Monday, April 8, 2019

ইউ টিউব, অসমৰ নৱপ্ৰজন্মৰ কেৰিয়াৰ গঢ়াৰ এক মাধ্যম

0 comments
প্ৰকাশিত তাৰিখঃ ৮ এপ্ৰিল, ২০১৯

 

উদিত ভাস্কৰ ৰাভা


ভাৰতবৰ্ষৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ১৯৫৯ চনত স্থাপিত হয়। স্বাধীনতাৰ ১২ বছৰ পাছত এই কেন্দ্ৰ স্থাপনে দেশখনত এক নতুন দিগন্তৰ সূচনা কৰে। পূৰ্বতে ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ সম্প্ৰচাৰ একেলগে হৈছিল। কিন্তু ১৯৭৬ চনৰ ১ এপ্ৰিলৰ পৰা দূৰদৰ্শনে স্বতন্ত্ৰভাৱে সেৱা আৰম্ভ কৰে। ১৯৮২ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশবাসীয়ে দূৰদৰ্শনৰ অনুষ্ঠান উপভোগ কৰাৰ সৌভাগ্য ঘটে।


ইপিনে, প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে মানুহৰ ৰুচি সলনি হ’ব ধৰে। দূৰদৰ্শনৰ অনুষ্ঠানসমূহ মানুহৰ মাজত জনপ্ৰিয়তা লভিবলৈ সক্ষম হোৱাৰ সময়তে সংযোগ ঘটে ইণ্টাৰনেট ব্যৱস্থাৰ। এতিয়া ইণ্টাৰনেটৰ যুগ, ইণ্টাৰনেটে আদৰি আনিলে ডেক্সটপ, লেপটপ, টেবলেট, স্মাৰ্টফোন, এণ্ড্ৰ’ইড ফোন আদি উন্নতমানৰ আহিলা সমূহক। মানুহে ইণ্টানেটক ভাৰসা কৰি চলা হ’ল। এতিয়া বেছিভাগ মানুহৰ হাতত উপলব্ধ ইণ্টাৰনেট সংযোগ এই আহিলাসমূহ। সমান্তৰালভাৱে গুৰুত্ব বাঢ়ি গ’ল ইউ টিউব, ষ্ট্ৰিমিং ভিডিঅ’ ৱেৱচাইট, অফিচিয়েল ৱেৱচাইট, ছ’চিয়েম মিডিয়া আদি মাধ্যম সমূহৰ। জনপ্ৰিয় বিভিন্ন অনুষ্ঠানৰ লিংক এই মাধ্যমসমূহত সংযোগ কৰি দিয়াত এজন মানুহে এতিয়া ইচ্ছানুযায়ী যিকোনো সময়ত নিজৰ পচন্দৰ কাৰ্যসূচী চাব পৰা হ’ল। সেয়ে এই ধাৰণা মানুহৰ মাজত জনপ্ৰিয় হোৱাৰ মুখ্য কাৰণ। অৱশ্যে বিশ্বত ইণ্টাৰনেটৰ ধাৰণা নতুন নহয় ই ৯০ দশকতে আত্মপ্ৰকাশ ঘটিছিল।


বৰ্তমান সময়ত ইউ টিউব সবাতোকৈ জনপ্ৰিয় মাধ্যম। বাস্তৱিক জগতৰ জ্ঞান, বিনোদন, ভ্ৰমণকে আদিকৰি বিভিন্ন পৰ্যায়ৰ সমল প্ৰস্তুত কৰি ইউ টিউব চেনেল সমুহে সম্প্ৰচাৰ কৰি আহিছে। ইচ্ছা কৰিলে নিজ পচন্দৰ চিনেমা, বা–বাতৰি আদি চাব পাৰে, নিজৰ ইচ্ছানুযায়ী ভিডিঅ’ আপলোড কৰিব পাৰে। ইউ টিউবে বহু প্ৰতিভাৰ সৃষ্টি কৰিছে। এই মাধ্যমে অখ্যাত ব্যক্তি এজনক  নিশাটোৰ ভিতৰতে বিখ্যাত কৰি তুলিছে। যিটো মাধ্যম অবিহনে আমি সেই প্ৰতিভা সমূহক চিনি নাপালোহেতেন। বৰ্তমান জনপ্ৰিয় তাৰকাসকলেও এই মাধ্যমৰ আশ্ৰয় লোৱা দেখা গৈছে। খ্যাতনামা চিত্ৰ–নিৰ্মাতা, পৰিচালকসকলেও এই মাধ্যমৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰস্তুত কৰি আহিছে।


ইউ টিউব হ’ল গুগলৰ এটা চাৰ্জ ইঞ্জিন। ইয়াৰ নিয়ন্ত্ৰণৰ বাঘজৰীডাল গুগলৰ হাতত। ইউ টিউবত চেনেল খুলি অনুষ্ঠান সম্প্ৰচাৰ কৰা জনক ‘ইউ টিউব ক্ৰিয়েটৰ’ বোলে। দেশী–বিদেশী কোম্পানী, সংস্থা, ৰাজনৈতিক দল সমূহে বিজ্ঞাপন প্ৰচাৰৰ বাবে গুগলক ধন আগবঢ়ায়। ইউটিউব চেনেলত সম্প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ বিপৰীতে গুগলে বিজ্ঞাপনৰ ৰাজহ প্ৰদান কৰে। বিজ্ঞাপনৰ মুঠ ৰাজহৰ ৫– ১০% কৰ্তন কৰি ইউ টিউবে বাকীখিনি ধন ক্ৰিয়েটৰক প্ৰদান কৰে।


তেনে এটি জনপ্ৰিয় মাধ্যমক মনোৰঞ্জনৰ অনুষ্ঠানৰূপে আদৰি ল’লেও আজিৰ নৱ প্ৰজন্মই কিন্তু ইউ টিউবক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিছে। য’ত  এই মাধ্যমৰ পৰা মাহিলি হেজাৰ হেজাৰ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এয়া ৰাজ্যবাসীৰ বাবে নিশ্চয় সুখৰ বতৰা। অসমত  ভাস্কৰ, মনোজ, দিম্পু, বিতোপনকে আদিকৰি বহুকেইজন সফল ইউ টিউব ক্ৰিয়েটৰৰ জন্ম হৈছে। অৱশ্যে, তেওঁলোকে প্ৰথম পৰ্যায়ত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। নিজৰ ধৈৰ্য্য, একাগ্ৰতাৰ বলতহে এজন সফল ইউ টিউব ক্ৰিয়েটৰ হ’ব পাৰি বুলি তেওঁলোকে প্ৰকাশ কৰে। ইউ টিউবে ভিউৱাৰৰ ওপৰত ভিত্তি কৰিহে ক্ৰিয়েটৰ এজনক ৰাজহ প্ৰদান কৰে। সেয়ে ক্ৰিয়েটৰ এজনে ভিডিঅ’ এটা নিৰ্মাণ কৰোতে ‘কনটেণ্ট’ আৰু ‘পিকচাৰ কোৱালিটী’ৰ ওপৰত গুৰুত্ব দিবই লাগিব।


এই সন্দৰ্ভত যোৱা ৩১ মাৰ্চৰ দেওবাৰে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ‘তৃতীয় অসম ইউ টিউব মীট’ শীৰ্ষক এক সমাৰোহৰ আয়োজন কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচশতাধিক যুৱক–যুৱতী উক্ত সমাৰোহত অংশ গ্ৰহণ কৰে। সমাৰোহত বৰ্তমান সময়ত ইউ টিউবত সুযোগ আৰু সম্ভাৱনাৰ ওপৰত বিতং আলোচনা কৰে। উক্ত আলোচনাৰ অন্তত প্ৰকাশ কৰে যে ইউ টিউবক কেৰিয়াৰ হিচাপে গ্ৰহণত ১০০% সম্ভাৱনাৰ কথা। অনাগত দিনত নৱ প্ৰজন্মই ইউ টিউবকে কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈও আহ্বান জনায়।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment