Monday, April 29, 2019

ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ পুনৰুজ্জীৱিত কৰি তুলিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব নে?

0 comments
প্ৰকাশিত তাৰিখঃ ২৯ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াবহভাৱে গা–কৰি উঠাৰ সময়ত এটাৰ পাছত এটাকৈ বন্ধ হৈ পৰিছে ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ। ইতিমধ্যে ৰাজ্যখনত পঞ্জীয়নভূক্ত নিবনুৱাৰ সংখ্যাই ২০লাখ অতিক্ৰম কৰিছে। ইপিনে পঞ্জীয়ন নোহোৱাকৈও আছে বহু লক্ষ নিবনুৱা। চৰকাৰীভাৱে সংস্থাপনৰ কোনো আশা নেদেখি নিজে কিবা এটা কৰি খোৱা নিবুনৱাসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। জীৱিকাৰ বাবে যিসকলে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি কেইজনমান কৰ্মচাৰীৰে সৈতে কোনো ৰকমে চলি আছিল সিও আজি চৰকাৰী আন্তঃগাঁথনিৰ অভাৱত এফালৰ পৰা বন্ধ হৈ গৈ আছে। এই ক্ষুদ্ৰ উদ্যোগ সমূহ জীয়াই তোলাৰ ক্ষেত্ৰত নাই কোনো চৰকাৰী ব্যৱস্থা।


বিপৰীতে দেখা গৈছে বহিৰাগত মালিকসকলৰ অসমত থকা বৃহৎ বৃহৎ কোম্পানীসমূহৰ ক্ষেত্ৰত এতিয়া সা–সুবিধা উভৈনদী। ৰাজ্য চৰকাৰে ‘এডভাণ্টেজ আছাম’ৰ নামত কোটি–কোটি টকা ব্যয় কৰি বিনিয়োগকাৰী আৰু ব্যৱসায়িক গোষ্ঠীসমূহক ৰঙা দলিচা পাৰি আমন্ত্ৰণ কৰিলে। অথচ সেই একেখন চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে। পুঁজিৰ নাটনিত বন্ধ হৈ পৰিল বহুকেইটা উদ্যোগ। সোণোৱাল চৰকাৰখনে বিগত তিনিটা বছৰ অতিক্ৰম কৰাৰ পাছতো অৰ্থনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত লেখত ল’বলগীয়া পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।


ইতিমধ্য প্ৰকাশ পোৱা সূত্ৰ অনুসৰি– অসম ঔদ্যোগিক উন্নয়ন নিগমৰ চৌহদত অৱস্থিত আছাম ছিনটেক্স লিমিটেড, আছাম ষ্টেট উইভিং এণ্ড মেনুফেকচাৰিং কোম্পানী লিমিটেড, আছাম কনডাক্টৰছ এণ্ড টিউবছ লিমিটেড, আছাম পাৱাৰলুম ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড, নগাঁৱৰ ধিঙত অৱস্থিত ইণ্ড্রাষ্ট্রিয়েল পেপাৰচ লিমিটেড, আছাম এগান ছিল্ক মিলছ্‌ লিমিটেড, কাছাৰ চেনিকল লিমিটেড আদি ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ সম্প্ৰতি বন্ধ হৈ পৰিছে।


এসময়ত লাভ অৰ্জনৰ শীৰ্ষত থকা ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দুটা বৰ্তমান চৰকাৰে বন্ধ কৰি দিছে।      


গুৱাহাটীৰ চন্দ্ৰপুৰত থকা আছাম ষ্টেট ফাৰ্টিলাইজাৰছ এণ্ড কেমিকেল লিমিটেড (ফাৰ্টিকেম) এই উদ্যোগটো আংশিক ৰূপত চলি আছে যদিও যিকোনো সময়তে বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে। সেই উদ্যোগটোত কৰ্মৰত ৩০জন কৰ্মচাৰীয়ে আজি ডেৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি জানিব পৰা গৈছে। ডেৰ বছৰ কাল দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী এজনৰ কি অৱস্থা হ’ব পাৰে সেয়া সকলোৱেই জানে।


চৰকাৰী সহযোগ আৰু দক্ষ পৰিচালক অবিহনে উদ্যোগ এটা জীয়াই থাকিব নোৱাৰে। কাৰণ যিয়েই নহওক কিয় বন্ধ উদ্যোগ সক্ৰীয়কৰণ কৰিবলৈ চৰকাৰী সহযোগ লাগিবই। চৰকাৰৰ সদিচ্ছা থাকিলে উদ্যোগ এটাত অদক্ষ পৰিচালক নিশ্চয় থাকিব নোৱাৰে। এইক্ষেত্ৰত ৰাজ্যখনৰ বন্ধ উদ্যোগবোৰক পুনৰ জীয়াই তুলিবলৈ চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নে?


        


শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment