Monday, April 8, 2019

অসম ৰাজ্যিক চিৰিয়াখানাৰ বিশাল পৰিমাণৰ ভূমি হস্তান্তৰৰ ষড়যন্ত্ৰ

0 comments
প্ৰকাশিত তাৰিখঃ ৮ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


বহিৰাগত বনিয়াৰ হাতত যাব নেকি অসম ৰাজ্যিক চিৰিয়াখানাৰ ১৭৫ হেক্টৰ ভূমি? চিৰিয়াখানা ধ্বংস হ’ব নেকি?  ইতিমধ্যে বিশাল পৰিমাণৰ ভূমি বহিৰাগত বনিয়াৰ হাতত তুলি দিয়াৰ বাবে গোপনে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই।


এই সন্দৰ্ভত যোৱা ৫ এপ্ৰিলত চিৰিয়াখানা সুৰক্ষা মঞ্চ আৰু সহযোগী দল–সংগঠনৰ যৌথ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰে। সুৰক্ষা মঞ্চৰ সম্পাদক ৰাজ কুমাৰ বৈশ্যই সংবাদমেলত প্ৰকাশ কৰা মতে–  যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে তেনেহ’লে নিশ্চিতভাৱে ধ্বংস হ’ব উত্তৰ–পূবৰ গৌৰৱময় জাতীয় সম্পদ অসম ৰাজ্যিক চিৰিয়াখানা। গুৱাহাটীৰ মাজমজিয়াত থকা চিৰিয়াখানাৰ বিশাল পৰিমাণৰ ভূমি হস্তান্তৰৰ বাবে দুষ্ট চক্ৰ এটাই বহুদিনৰ পৰা ষড়যন্ত্ৰ চলাই আছে। বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা মাণ্ডলিক বন বিষয়া (ডি এফ অ’) তেজচ মৰিস্বামীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। কিয়নো ২০১৭ চনত এইজন বিষয়া চিৰিয়াখানাত যোগদানৰ পাছৰে পৰা জীৱ–জন্তুৰ মৃত্যুৰ হাৰ বাঢ়ি গৈছে। কিন্তু প্ৰতিকাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মঞ্চই আৰ টি আই যোগে লাভ কৰা তথ্য অনুসৰি ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ ৮৯৮ বিধ বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে ৪৭৩ বিধে মৃত্যুৰ ক্ষণ গণি আছে। বিগত সময়ছোৱাত বিষয়াজনৰ দুষ্কাৰ্যৰ বাবে চিৰিয়াখানা ধ্বংসৰ পিনে গতি কৰিছে। বিষয়াজনৰ দুষ্কাৰ্যৰ তথ্যসহ অসমৰ বনমন্ত্ৰীৰ ওচৰত দাখিল কৰাৰ পাছতো কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মঞ্চই ক্ষোভ প্ৰকাশ কৰে।


চিৰিয়াখানা সুৰক্ষা মঞ্চ আৰু সহযোগী দল–সংগঠনৰ যৌথ মঞ্চই চিৰিয়াখানাক ৰক্ষাৰ ক্ষেত্ৰত এক সৰ্বাত্মক আন্দোলন গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এইক্ষেত্ৰত সজাগতা বৃ্দ্ধিৰ বাবে মহানগৰীৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী, সদাশয় ৰাইজৰ মাজত ‘অসম ৰাজ্যিক চিৰিয়াখানা ৰক্ষা কৰক’ শীৰ্ষক আহ্বানেৰে অভিযান চলাব।


আনহাতে, চিৰিয়াখানাৰ ভূমি বহিৰাগত বনিয়াৰ হাতত তুলি দিয়াৰ বাবে দুষ্ট চক্ৰই যি ষড়যন্ত্ৰ ৰচনা কৰিছে সুৰক্ষা মঞ্চই তাক কেতিয়াও ফলিয়াব নিদিয়ে। সেয়েহে বিগত সময়ছোৱাত চিৰিয়াখানাৰ সুৰক্ষাত কোনো গুৰুত্ব নিদিয়া বিজেপি আৰু ইয়াৰ সহযোগীদলক এইবাৰ লোকসভা নিৰ্বাচনত ভোট নিদিবলৈ আহ্বান জনাইছে চিৰিয়াখানা সুৰক্ষা মঞ্চ আৰু যৌথ মঞ্চই।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment