Monday, May 6, 2019

মণিপুৰত দুদিনীয়া কাৰ্যসূচীৰে ‘জিনজাৰ ফেষ্টিভেল – ২০১৯’ উদ্‌যাপন

0 comments
প্ৰকাশিত তাৰিখঃ ৬ মে’ ২০১৯

 

চি এন ডেক্স


মণিপুৰ ৰাজ্যৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ ‘মণিপুৰ অৰ্গেনিক মিচন এজেঞ্চী’ৰ উদ্যোগত উদ্‌যাপন কৰে ‘জিনজাৰ ফেষ্টিভেল– ২০১৯’। ৰাজধানী চহৰ ইম্ফলৰ পৰা ২৪০ কিলোমিটাৰ দূৰত অৱস্থিত ফেৰজাঊল জিলা সদৰত দুদিনীয়াকৈ উদযাপন ‘দ্বিতীয় জিনজাৰ ফেষ্টিভেল’। যোৱা ২ আৰু ৩ মে’ত অনুষ্ঠিত হোৱা মহোৎসৱখনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাখনৰ উপায়ুক্ত মান্নুআমচিঙে।


ফেৰজাঊল জিলা উপায়ুক্তই সভাপতিত্ব কৰা মহোৎসৱৰ উদ্বোধনী সভাত মণিপুৰ অৰ্গেনিক মিচন এজেঞ্চী (MOMA)ৰ প্ৰকল্প সঞ্চালক কে দেৱদত্ত আৰু অতিৰিক্ত জিলা উপায়ুক্ত এছ থিয়েনলালজয় সন্মানীয় অতিথিৰূপে উপস্থিত থাকে। স্বায়ত্ত শাসিত জিলা পৰিষদৰ চৌড়াচান্দপুৰ সমষ্টিৰ সদস্য লালমাংপুই, জিলা আৰু মহকুমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া–কৰ্মচাৰীসকলৰ লগতে ক্ল’ভাৰ অৰ্গেনিক প্ৰাইভেট লিমিটেডৰ ৰাজ্যিক পৰিচালক ফাইয়ামফু খামচাংলিয়ান আৰু নাহাকপাম ফুড এণ্ড ৱেভাৰেজৰ পৰিচালন সঞ্চালক চাণ্টা নাহাকপামালঙেও অংশ গ্ৰহণ কৰে।


উদ্বোধনী মুকলি সভাৰ ভাষণত মণিপুৰ অৰ্গেনিক মিচন এজেঞ্চীৰ প্ৰকল্প সঞ্চালক কে দেৱদত্তই ৰাজ্যখনৰ জিলা সমূহত উন্নত মানসম্পন্ন বৃহৎ পৰিমাণৰ আদা উৎপাদন হোৱা বুলি উল্লেখ কৰে। ফেৰজাঊল জিলাখনে এই বছৰত ৬মেট্ৰিক টন আদা উৎপাদন কৰিবলৈ সক্ষম হৈছে। যি বিগত বছৰৰ তুলনাত অধিক উৎপাদন হৈছে। প্ৰতিকেজি আদাত ৩০ টকাকৈ বিক্ৰী কৰি জিলাখনে মুঠ ৯ কোটি টকা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। কৃষকে উৎপাদন কৰা আদা সমূহ কোম্পানী অথবা অন্যান্য ৰাজ্যত পোনপোটীয়াকৈ বিক্ৰীৰ ক্ষেত্ৰত মিচনে সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে।


ঔষধি সম্পন্ন খেতিৰে ৰাজ্য এখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে। এনেধৰণৰ খেতিৰ সৈতে জড়িত হোৱা বাবে খেতিয়কসকলক ভূয়সী প্ৰশংসা কৰি জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ অনুপ্ৰাণিত কৰে। কিয়নো জৈৱিক পদ্ধতিৰে খেতি কৰিলে প্ৰথমে পৰিবেশ প্ৰদূষণৰ পৰা মুক্ত হোৱাৰ লগতে খেতিৰ উৎপাদন বৃদ্ধি আৰু উৎপাদিত ফচলৰ  দাম অধিক পোৱা যায়। কৃষকসকলে উৎপাদিত ফচল বিক্ৰীৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে।  


ইপিনে, ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী গুৰচাংলুৰ, মিজোৰামৰ চিনলুং হিলছ্‌ কাউঞ্চিলৰ ডেপুটী চেয়াৰমেন লালবিকনুংগাই অন্তিম তথা শেষ দিনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।


মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীত এক বাণিজ্যিক বৈঠক অনুষ্ঠিত হয় কৃষক আৰু ব্যৱসায়ীসকলৰ মাজত। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আয়োজন কৰাৰ লগতে দুয়োটা দিনতে স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment