Monday, April 15, 2019

জজ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুকলি বিহু উদ্‌যাপন

0 comments
প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


অসমীয়া বৰ্ষৰ অন্তিমদিন আৰু ৰঙালী বিহুৰ প্ৰথম দিনটোত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ ঐতিহাসিক জজ খেলপথাৰত আয়োজন কৰি আহিছে মুকলি বিহুৰ। এইবেলিও ১৪ এপ্ৰিল ৰবিবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰে মুকলি বিহুৰ।



মুকলি বিহুৰ বাকৰিৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি নৱবৰ্ষত এখন ‘আশাৰ অসম’ কামনা কৰে। বৰ্ষটোত, অসমীয়াৰ জাতীয় অস্তিত্ব ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন–প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ ৰাজ্য। আন্দোলন–প্ৰতিবাদেৰে উত্তপ্ত এই বৰ্ষটোৰ আজি শেষ দিন। এই দিনটোতে খিলঞ্জীয়াক সাহস গোটাবলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে, খিলঞ্জীয়াৰ মন ভাঙি দূৰ্বল কৰিবলৈ এটা চক্ৰই পৰিকল্পিতভাৱে কাম কৰি আছে। সেই পৰিকল্পিত চক্ৰান্তত যাতে আমাৰ মন ভাঙি নাযায় তাৰবাবে আত্মবিশ্বাস গঢ়িব লাগিব। নৱবৰ্ষৰ পৰাই এই শুভকাৰ্য আৰম্ভ হওক। ৪০ লাখ মুঠ জনসংখ্যা থকা আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ১২ লাখ থলুৱা ত্ৰিপুৰীৰ মন এসময়ত ভাঙি গৈছিল। কিন্তু আজি সেইসকল থলুৱা ত্ৰিপুৰীলোকে নতুন উদ্যোমেৰে জাগি উঠিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  


দিনৰ ১০.১৫ বজাত বিশিষ্ট শিল্পী কুল বৰুৱাই বিহুৰ পতাকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি দীপাংক নাথে। ১০.৩০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে শ্বহীদ তৰ্পন কৰাৰ পিচতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে। ১১.০০ বজাৰ পিচৰ পৰা বিহু দল, দৰঙৰ সুকন্নানী ওজাপালি, শিশুসকলৰ বিহুনাচ আৰু কোকৰাঝাৰৰ বড়ো কৃষ্টি দলে ‘বড়ো নৃত্য’ পৰিবেশন কৰে।


আছু’ৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাস, ভাৰত ৰত্ব সন্মান প্ৰাপক ড ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গ, পদ্মশ্ৰী সন্মান প্ৰাপক ডা ইলিয়াছ আলী, বিভিন্ন যন্ত্ৰপাতিৰ উদ্ভাৱক উদ্ধব ভৰালী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়ন, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, ৰাম কৃষ্ঞ তালুকদাৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক সনন্ত তাঁতী, লোকনাথ উপাধ্যায় চাপাগেই, ঋতুৰাজ বসুমতাৰী, নবীন ব্ৰহ্ম, প্ৰাৰ্থপ্ৰতিম হাজৰিকা, যুগল লোচন দাস, সীতাৰাম বসুমতাৰী, সাহি্ত্য অকাডেমী যুৱ বঁটাপ্ৰাপক পূৰ্ণ ব্ৰহ্ম, বিপাসা বৰা, অৰ্জুন আৰু স্বৰ্ণ পদকপ্ৰাপক হিমা দাস আদি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা প্ৰদান কৰে। হিমা দাসৰ অনুপস্থিতিৰ কাৰণে পিতৃ আনন্দ দাসে ড ভট্টাচাৰ্যৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰে।


কোকিলকণ্ঠী গায়িকা ‘দীপালী বাইদেউলৈ একাঁজলী শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক বিশেষ সংগীতানুষ্ঠানত তৰালী শৰ্মাই ‘জোনধনে জোনালীতে তৰাৱতী চায়' জুবলীয়ে ‘সোণৰ খাৰু নেলাগে মোক’ আৰু বৰ্ণালী কলিতাই ‘আগলি বাঁহৰে লাহৰি গগণা’ জনপ্ৰিয় গীতকেইটা পৰিবেশন কৰে। বৰ্ণালী কলিতাই বিহুগীতটি পৰিৱেশন কৰাৰ লগে লগে  টম জেৰী নামৰ  ইংলেণ্ডৰ পৰ্যটক এজনে বিহুৰ বাকৰিত কঁকাল ঘূৰাই নাচিবলৈ আৰম্ভ কৰে।


মুকলি বিহুৰ অনুষ্ঠানত ৰাজ্যখনৰ বিশিষ্ট নাগৰিক, শিল্পী–সাহিত্যিক, খেলুৱৈ আদি গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।


 

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

No comments:

Post a Comment