Monday, April 29, 2019

অসম চৰকাৰে পাঁচ লাখৰ বণ্ডত অবৈধ বিদেশীক দিব মুক্তি

0 comments
প্ৰকাশিত তাৰিখঃ ২৯ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


অসমত কোনো অবৈধ বিদেশীয়ে পাঁচ বছৰ বা ততোধিক কাল ডিটেনচন শিবিৰত থাকিলে তেনে ব্যক্তিয়ে পাঁচ লাখ টকাৰ বণ্ডত আৰু বায়’মেট্ৰিক পদ্ধতিৰে জামিন লাভ কৰিব পাৰিব। জাতি–মাটি–ভেটি ৰক্ষাৰ নামত শপত খোৱা চৰকাৰ এখনে এতিয়া বিদেশীক দিব মুক্ত আকাশত বিচৰণৰ সুযোগ।


দেশৰ সংবিধান উলংঘন কৰি একপক্ষীয়ভাৱে সিদ্ধান্ত লৈ উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীণ হয় ৰাজ্য চৰকাৰ। বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা এনে কৰ্মকাণ্ডত দল–সংগঠন সমূহে জাঙুৰ খাই উঠিছে। তদুপৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈ উঠে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। বিদেশীক চৰ্তসাপেক্ষ মুক্তিৰ বাবে শপত নামা দাখিল কৰি ভৰ্ৎসনাৰ সন্মুখীণ হোৱা ৰাজ্যৰ মুখ সচিব গৰাকীয়ে অৱশেষত ন্যায়ালয়ৰ বিচাৰ পীঠত ক্ষমা খুজিবলগীয়াও হয়।


ৰাজ্য চৰকাৰৰ মুখ্য সচিবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপত নামাত উল্লেখ কৰে যে, যিসকল অবৈধ নাগৰিকে ইতিমধ্যে পাঁচ বছৰৰ অধিক কাল ডিটেনচন শিবিৰত কটাইছে তেওঁলোকক চৰ্তসাপেক্ষে মুকলি কৰি দিয়া হ’ব। অৱশ্যে প্ৰতিজন অবৈধ নাগৰিকৰ বিপৰীতে পাঁচ লাখ টকাৰ বণ্ড আৰু বন্দীসকলৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰিহে মুকলি কৰি দিব। মুক্তি লাভৰ পাছতো বন্দীসকলে সময়ে সময়ে থানাত হাজিৰ দি থাকিব লাগিব।


উল্লেখ্য যে ৰাজ্যখনত বিগত ছয়টা বছৰত ১ লাখ ১২ হেজাৰ বিদেশী নাগৰিক চিনাক্ত হৈছিল। কিন্তু বিতাড়ন কৰা হৈছে মাত্ৰ চাৰিজন বুলি সংবাদ সূত্ৰত প্ৰকাশ।


কোনো বিদেশী থকাটো দেশ এখনৰ সংবিধানে সমৰ্থন নকৰে। গতিকে ডিটেনচন শিবিৰত থকা বিদেশীক কি যুক্তিত মুকলি কৰি দিব? এই অধিকাৰ ক’ত পালে বুলি সকিয়নি প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তেখেতে ব্যক্ত কৰে যে, আমি বাস কৰা ৰাজ্যখনত চিনাক্ত হোৱা বাংলাদেশীও অন্তৰ্ধান হয়। এইক্ষেত্ৰত চৰকাৰখনেও ব্যৱস্থা গ্ৰহণ নকৰে। অসমক কোনোবাই বিদেশীৰ চৰণীয়া পথাৰলৈ পৰিণত কৰিব খোজা নিয়মক কোনো প্ৰকাৰে মানি লোৱা নহ’ব। অসম চুক্তি অনুসৰি বিদেশী সমস্যাৰ স্থায়ী সমাধান আমাক লাগিবই।


এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰে। সমিতিৰ গান্ধীবস্তিৰ স্থায়ী কাৰ্যালয়ত আয়োজিত সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে ব্যক্ত কৰে– ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক দাখিল কৰা শপত নামা প্ৰকৃততে এখন অসমীয়া জাতিক হত্যা কৰিব পৰা দলিলহে। বিদেশীক ভাৰতত ৰাখিম বুলি পৃথিৱীৰ কোনো এখন চৰকাৰে ক’ব নোৱাৰে। অবৈধ নাগৰিকক ভাৰতত ৰাখিব লাগে বুলি দেশৰ সংবিধানে কোৱা নাই। এনে কাণ্ডই দেশৰ সংবিধানৰ ১৯৪৬ৰ ৩ নম্বৰ ধাৰা উলংঘণ কৰিছে। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক তৎকালে গ্ৰেপ্তাৰ কৰিব লাগে। গগৈয়ে উল্লেখ কৰে যে, ৰাজ্যত ঘোষিত বিদেশীৰ সংখ্যা ৯২,৩৩৮ জন। তাৰ বিপৰীতে বিগত তিনিটা বৰ্ষত বিতাড়ন কৰিছে মাত্ৰ ৪জন। এক আৰ টি আই যোগে লাভকৰা তথ্য অনুসৰি– ১৯৫২ চনৰ পৰা ১৯৮৩ চনলৈ ৩ লাখ ২১হেজাৰ ৮৩১জন বিদেশী বিতাড়ন কৰা হৈছে। বাৰ্ষিক গড়ে বহিষ্কাৰ কৰা হৈছিল ১০হেজাৰ ৫৭ জনকৈ। ১৯৮৫–১৯৯০ চনৰ ভিতৰত আই এম ডি টি আইনৰ অধীনত ৫২১জন, বিদেশী ন্যায়াধীকৰণৰ অধীনত ১৩৩ জনক বিতাড়ন কৰা হৈছে। ১৯৯১–১৯৯৫ চনৰ ভিতৰত ১,৫০৯জন, ১৯৯৬–২০০১ৰ ভিতৰত ৪২৪জন, ২০০১–২০০৫ত ৯৪জন, ২০০৬–২০১২ত ২২১জন বিদেশীক বিতাড়ন কৰা হৈছে। বৰ্তমান ডিটেনচন শিবিৰত বন্দীৰ সংখ্যা ৯৩৮জন তাৰ বিপৰীতে ৮২৩জনক ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰা হৈছে। বাকী ৯২,৩৩৪জন বিদেশী ক’লৈ গ’ল বুলি অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰে।


 

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment