Monday, April 15, 2019

নিখিল ৰাভা সাহিত্য সভাৰ ৪৬ তম প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

1 comments
প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


নিখিল ৰাভা সাহিত্য সভাৰ ৪৬ তম প্ৰতিষ্ঠা দিৱস যোৱা ৮ এপ্ৰিল সোমবাৰে কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু ছয়গাঁৱৰ পাণ্টান জনজাতি স্পৰ্টিং ক্লাৱৰ সহযোগত উদ্‌যাপন কৰে।


প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ আৰু স্মৃতি তৰ্পণ কৰে নিখিল ৰাভা সাহিত্য সভাৰ পাঠ্যপুথি প্ৰণয়ন উপ–সমিতিৰ অধ্যক্ষ নিতাই ৰাভাই।


দিনৰ দহ বজাত বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড মলিনা দেৱী ৰাভাক সভানেত্ৰী আৰু দূধনৈ মহাবিদ্যালয়ৰ অধ্যাপিকা অনুপমা ৰাভাক সম্পাদিকা হিচাপে বাছনি কৰি ‘ৰাভা মহিলা লেখিকা সমিতি’ খন গঠন কৰে।


নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচৰ সঞ্চালনাত দিনৰ দুই বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভা উদ্বোধন কৰে সাহিত্যিক, লোক–সংস্কৃতিৰ গৱেষক ভূবিন ৰাভা আৰু আদৰণি ভাষণ পাঠ কৰে মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভাই। অনুষ্ঠান উদ্বোধক ভূবিন ৰাভাই কয়, ৰাভা লোককৃষ্টি আৰু সংস্কৃতিৰ মাজতে জনগোষ্ঠীটোৰ বহু সমল অন্তৰ্নিহিত হৈ আছে। বৈপ্লৱিক শিল্পী বিষ্ঞু ৰাভাৰ সুৰতে সুৰ মিলাই তেখেতে কয় জাতীয় সংগঠন কৰিলেও তাৰ দৃষ্টিভংগী বহল হ’ব লাগিব।


প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা গৱেষক ড উপেন ৰাভা হাকাচামে অংশ গ্ৰহণ কৰে। অংশ গ্ৰহণকালত ড ৰাভাই কয়– দূধনৈ, গোৱালপাৰা, ছয়গাওঁ এই অঞ্চল সমূহত এতিয়াও প্ৰচলিত ‘ৰাভামিজ’ ভাষাৰ। তেওঁ পুনৰ কয় যে, এসময়ত ৰাভাৰ খাদ্য, জাতীয় সাজপাৰ, কৃষ্টি–সংস্কৃতিক অন্যান্য জাতি–জনগোষ্ঠীৰলোকে অৱহেলাৰ দৃষ্টিৰে চাইছিল যদিও বৰ্তমান সেয়া আদৰি লৈছে। অন্য জাতি–জনগোষ্ঠীৰলোকে ৰাভাৰ খাদ্য, সাজপাৰ, কৃষ্টি–সংস্কৃতিক লোৱা কাৰ্য জাতিটোৰ বাবে শুভ লক্ষণ।


ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুকলি সভাত অংশগ্ৰহণ কৰি কয়– ৰাভা ভাষা আৰু জনগোষ্ঠীটোক বিকাশৰ ক্ষেত্ৰত নিখিল ৰাভা সাহিত্য সভাৰ অৱদান উল্লেখনীয়। আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব পাৰিলেহে আমাৰ কৃষ্টি–সংস্কৃতি অন্যই অনুকৰণ কৰিব বুলিও তেখেতে ব্যক্ত কৰে।       


ইপিনে, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী আৰু ৰাভা ভাষা ডিপ্ল’মা পৰীক্ষা ব’ৰ্ডৰ সঞ্চালক তথা বায়দা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰংখ লিষ্টি ৰাভাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে।


সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰবিষয়া জোনালী ৰাভা আৰু মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভাক মুকলি সভাৰ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে।


ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেন্দ্ৰ কুমাৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা সম্পাদিকা ললিতা ৰাভাকে ধৰি বহুকেইটা দল–সংগঠনৰ বিষয়ববীয়া সভাত অংশ গ্ৰহণ কৰে।


সন্ধিয়াৰ কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সভাপতি বিপিন সিং ৰাভাই।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

1 comment:

  1. ... [Trackback]

    [...] Read More Infos here: chandubinews.com/নিখিল-ৰাভা-সাহিত্য-সভাৰ-৪/ [...]

    ReplyDelete