখ শান্তিৰ মুখ আমি দেখিলোনে? কথাবোৰ এবাৰ ভাবিছানে? তুমি নাভাবিলেও মই কিন্তু ভাবিছো। উপলব্ধি কৰিছো। মোৰ অশান্ত মনটোক স্থিৰ কৰিবলৈ নতুন পথৰ সন্ধানো উলিয়াইছোঁ।


তোমাৰ ছাগে মনৰ মাজত থিতাপি লোৱা সন্দেহৰ পোকবোৰে কিলবিলাই ইটোৱে–সিটোক আক্ৰমণ প্ৰতি আক্ৰমণ কৰাত লাগিছে। কিহৰ কাৰণে, কাৰ বাবে তোমাক ক্ৰমশঃ পাহৰিবলৈ ধৰিছোঁ? মই থিকেই অনুমান কৰিছো পাৰুৰ মিচ্‌ড কলবোৰে তোমাৰ হিয়াত অগ্নিশিখা হৈ জ্বলিছে। মোৰ সৈতে পাৰুৰ দীঘলীয়া কথপোকথনে তোমাৰ মনৰ সন্দেহৰ কুণ্ডলিটো বঢ়াই গৈ আছে। কি এনে সম্পৰ্ক থাকিব পাৰে তাইৰ লগত? সন্দেহ– এটি মাথো সন্দেহ। বহুবাৰ তুমি মোক ইতিকিং কৰিছা। এজন বিবাহিত পুৰুষ হৈ আনৰ স্ত্ৰীৰ সৈতে কৰা সম্পৰ্কক লৈ। তথাপিওটো মই তোমাক একোৱেই বুজাই কোৱা নাছিলো। আচলতে এইধৰণৰ স্থূল কথাৰ উত্তৰ বিচাৰি তোমাক বুজোৱাৰ মোৰ কোনো অভিধানিক ভাষাৰ সহায় লোৱাৰ আগ্ৰহেই জন্মা নাছিল– কিয় মই পাৰুক ইমান ভাল পাওঁ??


বৰ্তমান বাস্তৱতাই গঢ় দিয়া তোমাৰ চিন্তা চেতনাত কোনো নতুন চিন্তা নাই। এটা নিৰ্দিষ্ট আবেষ্টনিৰ মাজত থাকি তুমি নিজে সুখী হ’ব বিচৰা। এয়াই তোমাৰ জীৱনৰ পৰিধি। প্ৰাচুৰ্য্যৰে ভৰা পৃথিবীখনেই তোমাৰ বৰ্তমান। পৰিয়াল। আজি আমি পৰিয়ালৰ নামৰ যি কুণ্ডলিৰ মাজত আবদ্ধ হৈ পৰিলো ইতিহাসত এই পৰিয়ালেই মানৱ  জীৱনক শৃংখলতাৰে গঢ়ি তুলিছিল এক গতিশীল ভাবাদৰ্শৰ। বন্য জীৱন এৰি কৃষি সভ্যতালৈ গতি কৰি বীজ সংৰক্ষণ স্তৰৰ মাজেৰে গোষ্ঠী আৰু গোষ্ঠীৰ মাজেৰে মাতৃপ্ৰধান পৰিয়ালবোৰ ভূমিষ্ঠ হৈছিল। মাকেই আছিল পৰিয়ালৰ মেৰুদণ্ড। বৰ্তমানত জীয়াই থকা, ভবিষ্যতৰ সংৰক্ষণৰ চিন্তা সন্মুখত ৰাখি পৰিয়ালৰ প্ৰতিজন সদস্যই উৎপাদনত ব্যস্ত হৈ পৰিছিল। ‘সমানে সমানে কাম– সমানে সমানে খাম’ এই নীতিৰেই প্ৰতিজনে এজনে আনজনৰ ওচৰত দায়বদ্ধ হৈ পৰিছিল। মাতৃগৰাকী আছিল প্ৰতিটো কথা–কামৰ নিৰ্দেশক। এয়াই আছিল এসময়ৰ মানুহৰ সভ্যতা–সংস্কৃতি। অথচ আজি মই সেই ইতিহাস গৰকা সভ্য মানুহ হৈও তোমাৰ ব্যক্তিগত জীৱনৰ সুখ স্বাচ্ছ্যন্দৰ প্ৰতিমূৰ্তি হ’ব লগাত পৰিছো। তোমাৰ দৈহিক সুখৰ দিবা–ৰাত্ৰিৰ শান্তিৰ নিজৰাত বিচৰণ কৰাৰ বাবেই মোৰ পৰা তুমি বিনিময় বিচাৰিছা। কেৱল ভোগৰ বাবেই এটি সুন্দৰ ঘৰ, এখন বিলাসী গাড়ী। তুমি বুজি উঠাৰ দৰে এয়া কিন্তু প্ৰেম নহয়। এজনী বেশ্যাৰ ওচৰটো এয়াই পোৱা যায় এটি মুদ্ৰাৰ বিনিময়ত। তুমি আজিলৈ এই কথা নাভাবিলা। তোমালোকে বিচৰণ কৰা পৃথিবীখনৰ বিপৰীত দিশেও অন্য এখন জগত আছে। য’ত কোনো শ্ৰেণী বৈষম্য নাথাকে, য’ত প্ৰতিভা বিকাশত কোনো কাৰো হেঙাৰ নহয়, সমতাই যিখন সমাজৰ সকলো চিন্তা–চৰ্চাৰ প্ৰাৰম্ভিক ভেটি। ইয়াত তোমালোকৰ দৰে অবাধ বাক্‌স্বাধীনতা নাথাকিলেও মানুহে এটুকুৰা ৰুটিৰ বাবে কাৰো ওচৰত পূতৌ পাত্ৰ হ’ব নালাগে। তাত ৰাজনৈতিকভাৱে ভোটাধিকাৰ দি কোনেও পিচ দুৱাৰেদি জনতা পূজাৰ ভাও দি মদ–মাংস নাখায়। এইখনেই মোৰ সপোন পৃথিবী। এতিয়া তেনে এক পৃথিবী গঢ়াৰ তাগিদাত সহস্ৰ জনৰ সান্নিধ্য ভৰা মহাজীৱনৰ স্নান কৰাই মোৰ জীৱনপণ। কেৱল তোমাক সজোৱাৰ তাড়ণাত মোৰ এই অমূল্য জীৱনৰ মূল্যবান সময় আৰু খৰছ কৰিব নোৱাৰো। এক নতুন সত্য প্ৰাপ্তিৰ বাবে উচৰ্গা কৰিছো এই মোৰ পাৰ্থিব জীৱন। নাজানো মোৰ সপোন বাস্তৱক ইহজনমত পামনে নাপাম? তথাপিটো প্ৰস্তুতিক অসম্পূৰ্ণ কৰি তোলা নাই। বাস্তৱৰ কঠিন শিলত সেয়ে লিখি গৈছো বঞ্চিত, লাঞ্ছিতজনকলৈ নতুন গান–কবিতা।


ভুল নুবুজিবা। তোমাক আজি মই দোষৰোপ কৰিব খোজা নাই। ইয়াৰ বাবে দায়ী তুমি নহয়– সমাজ ব্যৱস্থাহে। শৈশৱৰ দোকমোকালিতে মানুহৰ মন মগজু গঢ়ি উঠে সমাজ নামৰ এই কমাৰশালতে। কিন্তু সেই কমাৰশালিৰ আজি কি পৰিবেশ? তাত মূল্যবোধক কি দৰে বিচাৰ কৰা হয়? প্ৰতিটো সত্য বিচাৰ কৰিবলৈ বিচাৰকসকল কোন পক্ষৰ– কোনখন পৃথিবীৰ স্থায়ি বাসিন্দা? এইসকলো যুক্তিৰ তুলাচনীৰে চাব নাজানিলে সত্যই– অসত্য. অসত্যই– সত্য ধৰা দিয়ে আমাৰ জীৱনবোৰত। সেয়ে বোধ বিবেকক আমি প্ৰতিমূহুৰ্ততে সজাগ কৰি তুলিব লাগিব– নতুন সত্য অন্বেষণৰ বাবে। এই ধৰণৰ সজাগতাই মানুহক এটা স্তৰৰ পৰা আন এটা স্তৰলৈ লৈ আহে। সচেতনাত গজি উঠে উৰ্বৰ মগজুত।


কত দিন, কত বাৰ তোমাৰ মন মগজু গঢ়িবলৈ মই ৰুৱালো–বুৱালো! আজিলৈ মোক বুজিকে নাপালা কিম্বা বুজি পাইও নুবুজাৰ ভাও ৰচিলা। কি আচৰিত! আমি দুয়ো একেখন বিচনাত অ’তবোৰ ৰজনী কটাও ইমান দিনে দুখন ভিন্ন ৰাষ্ট্ৰৰ বাসিন্দাহে আছিলো। সেয়ে আৰু কিমান দিন– কিমান ৰাতি– কটাম অহোৰাত্ৰি??


সংসাৰ নামৰ এই মায়াবৃত্তৰ পৰা ওলাই এক কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিলো। অ’তদিনে মই যিটো পথ বিচাৰি হাইৰাণ হৈ পৰিছিলো তাৰেই সন্ধান পালো। এখন প্ৰকৃত মানুহ গঢ়াৰ কমাৰশাল। মই এতিয়া তুমি নেদেখা দূৰণিবতীয়া এটা সৰু ৰে’ল ষ্টেচনত। মানুহ গঢ়া কমাৰশালখনেই মোৰ লক্ষ্যস্থান। শুনিছো ইয়াত হেনো ব্যক্তি বিশেষত্বৰ সলনি সমূহৰ চিন্তাৰে গঢ়ে মানৱ শৃংখল। প্ৰতিজনেই ইয়াত এক আদৰ্শ পৃথিবী সজাবলৈ তোমালোকৰ পৃথিবীক নজনোৱাকৈ গোপনে অনুশীলন কৰে। এখন শ্ৰেণী অবসান যুদ্ধৰ বাবে ৰণকৌশল– ৰণনীতি ইয়াতেই প্ৰস্তুত কৰে। ভোগবাদী ৰাজনীতি উফৰাই নতুন সভ্যতা–সংস্কৃতি প্ৰতিষ্ঠাৰ হকে মইও নিজকে এজন সৈনিক হিচাপে গঢ়ি তুলিবলৈ এই অনুশীলনতে ব্যস্ত। যোৱা কাতি বিহুৰ দুপৰ নিশা মই মোৰ বিচৰা পৃথিবীত বিচৰণ কৰিছোহি। মোক সতীৰ্থসকলে শিকাইছে কেনেকৈ অন্যায়–শোষণ–বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ–প্ৰতিৰোধ গঢ়ি তুলিব লাগে। কেনেকৈ সমূহৰ স্বাৰ্থত ৰাজনীতি সলনি কৰি নতুন সপোনৰ বাস্তৱ ৰূপ দিব লাগে।


তোমাক পৰিত্যাগ কৰাৰ নিষ্ঠুৰ সিদ্ধান্তৰ বাবে মোক ক্ষমা কৰি দিবা। দুখ নকৰিবা। তুমিও মানুহেই। পাৰ্থিৱ জীৱনটোৰ পৰা তুমি কিবা কিবি বিচৰাটো কেতিয়াও ভুল হ’ব নোৱাৰে। কিন্তু এইটোও বুজি পাব লাগিব ইয়েই সংসাৰৰ মায়া–মমতা–মোহগ্ৰস্ততা। মোহগ্ৰস্ততাই প্ৰকৃত মানুহৰ মনৰ বিকাশৰ হেঙাৰ। সেই একেই মোহগ্ৰস্ততাত পৰি মইও যদি তোমাক পৰিত্যাগ কৰিব নোৱাৰিলোহেতেন; অৰেতো জীৱন মইও বিবেক দংশনত ভূগিলোহেঁতেন। সদৌ শেষত তোমাক মই এই কথাই মুকলিকৈ ক’ব খোজো– যি সন্দেহৰ চাকনৈয়াত পৰি এদিন তুমি পাৰুক আমাৰ ঘৰৰ পৰাই তিৰস্কাৰ কৰি বাহিৰ কৰি দিছিলা– সেইজনী পাৰুই মই বিচৰা পৃথিবীৰ সহযোদ্ধা সৈনিক সতীৰ্থ। সেই কাৰণেই হয়তো আমাৰ মাজত গঢ়ি উঠিছিল তুমি নিবিচৰা প্ৰেমৰ সম্পৰ্ক।


মৃত্যু মোৰ প্ৰতিটো খোজৰ সহযাত্ৰী। কাৰোবাৰ অনুগামী হৈ শ্ৰেণীস্বাৰ্থ পূৰণ কৰি ছহিদৰ নাম ফলক বিচৰা মৃত্যুঞ্জয়ী মই নহওঁ। যুগ যুগ ধৰি শোষিত লাঞ্ছিতসকলৰ মুক্তিৰ স্বাৰ্থত আত্মবলিদান দিয়াই মোৰ এই জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু বিশেষ নাই। লাল চালাম –


 

 

উন্মুক্ত বৰা


মাৰফৎ - মুক্তিকামী


                                                                                                                                                                  জনমুক্তি বাহিনী (অসম)          

No comments:

Post a Comment