Monday, March 11, 2019

জনসংযোগ বিভাগৰ হেমাহিঃ বিজ্ঞাপন প্ৰকাশৰ ৩০কোটি টকা অনাদায়

0 comments
প্ৰকাশিত তাৰিখঃ ১১ মাৰ্চ, ২০১৯

 

চি এন ডেক্স


অসম চৰকাৰৰ জনসংযোগ বিভাগৰ দ্বাৰা এলাগী সংবাদ পত্ৰসমূহ। ৰাজ্যখনৰ সংবাদ পত্ৰসমূহে চৰকাৰী বিজ্ঞাপন প্ৰকাশৰ বাবদ পাবলগীয়া বিলৰ ৩০ কোটি টকা এই মুহুৰ্তলৈকে অনাদায় হৈ আছে। ৰাজ্য চৰকাৰৰ সকলোবোৰ চৰকাৰী খবৰ প্ৰচাৰৰ দায়িত্বত আছে জনসংযোগ বিভাগ। সেই বিভাগৰ একাংশ দায়িত্বহীন কৰ্মচাৰীৰ বাবে আজি এনে দশা সংবাদ গোষ্ঠীসমূহৰ। বছৰৰ পিচত বছৰ অতিক্ৰম কৰা সত্বেও বিজ্ঞাপনৰ ধন সময়মতে আদায়ৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে।


জনসংযোগ বিভাগ এতিয়া সংবাদ পত্ৰত অকল বিজ্ঞাপন প্ৰকাশতহে গুৰুত্ব দি আহিছে। বিজ্ঞাপন প্ৰকাশৰ বিনিময়ত কাকত সমূহে পাবলগীয়া বিলৰ ধন আদায় দিয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই। অৱশ্যে কাকত গোষ্ঠীসমূহে বিলৰ ধন সময়মতে নাপালেও বিজ্ঞাপন প্ৰচাৰ হোৱাৰ পিচতেই আয়কৰৰ বোজা কঢ়িয়াবলগীয়া হৈছে।


তদুপৰি, জনসংযোগ বিভাগে আঞ্চলিক পৰ্যায়ৰ কাকতত বিজ্ঞাপন প্ৰকাশৰ ধন নিৰ্ধাৰণৰ ক্ষেত্ৰত পুৰণিকলীয়া নীতি–নিয়ম সমূহকেই ধৰি ৰাখিছে।


তদুপৰি, জনসংযোগ বিভাগে আঞ্চলিক পৰ্যায়ৰ কাকতত বিজ্ঞাপন প্ৰকাশৰ ধন পুৰণিকলীয়া নীতি–নিয়মতে নিৰ্ধাৰণ কৰি আহিছে। যি সময়ত বিভাগে বিজ্ঞাপন প্ৰকাশৰ বাবে আঞ্চলিক পৰ্যায়ৰ কাকতক ৪ৰ পৰা ৬ হেজাৰ টকা নিৰিখত আদায় দিয়ে একে সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতক দি আহিছে ৫ লাখ টকা। বিলৰ ধন আদায়ৰ ক্ষেত্ৰত যিটো আকাশ–পাতাল পাৰ্থক্য। একে সময়তে কেন্দ্ৰীয় চৰকাৰৰ ডি এ ভি পিয়ে প্ৰদান কৰে ১.৬০ লাখ টকা। আঞ্চলিক কাকতক প্ৰতি ছেঃ মিঃত সৰ্বাধিক ৫৩ টকাৰ বিপৰীতে ৰাষ্ট্ৰীয় কাকতক আদায় দিছে ৫ হেজাৰ টকা। অথচ সেইবোৰ ৰাষ্ট্ৰীয় কাকত অসমত কমকৈ প্ৰচাৰ হয়।


ৰাজ্য সংবাদপত্ৰসমূহক ৰাজ্য চৰকাৰে কৰি অহা অৱহেলাৰ প্ৰতিবাদ স্বৰূপে কোনো চৰকাৰী বা–বাতৰি প্ৰকাশৰ পৰা বিৰত থকাৰ কাৰ্যসূচীও পালন কৰিবলগীয়া হৈছে।


 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

No comments:

Post a Comment