Tuesday, November 7, 2017

গুৱাহাটীৰ মাজ–মজিয়া হাতীগাঁৱত জালনোটৰ কাৰখানা

0 comments
প্ৰকাশিত তাৰিখঃ ৭ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

ভাড়া ঘৰৰ মালিকে দিয়া খবৰ অনুসৰি অসম আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই উৎখাত কৰে এটি জালনোট তৈয়াৰ কৰা কাৰখানা। গুৱাহাটীৰ মাজমজিয়া হাতীগাঁৱত উৎখাত কৰা এই কাৰখানাটোত ৩ লাখ টকাৰ জালনোট আৰু ইউ এছ ডলাৰৰ নমুনা, লেপটপ, স্কেনাৰ, কালাৰ প্ৰিণ্টাৰ, কালাৰ কাৰ্টিজ, ৰং, প্ৰিণ্ট পেপাৰ, প্লেট আদি সামগ্ৰী সমূহৰ লগতে লগতে ১৫৩খন ২০০০ টকীয়া, ৩৮খন ৫০০ টকীয়া আৰু ৩খন ২০০ টকীয়া নোট জব্দ কৰে। আৰক্ষী আগমণৰ পুৰ্বেই জইনাল আহমেদ (৪৫), আজমল হ’ক (৩১) আৰু জিয়াবুদ্দিন লস্কৰ (৩০) নামৰ ভাড়াতীয়া কেইজনে পলাই সাৰিবলৈ সক্ষম হয়।  

No comments:

Post a Comment