Saturday, April 15, 2017

কথা বাৰমাহাৰী

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭


 

ভূবিন ৰাভা –


আগকথাঃ
ৰাভাৰ ফৈদ বা খেল সমূহঃ ৰাভাসকলৰ প্ৰথমজন ৰজা হৈছে দদান। ৰজা দদানৰ বিষয়ে অতীতৰ লিখিত বুৰঞ্জী পাবলৈ নাই। দদানৰ কাহিনী লোক–কাহিনী হ’লেও ইয়াত সত্যতা নিহিত হৈ আছে। লোক-প্ৰবাদ, লোক–কাহিনী, জনশ্ৰুতি, কিংবদন্তি, গীত, অতীত স্মৃতিচিহ্ন, ভগ্নাৱশেষ আদি আছে। সেয়েহে দদান ইতিহাসৰ মানুহ হিচাপে পৰিগণিত হৈছে। ৰজা দদানে আঠিয়াবাৰী নামে ঠাইত বায়খো বা খোক্‌চি পূজাৰ আয়োজন কৰিছিল। খোক্‌চি বা বায়খো হৈছে কৃষিৰ অধিষ্ঠাত্ৰী দেৱী। কৃষিজীৱী ৰাভাসকলে বলি–বিধান দি পূজা–অৰ্চনা কৰি এই পূজা সমাপন কৰিছিল। পূজা সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে মানুহৰ মাজত কামৰ ভাগ কৰি দিছিল। তেতিয়াৰ পৰাই কৰ্ম অনুসৰি খেল বা ফৈদৰ সৃষ্টি হয়। ৰাভাৰ মুঠ খেল বা ফৈদ ৯ (ন) টা)


(১) মায়তৰীয়া (মায়তাৰি)– মায় মানে ভাত, তাৰি মানে ভগাই দিয়া, বিলাই দিয়া। পূজাত যিসকলক ভাত ৰন্ধা-বঢ়া, বিলোৱাৰ দায়িত্ব দিয়া হৈছিল, তেওঁলোকেই মায়তৰীয়া।
(২) ৰংদানীয়া (ৰংদানি)–ৰং মানে শিল, দান মানে কঢ়িয়াই অনা। খোক্‌চি বা বায়খো পূজাত থাপনা পাতিবলৈ আৰু মানুহ বহিবলৈ শিল আনিব লাগিছিল। যিসকলে শিল কঢ়িয়াই আনিছিল, তেওঁলোকেই ৰংদানীয়া নাম পালে।
(৩) দাহৰী (দাহৰি)– দাহৰী হৈছে দীঘল বাঁহ। পূজা পাতিছিল নিৰ্জন ঠাইত, সেই কাৰণে পূজাথলীলৈ চৰাই–চিৰিকটি আহিছিল। এদল মানুহে হাতত দীঘল বাঁহ লৈ সেইবোৰ খেদিছিল। এইদৰে চৰাই খেদোৱা দলটোৱে হৈছে দাহৰী।
(৪) চুঙা (ছংগা)– মদ আৰু পানী খাবলৈ বনৰীয়া বাঁহৰ চুঙাৰ আৱশ্যক। চুঙা আনিবলৈ দায়িত্ব দিয়া লোকসকলক চুঙা বোলে।
(৫) পাতি–পূজাত, পূজাৰ ভোগ–ভাত খাবলৈ কলপাতৰ প্ৰয়োজন। পাত কাটি আনিবলৈ এচাম মানুহক দায়িত্ব দিছিল। পাত কাটি অনা দলটোৱে পাতি নাম পালে।
(৬) কোচ–খোক্‌চি পূজা কৰোঁতে খুব সম্ভৱ ভৌগোলিক আৰু সামাজিক কাৰণত জাতিটোৰ এভাগে এই পূজাত অংশ লোৱা নাছিল। তেওঁলোক কোচ হিচাপে থাকি গ’ল।
(৭) টোটোলা–টোটল মানে হ’ল গ’ল বা ডিঙি। পূজাত গাহৰি বলি দিয়াৰ দায়িত্ব এটা দলক দিয়া হৈছিল। তেওঁলোকে ডিঙি বা টোটল কাটিছিল, সেয়ে নাম পালে টোটলা।
(৮) হানা–কোনো কোনোৱে আকৌ পূজা–শ্ৰাদ্ধাদিত গাহৰি হানি মাৰিছিল। হানি মাৰাসকলেই হৈছে হানা; হানা ৰাভা।


বাৰমাহাৰীৰ পৰিচয়ঃ দক্ষিণ কামৰূপ আৰু দক্ষিণ গোৱালপাৰা পাতি ৰাভাসকলৰ বাসভূমি। পাতি ৰাভাসকলৰ ১২ (বাৰ)টা মাহাৰী আছে। যেনে–চুং, চিনাল, নাফা, নংডো, ডিয়া, ডগম, ফাথো, ৰংৰং, কছু, ডাৰু, নংবাগ, ডবাখল।


কাজ বা শ্ৰাদ্ধঃৰূপ–ৰস–গন্ধে ভৰা এই বিশাল বিনন্দীয়া ধৰাত আশাৰ বেহানি বেহাই ফুৰে। তথাপিও বিধাতাৰ নিষ্ঠুৰ বিধানত সকলোকে এৰি ইহসংহাৰৰ পৰা মেলানি মাগে। মানুহ মৰিলে শ্মশানলৈ নি সৎকাৰ কৰে। স্বাভাৱিকতে এমাহৰ ভিতৰত শ্ৰাদ্ধ কৰিব লাগে। সম্বলহীনজনে এমাহৰ ভিতৰত শ্ৰাদ্ধ বা কাজ কৰিব নোৱাৰিলে ১০ (দহ) দিনত ভাত পেলাই (দাহা) থয়। তেতিয়া শুদ্ধি হোৱা বুলি গণ্য কৰে। ছমাহ বা বছৰ দিনৰ ভিতৰত সুবিধা অনুসাৰে শ্ৰাদ্ধ বা কাজ কৰে। আগেয়ে ৰাভাসকলে ৰাতিহে শ্ৰাদ্ধ কৰিছিল। কাৰণ হিচাপে জনা যায়–অতীতত ৰাভাসকল সততে যুঁজ–বাগৰত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল। দিনৰ দিনটো যুঁজ কৰোঁতে যিমান মানুহ মৰিছিল, ৰাতিয়েই তেওঁলোকৰ শ্ৰাদ্ধ কৰিছিল, পিচদিনাখন আকৌ যুঁজলৈ যাবই লাগিব। এনে পৰম্পৰা অনুসৰি ৰাতিহে শ্ৰাদ্ধ কৰিছিল। আজিকালি সকলোৰে সুবিধাৰ কাৰণে দিনতে কাজ বা শ্ৰাদ্ধ কৰে।


বাৰমাহাৰী কথাঃবাৰমাহাৰীৰ কথাকে ডাকৰ বচন বুলিও কয়। পাতি ৰাভাসকলৰ শ্ৰাদ্ধত বাৰমাহাৰী কথা বা ডাকৰ বচন কোৱাটো প্ৰয়োজন। বাৰমাহাৰীৰ কথাৰে শ্ৰাদ্ধক্ৰিয়া সু-শৃংখলিত কৰে আৰু মৃতকৰ পৰিয়ালৰ সকলো কথাৰ থান্‌থিত্ লগায়। এয়া এক আইনৰূপে বিবেচিত হয়। শ্ৰাদ্ধৰ দিনাখন ৰাতিপুৱাই ঘৰ-চোতাল সাৰি–পুচি মচে। মৃতকৰ কাৰণে ভাত–আঞ্জা, মাছ–মঙহ ৰান্ধে। ভাত–মাছ–মঙহ, পিঠা–সান্দহ, ফল–মূল আদি লৈ বাওঁ হাতেৰে মেমাং বঢ়ায়। মেমাং হৈছে মৃতকৰ আত্মা। বিশ্বাস কৰে এইদৰে খাদ্য আগবঢ়ালে মৃতকৰ আত্মাই সেইবোৰ পায়। মেমাং বঢ়াই উঠি সেইবোৰ চাফ্–চিকুণ কৰি চিটা–মিটা দি শুচি কৰি উঠি ৰাইজ–গিয়াতিৰ কাৰণে ভাত ৰান্ধে। ৰন্ধা–বঢ়া হোৱাৰ পিচত ৰান্ধনি আৰু গিৰিহঁতে গলত গামোচা লৈ আঁঠুকাঢ়ি ৰাইজক সেৱা লয়। তেতিয়া সমাজৰ জনা-বুজা বয়োজ্যেষ্ঠ লোক এজনে বাৰমাহাৰী কথা কয়। কওঁতে ৰাভাসকলে ব্যৱহাৰ কৰা থলুৱা কথিত ভাষাত কয়। আৰম্ভ কৰে এনেদৰে–অ’ মোৰ বাপাহাঁত, মহামুনি ৰাইজ, বুঢ়া–বুঢ়ী, ডেকা–গাভৰু, কাজ-গিয়াতি সকলো আহিছা, অ’ মোৰ বাপাহাঁত, ডাকে কৈছে–



বাৰো মাহাৰী বাৰো বেটা
হাঁহ মাৰিলং কাকাল ফেটা,


ইয়াতে মোৰ বাপাহাঁত–


বাৰো মাহাৰী কায় কায় ? বাৰো মাহাৰী হ’ল
চুং, চিনাল নাফা, নংডো
ডিয়া, ডগম, ফাথো ৰংৰং
কছু, ডাৰু, নংবাগ, ডবাখল।
ডিয়া আছে ডগম নাই, কছু আছে ডাৰু নাই। ডবাখলৰ বোলে লগ নাই অ’ মোৰ বাপাহাঁত। হয়নে ? ইয়াতে মোৰ বাপাহাঁত লাৰি-বাৰী বোলে গাঁওখন, বাৰী–দুখুনী পাৰাখন? সঙ্‌লো, সঙ্‌লো গিয়াতিৰ সঙ্‌লো, কুল্‌লো কুল্‌লো বোলে নদীৰ কুল্‌লো। বোলে নদী মৰিলেও ৰেঘা থাকে। অতিবৰ, পতিবৰ পিতা-মাতা, যি কাজ-কৰ্ম কৰা হৈছে আজিও আমি তাকে কৰা হৈছে।


ইয়াতে কোনোবাই আহিছা চাবা, কোনোবাই আহিছা খাবা আৰু কোনোবাই আহিছা চিং চিং বাজাবা, অ’ মোৰ বাপাহাঁত। ইয়াতে মোৰ বাপাহাঁত মহামুনি ৰাইজ ডাকৰ কথা বোলে বেদৰ বাণী, পুহ থকা তিৰি লগত নানি, তোকো বঞ্ছিত মোকো বঞ্ছিত নিজলা নিয়াতহে লুটুপ-লুটুপকৈ সাঁচি খুৱাব মোৰ বাপাহাঁত। ইয়াতে মোৰ বাপাহাঁত ডাকে কৈছে গছৰ তলত গ’লেহি মলয়াৰ বা পালেহি, আজি বান্দীৰ ঘৰত আহিছা, বহিব কি দিম–থম্ মনে নাপাওঁ গণি। অ’ মোৰ বাপাহাঁত বহিব দিছং ছাল–ছাটেঙা আমাৰ চোতাল কাটেঙা আৰু বহিব দিছং ধাৰা মহামুনি ৰাইজে যেন গালি নাপাৰা। দিবা লাগিছিল বোলে মুখত গুৱাখন, তাৰো নহ’লো মই পাত্ৰ।


এতিয়া মোৰ বাপাহাঁত, আজিৰ পৰা এওঁক পুহ উধাৰ (উদ্ধাৰ) কৰা হৈছে। কায়ো আজিৰ পৰা চুৱা–চিতি বুলিব নোৱাৰিব। একেলগে একেসংগে খাব–ল’ব পাৰিব। ইয়াতে মোৰ বাপাহাঁত কি হ’ব। নাযায় কাশী, নাযায় বাৰানসী, তুলসী তলত পূজা কৰে কাজ-গিয়াতি।


ইয়াতে মোৰ বাপাহাঁত কি হ’ব! ধৰি অনা বান্দৰৰ চেক্‌চেক্‌নিয়ে সাৰ, কেৰ্কেটুৱাই বোলে বাঁহৰ পাতে আধাৰ। আৰু ইয়াতে মোৰ বাপাহাঁত লোণ আছে বোলে ক’ত ? বোলে আছে সাগৰত। খাৰ আছে বোলে ক’ত ? বোলে কমৰেঙা গাছত। ইয়াতে মোৰ বাপাহাঁত কি হ’ব! আজিকে বোলে ক’লা কাউৰীয়ে বগা হোৱা নাই, শিল ওপঙা নাই। ইয়াতে মোৰ বাপাহাঁত কি হ’ব! বাৰো ঘৰ ওপঙা নাই। ইয়াতে মোৰ বাপাহাঁত কি হ’ব! বাৰো ঘৰ বাৰো বেটাই ৰান্ধিছে-বাঢ়িছে, নাকৰ ভাৱ, বস্ত্ৰৰ বাও অনেক খান লাগিব পাৰে, যাতে দদায়-দোষ নধৰা মোৰ বাপাহাঁত।



জয় কৃষ্ঞক চিন্তি হৰিবোল
জয় মহামুনি ৰাইজক চিন্তি হৰিবোল
জয় কাজ-গিয়াতিক চিন্তি হৰিবোল।


অ’মোৰ মহামুনি ৰাইজ, বোলে হে ৰান্ধনি-বাঢ়নি, গিৰিহঁতৰ সৈতে গ’লে গামোচা লৈ চাৰিটা হৰিভকতক লৈ প্ৰাৰ্থনা কৰা হৈছে। কেৰ্কেটুৱা খোৱা তামোল, মাকাৰা চুট্‌কা পান, কৰেয়া চাউল এমুঠি লৈ কঁকালত ঢেকৰ বান্ধি, শাকে শুকুতাই নগৰত বজাৰ বেহাই যিবা পাইছং তাকে লৈ মহামুনি ৰাইজক সেৱা জনাইছোঁ।


এতিয়া মোৰ বাপাহাঁত চাৰিটা মহামুনি ৰাইজ খাওঁ–দাওঁ–যাওঁ, নহ’লে চাৰিটা হৰিভকতে গৰিবক দু–আষাৰমান বৰ–বাঞ্ছা দিব লাগে। বোলে শাও দিলা শাও পায়, বৰ দিলে বৰ পায়, অজৰ-অমৰ হয়। এতিয়া মোৰ বাপাহাঁত কি হ’ব! বোলে গোহালত গৰু হ’ব, ভড়াঁলত ধান হ’ব। বোলে কুলা কাণে সোমাব, বেজী কাণে ওলাব, চিৰদিন দিবা থ’বা বল বৃদ্ধি হ’ব। অ’ মোৰ বাপাহাঁত এতিয়া কি হ’ব ? বোলে তাৰে গ’লে ভাৰে সৈতে আহিব। শেন হৈ খেদি আহিলে ফেঁচা হৈ ফিৰি যাব। চিৰদিন নতুন কাপোৰ পুৰাণ কাপোৰে দিন–কাল যাব। শত্ৰু ক্ষয় হ’ব, মিত্ৰ জয় হ’ব। চিৰদিন বেটা–বেটী বুকু জুৰাই খাব। অ’ মোৰ বাপাহাঁত এতিয়া কি হ’ব! বোলে ঘাটৰ নাও ঘাটত চাপিব, গলিৰ গৰু গলিত আহিব। চিৰদিন মনৰ বাঞ্ছা পূৰণ কৰি সৰ্বৰূপে কুশলে ৰাখিব।



জয় কৃষ্ঞক চিন্তি হৰিবোল
জয় মহামুনি ৰাইজক চিন্তি হৰিবোল
জয় কাজ-গিয়াতিক চিন্তি হৰিবোল।


এইদৰে জীৱনৰ সঞ্চিত অভিজ্ঞতাৰে বাৰমাহাৰী কথা কৈ বৰ–বাঞ্ছা দি হৰিধ্বনি দিয়ে। হৰিধ্বনিৰ অন্তত খোৱাৰ অনুমতি দিয়ে। খাই লৈ উঠাৰ পিচত নাবালক ল’ৰা–ছোৱালী আৰু বিধৱা মহিলা থাকিলে তেওঁলোকৰ প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা কৰে এনেদৰে–


অ’ মোৰ বাপাহাঁত কায় পাওঁনী, কায় খাওঁনী মাত দি মোৰ বাপাহঁত। পানীত হেৰাই বামাত বিচিৰিলে নহ’ব। অ’ মোৰ বাপাহাঁত মহামুনি ৰাইজ। ডাক্ ডাক্ বোলে তিন্ ডাক্ ঘিলা মাৰে থাক্ থাক্, কায় পাওঁনী কায় খাওঁনী মাত দি মোৰ বাপাহাঁত। সৰপে মানুহ খায় তিনি হাসি পাৰে, যদি কোনোবাই পাব লগা আছে মাত দি মোৰ বাপাহাঁত, নহ’লে আমি গাছৰ বাকলি গাছতে সাৱটাই থৈ দিওঁ মহামুনি ৰাইজ।



জয় কৃষ্ঞক চিন্তি হৰিবোল
জয় মহামুনি ৰাইজক চিন্তি হৰিবোল
জয় কাজ–গিয়াতিক চিন্তি হৰিবোল।


এনেদৰেই পাতি ৰাভাসকলৰ কাজ বা শ্ৰাদ্ধৰ সামৰণি মাৰে। প্ৰাচীন কালৰেপৰা এইবোৰ সামাজিক ৰীতি–নীতি পৰম্পৰাগতভাৱে চলি আহিছে। সময়ৰ সোঁতত আজিকালি কোনো কোনো অঞ্চলত শিথিল হোৱা দেখিবলৈ পোৱা যায়। তথাপিও বাৰমাহাৰী কথাই জাতীয় জীৱন আলোড়িত কৰি আহিছে।



 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

No comments:

Post a Comment