Monday, April 15, 2019

বম্বে’ নেচাৰেল হিষ্ট্ৰী চ’ছাইটী’ৰ বিপন্নপ্ৰায় পক্ষী সংৰক্ষণ সম্পৰ্কীয় কৰ্মশালা

0 comments
প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১০ এপ্ৰিল বুধবাৰে বিপন্নপ্ৰায় পক্ষী সংৰক্ষণ (Conservation of Threatened Birds of Brahmaputra Flood Plains) শীৰ্ষ এক কৰ্মশালা আয়োজন কৰে। কৰ্মশালাৰ মূল উদ্যোক্তা বম্বে’নেচাৰেল হিষ্ট্ৰী চ’ছাইটী (বি এন এইচ এছ)য়ে উদ্যান কৰ্তৃপক্ষ আৰু বাৰ্ড লাইফ ইণ্টাৰনেচনেলৰ সহযোগত  উক্ত কৰ্মশালা কহঁৰা বনাঞ্চলৰ ‘শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহ’ত আয়োজন কৰে।


বি এন এইচ এছ’ৰ গৱেষক অক্ষয় মানেই আঁতধৰা কৰ্মশালাত ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰী, উদ্যানখনৰ সঞ্চালক পেৰিয়া স্বামী শিৱকুমাৰ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া (ডি এফ অ’) ৰোহিনী বল্লভ শইকীয়াকে ধৰি বিভাগটোৰ বিভিন্ন বিষয়া–কৰ্মী লগতে গোলাঘাট জিলাৰ অবৈতনিক বন্যপ্ৰাণী সংৰক্ষক উত্তম শইকীয়াও উপস্থিত থাকে।


বিজ্ঞানী ৰজত ভাৰ্গৱৰ বি এন এইচ এছ’য়ে প্ৰকাশ কৰা গ্ৰন্থ এখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকগৰাকীয়ে উন্মোচন কৰে। উদ্যানখনত ঘাঁহনি পৰিচালনা কৰাৰ ক্ষেত্ৰত দেখা দিয়া জটিলতা আৰু পক্ষী নিৰীক্ষণ পৰ্যটনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে।


কৰ্মশালাত বিপন্নপ্ৰায় পক্ষীৰ অৱস্থিতি, আৱাসস্থলৰ সমস্যা আৰু গৱেষণাৰ ওপৰত শ্লাইড শ্ব’ প্ৰদৰ্শনৰ দ্বাৰা আলোচনা উপস্থাপন কৰে। সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰা বি এন এইচ এছ’ৰ বিজ্ঞানী ক্ৰমে ৰজত ভাৰ্গৱ, বিশ্বজিৎ চকদাৰ আৰু  গিৰীশ জাথাৰে। কৰ্মশালাৰ শেষত অংশগ্ৰহণকাৰীসকলক একোখনকৈ মানপত্ৰ আবঢ়ায়।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment