Monday, April 1, 2019

ডিজিটেল পদ্ধতিৰে গ্ৰন্থ সংৰক্ষণৰ উদ্যোগ অসম সাহিত্য সভাৰ

0 comments
প্ৰকাশিত তাৰিখঃ ১ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


অসম সাহিত্য সভাই ৰাজ্যখনৰ চুকে–কোণে সিচৰিত হৈ থকা ক্ষুদ্ৰ আলোচনী, পৰিপুৰিকা, গ্ৰন্থ সমূহ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উপযুক্ত প্ৰচাৰৰ অভাৱত আন্ধাৰতে থাকি যোৱা উক্ত ক্ষুদ্ৰ আলোচনী, পৰিপুৰিকা, গ্ৰন্থ সমূহ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিব।


অসম সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদৰ্শনী আৰু প্রতিযোগিতা উপ–সমিতিৰ উদ্যোগত এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো ৰূপায়ণ কৰিব অসম ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ে। প্ৰথমে গ্ৰন্থ সংগ্ৰহ তাৰ পাছত ডিজিটেল তথ্য প্ৰস্তুত কৰি অসম সাহিত্য সভা আৰু অসম ৰাজ্যিক সংগ্রহালয়ৰ পুথিভঁড়ালত সুকীয়া সুকীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব।


জিলা আৰু শাখা সাহিত্য সভাৰ দ্বাৰা সংগৃহীত গ্ৰন্থ, আলোচনী–পৰিপুৰিকাবোৰ পৰ্যায়ক্ৰমে ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব। আমাৰ ভৱিষ্যৎ প্ৰজন্ম আৰু গৱেষকসকলৰ সুবিধাৰ্থে তথ্যসমূহ ৱেবচাইট আৰু সামাজিক মাধ্যম সমূহত উপলব্ধ কৰিব বুলি অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাৰ এক সূত্ৰত প্ৰকাশ।


যোৱা বিশ বছৰৰ ভিতৰত প্ৰকাশ পোৱা বিভিন্ন আলোচনী–পৰিপুৰিকা, গ্ৰন্থ আদিৰ দুটা কপি সাহিত্য সভাৰ নিম্ন লিখিত ঠিকনাত প্ৰেৰণৰ আহ্বান জনাইছে।      


দেৱজিৎ বৰা


আহ্বায়ক, ক্ষুদ্র আলোচনী, শিক্ষানুষ্ঠান আৰু মুখপত্র প্রদৰ্শনী আৰু প্রতিযোগিতা উপ–সমিতি


অসম সাহিত্য সভা


ভগৱতী প্রসাদ বৰুৱা ভৱন, গুৱাহাটী– ৭৮১০০১


যোগাযোগ নম্বৰঃ ৯৮৬৪০৫০৫৫০


অথবা


অৱন্তিকা পৰাশৰ


সংগ্রহালয় বিষয়া, যোৰহাট জিলা সংগ্রহালয়


শিক্ষা ভৱন চৌহদ, কে বি ৰোড, যোৰহাট– ১


যোগাযোগ নম্বৰঃ ৯৯৭১৫৫৬৫৯০


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment