Monday, May 28, 2018

গণ সংস্কৃতিৰ বৰ আখলতঃ শিল্পী বগেজাৰী আৰু বগেজাৰী গীত

0 comments
প্ৰকাশিত তাৰিখঃ ২৮ মে’ ২০১৮

 

দীনেশ দাস

লোক সংস্কৃতি হ’ল জনজীৱনৰ প্ৰতিচ্ছবি। সহজ–সৰল গঞা জনতাৰ হাঁহি কান্দোন, সুখ–দুখ, প্ৰাপ্তি–অপ্ৰাপ্তি, ৰীতি–নীতি, পৰম্পৰা, গীত–মাত আদিৰ ভঁৰাল লোক সংস্কৃতি। এক অলিখিত বুৰঞ্জী। যি গণ জীৱনৰ এক চালিকা শক্তি। লোকসংস্কৃতিয়েই মানুহৰ জীৱনৰ প্ৰধান সম্বল, আয়ুস ৰেখা। যি জাতিৰ সংস্কৃতি নাই সেই জাতিৰ কোনো ইতিহাস নাই বুলিব পাৰি। তেনে লোকসংস্কৃতিৰ এক প্ৰধান উপাদান হ’ল শিল্পী বগেজাৰী ৰচিত গীত–মাত, নৃত্য। য’ত অসমীয়া ৰাভা সমাজৰ ৰীতি–নীতি, সুখ–দুখৰ বৰ্ণনা পোৱা যায়। বগেজাৰী গীতে লোক জীৱনৰ প্ৰেম, সুখ–দুখৰ কথা কৈ গৈছে।


সূতা কাটং পেনেনেট


লাহী যঁতৰত,


গামচা লাগে ফালি লাগে


দিম বতৰত।


বিহুৰ উলাহত এগৰাকী শিপিনী গাভৰুৱে মনৰ কথা গানেৰে কৈছে। অৰ্থাৎ বোৱা–কটা কৰা ৰাভা সমাজখনৰ কথা গান শুনি জানিব পাৰো।


কি দিলুং নিদিলুং


কি দিলুং তোক,


ৰাতিও ঘুমটি নাহে


সপোন দেখং তোক।


ইয়াত ডেকা–ডেকেৰীৰ প্ৰেমৰ কথা কোৱা হৈছে।

পুনৰ সংগীতসূৰ্য ড ভূপেন হাজৰিকাৰ কথাছবি ‘এৰাবাটৰ সুৰ’ত ভূজলুং কাকা ৰূপী বিষ্ঞু ৰাভাই গাইছে –


বেং কান্দে তৰৰ্‌ত


চাপ্‌ৰা মাটিৰ তলত


চিকুণ ঝেয়াৰ চানা কান্দে


চিৰা কেথাৰ তলত।


ৰাভা সমাজত লাঙা বুঢ়া (শিৱ) পূজাকে ধৰি প্ৰেম, বিৰহ, সমাজৰ বান্ধোন, ঠাট্টা–মস্কৰা, সমাজত লাওপানীৰ ব্যৱহাৰ, খেতি কৰা, মহিলাই বোৱা–কটা, মাছ ধৰা, ঘৰ জোৱাই ৰখা আদি বিভিন্ন নীতি–নিয়মৰ কথা বৰ্ণোৱা গীতসমূহ পঢ়িলে অথবা শুনিলে মনলৈ ভাৱ আহে আমি যেন গান শুনা নাই, কোনো এখন সমাজৰ বুৰঞ্জী শুনিছো অথবা পঢ়িছো। এইহেন সুন্দৰ গীতৰ ৰচনা কৰা মহান গীতিকাৰজননো কোন …. ? জানিবৰ নিশ্চয় মন যায়। তেৱেঁই প্ৰথম মহিলা কবি বগেজাৰী ৰাভা ওৰফে বগেজাৰী বাই।


আমি জানো যে এসময়ত অন্যান্য অঞ্চলৰ দৰে দক্ষিণপাৰতো ওঠৰখন ৰাজ্য আছিল। ইয়াৰ বগে ৰাজ্যখনৰ ৰাণী আছিল বগেজাৰী নামৰ এগৰাকী সাংস্কৃতিক মনৰ ৰূপৱতী মহিলা। ষোল্ল শতিকাৰ কোঁচ ৰজা বিশ্ব সিংহৰ ৰাজত্বকালৰ সময়ছোৱাতে বগে ৰাজ্যখন চলাইছিল এই বগেজাৰী নামৰ ৰাণী গৰাকীয়ে। ৰাজ্যখনৰ বৰ্তমান ছয়গাঁও–বকো অঞ্চলৰ মাজত অৱস্থিত বুলি ইতিহাসবিদসকলে ঠাৱৰ কৰিছে। বগেজাৰীৰ দেউতাক বগে সিং এগৰাকী সংস্কৃতিবান লোক আছিল। যাৰ বাবে সৰুৰে পৰা বগেজাৰীয়ে গীত–নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিল। ডাঙৰ হৈ অহাৰ লগে লগে বগেজাৰীৰ সাংস্কৃতিক প্ৰতিভাৰো বিকাশ হয়। যাৰ বাবে ৰাজ্যখনৰ সকলো লোকেই বগেজাৰীক বৰ ভাল পাইছিল। ৰাজ্যখনৰ সকলো লোকৰ দৰে ইয়াৰ গছ–লতিকা, নদী, পাহাৰ, চৰাই–চিৰিকতি সকলোকে বগেজাৰীয়ে প্ৰাণভৰি ভাল পাইছিল। নিজৰ শিল্পী প্ৰতিভা যেন তেওঁ প্ৰকৃতিৰ পৰাই আহৰণ কৰিছিল। সকলো মানুহৰ দৰে ৰাণী বগেজাৰীৰো জীৱনলৈ এদিন প্ৰেমৰ ফল্গু নামে আৰু মনসা কবি মনকৰৰ সতে এদিন বিবাহপাশত আৱদ্ধ হৈ যুগ্মজীৱন আৰম্ভ কৰে। ৰং–ধেমালিৰে দুয়োজন কবিয়ে যুগ্ম জীৱন অতিবাহিত কৰি থাকোঁতে বগেজাৰীৰ জীৱনলৈ হঠাতে এদিন অন্ধকাৰ নামি আহে। অৰ্থাৎ কোঁচ ৰজা বিশ্বসিংহৰ ৰাজসভাত ৰাজকবি হিচাপে মনকৰে স্থান লাভ কৰাত মনকৰে পত্নী বগেজাৰীক লগত লৈ কোঁচ ৰাজ্যলৈ নিব খোজাত বগেজাৰী যাবলৈ অমান্তি হয়। কাৰণ বগেজাৰীৰ অতি মৰমৰ নিজ ৰাজ্যখন, ইয়াৰ আপোন লোকসকল, মাটি, পানী, বতাহ এৰি যে যাব নোৱাৰে শেষত দুয়োৰে মাজত বিচ্ছেদৰ কাল অমানিশা নামি আহিল। নিজৰ প্ৰেমিক স্বামী মনকৰৰ সৈতে বিচ্ছেদৰ কথাটো অন্তৰেৰে বগেজাৰীয়ে যেন মানি ল’ব নোৱাৰিলে। অন্তৰত বৰ বেজাৰ পালে। গানৰ মাজেৰে যেন এই দুখ স্ফতঃস্ফুতভাৱে নিগৰি আহিল –


কি কম ননো


আমাৰ দুখৰ কথা,


পাৱাজনক হেৰাই


বুকুত পালো বেথা।


এই দুখে যেন বগেজাৰীৰ জীৱন সলনি কৰি দিলে। ৰাজ্য শাসনত মন দিব নোৱাৰা হ’ল, লগৰীক হেৰুৱাই ৰাজ্যশাসনৰ ভাৰ সম্পূৰ্ণ এৰি দিলে আৰু এনেকৈয়ে বগেজাৰীয়ে এদিন ৰাজ্য, ঘৰ–বাৰী এৰি যাযাবৰী জীৱন আৰম্ভ কৰিলে। য’তেই ৰাতি, ত’তেই কাতি, গাঁৱে গাঁৱে এইদৰে বগেজাৰীয়ে মুক্ত শিল্পী হৈ গীত–নৃত্যৰ মাজত নিজক বিলাই দিলে। এইদৰে অলেখ গীত ৰচিলে। বগেজাৰীয়ে ৰচনা কৰা গীতবোৰকে বগেজাৰী গীত বুলি কোৱা হয়। এইজনা স্বভাৱ শিল্পীৰ এদিন ধূপধৰা অঞ্চলৰ ওচৰৰ জাৰিহাটত শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু এজনী ৰাজকন্যাহৈও যাযাবৰী শিল্পী হিচাপে জনগণৰ মাজত জনগণৰ বাবে গীত ৰচা চহা গণ শিল্পী বগেজাৰী আজি মৰিও অমৰ। তেওঁৰ সৃষ্টিৰাজি গণ সংস্কৃতিৰ বৰ আখলত অম্লান সম্পদ হিচাপে আজিও সজীৱ হৈ আছে। যাৰবাবে অসমৰ ৰাইজে আজিও শ্ৰদ্ধাৰে সোঁৱৰে।    


 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৩৬৫২৭১৯৫২

শিৰোনামৰ ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

 

 

No comments:

Post a Comment