Monday, April 22, 2019

উত্তৰবিহীন চিঠিৰ টোপোলা

0 comments
প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০১৯

 

সীমান্ত কাকতি –


তৃতীয় খণ্ড


মৰমৰ বিদ্যুত বৰুৱা,


তুমি কাহানিও নভবা, কোনো দিনে তোমাৰ চিন্তাৰে জোখমাপ নকৰা পৃথিৱী এখনৰ কথাৰে আজি এই পত্ৰৰ পাতনি মেলিলো। তুমি জানানে নাজানা মই নাজানো, তুমি যি চিন্তা কৰা নাইবা যিয়েই নাভাবা কিয় তাৰ বিপৰীতে অন্য এক বিৰোধী চিন্তাই অৱস্থান কৰে। অৰ্থাৎ প্ৰতিটো চিন্তা ভাৱনা কিম্বা ক্ৰিয়া কৰ্মৰ দুটা দিশ থাকে। এটা Positive আনটো Negative। এই উভয় দিশৰ পটভূমিতে হয় কোনো এক ঘটনাৰ সূত্ৰপাত। শুনিবলৈ পাইছো কেৱল সন্দেহৰ বশৱৰ্তি হৈ তুমি অভিযোগৰ পিছত অভিযোগ তুলি ‘পাৰুক’ (তোমাৰ স্ত্ৰী) হৃদয় চিৰাচিৰ কৰিবলৈ ধৰিছা। সন্দেহৰ তৰ্জনী আঙুলি মোলৈ টোৱাই– ‘পাৰুক’ ব্যতিব্যস্ত কৰি তুলিছা– মোৰ লগত তাই কি সম্পৰ্ক? ই প্ৰশ্ন উত্থাপন কৰাৰ পূৰ্বে তুমি এবাৰলৈও নাভাবিলা পাৰুৱে আচলতে কি বিছাৰে, কি ভাৱে, কি কৰি ভাল পায়। কেৱল বিবাহ নামৰ কুণ্ডলিত সোমোৱাই সাংসাৰিক নিয়ম মাফিত তাহিক তুমি দুটা সন্তানৰ মাতৃ সজালা। ঘৰ, পৰিয়াল পৰিচালনাৰ গুৰু দায়িত্ব অৰ্পন কৰি এটা ধুনীয়া অট্টালিকা এখন সুন্দৰ আভিজ্যাত্যৰে ভৰা গাড়ী উপহাৰ দি তাইৰ মন মগজু মজবুট শিকলিৰে বান্ধি ল’লা। অথচ এইজনী পাৰুৱে এদিন মুক্ত আকাশৰ তলত উন্মুক্ত ভাৱে গাইছিল, মনক জগোৱা গান। পৃথিৱীখনক বুজা–নুবুজাৰ মাজেৰে দিছিল প্ৰথম এখোজ– জীৱনৰ অৰ্থ বিচাৰি। প্ৰাৰম্ভিক খোজটো দিছিলহে মাত্ৰ থিক তেতিয়াই ইষ্ট–কুটুম্ব, ককাই–ভাই মিলি বিবাহ নামৰ দৈত্যটোৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ পাৰুক বাধ্য কৰিছিল। এয়া হ’ল আজিৰ পৰা ডেৰ দশক পূৰ্বৰ ৯০ দশকৰ বুৰঞ্জী।


এইখন সমাজত গজি উঠা প্ৰতিষ্ঠিত বেয়াবোৰৰ বিৰুদ্ধে জনজাগৰণ আনিবলৈ এখন সাংস্কৃতিক যুদ্ধৰ আখৰা কৰাৰ উদ্দেশ্যে আমিও চামিল হৈছিলো। দশক জোৰা সামাজিক সংকটে নমাই আনিছিল দূৰ্নীতি–স্বজন–তোষণ–বেকাৰত্ব। সঁচাক মিছা কৰা আইন ব্যৱস্থা। আৰ্থ–ৰাজনৈতিক ব্যৱস্থাৰ শোষণৰ চেপাত সাধাৰণ ৰাইজ হৈ পৰিছিল দিক্‌ভ্ৰান্ত। আধুনিক বৈজ্ঞানিক চিন্তাৰে সৈতে এলান্ধুকলীয়া বাছ–বিচাৰৰ অন্তৰ্দ্বন্দই নতুন প্ৰজন্মৰ কণ্ঠত বাজি উঠিছিল– ‘যি সকলে শাস্ত্ৰ বচনৰ সলনি মানি লয় বিজ্ঞান’ ‘যিসকলে ভক্তিতকৈ মূল্য দিয়ে যুক্তিক’ সেইসকলক লৈয়ে এদিন গঢ়িছিলো সঁচা অৰ্থত এখন সাংস্কৃতিক মঞ্চ। এই মঞ্চৰে পাৰু আছিল প্ৰাথমিক সদস্যা। ধীৰে ধীৰে তাই বুজি উঠিছিল নাৰীও যে মানুহ। সেয়ে যৌতুকেৰে নাৰীক পণ্য সজোৱা ৰক্ষণশীল সমাজৰ বিৰুদ্ধে গৰজি উঠিছিল। আমি তেতিয়া তাইৰ মনৰ মাজত শুই থকা ‘লভিতা’ জনীৰ উমান পাইছিলো। পাইছিলো মহাশ্বেতা দেৱীৰ বিদ্ৰোহী মনৰ গাঁথা; অৰুন্ধতি দত্তৰ দৰে ব্যগ্ৰিতা। এসময়ত পাৰুৰ ব্যগ্ৰিতাই আমাৰ সংগঠনৰ গৌৰৱ হৈ জিলিকি উঠিছিল। এইদৰেই ইজনে আনজনৰ কান্ধত কান্ধ মিলাই ন–জীৱনৰ সপোন ৰচি নতুন সমাজ গঢ়াৰ আৱাজ তুলিছিল। সাধাৰণ দৃষ্টিত ই এক সাংস্কৃতিক সংগ্ৰাম আছিল যদিও হিয়াৰ বিপৰীতে যি আৱাজ উঠিছিল সি আমাৰ প্ৰত্যাহ্বান হৈ পৰিছিল। নতুন আৰু পুৰণিৰ সংঘৰ্ষত দুয়ো পাৰে দুটা শিৱিৰৰ সৃষ্টি হৈছিল। এচামে পাৰ হৈ যোৱা অতীতক খামোচ মাৰি ধৰি আছিল আৰু আনচামে এক নতুন ভৱিষ্যত দেখিছিল। শ শ বছৰে জনতাৰ ত্যাগক অৱজ্ঞা কৰি শাসনৰ নামত শোষণৰ কাৰচাজিৰে যি মন্ত্ৰ ৰচিছিল তাৰেই চত্ৰ–ছায়াত এচাম মধ্যবিত্তই পক্ষপাতিত্ব কৰি নতুন ভৱিষ্যত দেখাসকলৰ বিৰুদ্ধে কুৎসা ৰটনা কৰিবলৈ এৰা নাছিল। প্ৰতিস্থিত সমাজখনৰ পৰা পোৱা স্থান আৰু মান হেৰুৱাৰ ভয়ত আমাক বিৰোধ কৰিবলৈ ধৰিছিল। এই বিৰোধী ধুমুহাজাকতে আমি হেৰুৱাইছিলো এচাম সংগ্ৰামী মধ্যবিত্ত সতীৰ্থ। থিক একেদৰে হেৰুৱাইছিলো এই পাৰুজনীকো। সময়ৰ কুটীল চক্ৰত পৰি ক্ষণিকৰ বাবে হ’লেও স্তব্ধ হৈ পৰিছিল আমাৰ সংগ্ৰামী চক্ৰ। ভাৰাক্ৰান্ত হ’লো কিছুদিন। বাস্তৱ ক্ষেত্ৰৰ অভিজ্ঞতাই আমাক শিকালে আমিও চোন সেই একেই মধ্যবিত্ত। মতাদৰ্শৰ সংগ্ৰামৰ বেলিকা এই মধ্যবিত্তই কলংকিত কৰি আহিছে ইতিহাসৰ পাত। ঐতিহাসিক এনে বাস্তৱতাক সোঁৱৰণ কৰিয়েই পিছলৈ এই সতীৰ্থ বন্ধুবোৰক ভুল বুজা নাছিলো। পাৰুৱে পৰিয়াল, আত্মীয়–স্বজনৰ অভিভাৱকত্বৰ ওচৰত আত্মসমৰ্পন কৰি বৈবাহিক জীৱনৰ পাকচক্ৰত খোজ পেলালে। মধ্যবিত্তৰ শ্ৰেণী ইতিহাস নুবুজালৈকে আমাৰ মনত এয়াই সাঁথৰ হৈ থাকিল বহুদিনলৈকে।


অথচ সময়ৰ কি নিষ্ঠুৰ পৰিহাস! ৯০ দশকত এৰি অহা পাৰুজনীকে আজি আমি পুনৰ সতীৰ্থ সহযোগী বন্ধু হিচাপে উভতি পাইছোঁ। পাৰুৰ পুনৰ আগমণত আমাৰ সহযাত্ৰীসকল উৎসাহিত হৈ পৰিল। সেই একেটা কাৰণতে তোমাৰ সন্দেহ, উদ্বিগ্নতাই বাহ সাঁজি ল’লে মন–মগজুত। পাৰুৰ লগত হোৱা সম্পৰ্কক লৈ তুমি নিত্য নতুন সন্দেহৰ পৃষ্ঠা বঢ়াই মানসিক নিৰ্যাতন চলাইছা। সেয়ে আজি তোমাক শেষবাৰলৈ সোঁৱৰাই দিব খুজিছো, এই বুলি যে দুটা বিপৰীত্তৰ মাজত দ্বন্দই ঐক্য সহঃঅৱস্থানে ক্ৰিয়া কৰাৰ লেখিয়া নিয়মৰ মাজেৰেই মানুহৰ সম্পৰ্কবোৰ গঢ়ি উঠে। পাৰু আৰু আমাৰ সম্পৰ্কত এই নিয়মেৰে সম্ভৱ হৈ উঠিল।


প্ৰতিদিনে তোমাৰ আঙুলিত উঠা–বহা কৰা পাৰুৱে শৃংখল চিঙাৰ সংকল্প লৈছে। তোমাৰ অনুমোদন, অনুমতিৰ বিপক্ষে কোনো এক অজ্ঞাত স্থানত তাই তাইৰ জীৱনৰ ইতিহাস ৰোমন্থন কৰি, পাৰ হৈ যোৱা অতীতক আত্মসমালোচনাৰে তচ্‌নচ্‌ কৰিবলৈ লৈছে। মতাদৰ্শৰ সংগ্ৰাম পুৰঠ নহ’লে কিদৰে মানুহৰ স্খলন আৰম্ভ হয় সেইটো তাই ধীৰে ধীৰে বুজি লৈছে। তোমালোকৰ শুৱনি কোঠাত ৰোপন কৰা কৃত্ৰিম মৰমবোৰৰ অৰ্থ বিচাৰি পাইছে। কিদৰে তুমি তাইৰ দৈনন্দিন অভৱবোৰ পুৰণ কৰিবলৈ গৈ তাইৰ মনটোৰ শিকলি পিন্ধাইছিলা। আত্মসমালোচনাৰ তুলাচনীত পাৰুৱে আজি উপলব্ধি কৰিছে নাৰীও যে মানুহ, যাক তুমি কৌশলেৰে আবিস্কাৰ কৰা। নাৰীজাতিক পণ্য সমাগ্ৰী হিচাপে গণ্য কৰা। তুমি উচ্চ শিক্ষিত সেয়ে বুদ্ধিৰে–চতুৰ–বাক্‌পটুতাৰে ইমানদিনে এই সকলো ঢাকি ৰাখিছিলা।


মই জানো তোমালোকৰো এখন জগত আছে– য’ত মানুহক আজীৱন সপোন দেখুৱাই থকা হয়। অথচ এনেবোৰ সপোন একাংশ লোকেহে ফলিয়াব পাৰে বাকীবোৰে জীৱনৰ মৰীচিকা খেদি খেদি ক্লান্ত পথিকলৈ গতি কৰে। মুখত ৰং সানি দিলেই জীৱন ৰংচঙীয়া নহয়। বাস্তৱৰ কঠিন শিলত খহি থকাহে জীৱনৰ প্ৰকৃত চৰ্চ্চা। সমাজ বিজ্ঞানীসকলেও ইয়াকেই কৈ আহিছে যে পৃথিৱীখন কেৱল এচাম মানুহৰ সুখ বিলাসৰ স্থলী নহয় ইয়াৰ প্ৰাচুৰ্য উপভোগ কৰিবলৈ আনবোৰৰো অধিকাৰ আছে। নিজৰ লগতে সমাজৰ আন দহজনক সুখী কৰাই মানৱীয় ধৰ্ম। পাৰু আজি এইখন পৃথিৱীৰে বাসিন্দা। সমূহীয়া স্বাৰ্থ বৰ্জিত তোমালোকৰ পৃথিৱীখনৰ পৰা পাৰু এতিয়া বহুজজন দূৰৈত। শাৰীৰিক মানসিকভাৱে পাৰুৰ লগত তোমাৰ বিবাহ বিচ্ছেদ ঘটিছে! এয়াই মানুহৰ উত্তৰণ– মগজুৰ উৰ্বৰতা আৰু মই এই একেটা কাৰণতে পাৰুক ভাল পাওঁ বহুত ভাল পাওঁ।


ইতি–


তোমাৰ


“নোমল”


মাৰফৎ– মুক্ত আকাশ, জিলা– হৃদয় বিচাৰি সুৰ সংগম শিল্পী সমাজ


লেখকৰ যোগাযোগ নম্বৰঃ ৯৮৬৪৮৭৯২৭৭ 

No comments:

Post a Comment