Monday, April 22, 2019

মেঘালয়ৰ গাৰোপাহাৰ সংৰক্ষিত অঞ্চলক বিশ্ব ঐতিহ্যক্ষেত্ৰ স্বীকৃতিৰ বাবে কেন্দ্ৰৰ মনোনয়ন

0 comments
প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


মেঘালয়ৰ গাৰোপাহাৰ সংৰক্ষিত অঞ্চল (Garo Hills Conservation Area)ক  বিশ্ব ঐতিহ্যক্ষেত্ৰ স্বীকৃতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইউনেস্কৰ ওচৰত মনোনয়ন প্ৰেৰণ কৰিছে। সংৰক্ষিত এই অঞ্চলটো দক্ষিণ আৰু পশ্চিম গাৰোপাহাৰ জিলাত অৱস্থিত। অপূৰ্ব সমাহিত গাৰোপাহাৰৰ উক্ত অঞ্চল বিশ্ব ঐতিহ্যক্ষেত্ৰ সমূহৰ তালিকাত অন্তৰ্ভূক্তিৰ দিশত এখোজ আগবাঢ়ি থাকিল।


গাৰোপাহাৰ সংৰক্ষিত অঞ্চলৰ উত্তৰ দিশত অসমৰ গোৱালপাৰা জিলা, দক্ষিণ দিশত বাংলাদেশ, পূবত মেঘালয়ৰ খাছি পাহাৰ আৰু অসমৰ কামৰূপ জিলা, পশ্চিম দিশত অসমৰ গোৱালপাৰা জিলা আৰু বাংলাদেশ।


গাৰোপাহাৰ সংৰক্ষিত অঞ্চল জৈৱ বৈচিত্ৰ্যৰো ঘাটি। এইমুহুৰ্তলৈকে অঞ্চলটোত ৫২বিধ স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰিছে য’ত ২২বিধ হ’ল মাংসহাৰী প্ৰাণী। বিভিন্ন ঔষধি উদ্ভিদেৰে সহজলভ্য এই অঞ্চলটোক ভাৰতৰ পশ্চিম ঘাটৰ অ–দ্বিতীয় সান–মিহলি ঐতিহ্যক্ষেত্ৰ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতেও তুলনা কৰা হয়।


গাৰোপাহাৰ সংৰক্ষিত অঞ্চলটো তিনিটা সংৰক্ষিত এলেকা সামৰি গঠিত হৈছে। ন’ক্ৰেক ৰাষ্ট্ৰীয় উদ্যান (মাটিকালি ৪৯.৪৪ বৰ্গ কিলোমিটাৰ), বালপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান (মাটিকালি ২২০ বৰ্গ কিলোমিটাৰ) আৰু ছিজু বন্যপ্ৰাণী অভয়াৰণ্য (মাটিকালি ৫.১৮ বৰ্গ কিলোমিটাৰ)ৰ লগতে তুৰা পিক্‌ (মাটিকালি ৪.১৯ বৰ্গ কিলোমিটাৰ), ইমানগিৰি (মাটিকালি ৮.২৯ বৰ্গ কিলোমিটাৰ), ৰিৱাক (মাটিকালি ৬.৪৭ বৰ্গ কিলোমিটাৰ) আৰু বাঘমাৰা (মাটিকালি ৪৩.৯ বৰ্গ কিলোমিটাৰ) এই চাৰিখন সংৰক্ষিত বনাঞ্চলকো সংলগ্ন কৰা হৈছে।


গাৰোপাহাৰ সংৰক্ষিত অঞ্চলক বিশ্ব ঐতিহ্যক্ষেত্ৰ স্বীকৃতিৰ বাবে পোন প্ৰথমবাৰ ইউনেস্কৰ ওচৰত আবেদন কৰিছে। ইউনেস্কই অঞ্চলটোক সান–মিহলি শাখাৰ সাময়িক তালিকাত অন্তৰ্ভূক্ত কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ। উল্লেখ্য যে, সান–মিহলি শাখাত অন্তৰ্ভূক্তি হ’লে প্ৰাকৃতিক আৰু সাংস্কৃতিক এই দুয়োটা দিশেই অধিক গুৰুত্ব লাভ কৰে।  


এই পৰ্য্যন্ত ইউনেস্কই উত্তৰ–পূবৰ দুটা সম্পদক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিছে সেয়া হ’ল– কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান।


বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ২০১৭ বৰ্ষত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ নাম বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভূক্তিৰ বাবে ইউনেস্কৰ ওচৰত আবেদন কৰিছিল। কিন্তু ২০১৮ বৰ্ষত আবেদন কৰা গাৰোপাহাৰ সংৰক্ষিত অঞ্চলক ইউনেস্কই তাৎক্ষণিকভাৱে যি গুৰুত্ব প্ৰদান কৰিছে সেয়া মাজুলীৰ ক্ষেত্ৰত দেখা নাই। সেয়ে মাজুলী আজিও বঞ্চিত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পৰা।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment