Monday, March 11, 2019

স্বচ্ছ আৰু পৰিষ্কাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত ৩০৩ নং স্থানত গুৱাহাটী

0 comments
প্ৰকাশিত তাৰিখঃ ১১ মাৰ্চ, ২০১৯

* মধ্যপ্ৰদেশৰ ইন্দোৰ হ'ল দেশৰ ভিতৰত সবাতোকৈ পৰিষ্কাৰ চহৰ

চি এন ডেক্স


গুৱাহাটী উন্নয়নৰ নামত চৰকাৰে লাখ লাখ টকা ব্যয় কৰি আহিছে যদিও পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ দিশত একেবাৰে পিচপৰা। গুৱহাটী উন্নয়নৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পালে চলিত মাহতে।


কেন্দ্ৰীয় চৰকাৰে যোৱা ৬ মাৰ্চ, বুধবাৰে ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ আধাৰত ৰাষ্ট্ৰীয় স্তৰত স্থান লাভ কৰা স্বচ্ছ আৰু পৰিষ্কাৰ চহৰৰ তালিকা ঘোষণা কৰে।


চহৰ সমূহে পৰিষ্কাৰ–পৰিচ্ছন্নতা তথা জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কেনে ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছে তাৰ ওপৰত ভিত্তিকৰি জনসাধাৰণৰ পৰা মতামত গ্ৰহণ কৰিছিল। মুঠ ৫০০০ পইণ্ট নিৰ্ধাৰণেৰে বিভিন্ন শিতানত মতামত গ্ৰহণ কৰি দেশৰ ভিতৰত পৰিষ্কাৰ–পৰিচ্ছন্ন চহৰ সমূহ বাছনি কৰিছে।    


প্ৰকাশিত তালিকা অনুসৰি– অসমৰ গুৱাহাটী চহৰে লাভ কৰিছিল ১৭৭০.২৯ পইণ্ট, নগাঁৱে ১৪১৫.৪৭ পইণ্ট, ডিব্ৰুগড়ে ১০৩৮.৭২ পইণ্ট আৰু শিলচৰে ৭৩৫.২৬ পইণ্ট।


দেশৰ মুঠ ৪২৫খন চহৰৰ ভিতৰত ৪৬৫৯.০৯ পইণ্ট অৰ্জনেৰে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰে, ৪৩৯৪.০৯ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰিছে ছত্তিশগড়ৰ অম্বিকাপুৰ চহৰে। ৬৩৪.২৮ পইণ্ট লাভেৰে সবাটোকৈ নিম্ন স্থানত আছে বিহাৰৰ সহৰ্সা চহৰ খন।


যাহওঁক ৰাষ্ট্ৰীয় স্তৰত বিশেষ উন্নতি লাভ কৰিব নোৱাৰিলেও উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমে বিশেষ স্থান অধিকাৰ কৰিছে। ফলাফল অনুসৰি ৰাজ্যকেইখনৰ ৫০হেজাৰৰ পৰা ১ লাখ জনসংখ্যা থকা চহৰৰ ভিতৰত শিৱসাগৰে পৰিষ্কাৰ চহৰৰ স্থান লাভ কৰিছে। ক্ষীপ্ৰ গতিত আগবঢ়া চহৰৰ স্থান লাভ কৰিছে তেজপুৰ চহৰে। শ্ৰেষ্ঠ চহৰৰ স্থান লাভ কৰিছে ডিফু চহৰে। গোটা পেলনীয়া সামগ্ৰীৰ সঠিক ব্যৱহাৰ কৰি শ্ৰেষ্ঠস্থান লাভ কৰিছে বঙাইগাওঁ চহৰে। বিপৰীতে সুন্দৰ প্ৰয়াস আৰু উদ্ভাৱনীৰ ক্ষেত্ৰত মিজোৰামৰ লুংলেই চহৰে শ্ৰেষ্ঠ স্থান দখল কৰিছে।


১ লাখতকৈ কম জনসংখ্যাৰ চহৰ– সবাতোকৈ পৰিষ্কাৰ চহৰ ৰূপে চিহ্নিত কৰিছে মণিপুৰৰ থাউবাল চহৰক।


২৫ৰ পৰা ৫০ হেজাৰৰ জনসংখ্যা ভিত্তিক চহৰ– সবাতোকৈ পৰিষ্কাৰ চহৰ হ’ল মিজোৰামৰ চামফাই। অসমৰ লংকা ক্ষীপ্ৰ গতিৰে আগবঢ়া চহৰ। বৰপেটাই শ্ৰেষ্ঠ চহৰ স্থান লাভ কৰিছে। ত্ৰিপুৰাৰ উদয়পুৰে উদ্ভাৱনী আৰু সুন্দৰ প্ৰয়াসৰ ক্ষেত্ৰত শ্ৰেষ্ঠ চহৰৰ স্থান লাভ কৰিছে। লামডিঙে গোটা পেলনীয়া সমাগ্ৰীৰ সঠিক স্থানত দিহা লগোৱাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ চহৰৰ স্থান লাভ কৰিছে।


দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৯’ৰ বিভিন্ন স্থানপ্ৰাপ্ত চহৰ সমূহক পুৰস্কাৰ প্ৰদান কৰে।      


শিৰোনামৰ ফটোঃ নিজাইন


Photo Courtesy: NEZINE

No comments:

Post a Comment