Monday, February 18, 2019

উত্তৰবিহীন চিঠিৰ টোপোলা

0 comments
 

প্ৰকাশিত তাৰিখঃ ১৮ ফেব্ৰুৱাৰী, ২০১৯

সীমান্ত কাকতি –


দ্বিতীয় খণ্ড


মৰমৰ সুৰঞ্জনা,


পুনৰ লিখিলোঁ। কাৰোবাক হেৰুৱাৰ বেদনা মচিবলৈ। যদি নিজৰ ব্যক্তিস্বাৰ্থত আঘাত নপৰে তেনে কথা বা কাম মানুহে কৰিবলৈ সহজতে বেজাৰ নাপায়। আজি মই যিবোৰ কথা তোমাক কম– তুমি হয়টো উফন্দিও উঠিব পাৰা – তথাপিটো মই আজি ৰোমন্থন কৰিমেই। পাৰ হৈ যোৱা জীৱনবোৰৰ অতীতবোৰ সংঘাত বা দন্দ পৰিপুৰ্ণ নহ’লে, সেইবোৰ ব্যক্তিয়ে বেছি কথা হজম কৰিব নোৱাৰে। এই ধৰণৰ মানুহে কল্পনা কৰি ভাল পায়। ঘটি যোৱা ঘটনাৰ কাব্যিক শুৱলা বিশ্লেষণ আগবঢ়াই থিকে কিন্তু বাস্তৱ ক্ষেত্ৰত দূৰতে বিদূৰ হয়। তুমি এদিন কৈছিলা ভ্ৰমণ হেনো তোমাৰ নিচা। ইখনৰ পৰা সিখন ঠাইৰ মুকলি আকাশ, খৰশ্ৰোতা নদীৰ উত্তাল সোঁত, পৰ্বতৰ শিখৰ এইবোৰেই তোমাৰ প্ৰিয় খাদ্য, আৰু কৈছিলা বৰনৈ পাৰত বহি প্ৰিয় বন্ধুজনৰ সৈতে পাতিযোৱা গল্পগুচ্ছৰ কথা। সেই নৈৰ সুতীত বহি সিপাৰৰ কহুৱাবন বোৰ যে মলয়াই নচুৱাইছিল, বিশাল আকাশৰ তলত বহি বহিও যে আমনি পোৱা নাছিলা - - - - - সেইবোৰ কথা - - - - - - যেতিয়া শৰতৰ আকাশত ডাৱৰবোৰে ঢাকি ধৰি চিপ চিপ বৰষুণ দিয়ে, মুহুৰ্ততে এই গোমঠা আকাশখন সলনি হৈ আকৌ শুভ্ৰতা ছটিয়াই আগুৱান হয় জোন তৰাৰ লুকাভাকু খেলেৰে। এইকথাবোৰ কিন্তু মোৰ নহয় তোমাৰেই। এতিয়া ময়ো মনৰ ডাৱৰ গুচাবলৈ শুভ্ৰ আকাশৰ তৰাবোৰ গণনা কৰো। কেতিয়াবা কেতিয়াবা ভাবি ভাবি নিজেই আচৰিত হৈ পৰো – অস্তাচলত সুৰুযে দূৰ দিগন্তত হেঙুলীয়া ৰং সিচাৰ আন্তিম মূহুৰ্তলৈ প্ৰকৃতিৰ শোভাক উপভোগ কৰা; বৰনৈৰ সোঁতৰ সৈতে কথা পাতা; আকাশৰ বিশালতা অনুভৱ কৰা জনেই এদিন কথা প্ৰসংগত ব্যক্ত কৰিলে – তেওঁ বোলে নিজক বাদ দি আন কাৰো হৃদয়ৰ গান শুনিব নিবিচাৰে। সেই একেজনী মানুহ আন কোনো নহয় তুমিয়েই।


ভবিষ্যতে তুমি জীৱনত কাক কেনেকে বিশ্বাসক লৈ অতিবাহিত কৰিবা তাক জনাৰ মোৰ কোনো সমল হাতত নাই। চলিত জীৱন পৰিক্ৰমাত তোমাৰ সৈতে কিবাকিবি মিলাবলৈ গৈও ঈশ্বৰৰ আৰাধনা কৰিব নোৱাৰিলো। তুমি পূৱাই গধূলি ধূপ চাকিৰে ঈশ্বৰৰ অস্তিত্বক মানি চলা। মই বাস্তব দৃষ্টিভংগীৰে মানবীয় মূল্যবোধক মানুহৰ মাজত জগায় তুলিব খোজো। আজি আমি যিখন পৃথিবীৰ বাসিন্দা তাতেই মূল্যবোধ অবক্ষয়ৰ নানানটা উৎস সিচৰিত হৈ আছে। সেয়ে তোমাৰ মোৰ বাবে নহয় ভবিষ্যৎ প্ৰজন্মৰ স্বাৰ্থ ৰক্ষাৰ্থেও এখন মহাসংগ্ৰামৰ জৰুৰী হৈ পৰিছে। তুমি ভবাৰ দৰে তেনে বহুত নিমিলা অংকৰ উত্তৰ বিচৰাত মই ব্যস্ত নহয়।


প্ৰতিজন মানুহে নিজৰ জীৱিকাৰ স্বাৰ্থত যি যি কৰ্ম নিৰ্বাচন কৰি লয়, সেই নিৰ্দিষ্ট কামটোৰ বাবে কৰিবলগীয়া অনুশীলনে মানুহজনৰ মন মগজুত প্ৰভাব পেলায়। তোমালোক নাৰী প্ৰতিদিন পাকঘৰৰ ধোৱাকে ধুইছা– কৰ্মক্ষেত্ৰৰ কোনো নতুনত্ব নাই। সেয়ে বাস্তব ক্ষেত্ৰখনত তোমালোক দূৰদৰ্শী হ’ব নোৱাৰা। অলপ বেছি লেঠাৰ কাম হ’লেই টেনচন বাঢ়ে। সামাজিক নিয়ম নীতিক সন্মুখত লৈ সকলো কথাৰ বিচাৰ বিবেচনা কৰা। বহুক্ষেত্ৰত নিজৰ আত্মবিশ্বাসকে হেয়জ্ঞান কৰা। ইয়াৰ মূল কথাটো কি জানানে? আমাৰ মগজুত থিতাপি লোৱা ধাৰণাবোৰ দেখি শুনিহে গঢ় লৈ উঠে। প্ৰশ্ন হ’ল এইবোৰ প্ৰকৃতাৰ্থত সঠিকনে বেঠিক? তাক বিচাৰ কৰি চাবলৈ আমি যুক্তিৰে খণ্ড বিখণ্ড কৰিহে গ্ৰহণ কৰা উচিত। ইমানদিনে তুমি যি ধাৰণাৰ বশৱৰ্তী হৈ মন মগজু গঢ়ি তুলিছা সেই দৃষ্টিভংগীৰে চালে কোনো কথাৰে বিশালতা বিছাৰি নাপাবা। খাই বৈ জীয়াই থাকি গতানুগতিক জীৱন এটা কটোৱাতো একো ডাঙৰ কথা নহয়। জীৱনক সৃষ্টিশীল কৰি তুলিলেহে জীৱনৰ সাৰ্থকতা। মই নদী সিঁচিয়েই ক্ষান্ত থাকিব নিবিছাৰো। সাগৰৰ পিচত মহাসাগৰ সিঁচাই মোৰ লক্ষ্য। কিন্তু মধ্যবিত্তীয় জীৱন চাকনৈয়াত উদভ্ৰান্ত পক্ষীৰ দৰে একে ঠাইতে ৰৈ আছো। জীৱন জীৱিকা, সপোন পুৰোৱাৰ তাগিদাত প্ৰতিভা মোৰ পংগু। জীৱন নামৰ এই মৰীচিকাৰ পিছে পিছে দৌৰিয়েই আছো। তুমি অবিহনে এই দৌৰ প্ৰতিযোগিতাৰ অন্ত পৰিব তাক আজিয়েই ক’ব নোৱাৰো। তথাপিতো এয়া মোৰ আত্মসমালোচনা। নিৰাশাবোৰ আশাহৈ জিলিকিলে নিশ্চয় জোগাই তুলিম মোৰ আত্মাক। সংসাৰ, বৈবাহিক জীৱন তেতিয়া মোৰ হেঙাৰ হৈ নাথাকে কাৰণ ‘মন নিমিলিলে মই সদায় বিবাহ বিচ্ছেদৰ পক্ষত’। মই জানো তুমি এনেবোৰ কথাক বৰ ভয় কৰি চলা। কোনো কাৰণতে কাৰো বাবে তুমি আনৰ ওচৰত দোষী হ’ব নোখোজা। অথচ মই আজি তেনে এজন সতীৰ্থ বন্ধুৰ সন্ধানতে ব্যস্ত যিয়ে তথাকথিত সমাজৰ নিয়ম ভাঙিবলৈ মোক উৎসাহ যোগায়। সংগী হয় নতুন পৃথিবী গঢ়াৰ। মই গতিশীল হ’ব খোজো– সমাজৰ প্ৰয়োজনীয় মানুহবোৰৰ এজন হ’ব বিচাৰো। এনেবোৰ কাৰণতে তুমি মোৰ প্ৰেৰণা, উদ্দীপনা আৰু নতুন চিন্তাৰ উৎস। সকলো উৎসই নতুন সৃষ্টিৰ গানৰ লহৰ তোলে। সেই লহৰত প্ৰেম ভালপোৱাই যদি সাৰ পায় নুঠে ওফন্দিহে উঠে, অস্পৃশ্যতাক আকোৱালি লয়। তাৰো জানো বাস্তব ভিত্তিক অস্বীকাৰ কৰিব পাৰি? আজিকালি প্ৰেম মানে হিন্দী চিনেমা। উত্তেজিত উন্মাদনা। যৌৱনক আত্মহনন। যুৱ প্ৰজন্মক প্ৰবৃত্তিক ধ্বংস কৰাৰ পাশৱিক ষড়যন্ত্ৰ। তুমি নিশ্চয় প্ৰত্যক্ষ কৰিছা ভোগ সৰ্বোচ্ছতাই কিদৰে এচামক মদ–মাংস–জুৱা তথা যৌনাচাৰীলৈ পৰিৱৰ্তন কৰিছে। অপ্ৰেমৰ চেলাইন গাঁঠি দিছে আমাৰ মন মগজুত। চিনেমা, TV বাতৰিকাকতৰ দৰে প্ৰচাৰ মাধ্যমবোৰেই হ’ল এইবোৰ চিন্তা চেতনাৰ ধাৰক বাহক। জীৱনৰ বেলিকা এনেবোৰ জীৱন অনুশীলন কৰিবলৈ গৈ আমি কিমান যে কিমানবাৰ লক্ষ্যভ্ৰষ্ট হৈ পৰিছোঁ। আচলতে আমি এইধৰণৰ কথা বহু পলমকৈ বুজো ‘Sex is the last Weapon of Imperialism’।


আমি প্ৰতিজন মানুহ প্ৰতিদিন দুটা চিন্তাধাৰাৰে আক্ৰান্ত। এটা ৰক্ষণশীল আনটো প্ৰগতিশীল। অস্পৃশ্য, ধৰ্মীয় চিন্তাৰ দ্বাৰা পৰিবেষ্টিত পৰিবেশত ৰক্ষণশীল চিন্তাই সাৰপানী পায়। তোমাৰ শৈশৱ কি চিন্তা চৰ্চ্চাৰ দ্বাৰা লালিত পালিত? কি পৰিবেশ পৰিস্থিতিয়ে তোমাৰ মগজু উৰ্বৰ কৰি তুলিলে? এইবোৰ লক্ষ্য কৰিবলগীয়া। আমাৰ গোটেই সমাজ ব্যৱস্থাটোৱে আধা ৰক্ষণশীল আৰু আধা প্ৰগতিশীল। প্ৰগতিশীল হ’বলৈ বাধ্য হৈছে সময়ৰ আচোৰত। বিজ্ঞাৰ ন–ন আবিস্কাৰৰ ফলশ্ৰুতিত। কথাবোৰৰ বিশ্লেষণ আৰু অনুধাৱনৰ যোগেদিহে প্ৰকৃত বাধ্যতা নিৰূপন কৰিব পাৰি। তোমাৰ মোৰ মগজুৰ প্ৰতিস্থিত ধাৰণাবোৰ নিজৰ নহয়। ধাৰণাবোৰ গজি উঠে কাৰোবাৰ বোকোচাত বা প্ৰৰোচনাত। কিছুমান সত্য বুলি জানিও যদি তুমি গ্ৰহণ কৰিবলৈ অপাৰগ তেতিয়া বুজিবা তুমিও ৰক্ষণশীলতাৰ দ্বাৰা আক্ৰান্ত। আজি আমি এনে এক দূৰ্বিসহ সময়ত অৱস্থান কৰিছো তুমি কি কৰিবা– কি খাবা– কি নাখাবা– কি পঢ়িবা– কি নপঢ়িবা ইত্যাদি সমস্ত কথা বাহিৰৰ পৰাই নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাৰে কেৱল তুমি মই নহয় আমাৰ দেশখনৰ ৰাজনীতি অৰ্থনীতিও পৰিচালিত হ’বলৈ ধৰিছে। ইহঁতবোৰ আন কোনো নহয় বাহিৰৰ সাম্ৰাজ্যবাদী ধনী দেশবোৰ। সাম্ৰাজ্যবাদৰ বহু ব্যাপক ব্যাখ্যা– সময় সুযোগ পালেই ইয়াৰ আলোচনা আমি নিশ্চয় কৰিম। আজি মাত্ৰ তোমাক পৰিচয় কৰাই দিলো। মাত্ৰ এটা কথা তুমি অনুধাবন কৰা আজিলৈ তুমি যি শিকিলা, যি বুজিলা এয়া তোমাৰ নিজৰ ধাৰণা নহয়। এনেদৰেই নিজৰ মনৰ মাজতে গজি উঠা একাধিক প্ৰশ্নৰ মাজেৰেহে প্ৰকৃত সত্য কি উদ্ধাৰ কৰিব পাৰিবা। জীৱনবোৰৰ অৰ্থ ইয়াতে নিহিত হৈ থাকে। একধৰণৰ দন্দৰ ফলত সৃষ্টি হোৱা সমিধানৰ ফলাফল সুদূৰপ্ৰসাৰী। সেয়ে জীৱনৰ সিদ্ধান্তবোৰ লওঁতে কেতিয়াবা কেতিয়াবা সময়, পৰিবেশ উপেক্ষা কৰিও ল’ব লগা হ’ব পাৰে। এইক্ষেত্ৰত মনৰ সাহসেই একমাত্ৰ সাৰথি। সমাজ সচেতন চেতনাসম্পন্ন ব্যক্তিয়ে প্ৰথমে নিজৰ মাজতে মানসিক প্ৰস্তুতি লৈ সংঘাত জয়ৰ সপোন ৰচে।


এই যে তুমি বিভিন্ন মানুহৰ সৈতে সম্পৰ্ক কৰা সকলোৰে লগত একে অনুভূতি জাগেনে? নিশ্চয় নাজাগে। ‘ধানটোৱে প্ৰতি কণটো মানুহেই প্ৰতি মনটো’। সকলোৰে একোখন নিজা নিজা মনোজগত আছে। ইটোৰ আনটোৰ সৈতে অমিল। কেতিয়াবা কেতিয়াবা দেখা যায় কিছুমান কথা কাম কৰিবলৈ মনে বিচাৰে কিন্তু সমাজে নিবিছাৰে। তেতিয়া আহে মানসিক প্ৰস্তুতিৰ কথা। গ্ৰহণ কৰা নকৰা মনৰ দন্দত যুক্তিক প্ৰাধান্য দিলেই প্ৰকৃত সত্য ওলাই পৰে। কথাবোৰ আৰু বেছি ভাবগধূৰ হ’ল নেকি? বেজবৰুৱাদেৱে কোৱাৰ দৰে তোমাৰ ক্ষেত্ৰত মোৰ পৰা এয়া ‘ভাবৰ বুৰবুৰণি’।


প্ৰতিস্থিত সামাজিক পৰিবেশত পঞ্চয়ন্দ্ৰীয়ই লাভ কৰা অভিজ্ঞতাই মানুহৰ মনৰ বিকাশ ঘটায়। শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈ মানুহ হৈ পৰে অভিজ্ঞতাৰ ভাড়াল। মনৰ লগত বহিঃজগতৰ দ্বন্দই আনি দিয়া অভিজ্ঞতাৰ ফলতে মানুহে পূৰ্বৰ দৃষ্টিভংগী সলনি কৰি লয় এই জ্ঞানৰ সমুদ্ৰতে। আমাৰ মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ, বাসস্থান। অন্ন হ’ল শৰীৰৰ ইন্ধন। মনৰ খাদ্য খেলা–ধূলা, সাহিত্য–সংস্কৃতি শিল্পকলা ইত্যাদি। সুস্থ সৱল পৰিকল্পিত প্ৰতিটো সঠিক চিন্তাৰ বহিঃপ্ৰকাশ সুন্দৰ হ’লেই সি সংস্কৃতি। মানুহৰ মনৰ আৰু অনেক কথা আছে যাক আমি কিবাকিবি কাৰণ দৰ্শাই পৰ্দাৰ আঁৰত ৰাখো। ভয়, সংকোচ, লাজেই যাৰ পৰিচয়। সেয়া হ’ল যৌনতা। আমাৰ সমাজ জীৱনত এই বিষয়ৰ পৰাই সদায় আঁতৰত ৰখা হয়। অথচ যৌনতাও যে মানুহৰ সংস্কৃতি সেই ব্যাখ্যা আমাৰ সমাজ জীৱনৰ পৰা বহু আঁতৰত। এটা অস্পৃশ্য বিষয় হিচাপে আজিও ওলমি আছে আমাৰ মনত –চিন্তাত– ব্যৱহাৰিক জীৱনত।


যিদৰে অন্ন মানুহৰ প্ৰথম প্ৰবৃত্তি, দ্বিতীয়টো প্ৰবৃত্তি হ’ল যৌনতা। এক নিৰ্দিষ্ট বয়স সন্ধিৰ পৰা মানুহৰ শৰীৰত ইয়াৰ বিকাশ ঘটে। যৌৱন কালত ডেকা–গাভৰুৰ এই প্ৰবৃত্তিয়ে উৰ্বৰতা লাভ কৰে। এতিয়া মূল কথাটো হ’ল আমাৰ সমাজ জীৱনত উক্ত সময়ছোৱাত ডেকা–গাভৰুসকলে কেনেকুৱা আচৰণ দেখুৱাই। এই আচৰণবোৰে আমাৰ চকুত কিয় চাত মাৰি ধৰে? ক’ৰবাত আৰম্ভ হোৱা ভুলৰ বাবেই সমগ্ৰ যুৱশক্তিয়ে মুৰপাতি ল’ব লগা হৈছিল বদনাম? কাৰ উশৃংখল প্ৰৰোচনাত অসুস্থ হ’বলৈ ধৰিছে পিৰবেশ? আমি নিজেও একসময়ত এনে পৰিবেশৰ চত্ৰছায়াত স্থূলচিন্তাৰ আবেষ্টনীত সোমাই পৰিছিলো। এদিন প্ৰসেনজিৎ চৌধুৰীৰ ‘সমাজ আৰু সংস্কৃতি’ শীৰ্ষক গ্ৰন্থখন অধ্যয়ন কৰাৰ পিচতহে পুৰ্বৰ ধাৰণাক বিসৰ্জন দিব পাৰিছিলো। মই বুজি পালো যৌনতা কেনেকৈ আমাৰ সৃষ্টিশীল মনৰ উৎস হৈ সংস্কৃতিলৈ পৰিবৰ্তন ঘটে। ২০০৬ চনত মিৰ্জাত হোৱা নাট সমাৰোহত আকাশী নাট্য গোষ্ঠীয়ে নিবেদন কৰা এখন নাটক ‘জোনাকে ধোৱা অৰণ্য’। নাটকখন আদিৰ পৰা অন্তলৈ উপভোগ কৰিছিলো। এগৰাকী মহিলাই অৰণ্যত প্ৰকৃতিৰ শোভা দৰ্শন কৰিবলৈ আহি বন বিভাগৰ ডাক বঙলাতে নিশা কটাবলগীয়া হয়। ঘটনাক্ৰমে সেই নিশাই আন তিনিজন পুৰুষ চৰিত্ৰ উক্ত ডাক বঙলাতে আলহী হয়হি। নিশাৰ গভীৰতাই পুৰুষসকলক চিন্তাত পেলালে এগৰাকী অকলশৰীয়া মহিলাই এনে অটব্য অৰণ্যত কেনেকৈ কটাব? তিনিজন পুৰুষৰে নাৰী গৰাকীক সংগ দিবলৈ উৎবাউল হৈ পৰিল। নাৰী গৰাকীক সংগ দিবলৈ গৈ সিহঁতৰ মাজতে বিভিন্ন বিতৰ্কৰ সূচনা হ’ল। প্ৰতিজনে কৌশলী সুৰুঙাৰে নাৰী গৰাকীৰ ওচৰ চাপিল? পাকে প্ৰকাৰে পুৰুষ কেইজনে নিজৰ জৈৱিক আকাংক্ষাক পুৰণ কৰিবলৈ গৈ যি ভাবাবেগ প্ৰকাশ ঘটিল তাৰ প্ৰত্যুত্তৰত মহিলাগৰাকীয়ে স্পষ্টকৈ ব্যক্ত কৰিলে– ‘Sex এক অনুভূতি। মনে বিচৰা বিশেষ মূহুৰ্তত ই সাৰ পায়। এই অনুভূতি জাগি উঠে পুৰুষ–নাৰী উভয়ৰে। মোৰ মনে বিচৰা পুৰুষ এজনৰ লগত দৈহিক সম্পৰ্ক ঘটিব পাৰে। সেইটোক লৈয়েই মোৰ মুৰ আচন্দ্ৰাই কৰি থকা নাই।’ কিন্তু নিশাৰ গভীৰতাত পুৰুষকেইজনৰ আচৰণত বন্যতাৰ প্ৰকাশ ঘটিল। নিজৰ জৈৱিক আকাংক্ষা প্ৰশমিত কৰিবলৈ গৈ মহিলাগৰাকীয়ে আশ্ৰয় লোৱা কোঠাটোৰ দুৱাৰ ভাঙি ভিতৰলৈ সোমাই আহিল। কিন্তু দুখৰ বিষয় কোঠাৰ ভিতৰত মহিলাগৰাকীৰ অস্বিত্বই বিচাৰি নাপালে, পালে এখন মুকলি খোল খোৱা চিঠি– মই আহিলোঁ। - - - - - সন্মুখৰ খোলা খিৰিকীখনেৰে আকাশৰ বিশালতা লক্ষ্য কৰক - - - - -।’ আৰু কিবাকিবি বহুত কথা। ক্ষমা কৰিবা নাটকখনৰ সমস্ত কথা মোৰ মনত নাই, দুই এটা কথা পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে। নাটকখনত এগৰাকী মহিলাৰ প্ৰতি পুৰুষপ্ৰধান সমাজৰ পণ্য ধাৰণাই স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। এয়াই আমাৰ বাস্তৱতা। আনফালে আকৌ বৈবাহিক সম্পৰ্কৰেহে যৌনতাক স্বীকাৰ কৰি লয় এই এইখন সমাজে। বৈবাহিক হ’লেও পুৰুষৰ ক্ষেত্ৰত যৌন স্বাধীনতা অসীম নাৰীৰ ক্ষেত্ৰত সেই মধ্যযুগীয়া স্থূল মানসিকতাৰ কোনো পৰিবৰ্তন হোৱা নাই। বাৰ্ণাডছোৱে কৈছিল ‘ বিবাহ হৈছে আইনসংগত বেশ্যা– সম্ভোগ বা ইন্দ্ৰিয়ৰ পৰিতৃপ্তি।’ ভাৰতীয় সমাজত বিবাহৰ আগলৈকে নাৰীয়ে সতীত্ব ৰক্ষা কৰে আৰু বিবাহৰ পিচত সন্তান উৎপাদনৰ যন্ত্ৰ হৈ পৰে। প্ৰবচনে কৈছিল ‘বিয়া হৈছে এখন জুৱা য’ত পুৰুষে স্বাধীনতাৰ আৰু নাৰীয়ে সুখৰ বাজী ৰাখে।’ এতিয়া ছোৱা প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত তুমি কোনটো সত্য গ্ৰহণ কৰিবা? মোৰ ক্ষেত্ৰত মই সেইটোক অগ্ৰাধিকাৰ দিও য’ত মনৰ আস্থা আৰু বিশ্বাস আগতে স্বাধীনতা সংযুক্ত হৈ থাকে। সমাজৰ নীতি–নিয়মেৰে বাধ্য কৰোৱা কোনো অসত্য মানি চলা মান্যবৰ মই নহওঁ। প্ৰেমৰ কলেবৰৰে আবৰা যৌনতা যদি মানুহৰ গতিশীল চিন্তাৰ আধাৰ হয়; সুষ্ঠ সংস্কৃতি প্ৰকাশৰ মাধ্যম হয় সমাজ মোৰ বাবে হেঙাৰ হ’ব নোৱাৰে। ইতিমধ্যে মই তোমাক কলোৱে পুঁজিবাদী সমাজ ব্যৱস্থাত মানুহৰ মনৰ অন্তৰ্নিহীত এই অনাবিল আনন্দ সুখ খিনিক (Sex) অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায়ত অবাধ যৌনতাক স্বীকৃতি দি উশৃংখলতাক আমদানি কৰা হৈছে। নাৰীজাতিক পণ্য সজাই ব্যৱস্থাই শিকলিৰে বান্ধিছে মন মগজু সকলো, পদূলিতে আঁৰি থোৱা ‘তই নাৰী’ ‘এইটোহে কৰিবি’ ‘তালৈ নাযাবি’ বাক্যবোৰেৰে মন মগজু বিকাশৰ প্ৰকৃতিপ্ৰদত্ত সমগ্ৰ পথটোতে গতিৰোধক প্ৰদান কৰিছে। অথচ বাধাহীন মগজুৰ বিকাশে স্বাধীনতা। ইয়াৰ লগত সংলগ্ন সাম্য মৈত্ৰীয়েই হ’ল গণতন্ত্ৰৰ আধাৰ। অস্পৃশ্য, স্বেচ্ছাচাৰী– মতান্ধতাৰ বিপৰীতে একমাত্ৰ গণতন্ত্ৰই ইতিহাসত মানুহৰ অধিকাৰক পুনৰুদ্ধাৰ কৰিছে। গতিশীল হৈ উঠিল মানৱ জীৱন। মনত নতুন ভাবৰ জোৱাৰ উঠিল– শিকলি চিঙাৰ জোৱাৰ। গণতন্ত্ৰত গণতান্ত্ৰিক ভাবাবেগ আমাৰ মনত জাগিলেহে– ইমান দিনে চলি অহা আওপুৰণি চিন্তাভাবনা দলিয়াই পেলাব পাৰিম। স্বাধীনতাই মানুহক লাজ, ভয়, সংকোচৰ পৰা উদ্ধাৰ কৰে। নতুন সৃষ্টিশীল চিন্তাই ক্ৰিয়া কৰিবলৈ ধৰে। সুস্থ আলোচনা বিলোচনাই সঠিক পথৰ নিৰ্দেশনা দিয়ে। কথাবোৰ তুমি কিমান হজম কৰিলা মোৰ কিন্তু বোধগম্য হোৱা নাই। তথাপিটো কোৱাৰ স্বাৰ্থত মই এই কথাবোৰ প্ৰকাশ কৰা নাই। এয়াই মোৰ অবিৰত যাত্ৰা। পত্ৰলেখাৰ গুৰিতে এইটোৱেই মোৰ আশা মই এনে এজন সতীৰ্থ বিচাৰো যিয়ে এক গভীৰ অধ্যয়েনেৰে এখন নতুন বাস্তৱতাৰ সপোন ৰচে। ভাল পাওঁ মই সেইজনী সংগীক যিয়ে প্ৰেমৰ নামত বিলাসীতা নিবিচাৰে। ইয়াকে লৈ মই জীৱনৰ বিন্দুত সিন্ধু বিচাৰো। সামাজিক দায়বদ্ধতাক শুৱৰি এতিয়াও মোৰ বহুত সপোন ফলিয়াব পৰা নাই, সেইবুলি ভৱিষ্যত বোলা আশাও পৰিত্যাগ কৰা নাই।


নাৰী আৰু পুৰুষ দুয়োজনে ইজনে সিজনৰ প্ৰেৰণাৰ উৎস। উভয়ৰ সান্নিধ্যই বহুত কিবাকিবি আদান–প্ৰদানে জীপাল কৰে আধৰুৱা জীৱনবোৰ। তুমি নিশ্চয় জানা আমাৰ দৰে মধ্যবিত্তবোৰে এইধৰণৰ আবেগ মিশ্ৰিত কথাতেই অধিক গুৰুত্ব দিও। অৱশ্যে এইবোৰ একেবাৰে পৰিত্যাগ কৰিবলগীয়া কথাও নহয়। কবিগুৰু ৰবীন্দ্ৰনাথৰ প্ৰেম সন্মৰ্কত প্ৰখ্যাত লেখক সুনীল গংগোপাধ্যায়ে উল্লেখ কৰিছে যে ৰবীন্দ্ৰনাথে সদায় নাৰী সংগ ভাল পাইছিল। নাৰীৰ সান্নিধ্যই কবিক উৎসাহিত কৰিছিল তেওঁ ভাবৰ দিগন্ত প্ৰসাৰিত কৰি তুলিছিল; তেওঁ পুৰুষৰ সংগ কাচিৎহে পচন্দ কৰিছিল। আকৌ শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে কৈছে ‘আমাৰ দৰে ৰবীন্দ্ৰনাথেও মানবীয় দূৰ্বলতাৰ চিকাৰ হৈছিল। কিন্তু তেওঁ আছিল গুৰদেৱ; সেয়ে কোনেও তেওঁৰ ভুলবোৰ ধৰা নাছিল। কিন্তু আমিবোৰ হ’লে হাতেলোটে ধৰা পৰিলোহেঁতেন।’ মই নিজেও এনে চিন্তাৰ গ্ৰাসত পৰিছো। এগৰাকী নাৰীৰ মৰমসনা মাত আৰু সান্নিধ্যই মোৰ অন্তৰাত্মা আপ্লু্ত কৰি তোলে। জীৱনৰ আধৰুৱা কামবোৰ পূৰ্ণ কৰিবলৈ প্ৰেৰণা পাওঁ। গতিশীল লাভ কৰো। কথাবোৰ এনেদৰে ভাবিবলৈও তুমি কেতিয়াবা যত্ন কৰিছানে? হয়তো তুমি ভবাই নাই। কেতিয়াবা কেতিয়াবা কি হয় জানা– তোমাৰ প্ৰতিদানহীন ভাবলেখবোৰৰ বাবে খং অভিমান দুয়োটাই উঠলি উঠে। কিন্তু তোমাৰ সন্মুখত সেইটো প্ৰকাশ কৰিব নোৱাৰো। তোমাৰ নীৰৱ চকুহাল দেখিলেই অশান্ত হৈ থকা মনটো সুস্থিৰতালৈ গতি কৰে।


বৰ্তমান মই এখন বৈ থকা নদীৰ দৰে। পানীৰ সৈতে উটি অহা পলসে দুয়োপাৰ সাৰুৱা কৰিছে সঁচা, কিন্তু নৈখনৰ সংলগ্ন জান–জুৰিবোৰে গতি সলনি কৰাত পূৰ্বৰ সোঁতৰ সালসলনি ঘটিছে। ভাবিছিলো ভৰ বাৰিষাৰ এজাক প্ৰৱল বৰষুণৰ ভৰত খৰশ্ৰোতা নদীৰ দৰে উফন্দি উঠিম! আশাহতও হোৱা নাই। সেয়ে তোমাক পুনৰ কওঁ– মনৰ ইচ্ছাক কাৰো ওচৰত এৰি নিদি অধিকাৰবোৰক জগাই তোলা। মনৰ বাসনা, সংসাৰ, পৰিয়াল, আত্মীয় স্বজন, পুত্ৰ পুত্ৰীতে সীমাবদ্ধ নহয়। সৎ ভাবনাৰ ওপৰত প্ৰতিষ্ঠিত বাসনাই জীৱন সৃষ্টিশীল কৰি তোলে। নিভাজ নিটোল প্ৰেমৰ জন্ম দিয়ে। কিছুমান সীমাবদ্ধতা আমি মানি চলিব লাগিব সঁচা কিন্তু জোৰ কৰি শিকলিৰে বান্ধিও মনক ৰাখিব নালাগিব। বাস্তব জীৱনটো পৰিচালিত কৰিবলৈ বুদ্ধি আৰু কৌশলী অৱস্থান গ্ৰহণ কৰিলেহে আমাৰ ভবিষ্যবোৰত সেন্দুৰীয়া আলি নিৰ্মাণ হ’ব।


মই জানো পৰিয়ালৰ মায়াবৃত্তত সোমায় মেৰপেচ গুচোৱা, মৰুভূমিত মৰীচিকা খেদাৰ নিচিনা। সেয়ে মই প্ৰতিদিন নতুনৰ সন্ধান কৰো। প্ৰতিদিনৰ একঘেয়ামী আঁতৰাই প্ৰেম নামৰ শব্দটোৰ অৰ্থ বিচাৰি যাওঁ। আচলতে কি জানা? মই মানুহজনেই প্ৰেমিক। জীৱন আৰু প্ৰেম এই দুয়োটাত বাদ দি গতিশীল হ’ব নোৱাৰো। প্ৰেৰণাহীন হৈ পৰো। প্ৰচলিত ব্যৱস্থাৰ গছকত প্ৰেমৰ নামত চলে ভণ্ডামি, অবিশ্বাসেৰে ভৰা লুটবাজি। এক সঠিক দৃষ্টিভংগীয়েই হ’ব আমাৰ ভবিষ্যত জীৱনৰ চালিকা শক্তি। আজি হয়তো তুমি মোৰ কথাৰ সিদ্ধান্ত ল’বলৈ গৈ হাবুডুবু খাইছা? সময়ে কিন্তু তোমাক মোৰ কথাৰ অৰ্থ ফহিয়াই দিব! আৰু যদি মনক প্ৰস্তুত কৰিব নোৱাৰা; সেইদিনটোলৈয়ে অপেক্ষা কৰা তেতিয়া দেখিবা তোমাৰ নিসংগতাৰ সংগ ল’বলৈ ওচৰত কোনো নাথাকিব– কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে - - - -


ইতি


জগত নন্দন হাজৰিকা 

No comments:

Post a Comment