Monday, February 4, 2019

উত্তৰবিহীন চিঠিৰ টোপোলা

0 comments
প্ৰকাশিত তাৰিখঃ ৪ ফেব্ৰুৱাৰী, ২০১৯

 

– সীমান্ত কাকতি


প্ৰথম খণ্ড


নীলাক্ষি,


এতিয়া তুমি কোনখন পৃথিবীৰ বাসিন্দা, তাক অনুসন্ধান কৰাৰ বাসনাবোৰ মোৰ মুঠেই নাজাগে। এতিয়াটো দিনটোৰ প্ৰখৰ উত্তাপ সহি সহি আকাশখনে হেঙুলীয়া ৰং সনালৈ এখন্তেক বিশ্ৰাম লোৱাৰ লেখিয়াই, মোৰ  এৰি অহা স্মৃতি লেখাবোৰ পুনৰ আওঁৰাও এনেদৰেই কোনেও নজনাকৈ নেদেখাকৈ। ক্ষন্তেক পিচতেই দূৰৰ আকাশত বহুত তৰাৰ লুকাভাকু খেল। মনে বিচৰা ধৰণেই খিৰিকিখন খুলি ল’লো। এজাক মন জুৰোৱা বতাহ কোঠাটোলৈ সোমায় আহিল। এই বতাহৰ কোৱত এটাৰ পিছত এটাকৈ মোৰ এৰি অহা অতীত ভাহি উঠিল মোৰ মানস পটত। কথাবোৰ ছাগে বহু পুৰণি হৈ গ’ল। চলিত জীৱন পৰিক্ৰমাৰ পাকচক্ৰত হতাশা নিৰাশাৰ হেচাঠেলাত আচন্ন যদিও কেতিয়াবা কেতিয়াবা এৰি অহা স্মৃতি লেখাবোৰেৰেই মই নতুন প্ৰেৰণা আৰু উৎসাহৰ চন্দৰ বিলীন হৈ পৰোঁ।


আচলতে কি জানা! নিজে গতিশীল হৈ থাকিলেও দূৰৈৰ ৰৈ থকা পাহাৰবোৰেও বিপৰীত দিশে দৌৰিবলৈ ধৰে। তুমি চাগে জীৱনৰ চন্দ হেৰুৱাই তাতেই ৰৈ থাকিলা। অতীতৰ স্মৃতিভৰা দিনবোৰে তোমাক এবাৰো জগায় নুতুলিলে। অথচ সেই সময়খিনিত প্ৰতিটো মুহুৰ্ত মোৰ বাবে নতুন আছিল। এনেবোৰ নতুন দিনৰ জলপ্ৰপাততে তুমিও মোৰ ভাৱসাগৰত বন্দি হৈ পৰিছিলা এজনী চাতকী চৰাইৰ দৰে। অকপতে মানি লৈছিলা মনৰ গহন বনত, উঠলি উঠা ভাববোৰ মনৰ আবেগবোৰ ক’বলৈ শুনিবলৈ দিকদৰ্শন কৰিবলৈ এজন সুহৃদ বিপৰীত লিঙ্গৰ কথা। অৱশ্যে তেনে এজন সুহৃদৰ মাপকাঠি জোখ–মাখ কিমান তাৰ হিচাপ তোমাৰ হাতত নাছিল। সেই কাৰণেই হয়তো চাৰি চকুৱে কথা কোৱাৰ পিছতো তুমি দিশহাৰা হৈ পৰিলা। সমাজ নামৰ কুণ্ডলিটোৰ ভৰত তুমি নিঠৰ নিৰুদিপ্ত হৈ পৰিলা। আজি মোৰ পুনৰ মনৰ মাজত প্ৰশ্ন গজিছে মই বাৰু বেছি আৱেগিক নেকি?


প্ৰকৃতিৰ প্ৰতিটো প্ৰাণী–জীৱ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত। প্ৰকৃতিয়ে দিয়া পৰিবেশৰ চত্ৰ ছায়াতে জীৱন চক্ৰ গঢ়ি উঠে। প্ৰতিটোৰ জীৱন চক্ৰতে আহাৰ আৰু প্ৰজনন সহচৰ। আহাৰ আৰু প্ৰজনন সহচৰ হ’লেও মানুহ নামৰ প্ৰাণীবিধ বেছি ব্যতিক্ৰম কাৰণ মানুহৰ আছে এখন সহানুভূতিশীল হৃদয়–প্ৰেম ভালপোৱাৰ এখন চিৰন্তন পৃথিৱী। সেয়ে হয়তো প্ৰাকৃতিকভাৱে প্ৰষ্ফিফুত হৃদয়ৰ প্ৰেমক মই কেতিয়াও আৱেগিক বুলি দলিয়াই পেলাব নোৱাৰো –। মনৰ আৱেগক বাধা দিব নোৱাৰো তেনে এটা শৰতৰ গধূলিত কওঁ নকওঁকৈ তোমালৈ ঠেলি পঠিয়াইছিলো এটি প্ৰশ্ন “তুমি বাৰু কাৰোবাৰ মনৰ গৰাকী হবানে?” সেইদিনা কথাৰ গভীৰতালৈ নগৈ তুমি উদাসীনভাৱে কৈছিলা– “মই বিবাহিত– সেয়ে মই কাৰো সহযাত্ৰী হ’ব নোৱাৰো”। অথচ তেতিয়া তুমি বিবাহিতা হৈও মৰুভূমিৰ এখিলা শুকান পাতৰ দৰেই জীৱন নিয়াইছিলা। জীৱনৰ চন্দ হেৰাই সমাজে বান্ধি দিয়া নীতি–নিয়মৰ অন্ধকাৰ কুঠৰিত মৰীচিকা খেদি খেদি দিন কটাইছিলা। তোমাক সহায় কৰিবলৈ সেইদিনা কোনো আগবাঢ়ি অহা নাছিল–অস্পৃশ্য–কুসংস্কাৰৰ অন্ধকুপত মাজত পেলাই এই সমাজেই তোমাৰ ৰং চাইছিল।


অকাল বাৰ্ধক্য কিম্বা অকাল বৈধব্য এই দুয়োটাই এটা শৰীৰৰ সক্ৰামক আনটো নিয়তিৰ পৰিপন্থী। নিয়তিৰ পৰিহাসেৰে পৰিসমাপ্তি ঘটা জীৱনৰ পিচতো কিয় এজনী নাৰী হোৱাৰ বাবেই সলনি কৰিব লাগে জীৱন পৰিক্ৰমা? হেৰাই যোৱা জীৱনৰ ছন্দ কিয় নতুনকৈ সজাব নোৱাৰে ? মই অবিহনে সৌ সিদিনালৈ তোমাক এইকথা কোনেও শিকোৱা নাছিল। নাৰী সমাজ জীৱনৰ অৰ্ধ আকাশ।


যি আশা বুকুত লৈ তোমাক প্ৰথম প্ৰশ্ন কৰিছিলো তাৰ নেতিবাচক উত্তৰে মোক শৰবিদ্ধ কৰিছিল তোমাৰ ক্ষনিকৰ বাবে। তথাপিও তোমাৰ হৃদয়ৰ জোখ লোৱাৰ মানসেৰে পুনৰ ঠেলিছিলো কোনটো প্ৰশ্ন “যদি তোমাৰ ছিগি যোৱা জীৱনটোৰ সংযোগ কৰিবলৈ কোনোবাই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ভৱিষ্যতলৈ তুমি তেওঁক কিদৰে সহাৰি জনাবা?”


খৰাং সদৃশ শুকান মৰুভূমিয়ে এটোপাল পানীৰ বাবে হাহাকাৰ হৈ উঠাৰ দৰে মোৰো মন প্ৰাণ প্ৰতিস্তৰলৈ চাই চাই আজিও ব্যথিত ভংগ হৃদয়ৰ সুৰহীন জীৱনৰ গান গায়েই থাকিলো। ভাবিছিলো তোমাৰ Positive উত্তৰে মোৰ জীৱনৰ শুকাই যোৱা জান, জুৰি, নিজৰা জোগায় তুলিব। অনাগত ভৱিষ্যত জীৱনক সজোৱাৰ তাগিতাত সোঁৱৰাই দিয়াৰ পিচতো সুহৃদ বন্ধুৰ প্ৰয়োজন তুমি অনুভৱ নকৰি কেৱল মোক প্ৰত্যক্ষ আক্ৰমণহে কৰিছিলা। “তুমি মোকলৈ যি ভাবিছা আজিৰ পৰাই এৰি পেলোৱা।” ইয়াৰ পিচতো তোমাক ক’ব পৰাকৈ মোৰ মগজুত অলেখ প্ৰতি উত্তৰ মজুত আছিল, অথচ সেইদিনা তোমাক একোৱে নকলো। মাত্ৰ প্ৰতিদানহীন তোমাৰ কথাৰ উৎস বিচাৰি এক্ষন্তেক ভাবিলো। আচলতে কি জানা– উক্ত দিনাই মই তোমাৰ আশা এৰি চিৰ বিদায় ল’ব লাগিছিল। নোৱাৰিলো। তোমাৰ প্ৰতি জাগি উঠা মনৰ মোহৰ বাবে। এই মনৰ মোহেই মানুহৰ বহু কথাৰ অনৰ্থৰ মূল। পুতেক অত্যাচাৰী হোৱাৰ পিচতো মাতৃয়ে মনৰ পৰা পৰিত্যাগ কৰিব নোৱাৰে। কেৱল মাতৃ পুত্ৰৰ ক্ষেত্ৰতেই মোহ সীমাবদ্ধ হৈ নাথাকে। অন্যান্য সম্পৰ্কবোৰতো ই পৰিধি ভাঙি নতুন সামাজিক সম্পৰ্ক গঢ়ি তোলে। বেছি মোহছন্নতা গতিশীল জীৱনৰ প্ৰাচীৰ।


প্ৰতিটো ঘটনাৰ মাজতে ক্ৰিয়া প্ৰতিক্ৰিয়া ঘটে। ক্ৰিয়া প্ৰতিক্ৰিয়াৰ অন্তদ্বন্দই ঘটনাৰ সত্য নিৰূপন কৰে। প্ৰচলিত সমাজ ব্যৱস্থাত মূল্যবোধৰ অৱনতিয়ে মানুহক অনবৰত স্বাৰ্থপৰ হ’বলৈ শিকায়। স্বাৰ্থন্ধতাই প্ৰতিদিন প্ৰতিনিয়ত প্ৰেমৰ পৃথিৱীক সংকুচিত কৰি তোলে। তুমি মই আমি সকলোৱে এই ব্যৱস্থাৰ দ্বাৰাই লালিত–পালিত। তথাপিটো সচেতনতাৰ বিট চকুৰে আমি ব্যৱস্থাৰ সুৰুঙাবোৰ চিনাক্ত কৰিব লাগিব। এইখন সমাজে নিন্দা কৰা মানুহৰ সম্পৰ্কবোৰক মানৱীয় দৃষ্টিভংগীৰে বিচাৰ কৰি অসহায়, অকলশৰীয়াবোৰৰ সংগ দিয়াই সামাজিক দায়বদ্ধ। তোমালোকে নাৰী–পুৰুষৰ সম্পৰ্ক মানে বুজা সমাজখনে বান্ধি দিয়া ৰীতি–নীতিৰ মাজেৰে গঢ়ি উঠ বৈবাহিক জীৱন, তাৰ পাছত সন্তান উৎপাদন, গাৰ্হস্থ্য জীৱন–। এয়াই বাস্তৱতা। এই জীৱনকলৈয়ে ক’ত ঘাত–প্ৰতিঘাত। পাৰাপাৰ নোপোৱা সংঘাত। সংসাৰৰ মায়াবৃত্তত সোমাই অপ্ৰয়োজনীয় প্ৰয়োজন বিচাৰি অন্য এক অনাকাংক্ষিত সংঘাতৰ সন্মুখীন হোৱা।


প্ৰেম হ’ল মানৱ মনৰ মণিকোঠাত গজি উঠা এক উপলব্ধি। দুই বিপৰীত মনৰ ঐক্যতান বাজি উঠে এই প্ৰেমৰেই। অতদিনে তুমি বুজি পোৱা সমস্ত কথা বাৰ্তাই কোন শ্ৰেণী মানুহৰ চিন্তা চেতনাক প্ৰতিনিধিত্ব কৰি আহিছে তাক বুজিব লাগিব। পাৰ্থক্যবোৰ জানিব লাগিব। সময়, পৰিবেশ, পৰিস্থিতিৰ অধ্যয়ন কৰি নতুন পৃথিবী গঢ়িবলৈ আগবাঢ়িব লাগিব। তেতিয়া দেখিবা কেৱল প্ৰেমৰ বাবেই দুহাত মেলি আগবঢ়াজনক তুমি কেতিয়াও প্ৰত্যাখান কৰিব নোৱাৰা। তোমাৰ হৃদয় এজনক দান কৰিলেহে তুমি অন্য এজনৰ অন্তৰৰ গান শুনিব পাৰিবা। মনেহে আন এটা মনৰ সান্নিধ্য বিচাৰে– এই সত্যক তুমি প্ৰথমে বুজি পাব লাগিব– সেই একেটা কাৰণতে মই তোমাক পৰিত্যাগ কৰিব নোৱাৰিলো। প্ৰেম, ভালপোৱা কোনোদিনে মৰহি শুকাই যোৱা বিধৰো নহয়। প্ৰেম অস্বীকাৰ জানো প্ৰতিহিংসাৰ বলি হ’ব নোৱাৰে। কিন্তু বাস্তৱ পৃথিবীখনত তেনে প্ৰতিহিংসা পুৰাবলৈ গৈ ক’তজনী নাৰী ধৰ্ষিতা হয়।


আজি মই উপলব্ধি কৰিছো কাৰোবাৰ মন বুজা বা নিজে বুজিবলৈ চেষ্টা কৰাৰ মূলতে থাকে সেই জীৱনৰবোৰৰ একো একোতা এৰি অহা অতীত। এই অতীততে লুকাই থাকে বৰ্তমানৰ চিন্তাভাৱনা ইটো সিটো বহুতো কথা। প্ৰতিজন মানুহৰ চিন্তা ভাৱনা গঢ়ি উঠে সামাজিক পৰিবেশৰ মাধ্যমেদি। এই চলন্ত ব্যৱস্থাটোৱে কাকো কোনোদিনে নতুন কথা শিকিবলৈ ভাবিবলৈ উৎসাহ উদ্দীপনা নজগায়। বিশেষ কিছুমানক বাদ দি প্ৰায়বোৰৰে জীৱনৰ সহযাত্ৰী। এই জীৱনৰ বিপৰীতে জীৱনক গতিশীল কৰি তুলিবলৈ আন এক অনুশীলনৰ প্ৰয়োজন হয়। নিজৰ মনৰ লগত বাহিৰৰ পৃথিবীখনৰ লগত সৃষ্টি হোৱা সংঘাতেই নতুন গতি আনি দিয়ে। এই গতিত যি চিন্তা ভাৱনাই মগজুত থিতাপি লয় তেওঁ আৰু ৰৈ থাকিব নোৱাৰে। তেনে নতুন চিন্তাৰ প্ৰোতাশ্ৰয়ত হয়তো তুমি এদিন মোকো এৰি থৈ যাবা বহুদূৰ দিগন্তলৈ - - -


মই এজন মধ্যবিত্ত। সেয়ে ছাগে কিছুমান কথা নতুনকৈ ভবাৰ সময়, সুবিধা দুয়োটাই প্ৰচুৰ থাকে। তোমাৰ উদাস নিৰৱ চকুহালৰ অৰ্থ বিচাৰি মোৰ হৃদয় হাহাকাৰ কৰি উঠে। বহুবাৰ হয়তো উজুতি খাইছো তথাপিটো প্ৰতিটো প’ল অনুপল তোমাক লৈয়েই নতুন ধৰণে চিন্তা কৰো। চকুহালত পাওঁ অজস্ৰ হেৰুৱাৰ বেদনা। মই জীপাল কৰিব খোজো মোৰ সহযোগিতাৰে– কিন্তু একোৱেই কৰিব নোৱাৰো– তুমি নিৰৱ দৰ্শকৰ শাৰীত ৰৈ থাকা– অকলশৰীয়া পূৰ্ণ মুহুৰ্তবোৰতো মোৰ পৰা আঁতৰি থাকা, বেদনাবোৰ বুজি পাইও নুবুজাৰ ভাওঁ ধৰা। কেতিয়াবা কেতিয়াবা আমাৰ মনবোৰ কিয় এনেকুৱা হয় ?


নীলাক্ষী! মই কিন্তু কোনো কথাই তুমি ভবাৰ দৰে সৰলকৈ নাভাবো। এই বাস্তৱতাৰ পৰাই মই শিকিবলৈ যত্ন কৰিছোঁ। কথা প্ৰসংগত এদিন তুমি তোমাৰ ভৱিষ্যতো নতুন প্ৰজন্মৰ বাবে পৰিত্যাগ কৰা বুলি ব্যক্ত কৰিছিলা। কিন্তু তুমি যি প্ৰজন্মৰ কথা ভাবি ভবিষ্যৎ সংকল্প লৈছা সেয়া তোমাৰ একান্ত ব্যক্তিগত। তোমাৰ ব্যক্তিগত বংশ ৰক্ষাৰ স্বাৰ্থত যি ত্যাগ কৰা বুলি দোহাৰিছা সেয়া তোমাৰ কৰ্তব্যহে। নিজৰ তেজ মঙহৰ কথা বাদ দি সমাজৰ বঞ্চিত, অৱহেলিতজনৰ হিতৰ বাবে যি ত্যাগ, তাৰ মূল্যহে অসীম। এদিন মইও স্থূল প্ৰেমৰ গণ্ডীত সোমাই নিজৰ ঘৰ–বাৰী, পৰিয়াল, আত্মীয়–স্বজন সকলোকে পৰিত্যাগ কৰিছিলো। কিন্তু এই ত্যাগৰ মূল্য মই কেনেদৰে ভৰিলো– সাংসাৰিক জীৱনত নিজৰ পত্নীক সুখী কৰিবলৈ গৈ মই এতিয়া উৰন্ত ব্যস্ত নাগৰিক। পত্নীক সন্তুষ্ট কৰিবলৈ প্ৰতিদিন প্ৰয়োজনৰ এখন দীঘল তালিকা পদূলিমুখতে ৰৈ থাকে– পৰিয়ালৰ কোনো সদস্যকে সুখী কৰিব পৰা নাই নিজেও আত্মসন্তুষ্টি লভিব পৰা নাই– কেৱল দৌৰিছিলো আৰু দৌৰিছিলো– । তোমাৰ ক্ষেত্ৰতো মই থিক এনেদৰেই ভাবো– তুমি যাক লৈ এজাক সপোন ৰচিছা তাক লৈ মানসিক অৱস্থা নিম্নগামী কৰাৰ কোনো প্ৰয়োজন নাছিল। মানুহৰ এই অমূল্য জীৱনবোৰ কেৱল এটা মাত্ৰ ক্ষুদ্ৰ স্বাৰ্থ লৈয়েই বাছি থাকিব নোৱাৰি। আজিৰ এই মানুহৰ আছে এখন সুবিশাল ইতিহাস।


যি ইতিহাসত এই মানুহেই ইতিবাচক দৃষ্টিভংগীৰে ন–ন জীৱনৰ পাতনি মেলি নতুন সৃষ্টি প্ৰেৰণাৰে মানৱ জাতিৰ বুৰঞ্জীৰ পাতনি মেলিছিল। গতিকে তেনে মানৱৰ সুযোগ্য প্ৰতিনিধি হিচাপে আমিও নিৰ্বাচন কৰিব লাগিব এনে কাম যাৰ চত্ৰ–ছায়াত নতুন প্ৰজন্মই আৰু নতুন ইতিহাস ৰচিব পাৰে। ইয়াকে কৰ্তব্য বুলি নলৈ ব্যক্তি বিশেষৰ উন্নতিৰ স্বাৰ্থত যিয়েই নকৰো এই জীৱনবোৰত হতাশ–নৈৰাশ্যই এসময়ত অকাল বাৰ্ধক্যক আমন্ত্ৰণ কৰে। সেয়ে সময়োচিত দৃষ্টি ভংগীয়েহে মধুময় কৰি তোলে জীৱন। অন্যথা মনৰ বেমাৰ শৰীৰলৈ বিয়পিলেই স্থবিৰতাই ক্ৰিয়া কৰ। তুমি মনৰ ইচ্ছাবোৰক বাধা দি হেচি ৰাখা। বুদ্ধি আৰু কৌশলী অৱস্থান ল’ব নোৱাৰা বাবে প্ৰচলিত নীতি–নিয়ম তোমাৰ মনৰ বাধা হৈ পৰে।                                                                                 


কথাবোৰ ছাগে খুউব জটিল নহয়। তোমাক ভালপাওঁ বাবেই নিজৰ মনৰ মাজত তোমাৰ প্ৰশ্নৰ উত্তৰৰ সমিধান বিচাৰিছোঁ। ভাৱ সাগৰত উটি ফুৰিছো। উপলব্ধিৰ তুলাচনীত মানুহৰ সম্পৰ্কবোৰ শ্ৰেণীবিন্যাস কৰিছো – আচলতে যি সম্পৰ্কই নহওক মানুহৰ সম্পৰ্ক দুটাই– এটা মানৱীয় আনটো দানৱীয়। অথচ কি ভাবি তুমি কৈছিলা এনে সম্পৰ্ক মই বেয়া পাওঁ বুলি। নাৰী পুৰুষৰ সম্পৰ্ক মানেই দৈহিক কামনা–বাসনাতেই কিয় সীমাবদ্ধ কৰিব বিচৰা? প্ৰতিস্থিত সমাজখনেও তোমাৰ দৰেই ক’ব খোজে। কোনেও কাৰো হৃদয়ৰ গান শুনিব নিবিছাৰে। অথচ সৎভাৱনা আৰু বিশ্বাসৰ ওপৰতে গঢ়া সম্পৰ্কই যুগে যুগে প্ৰতিষ্ঠা লাভ কৰি আহিছে। প্ৰেম কেৱল দৈহিক কামনা বাসনাতেই সীমাবদ্ধ হৈ নাথাকে। এখন সুন্দৰ পৃথিবী গঢ়াৰ স্বাৰ্থত নাৰী–পুৰুষ হ’ব পাৰে উৎসাহ–উদ্দীপনাৰ উৎস। এই কথাবোৰে তোমাৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছেনে নাই মই নাজানো। মাজে মাজে ভাব আৰু ভাষাৰ সন্মিলনত মই নিজেই উজুতি খাইছো। মনৰ মাজত সন্দে ঘণীভূত হৈ থাকে কথাবোৰ সঠিক বিশ্লেষণেৰে তোমাক বুজাব পাৰিছোনে? স্মৃতিৰ অটল গহ্বৰত এতিয়াও মোক আমনি দিয়ে পূৰ্বৰ সেই গধূলিবোৰে। মনে বিচৰা এন্ধাৰৰ মাজতেই চলিছিল আমাৰ আলাপবোৰ। তুমি যে এবাৰ কৈছিলা তোমাৰ বাসনা নাজাগে বুলি। কথাষাৰ বাৰু কিমান সঠিক? ছোৱা প্ৰতিজন মানুহৰ দুটা ভোক লাগিয়েই থাকে– এটা মনৰ আনটো দেহৰ। মোক কোৱা হয়   সহজাত প্ৰকৃতি বুলি। দেহৰ ভোক গুচাবলৈ মানুহে খাদ্য খায়। দেহেই হওক কিম্বা মনেই হওক এই ভোকবোৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰো, কিন্তু দমন কৰিব নোৱাৰো। অপ্ৰাকৃতিকভাৱে দমন কৰিবলৈ গ’লেই শৰীৰে তাক সহিব নোৱাৰা হয়। তোমাৰ ক্ষেত্ৰত এই মনৰ ভোকটোক অযথা বাধা দি শৰীৰটোলৈ সংক্ৰমিত কৰিছা– কিছুমান বেমাৰৰ। সেয়ে তুমি প্ৰায় কোৱা শুনিছিলো– মোৰ মনটো বেয়া লাগি আছে, মুৰটো আচন্দ্ৰাই কৰে, উশাহটো ছুটি হয়– ইত্যাদি ইত্যাদি - - - -। মূল কথাটো হ’ল মনৰ খাদ্যও আমি ল’ব পাৰিব লাগিব। কোনবোৰ মনৰ খাদ্য আমি কেনেদৰে গ্ৰহণ কৰিম? দেহ মনৰ সুষ্ট বিকাশেহে নতুন জীৱনৰ বাট দিব পাৰে।


কথা এষাৰ আছে কোনো বিষয়বস্তুৰ ওপৰত গভীৰ জ্ঞান নাথাকিলে ভুলকৈ কাকো নকবা, নিশিকিবা, নুবুজাবা। মোৰো তেনেকুৱা সংশই নাথাকিলে মইয়েই যে নিৰ্ভুল তাক প্ৰতিষ্ঠা কৰা ধৃষ্টতা নাই। আশাকৰো তুমিও মোক ভুলকৈ নুবুজিবা। কোনো সিদ্ধান্ত ল’বলৈ মই তোমাক বাধ্য কৰা নাই– প্ৰতিটো কথাৰ সিদ্ধান্ত মূহুৰ্তলৈ এশবাৰ জুকিয়াই ছোৱা সঠিক কোনটো বেঠিক কোনটো। সঠিক বুলি ভাবিয়েই মোৰ ক’বলগীয়াবোৰ তোমাৰ সন্মুখত উপস্থাপন কৰিছো। তোমাৰ মনৰ জোখাৰে এনেবোৰ সত্যক কেনেদৰে হজম কৰা সেয়া সম্পূৰ্ণ নিজা কথা।


কিছুমান এনেকুৱা সত্য আছে যাক আমি মনেৰে স্বীকাৰ কৰো কিন্তু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত অপৰাগ। ইও মনৰে এক দুৰ্বলতা। মৃত্যু এক সত্য তাক জানো মানি নল’লে হ’ব! জীৱৰ জন্মৰ ৰহস্য বৃত্তান্ত জানো অবুজ সাঁথৰ? সময়ে প্ৰতিজনকে শিকায়, বুজাই পৰিপক্ক কৰি তোলে। স্থবিৰ, অৰ্ধসত্যত মানি লৈ চ’লা বৰ্তমানৰ সমাজখনে আমাৰ প্ৰেমক অস্বীকাৰ কৰিলেও গতিশীল আনখন সমাজে আমাক নিশ্চয় আদৰি ল’ব। সেয়ে আমি জনা সত্যবোৰক অযথা নিয়ন্ত্ৰণ কৰিবলৈ গৈ জীৱনক স্থবিৰ কৰি তুলিম নে মনৰ বিশ্বাসক আগস্থান দি গতিশীল কৰি তুলিম ?


মানুহৰ জীৱনটো সঠিকভাৱে পৰিচালনা কৰাও এটা কলা। এই কলা সাধনা কৰিবলৈ গৈও অজস্ৰ চিন্তা, অধ্যয়নৰ কাষ চাপিবলগীয়া হয়। জীৱন নামৰ এই কলাক সাৰ্থক ৰূপ দিবলৈ আমিও আমাৰ সম্পৰ্কৰ গোপনীয়তা মানি চলিব লগা হ’ব পাৰে। ইয়াক দূৰ্বলতা বুলি ভাবিলে নহ’ব। এটাক হেৰুৱাই আনটো পাবলৈ কেতিয়াবা কৌশল অবস্থান বাস্তৱ দৃষ্টিভংগী ল’বই লাগিব। এইজগতত যিটো আমি পোৱা নাই, যদি সি দুষ্প্ৰাপ্য হয় তাৰপ্ৰতি আকৰ্ষিত নোহোৱাই ভাল। কিন্তু সি যদি উপলব্ধ হয় তাক কলা কৌশল প্ৰয়োগ কৰি হ’লেও গ্ৰহণ কৰিব লাগে। গতানুগতিক জীৱন এটাক এই ধৰণৰ কথাও গতি প্ৰদান কৰে। মই বাৰেবাৰে এই কথাকে তোমাক মনত পেলাই দি আহিছো যে প্ৰচলিত সমাজ ব্যৱস্থাই কিছুমান সত্যক কেতিয়াও মানি নলয়। ব্যৱস্থাই জোৰ কৰি বান্ধি দিয়া ৰীতি–নীতিৰ গছকত নাৰী জাতি পদে পদে ভূলুণ্ঠিত। এলান্ধুকলীয়া এইখন সমাজৰ বহু নিয়মেই বে–নিয়ম। পশ্চিমৰ দেশবোৰ বৰ্তমান ধৰ্মীয় ৰীতি–নীতিৰ পৰা বহু নিলগত যদিও তাতো প্ৰকৃত স্বাধীনতা প্ৰাপ্তিত এতিয়াও হেঙাৰ সমাজ ব্যৱস্থা। বহু দূৰ পিছ পৰিলেও শৃংখলিত মানুহৰ স্বাধীন বিকাশ অসম্ভৱ নহয়। বাধাহীন এক সুষ্ঠ শৃংখলিত পৰিবেশেহে ব্যক্তি মনৰ বিকাশ ঘটায়। কিন্তু যি সামাজিক ব্যৱস্থাৰ দুই শ্ৰেণীৰ সংঘৰ্ষ বিদ্যমান তাত সমগ্ৰ মানৱ জাতিৰ অধিকাৰ ভূলুণ্ঠিত হয়। এচামে নিজৰ ব্যক্তিগত অধিকাৰ ভোগ কৰিবলৈ গৈ সমাজৰ বৃহৎ সংখ্যকৰ ওপৰেৰে বুলড’জাৰ চলায়। মুঠৰ ওপৰত প্ৰতিষ্ঠিত ব্যৱস্থাই স্বাধীনতাৰ অন্তৰায়। কওঁতে কওঁতে বহুত কথাই ক’লো কিজানি। কথাবোৰ বুজিলে বিশ্লেষণবোৰ দীঘলীয়া হৈ আহে। তুমি ছাগে আমনি পাইছা ? কেতিয়াবা কেতিয়াবা কি হয় জানা তোমাৰ লগত আৰু বহুতো কথাই পাতিব খোজো। কিন্তু তুমিও জানো ইমান সময় দিবা ? মোৰ কথাবোৰ সংৰক্ষিত কৰি ৰাখিবলৈ তোমাৰ মৌচাকত খালি কোঠালি সাঁচি ৰাখিছা ? মোৰ সন্দেহ উপজে, শংকিত হৈ পৰো কিবা কিবি আৰু বহুত ক’বলৈ গৈ– ৰৈ যাওঁ। তোমাৰ মৌনতাই মোক দিকভ্ৰান্ত কৰি তোলে। সেয়ে মনৰ আবেগত ৰাছ্‌ লগাবলৈ যত্ন কৰিছো– কিন্তু সফল হ’ব পৰা নাই - - - - -। মই জানো মোৰ প্ৰতি তোমাৰ অৱস্থা–বিশ্বাস দুয়োটাই জাগিছে। কিন্তু মই কোৱাৰ দৰে তুমি বাস্তৱ দৃষ্টিভংগী ল’ব নোৱাৰা। মনৰ মাজত গজি উঠা সন্দেহ, সংশয়বোৰে তোমাৰ প্ৰাচীৰ। সেয়ে কেতিয়াবা কোনো এক মূহুৰ্তত আস্থা জন্মিলেও মনৰ মাজত গঢ় লোৱা কাইটবোৰে বিন্ধিবলৈ ধৰে। আস্থা অনাস্থালৈ সলনি হয়। তথাপিটো এই কথা মই ক’বই লাগিব সমাজক দোহাই দি তুমি যি মনস্তাত্বিক যুদ্ধ চলাই যাম বুলি ভাবিছা তাৰ ফলাফল অন্তঃসাৰ শূন্য– কেৱল বৰ্তমানটোতে নহয় ভৱিষ্যতোলৈও। দুখ পাইছা! মোৰ ওপৰত অগ্নিশৰ্মা হৈ উঠিছা! অথচ মই ক’বলৈ এৰা নাই। শেষ কৰিব খুজিও অন্ত পেলাব পৰা নাই। সাগৰৰ অন্তহীন উৰ্মিমালাৰ দৰে মোৰ মণিকোঠাৰ পৰা আজি ওলায়েই আছে আগন্তুক দিনত পুনৰ পোৱাৰ আশাৰে–।


সদৌ শেষত পুনৰবাৰ কওঁ তুমিও তোমাৰ নাৰীত্বক জগায় তোলা উদ্ভাৱনী শক্তিৰে। অস্পৃশ্যতাক বৰ্জন কৰি আত্মবিশ্বাসক বুকুত বান্ধি সুগন্ধীৰে ভৰা নতুন মায়া মৰীচিকা নাথাকে, তাকে কেৱল প্ৰেম বুজি পোৱা সুহৃদ– চিৰ সুন্দৰৰ - - - - -


তোমাৰ স্নেহাশীষ


হৃদয় বিচাৰি


মাৰফৎ– সঞ্চালক নতুন পৃথিবী


 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৮৬৪৮৭৯২৭৭ 

No comments:

Post a Comment