Monday, April 22, 2019

মিজোৰামৰ শিশু ডেৰেক চি লালচানহিমালৈ সন্মান জনাইছে পেটাই

0 comments
প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


আজি কিছুদিনৰ আগতে মিজোৰামৰ এটি শিশুৱে সকলোৰে দৃ্ষ্টি আকৰ্ষণ কৰিছিল। ডেৰেক চি লালচানহিমা নামৰ ৬ বছৰীয়া শিশুটোৱে নিজৰ চাইকেলখন চলাই যোৱাৰ সময়ত এটি কুকুৰা পোৱালি আহত হয়। ডেৰেকে অকণো পলম নকৰি সাঁচতীয়া ১০ টকীয়া নোট এখন হাতত লৈ চিকিৎসালয়লৈ আহে আৰু কুকুৰা পোৱালীটোক সুস্থ কৰি তুলিবলৈ চিকিৎসকক খাটনি ধৰে।


এহাতত আহত কুকুৰা পোৱালি আৰু আনখন হাতত দহ টকীয়া নোট, নিৰ্মল অন্তৰৰ শিশুটিৰ প্ৰয়াসত চিকিৎসক–কৰ্মচাৰীসকলৰো মন আৱেগিক হৈ উঠে। তেওঁলোকে শিশুটিৰ কেইবাখনো ফটো তুলি ছ’চিয়েল মিডিয়াত আপলোড দিয়ে। শিশুটিৰ সহজ–সৰল প্ৰয়াসৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে অসংখ্যজনৰ অন্তৰ চুই যোৱাৰ লগতে ফটোখনে বিশ্বজুৰি সমাদৰ লাভ কৰে। পিচৰ পৰ্যায়ত শিশুটিৰ বিষয়ে সংবাদ মাধ্যম সমূহেও ব্যাপকভাৱে প্ৰচাৰ কৰিছিল।


সম্প্ৰতি জীৱ–জন্তুৰ প্ৰতি সহানুভূতিশীল মনৰ শিশু ডেৰেকৰ প্ৰয়াসক সন্মানিত কৰিছে বিশ্বত জীৱ–জন্তুৰ অধিকাৰৰ হ’কে কাম কৰি অহা সংস্থা পেটা (People for the Ethical Treatment of Animals)ই। সংস্থাটোৰ ভাৰত শাখাই শিশুটিলৈ আগবঢ়াইছে ‘দয়াশীল শিশুৰ সন্মান (Compassionate Kid Award)’।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment