Monday, March 18, 2019

বন্য হস্তী প্ৰৱেশত বাধা দিবলৈ অদ্ভূট ব্যৱস্থা নাৰেংগী সেনা শিৱিৰৰ

0 comments
প্ৰকাশিত তাৰিখঃ ১৮ মাৰ্চ, ২০১৯

চি এন ডেক্স


বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি আইনে প্ৰণয়ন নকৰক কিয় তাক পালন কৰিবলৈ অস্বীকাৰ কৰিছে দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত স্বয়ং সামৰিক বাহিনীয়ে। নাৰেংগীস্থিত সেনা শিৱিৰে বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰাত প্ৰকৃতিপ্ৰেমীসকলে ক্ষোভ প্ৰকাশ কৰিছে।


উল্লেখ্য যে, আমচাং অভয়াৰণ্যৰ গাতে লাগি আছে নাৰেংগী সেনা শিৱিৰ। খাদ্যৰ সন্ধানত অভয়াৰণ্যখনৰ পৰা ওলাই অহা হাতীৰ জাক সমূহে নাৰেংগী সেনা শিৱিৰৰ মাজেৰেই অহা–যোৱা কৰি আছে আজি বহু বছৰ ধৰি। উক্ত বনৰীয়া হাতীৰ জাক ৰোধ কৰিবলৈ সেনা শিৱিৰে অদ্ভুট ব্যৱস্থা হাতত লৈছে। সেই ব্যৱস্থা অনুযায়ী সেনা চৌহদৰ চাৰিসীমাৰ বেৰ সমূহ পকীৰে ঢালাই কৰি ওপৰ মুৱাকৈ জোঙা ৰোড পুতি হাতী ৰোধৰ ব্যৱস্থা কৰিছে।  


ইতিমধ্যে, সেনা শিৱিৰে নিৰ্মাণ কৰা বেৰত কেইবাটাও হাতী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যুও ঘটা বুলি বাতৰিত প্ৰকাশ। আঘাতপ্ৰাপ্ত হাতীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বন বিভাগে অধ্যয়ন কৰাৰ পিচতহে সেনা শিৱিৰৰ অবিবেচক কাণ্ড পোহৰলৈ আহে। আচলতে সেনা শিৱিৰে চাৰিসীমাৰ বেৰত মৰণ ফান্দ আজি নিৰ্মাণ কৰা নাই কমেও চাৰি/ পাঁচ বছৰ আগতে কৰিছে বুলি বন বিভাগে দাবী কৰে।


হাতীৰ মৃত্যু ঘটাব পৰা মৰণ ফান্দ উঠাই দিবলৈ আমচাং অভয়াৰণ্যৰ বোন্দাস্থিত বনাঞ্চলিক বিষয়া নৰেশ্বৰ দাসে সেনা শিৱিৰ কৰ্তৃপক্ষৰ ওচৰত পত্ৰ প্ৰেৰণ কৰিছিল। যোৱা ২৫ ডিচেম্বৰ ২০১৮ত প্ৰেৰণ কৰা পত্ৰখনৰ গুৰুত্বই নিদিলে সেনা কৰ্তৃপক্ষই। তাৰ পিচত মাণ্ডলিক বন বিষয়াই ২৭ ডিচেম্বৰত পুনৰ এখন পত্ৰ প্ৰেৰণ কৰে। কিন্তু সেই পত্ৰখনকো গুৰুত্ব আৰোপ নকৰিলে সেনা কৰ্তৃপক্ষই। তেনেক্ষেত্ৰত সেনাৰ মৰণ ফান্দত পৰি আৰু অধিক হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যু মুখত যে পৰিব সেয়া খাটাং।


ইপিনে, সেনা শিৱিৰৰ এনে অবিবেচক কাণ্ড–কাৰখানাত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী ব্যক্তি, সংস্থা আদিয়ে তীব্ৰ গৰিহণ দিয়ে। কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ সম্পাদিকা মুবিনা আখতাৰে মন্তব্য কৰে যে– সেনা বাহিনীৰ তেনে হঠকাৰী কাম নিন্দনীয় আৰু  গৰিহণা যোগ্য। মৰণ ফান্দ পাতি হাতী নিধন কাৰ্য কোনো কাৰণতে মানি ল’ব নোৱাৰি। অভয়াৰণ্যৰ দাঁতিত অথবা হাতী অহা–যোৱা ৰাষ্টাত কোনো কাৰণতে নিৰ্মাণ কাৰ্য কৰিব নোৱাৰে।


আনহাতে, খাদ্যৰ সন্ধানত অভয়াৰণ্যখনৰ পৰা হাতীৰ জাক সমূহ নিতৌ জনাঞ্চললৈ আহে। আজি কেইবা বছৰ হ’ল উক্ত অঞ্চল সমূহলৈ হাতীৰ জাক আহি থকা। এতিয়া জাকত হাতীৰ সংখ্যা বাঢ়িল আৰু হাতীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা মানুহৰ সংখ্যাও বাঢ়িল। এইক্ষেত্ৰত বন বিভাগে হাতী নিয়ন্ত্ৰণৰ কোনো সু–ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষতিগ্ৰস্ত ৰাইজে বিভাগটোৰ প্ৰতি অভিযোগ তুলিছে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ


Photo Courtesy: Google Images

No comments:

Post a Comment