Monday, March 25, 2019

অসম নাগৰিক সমাজৰ ৰাষ্ট্ৰীয় যুৱ সমাবেশৰ আয়োজন

0 comments
প্ৰকাশিত তাৰিখঃ ২৫ মাৰ্চ, ২০১৯

 

চি এন ডেক্স


দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হ’লে ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পুলিপোখা উভালি ডাষ্টবিনত দলিয়াব লাগিব। যোৱা ২৩ মাৰ্চত অসম নাগৰিক সমাজে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা ৰাষ্ট্ৰীয় যুৱ সমাবেশত এই আহ্বান দেশৰ পাঁচগৰাকী যুৱ নেতাৰ।  


সমাবেশত অংশ লোৱা যুৱ নেতাকেইগৰাকীয়ে কয় যে– বিজেপি–আৰ এছ এছে দেশত সাম্প্ৰদায়িক বিষবাষ্প মেলি দি খণ্ড বিখণ্ডৰে নিজৰ সিদ্ধি লাভৰ বাবে চেষ্টা চলাইছে। সেয়ে ভণ্ডামি, চৰম মিথ্যাচাৰী বিজেপিক এই নিৰ্বাচনতে পৰাভূত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নেতাকেইগৰাকীয়ে আহ্বান জনায়।


অসম নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ঞ ডেকা, কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞা, উপ–সভাপতি প্ৰশান্ত ৰাজগুৰু, সচিব পৰেশ মালাকাৰ, সদস্য ড অপূৰ্ব কুমাৰ বৰুৱা, চি কে দাসেৰে সঞ্চালক মণ্ডলি গঠিত সমাবেশ উদ্বোধন কৰে গুজৰাটৰ দলিত যুৱ নেতা ও নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীয়ে।


০  অখিল ৰঞ্জন দত্তই আঁতধৰা সমাবেশত ‘দেশৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বিষয়ৰ ওপৰত  বক্তৃতা প্ৰদান কৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যাল (জে এন ইউ)ৰ ছাত্ৰ একতা সভাৰ সভাপতি এন সাই বালাজী, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ –ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, যুৱ লেখিকা পাৰভিন চুলতানা আদিয়ে।


তদুপৰি জে এন ইউৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শতৰূপা চক্ৰৱৰ্তী, আছু’ৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল ভট্টাচাৰ্যই লিখি পঠিওৱা ভাষণ পাঠ কৰে নাগৰিক সমাজৰ বিষয়ববীয়াই।


ভাষণকালত দেশৰ স্বাধীনতা সংগ্ৰামৰ ছহিদ ভগত সিঙক স্মৰণ কৰা জিগনেছ মেৱানীয়ে বিজেপি–আৰ এছ এছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। বৰ্তমান ভাৰত–পাকিস্তানৰ মাজত যুদ্ধ বিচাৰি দেশপ্ৰেমিকৰ ভাওধৰা সকলক কঠোৰ সমালোচনা কৰে। তেওঁ কয়, যিটো দল এতিয়া দেশৰ পৰম ভক্ত সেই দলটোৱে স্বাধীনতা সংগ্ৰামত কিদৰে প্ৰতাৰণা কৰিছিল সেয়া দেশবাসীয়ে জানে। মোৰ ভোট, মোৰ দেশ, মোৰ বিষয় এই শ্ল’গানক যদি আগুৱাই নিব পৰা যায় তেনেহ’লে মোডীয়ে ২০১৯ৰ পিচত ৰাজনীতিত ভৰি দিয়াৰ সাহস নকৰিব।


নিজকে পদপথৰ  সংগ্ৰামী বুলি চিনাকি দিয়া যুৱ নেতাজনে কয়– ইতিমধ্যে গুজৰাটত নৰেন্দ্ৰ মোডীৰ প্ৰয়োজন নাই বুলি ৰাইজে থিৰাং কৰিছে। সমগ্ৰ অসমবাসীয়ে সজাগ–সচেতন হ’লে দিল্লীলৈ যোৱাত বিজেপি সফল নহ’ব। যদি কোনো কাৰণত সফল  হয় তেনেহ’লে ভৱিষ্যতে হয়তো দেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সুযোগেই নিদিব। ভাল দাম পালে নিজৰ পিতৃ–মাতৃকো বিক্ৰী কৰিব পৰা মানসিকতা আছে আৰ এছ এছ–বিজপিৰ।


জে এন ইউৰ ছাত্ৰ একতা সভাৰ সভাপতি এন সাই বালাজীয়েও বিজেপি চৰকাৰ আৰু নৰেন্দ্ৰ সম্প্ৰতি নিজকে চকীদাৰ বুলি কৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মোডীক তীক্ষ্ণ সমালোচনা কৰে। ১০ কোটি নিৱনুৱা থকা দেশখনৰ ভয়াৱহ সমস্যাৰ বিষয়ে দাঙি ধৰে। বিগত তিনি বছৰে ২৬ হেজাৰ যুৱকে হীনমন্যতাত ভূগি আত্মহত্যা কৰা দেশখনৰ মোডী চৰকাৰে যোৱা পাঁচটা বছৰত যুৱক –যুৱতীৰ সংস্থাপনতো ব্যৰ্থ হ’ল। সাম্প্ৰদায়িক, অপৰাধী বুলি আখ্যা দিয়া নাগৰিক সংশোধনী বিধেয়কখনক বিৰোধীতা কৰাৰ অপৰাধত অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড হীৰেন গোহাঁইৰ ওপৰত ৰাজ্য চৰকাৰে  জাপি দিছিল দেশদ্ৰোহীতাৰ গোচৰ। জিন্নাৰ কথা কোৱা ড হিমন্তবিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে। স্বাধীনতাৰ সময়ত হিন্দু মহাসভাই মুছলিম লীগৰ লগত মিত্ৰতা কৰিছিল। ড শৰ্মাক এছ এছ –বিজেপিৰ ইতিহাস ভালদৰে অধ্যয়ন কৰিবলৈও আহ্বান জনায়।


কৃষক নেতা অখিল গগৈয়ে ১৯৭৭ চনৰ নিৰ্বাচনৰ সৈতে ২০১৯ৰ নিৰ্বাচনক তুলনা কৰে। কিয়নো সেই সময়ত এফালে আছিল ইন্দিৰা গান্ধী আনফালে ভাৰতৰ জনগণ। নৰেন্দ্ৰ মোডীক প্ৰতিহত কৰিবলৈ এইপৰ্যন্ত অসমৰ দল–সংগঠনবোৰ সাজু হোৱা নাই। নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। বিগত ৪৫ বছৰৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱাৰ সৃষ্টি হৈছে এই পাঁচ বছৰত। সেয়ে বিজেপিক পৰাভূত কৰিবলৈ জনগণ সংকল্পবদ্ধ হ’বই লাগিব।


বিজেপিৰ শাসনত আৰ বি আই, চি বি আই, এন আই এ আদি স্বতন্ত্ৰ সংস্থাবোৰক ধ্বংস কৰিব বিচৰা কাৰ্যক ক্ষোভ প্ৰকাশ কৰে জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীৰ পুঞ্জীভূত ক্ষোভ ২০১৯ৰ নিৰ্বাচনৰ ভোটলৈ ৰূপান্তৰ কৰক। ৰাইজৰ প্ৰতি এই আহ্বান জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীৰ।


বিজেপি চৰকাৰে চৰ অঞ্চলৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাক উন্নয়নৰ ক্ষেত্ৰত কৰা চৰম অৱহেলাক তীব্ৰ সমালোচনা কৰে যুৱ লেখিকা পাৰভিন চুলতানাই।   


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

 

 

No comments:

Post a Comment