Monday, August 20, 2018

৫ জি ইণ্টাৰনেট প্ৰযুক্তিৰ দ্বাৰা কৃষকে পাব আগতীয়া সন্ধান

0 comments
প্ৰকাশিত তাৰিখঃ ২০ আগষ্ট, ২০১৮

চি এন ডেক্স

৫ জি ইণ্টাৰনেট প্ৰযুক্তি আৰম্ভ হোৱাৰ পিচত দেশৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব। এই প্ৰযুক্তিৰ দ্বাৰা খেতিপথাৰত সাৰ–পানী, কীটনাশক কেতিয়া আৰু কিমান পৰিমাণত প্ৰয়োগ কৰিব লাগে সেই তথ্য কৃষক এজনে ৫ জি ইণ্টাৰনেট প্ৰযুক্তিযোগে লাভ কৰিব পাৰিব। অলপতে সংবাদ মাধ্যমত এইকথা প্ৰকাশ কৰিছে ছেলুলাৰ অপাৰেটৰ এছ’চিয়েচন অব ইণ্ডিয়া (চি অ’ এ আই)ৰ মহানিৰ্দেশক ৰাজন মেথিউৱে।  

পেব্‌লছ প্ৰযুক্তিৰ অধীনত ছেন্সৰযুক্ত টুকুৰা খেতিপথাৰত পেলাই দিয়াৰ পিচত নিৰ্দিষ্ট সংকেত নিজৰ ম’বাইল ফোনতে লাভ কৰিব পৰা যাব। অৱশ্যে তাৰবাবে ৫ জি ইণ্টাৰনেট সেৱা সংযোগ থকা ম’বাইল ফোনৰ প্ৰয়োজন বুলি ৰাজন মেথিউৱে ব্যক্ত কৰে।

বহুজাতিক প্ৰতিষ্ঠান ইণ্টেলে এই কৃষি প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত কাম কৰি থকা বুলি জানিব পৰা গৈছে। বহুজাতিক প্ৰতিষ্ঠানটোৱে অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছত এই প্ৰযুক্তি প্ৰদৰ্শন কৰিব।

এই প্ৰযুক্তিৰ দ্বাৰা খেতিপথাৰৰ ওপৰিও খাল–বিল, নদী, জলাশয় আদিৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈও সক্ষম হ’ব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

No comments:

Post a Comment