Monday, April 1, 2019

সংসদৰ মজিয়াত ৰাজ্যৰ সমস্যা উত্থাপনত ব্যৰ্থ হোৱা অসমৰ সাংসদসকল

0 comments
প্ৰকাশিত তাৰিখঃ ১ এপ্ৰিল, ২০১৯

 

চি এন ডেক্স


অসমৰ সমস্যাৰাজীৰ কথা দিল্লীৰ সংসদত উত্থাপন কৰিবলৈ ৰাজ্যখনৰ ১৪জন সাংসদ ৰাইজে নিৰ্বাচিত কৰি পঠিয়ায়। ৰাইজৰ বহু আশা, নিৰ্বাচিত সাংসদসকলে দেশৰ ৰাজধানীত ৰাজ্য তথা নিজে প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ সমস্যাৰাজী উত্থাপন কৰি সমাধানৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত ওলোটা ছবি এখন দেখিবলৈ পোৱা গৈছে। আমাৰ আধা সংখ্যক সাংসদে ৰাইজৰ সমস্যা সন্দৰ্ভত সংসদৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিবলৈ ব্যৰ্থ হৈছে।


এছ’চিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰ নামৰ সংস্থাটোৱে ভাৰতৰ নিৰ্বাচনকেন্দ্ৰীক সমীক্ষা প্ৰকাশ কৰিছে। সংস্থাটোৱে দেশৰ প্ৰতিটো নিৰ্বাচনৰে সমীক্ষা চলোৱাৰ লগতে সাংসদসকলৰ পাৰদৰ্শিতাৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰে।


ষষ্ঠদশ লোকসভাৰ সাংসদসকলৰ পাৰদৰ্শিতা সন্দৰ্ভত সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি– বিগত পাঁচটা বছৰে দিল্লীৰ মচনদ দখল কৰা অসমৰ সাংসদসকলৰ ব্যৰ্থতাৰ এক ছবি প্ৰকাশ পাইছে। উল্লেখযোগ্য যে, ষষ্ঠদশ লোকসভাৰ সংসদৰ অধিবেশন হৈছিল ৩১২ দিন।


সংস্থাটোৰ সমীক্ষা অনুসৰি– ৰাজ্যত শাসনাধিস্থিত বিজেপি দলৰ সন্মানীয় গুৱাহাটী সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে ৩৮ টা প্ৰশ্ন সুধি ২১৭ দিন উপস্থিত থাকে। মঙ্গলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাই ৯৬ টা প্ৰশ্ন সুধি ২৭১ দিন উপস্থিত থাকে। তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই ১২৬ টা প্ৰশ্ন সুধি ২৪৫ দিন উপস্থিত থাকে। নগাঁও সমষ্টিৰ সাংসদ ৰাজেন গোহাঁইয়ে ২৩ টা প্ৰশ্ন সুধি ১২৮ দিন উপস্থিত থাকে। যোৰহাট সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ১১০ টা প্ৰশ্ন উত্থাপন কৰি ২৩১ দিন উপস্থিত থাকে। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ১টা প্ৰশ্ন উত্থাপন কৰি ৮১ দিন সংসদত উপস্থিত থাকে।  ডিব্ৰুগড় সমষ্টিৰ ৰামেশ্বৰ তেলীয়ে ৯১ টা প্ৰশ্ন সুধি ২৮৮ দিন উপস্থিত থাকে। অৱশ্যে প্ৰদান বৰুৱাই মধ্যকালীন নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত প্ৰতিনিধি। তেখেতে সংসদত মাত্ৰ আঢ়ৈটা বছৰ প্ৰতিনিধিত্ব কৰিছে।


কংগ্ৰেছ দলৰ– শিলচৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেৱে ২৫০ দিন উপস্থিত থাকি ৩১৭ টা প্ৰশ্ন উত্থাপন কৰে। কলিয়াবৰ সমষ্টিৰ গৌৰৱ গগৈয়ে ২৪৩ দিন উপস্থিত থাকি ৩০৬ টা প্ৰশ্ন কৰে। ডিফু সমষ্টিৰ সাংসদ বীৰেণছিং ইংতিয়ে স্বায়ত্তশাসিত পৰিষদৰ সমস্যা সন্দৰ্ভত মাত্ৰ ১টা প্ৰশ্ন সুধি ২৫৮ দিন উপস্থিত থাকে। ইংতি বিগত পাঁচটা বছৰে সংসদৰ মজিয়াত টোপনি মাৰিয়েই দিন পাৰ কৰিছে।


এ আই ইউ ডি এফ দলৰ– সাংসদ ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে ৩১৭ টা প্ৰশ্ন উত্থাপনেৰে ১৮৫ দিন উপস্থিত থাকে। বৰপেটা সমষ্টিৰ চিৰাজুদ্দিন আজমলে ২৮৩ টা প্ৰশ্ন সুধি ১০৯ দিন উপস্থিত থাকে।    ৰাধেশ্যাম বিশ্বাসে ২৩২ টা প্ৰশ্ন সুধি ২৭৬ দিন সংসদত উপস্থিত থাকে।


আনহাতে, কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই ৭৭ টা প্ৰশ্ন উত্থাপনেৰে ৩৪৮ দিন উপস্থিত থাকে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment