Monday, March 25, 2019

অসমত বন্ধ অসাংবিধানিক আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

1 comments
প্ৰকাশিত তাৰিখঃ ২৫ মাৰ্চ, ২০১৯

 

চি এন ডেক্স


অসমত সঘনাই চলি থকা বন্ধবিৰোধী আইন ৰাজ্য চৰকাৰে প্ৰণয়ন নকৰা কাৰ্যই ক্ষুণ্ণ কৰি তুলিছে গুৱাহাটী উচ্চ ন্যায়ালক। সম্প্ৰতি ৰাজ্যখনত সঘনে চলি থকা বন্ধ সংস্কৃতিয়ে কোঙা কৰি তুলিছে জনসাধাৰণক। অসম বন্ধ, পথ বন্ধ, ৰে’লপথ অৱৰোধ আদি কাৰ্যত জ্বলাকলা খাই থকা জনসাধাৰণলৈ এক সকাহ আনিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 


গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বন্ধ অসাংবিধানিক আখ্যা দি কঠোৰ স্থিতি ল’লে। যোৱা ১৯মাৰ্চত ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ এজনীয়া বিচাৰপীঠে বন্ধ প্ৰতিৰোধৰ ৰায়দান কৰি তেৰটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু গাইডলাইন ৰাজ্য চৰকাৰক প্ৰেৰণ কৰে।


প্ৰথম নিৰ্দেশনা অসম বন্ধ, ৰাজ্যজুৰি পথ অৱৰোধ, ৰে’লপথ অৱৰোধ আদি কাৰ্যসূচী গ্ৰহন কৰা দল, সংগঠনৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত অথবা তেওঁৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই পানবজাৰ থানাত এজাহাৰ দাখিল কৰিব লাগিব।


দ্বিতীয় নিৰ্দেশনা এজাহাৰ দাখিলৰ ৭দিনৰ ভিতৰত আৰক্ষী বিষয়াই গোচৰৰ সকলোবোৰ তথ্যপাতি লিখিতভাৱে ৰাজ্য চৰকাৰৰ গৃহ–ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবক প্ৰদান কৰিব লাগিব।


তৃতীয় নিৰ্দেশনা এখন বা ততোধিক জিলা বন্ধ, স্থানীয় বন্ধ, ঘাইপথ অৱৰোধ, ৰে’লপথ অৱৰোধ কাৰ্যসূচীৰ বিৰুদ্ধে জিলাৰ আৰক্ষী অধীক্ষকে সংশ্লিষ্ট থানাত এজাহাৰ দাখিল কৰি সকলো তথ্যপাতি গৃহ–ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবক প্ৰদান কৰিব লাগিব।


চতুৰ্থ নিৰ্দেশনা তদন্তকাৰী বিষয়াই বন্ধৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষীপ্ৰ তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে খৰটকীয়া বিচাৰ চলাব পৰাকৈ ফৌজদাৰী আদালতত চাৰ্জশ্বিট লাখিল কৰিব লাগিব।


পঞ্চম নিৰ্দেশনা অসম আৰক্ষী দায়বদ্ধতা আয়োগে নিৰীক্ষণ কৰিব বন্ধৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰ আৰু গোচৰ পঞ্জীয়ন কাৰ্য। তিনি মাহৰ ভিতৰত আয়োগে উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কলৈ নিৰীক্ষণৰ প্ৰতিবেদন দাখিল কৰিব। এইক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আইন অনুসৰি আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব।


ষষ্ঠ নিৰ্দেশনা বন্ধ ঘোষণা কৰা সংগঠনৰ মুখ্য নেতাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিব গৃহ–ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবে।


সপ্তম নিৰ্দেশনা ওপৰোক্ত নিৰ্দেশনা পালন নকৰিলে কৰ্তব্যত অৱহেলা কৰা বুলি গণ্য কৰিব আৰু আদালত অৱমাননা গোচৰৰ সন্মুখীণ হোৱাটো বাঞ্চনীয়।


অষ্টম নিৰ্দেশনা আৰক্ষী দায়বদ্ধতা আয়োগে প্ৰেৰণ কৰা প্ৰতিবেদন সমূহ ন্যায়ালয়ৰ পঞ্জীয়কে নিৰীক্ষণ কৰিব। কোনো আদালতত অৱমাননাৰ আবেদন দাখিল হোৱা–নোহোৱা কাৰ্য নিৰীক্ষণ কৰিব পঞ্জীয়কে। ইমানৰ পিচতো বন্ধ আহ্বান কৰা সংগঠনৰ বিৰুদ্ধে অৱমাননা গোচৰ দাখিল কৰিবলৈ ব্যৰ্থ হোৱা আয়ুক্ত–সচিব সহ দোষী ব্যক্তিৰ বিৰুদ্ধে আদালত অৱমাননা গোচৰ ৰুজু কৰিব লাগিব।


নবম নিৰ্দেশনা বন্ধৰ ফলত হোৱা ৰাজ্যখনৰ ক্ষয়–ক্ষতিৰ হিচাপ উলিয়াব লাগিব আৰু বন্ধ আহ্বান কৰা সংগঠনৰ পৰা সমূহ ক্ষয় ক্ষতিৰ পৰিমাণ আদায় কৰিব লাগিব।


দশম নিৰ্দেশনা– নিৰ্দেশনা ঘোষণাৰ তিনিমাহৰ ভিতৰত বন্ধ ক্ষতিপূৰণ পুঁজি গঠন কৰিব গৃহ–ৰাজনৈতিক বিভাগে। যি পুঁজিৰ দায়িত্বত থাকিব জিলা আৰু সত্ৰ ন্যায়াধীশ।


একাদশ নিৰ্দেশনা বন্ধ আহ্বান কৰা সংগঠনৰ পৰা আদায় কৰা ক্ষতিপূৰণ গৃহ–ৰাজনৈতিক বিভাগে বন্ধ ক্ষতিপূৰণ পুঁজিত জমা কৰিব লাগিব।


দ্বাদশ নিৰ্দেশনা যিসকলে বন্ধৰ ফলত সন্মুখীণ হোৱা ক্ষতিপূৰণ বিচাৰি দাবী–আবেদন দাখিল কৰে তেওঁলোকৰ ওপৰত বন্ধ ক্ষতিপূৰণ পুঁজি কৰ্তৃপক্ষই সিদ্ধান্ত ল’ব। এই দাবী ব্যক্তি বিশেষ, সংস্থাই দাখিল কৰিব পাৰিব।


ত্ৰয়োদশ নিৰ্দেশনা উচ্চ ন্যায়ালয়ে আবেদনকাৰীসকলৰ বন্ধৰ ফলত ক্ষতিপূৰণৰ গোচৰ ন্যায়ালয়ত ৰুজু হোৱা সন্দৰ্ভত ‘বন্ধ ক্ষতিপূৰণ পুঁজি কৰ্তৃপক্ষ’ৰ ওচৰত উত্থাপনৰ নিৰ্দেশ দিয়ে।


উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে যেতিয়ালৈ বন্ধ বিৰোধী আইন প্ৰণয়ন নকৰে তেতিয়ালৈকে গাইডলাইন হিচাপে এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হৈ থাকিব বুলি উচ্চ ন্যায়ালয়ে দোহাৰে।


আনহাতে, অসমৰ বাটে–ঘাতে বিয়পি থকা দল–সংগঠন সমূহৰ ‘চান্দা’ সংগ্ৰহ কাৰ্যসূচীৰ ক্ষেত্ৰতো ন্যায়ালয়ে একে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ৰাইজে দাবী উত্থাপন কৰি আহিছে। এইক্ষেত্ৰত ন্যায়ালয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তালৈ অপেক্ষা কৰি আছে চান্দা দি হায়ৰাণ হোৱা ৰাইজে।        


   


শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

1 comment:

  1. ... [Trackback]

    [...] There you will find 37624 more Infos: chandubinews.com/অসমত-বন্ধ-অসাংবিধানিক-আখ/ [...]

    ReplyDelete