Monday, March 18, 2019

লালিগুড় নিষিদ্ধকৰণত সংকটত পৰিছে ৰাজ্যৰ কুঁহিয়াৰ খেতিয়ক আৰু গুড় ব্যৱসায়ীসকল

0 comments
প্ৰকাশিত তাৰিখঃ ১৮ মাৰ্চ, ২০১৯

 

চি এন ডেক্স


গোলাঘাট সুৰা ট্ৰেজেদি কাণ্ডই এতিয়া ৰাজ্যখনৰ কুঁহিয়াৰ খেতিয়ক আৰু গুড় ব্যৱসায়ীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে। লালিগুড়ৰ দ্বাৰা তৈয়াৰী চুলাই সেৱন কৰি জিলাখনৰ ৩০০লোকৰ মৃত্যু ঘটিছিল। সেই কাৰণত চৰকাৰে ৰাজ্যখনত লালিগুড় নিষিদ্ধ কৰিছিল। আৰক্ষী প্ৰশাসন আৰুআবকাৰী বিভাগে অভিযান চলাই এফালৰ পৰা ছীল কৰি গৈছিল লালিগুড়ৰ গুদাম সমূহ। চৰকাৰৰ এই নিষিদ্ধকৰণত কুঁহিয়াৰ খেতিৰ লগত জড়িত কৃষকসকল এতিয়া চৰম অনিশ্চয়তাত ভূগিছে।


উল্লেখযোগ্য যে, নগাঁও জিলাৰ লামডিং চহৰৰ দাঁতিকাষৰীয়া এক বিস্তীৰ্ণ এলেকাত কুঁহিয়াৰ খেতি কৰে। চহৰখনৰ বেছি অংশ পাহাৰীয়া ওখ অঞ্চল হোৱা হেতুকে তাত উপযুক্ত পৰিমাণৰ পানীৰ অভাৱ। পানীৰ অভাৱৰ বাবে অন্য খেতি কৰিবলৈ সম্ভৱ নোহোৱাত পৰিয়াল সমূহে কুঁহিয়াৰ খেতিকে জীৱন–জীৱিকাৰ সম্বল কৰি লৈছিল। এতিয়া চহৰখনৰ বৃহৎ সংখ্যক পৰিয়াল এই খেতিৰ লগত জড়িত। কুঁহিয়াৰ খেতিয়েই পৰিয়ালসমূহৰ জীৱিকাৰ মূল চালিকা শক্তি। তেওঁলোকে ৰোপন কৰা কুঁহিয়াৰৰ পৰাই গুড় তৈয়াৰ কৰে। সেই গুড় সমূহ ব্যৱসায়ীসকলে ৰাজ্যৰ বিভিন্ন ঠাইত যোগান ধৰি আহিছিল। বছৰ বছৰ ধৰি চলাই অহা গুড় ব্যৱসায়ত যেন হঠাতে এন্ধাৰ নামি আহিল।


চৰকাৰে ভেজাল গুড় নিষিদ্ধ কৰাত কুঁহিয়াৰ খেতিয়কসকলৰ আপত্তি কৰিবলগীয়া একো নাছিল। তেওঁলোকে উৎপাদন কৰা গুড় পৰীক্ষা–নিৰীক্ষা অবিহনে নিষিদ্ধ কৰাতহে আক্ষেপ প্ৰকাশ কৰে। ভেজালিৰ লগত সাঙুৰি নিৰ্ভেজালিক নিষিদ্ধ কৰাতহে ক্ষোভিত হৈ পৰিছে কুঁহিয়াৰ খেতিয়কসকল।


ইপিনে, লামডিং অঞ্চলত পানীৰ সমস্যাৰ বাবে কুঁহিয়াৰৰ কেঁচা ৰস পগাই উঠাৰ পিচত গুড়ৰ বৰণ উজ্বল হোৱাৰ পৰিৱৰ্তে অলপ ক’লা বৰণৰ হয়। ক’লা বৰণৰ গুড় সমূহ এতিয়া ব্যৱসায়ীসকলে ক্ৰয় কৰিবলৈ অনিচ্ছুক হৈ পৰাত ৰাম টাঙোনৰ কোবটো পুনৰ খেতিয়কৰ মুৰতে পৰিল।


আন আন বছৰৰ দৰে এইবাৰো খেতিয়কসকলে যথেষ্ট পৰিমানে গুড় প্ৰস্তুত কৰিছে। কিন্তু গোলাঘাট ট্ৰেজেদি কাণ্ডৰ পিচত গুড়ৰ বস্তা সমূহ পেলনীয়া সামগ্ৰীৰ দৰে ঘৰতে ৰাখিবলগীয়া হৈছে। এই গুড় সমূহ বিক্ৰী হ’ব নে নহয় তেওঁলোকে নাজানে আৰু ভৱিষ্যতে যে বিক্ৰী হ’ব তাৰো কোনো নিশ্চয়তা নাই।


যি সময়ত লালিগুড়ৰ পৰা তৈয়াৰী চুলাই সেৱন কৰি জিলাখনৰ ৩০০ লোকৰ মৃত্যু হৈছিল সেই সময়ত কুঁহিয়াৰ খেতিৰ লগত জড়িত কৃষক পৰিয়ালৰ হাজাৰ হাজাৰ লোক পেটৰ তাড়নাত মৰিব। চৰকাৰৰ এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে এতিয়া কুঁহিয়াৰ খেতিয়কে প্ৰতিবাদী কাৰ্যসুচী হাতত লোৱাৰ হুংকাৰ দিছে। কৃষকে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ আগতে বিষয়টো চৰকাৰে পুনৰ বিবেচনা কৰিবলৈ সময় ওলাব নে ? 


  


শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment