Wednesday, February 15, 2017

চিন্তাও এটা শিল্প

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭


 

সিদ্ধিনাথ দাস –


এই যে আমি ভাবোঁ বা চিন্তা কৰোঁ, আচলতে চিন্তা মানেনো কি? চিন্তাৰ বিষয়ে চিন্তা কৰাটো এটা চিন্তনীয় বিষয়। অথচ শিশুৰ পৰা বুঢ়ালৈকে, সাধাৰণ–অসাধাৰণ, শিক্ষিত–অশিক্ষিত সকলো মানুহেই কিবা নহয় কিবা এটাৰ বিষয়ে অনবৰতে চিন্তা কৰি থাকে। চিন্তা নকৰাকৈ কোনো মানুহেই এক মুহুৰ্তও থাকিব নোৱাৰে। কিয়নো মানুহ চিন্তাশীল জীৱ। ‘বুদ্ধি–বৃত্তি’ গুণটো থকাৰ বাবেই মানুহৰ চিন্তা কৰাৰ ক্ষমতা জন্মে। চিন্তা কৰাৰ ক্ষমতা থকাৰ বাবে মানুহ আত্মসচেতন আৰু অভীষ্ট–সচেতন হয়। ভাল–বেয়া, শুদ্ধ–অশুদ্ধ, ন্যায়–অন্যায় আদি সকলো বিষয়ে বিচাৰ–বিশ্লেষণ কৰিব পাৰে কাৰণেই মানুহ জীৱশ্ৰেষ্ঠ। কেৱল জৈৱিক তৃপ্তি লাভ কৰিয়েই মানুহ তৃপ্ত নহয়। খাই–বৈ, পিন্ধি–উৰি জীয়াই থকাকে জীৱন নোবোলে। সেয়ে মানসিক অসন্তুষ্টি অনুভৱ কৰে মানুহে। ফলস্বৰূপে মনত জাগি উঠে জ্ঞানৰ প্ৰতি অদম্য হেঁপাহ। এই হেঁপাহৰ বাবেই মানুহৰ মনত কত যে প্ৰশ্নৰ উদয় হয়! জীৱনটোনো কি? জগত মানেনো কি? কেনেকৈনো সৃষ্টি হ’ল আমি বাস কৰা পৃথিৱীখনৰ? মানুহে সমাজ পাতি থাকিবলৈ ভাল পায় কিয়? জীৱনৰ আদৰ্শনো কি ? –এনে জাতীয় অলেখ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খায় আৰু এনেবোৰৰ সঠিক উত্তৰ পাবলৈ জীৱনজোৰা অবিৰত অনুসন্ধান চলায়।


‘চিন্তা’ শব্দটো অতি ব্যাপক। সাধাৰণতে চিন্তা বুলিলে প্ৰত্যক্ষ, কল্পনা, সামান্য ধাৰণা, অনুমান, যুক্তি–পদ্ধতি আদি সকলোকে বুজায়। ই এক মানসিক প্ৰক্ৰিয়া। অৰ্থাৎ মনৰ কাৰ্য। এতিয়া কথা হ’ল মনটোনো কি? আমাৰ মনটো এটা আচৰিত বস্তু। প্ৰতিজন মানুহৰে এটা মন থাকে। ‘মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো’ বুলি এষাৰ আপ্তবাক্যও আছে। মানুহৰ দেহত বেমাৰ–আজাৰ হ’লে দেহত থকা আন আন অংগ–প্ৰত্যংগৰ দৰে প্ৰয়োজনবোধে মগজু, হাৰ্ট আদিৰো অপাৰেশ্বন সম্ভৱ হৈ উঠে; সম্ভৱ হৈ নুঠে মাথোন মনটোৰহে। মনটোক অপাৰেশ্বন কৰিব নোৱাৰি। কাৰণ আমাৰ মনটো মাথোঁ এটা বস্তু নহয়; কেইবাটাও প্ৰক্ৰিয়াৰ সমষ্টিহে। যিটো বস্তুৱে চিন্তা কৰে, অনুভৱ কৰে আৰু ইচ্ছা প্ৰকাশ কৰে, সেই বস্তুটোৱেই হৈছে মন। এতেকে চিন্তা–মনৰ ভিতৰৰ প্ৰক্ৰিয়া। মনেৰেহে আমি চিন্তা কৰোঁ। মই এই মুহূৰ্তত যি চিন্তা কৰি আছোঁ, সেয়া বিমূৰ্ত চিন্তা; তাক আনে জানিব নোৱাৰে, যেতিয়ালৈকে ভাষাত প্ৰকাশ নকৰোঁ। ক’বলৈ গ’লে চিন্তাৰ বাহন হ’ল ভাষা। ভাষাত প্ৰকাশিত নহ’লে চিন্তা বিমূৰ্ত হৈয়ে থাকিব। এতিয়া কথা হ’ল– মানুহৰ চিন্তা–চেতনাবোৰ সকলো সময়তে শুদ্ধ নহ’বও পাৰে। চিন্তা–চেতনা শুদ্ধ হ’লেহে যথাৰ্থ জ্ঞানত উপনীত হ’ব পাৰি আৰু যথাৰ্থ জ্ঞানৰ মাধ্যমেৰেহে সত্যোপলব্ধি হয়। সত্যোপলব্ধিয়েই হ’ল মানৱ জীৱনৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য। সেয়েহে সত্যোপলব্ধিৰ বাবে চিন্তাক শুদ্ধ পথেৰে পৰিচালিত কৰা প্ৰয়োজন।


‘চিন্তা’ শব্দটো অতি ব্যাপক। সাধাৰণতে চিন্তা বুলিলে প্ৰত্যক্ষ, কল্পনা, সামান্য ধাৰণা, অনুমান, যুক্তি–পদ্ধতি আদি সকলোকে বুজায়। ই এক মানসিক প্ৰক্ৰিয়া। অৰ্থাৎ মনৰ কাৰ্য। এতিয়া কথা হ’ল মনটোনো কি? আমাৰ মনটো এটা আচৰিত বস্তু। প্ৰতিজন মানুহৰে এটা মন থাকে। ‘মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো’ বুলি এষাৰ আপ্তবাক্যও আছে। মানুহৰ দেহত বেমাৰ–আজাৰ হ’লে দেহত থকা আন আন অংগ–প্ৰত্যংগৰ দৰে প্ৰয়োজনবোধে মগজু, হাৰ্ট আদিৰো অপাৰেশ্বন সম্ভৱ হৈ উঠে; সম্ভৱ হৈ নুঠে মাথোন মনটোৰহে। মনটোক অপাৰেশ্বন কৰিব নোৱাৰি। কাৰণ আমাৰ মনটো মাথোঁ এটা বস্তু নহয়; কেইবাটাও প্ৰক্ৰিয়াৰ সমষ্টিহে। যিটো বস্তুৱে চিন্তা কৰে, অনুভৱ কৰে আৰু ইচ্ছা প্ৰকাশ কৰে, সেই বস্তুটোৱেই হৈছে মন। এতেকে চিন্তা–মনৰ ভিতৰৰ প্ৰক্ৰিয়া। মনেৰেহে আমি চিন্তা কৰোঁ। মই এই মুহূৰ্তত যি চিন্তা কৰি আছোঁ, সেয়া বিমূৰ্ত চিন্তা; তাক আনে জানিব নোৱাৰে, যেতিয়ালৈকে ভাষাত প্ৰকাশ নকৰোঁ। ক’বলৈ গ’লে চিন্তাৰ বাহন হ’ল ভাষা। ভাষাত প্ৰকাশিত নহ’লে চিন্তা বিমূৰ্ত হৈয়ে থাকিব। এতিয়া কথা হ’ল– মানুহৰ চিন্তা–চেতনাবোৰ সকলো সময়তে শুদ্ধ নহ’বও পাৰে। চিন্তা–চেতনা শুদ্ধ হ’লেহে যথাৰ্থ জ্ঞানত উপনীত হ’ব পাৰি আৰু যথাৰ্থ জ্ঞানৰ মাধ্যমেৰেহে সত্যোপলব্ধি হয়। সত্যোপলব্ধিয়েই হ’ল মানৱ জীৱনৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য। সেয়েহে সত্যোপলব্ধিৰ বাবে চিন্তাক শুদ্ধ পথেৰে পৰিচালিত কৰা প্ৰয়োজন।


বিচিত্ৰ এই পৃথিৱী। বিচিত্ৰ মানুহ। তাতোকৈ বিচিত্ৰ মানুহৰ মন। ভিন্ন মানুহ; ভিন্ন চিন্তা। ভাল–বেয়া, সৎ–অসৎ, সাধু–অসাধু, ভদ্ৰ–অভদ্ৰ, শিক্ষিত–অশিক্ষিত, জ্ঞানী–অজ্ঞানী, চোৰ–ডকাইত, গুণ্ডা–বদবাইচ, দাদা–মস্তান, ঠগ–প্ৰৱঞ্চক, শোষক–শোষিত, ধনী–দুখীয়া আদি বিধে বিধে মানুহ। সেয়ে জনে জনে চিন্তা, মনে মনে চিন্তা। কাৰো লগত কাৰো মিল নাই। ‘নানা মুনিৰ নানা মত।’ সাহিত্যিক এজনৰ চিন্তা–চেতনাৰ লগত বিজ্ঞানী এজনৰ চিন্তা–চেতনাৰ আকাশ–পাতাল প্ৰভেদ। ই খুবেই স্বাভাৱিক। সেইদৰে বুৰঞ্জীবিদসকলৰ চিন্তাৰ লগত অৰ্থনীতিবিদসকলৰ চিন্তাৰো কোনো মিল দেখা নাযায়। এজন কৃষকৰ চিন্তা, এজন খেলুৱৈৰ চিন্তা বা এজন গায়কৰ চিন্তা একে নহয় বা হ’ব নোৱাৰে। ক্ষেত্ৰভেদে, ব্যক্তি বিশেষে, বয়সভেদে, ৰুচি–অৰুচি অনুযায়ী, কৰ্মক্ষেত্ৰ অনুযায়ী, পৰিৱেশ বা অৱস্থা অনুসৰি বিভিন্ন স্তৰৰ মানুহৰ চিন্তা–চেতনাও ভিন্ন ধৰণৰ হয়। টিভিৰ পৰ্দাত প্ৰচাৰিত কাৰ্যসূচী উপভোগ কৰি থকা অৱস্থাত এজন শিশুৰ মনত, এজন বৃদ্ধৰ মনত, যুৱক–যুৱতীৰ মনত, গৃহিণীৰ মনত, শিল্পী–সাহিত্যিকৰ মনত, বিজ্ঞানীৰ মনত নাইবা এজন খেতিয়কৰ মনত নিশ্চয় একে ধৰণৰ চিন্তাই ক্ৰিয়া নকৰে। সেইদৰে আঘোণ মাহৰ সোণালী ধাননি পথাৰখন দেখিও এজন খেতিয়কৰ মনলৈ যিটো ভাব আহে, এজন কবি–সাহিত্যিকৰ মনলৈ, দাৰ্শনিক এজনৰ মনলৈ, ইঞ্জিনিয়াৰ এজনৰ মনলৈ কিম্বা বোলছবি পৰিচালক এজনৰ মনলৈ সেই একেই ভাব নিশ্চয় নাহে। দৰাচলতে সঠিকভাৱে চিন্তা কৰিবলৈও জানিব লাগে– শিকিব লাগে। এতিয়া কথা হ’ল সঠিক চিন্তানো কি? চিন্তাবোৰ সঠিক নে বেঠিক হয় এই কথা নিৰ্ভৰ কৰে মানুহৰ মনৰ ওপৰত। মানুহজন যদি ভাল হয় অৰ্থাৎ সৎ মনৰ গৰাকী হয়, তেন্তে তেওঁৰ চিন্তা–চৰ্চাও নিঃসন্দেহে সৎ হ’ব বা ভাল হ’ব। এতিয়া প্ৰশ্ন হ’ল– ভাল মানুহ কোন বা বেয়া মানুহ কোন? কেনেধৰণৰ মানুহক আমি ভাল বুলি ক’ম বা বেয়া বুলি ক’ম? বিশ্বৰ মহান চিন্তানায়ক তথা সমাজ–বিজ্ঞানীসকলৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীৰে ক’বলৈ গ’লে যিবোৰ মানুহে আত্মসচেতনভাৱে জীৱন আৰু জগতৰ সামগ্ৰিক স্বাৰ্থৰ হকে চিন্তা–চৰ্চা কৰি আহিছে, ব্যক্তিস্বাৰ্থক তুচ্ছ–জ্ঞান কৰি সমাজৰ স্বাৰ্থকহে আগস্থান দি দেশৰ হকে, দহৰ হকে, মানৱ সমাজৰ কল্যাণৰ হকে নিজকে নিয়োজিত কৰিছে– এনে সুবিশাল হৃদয়ৰ অধিকাৰী বহল মনৰ মানুহকেই যথাৰ্থতে ভাল মানুহ বা সৎ মনৰ মানুহ বুলি কোৱা হয়। এনে মহান চিন্তা–চেতনাৰ অধিকাৰী ব্যক্তিসকল চিৰদিন–চিৰকাল আদৰণীয়। আনহাতে যিবোৰ মানুহে কেৱল নিজৰ স্বাৰ্থৰ নিমিত্তেহে ভাবে, আনৰ বাবে কিঞ্চিতো চিন্তা কৰাৰ অৱকাশ নাই, এনে লোক কেতিয়াও ভাল বুলি বিবেচিত হ’ব নোৱাৰে। “সকলো মগনীয়া মৰক, মোৰ জোলোঙাখন ভৰক” জাতীয় ব্যক্তিৰ সংখ্যাও ক্ৰমাগতভাৱে বাঢ়িয়েই আছে সমাজত। এওঁলোক সমাজৰ আৱৰ্জনা। অথবা মানুহৰ মাজত ভিৰ কৰি আছে।


আচলতে আমি কি কৰিব বিচাৰোঁ বা কি জানিব বিচাৰোঁ– তাৰ ওপৰতহে নিৰ্ভৰ কৰে আমাৰ চিন্তা–চৰ্চা কেনে হোৱা উচিত অথবা আমি কিদৰে চিন্তা কৰিলে আমাৰ মংগল হ’ব। মানুহৰ মনটো বিক্ষিপ্ত। য’লৈ–ত’লৈ দৌৰ মাৰে। প্ৰায়ে দেখা যায় যে কোনো কোনো ক্ষেত্ৰত কিছুমান অদৰকাৰী লাৰে–লাপ্পা চিন্তাৰ ঢৌৱে মনৰ গহন বনত অনবৰতে তোলপাৰ লগাই থাকে। সেইবোৰ আচলতে কিছুমান অৰ্থহীন ভাৱৰ বুৰবুৰণিহে মাত্ৰ। কোনো কামত নাহে। বৰং আমাক অপকাৰহে কৰে। আমাৰেই পোহনীয়া গৰুৱে আমাৰেই ধান খাই অনিষ্ট সাধন কৰাৰ দৰে আৱৰ্জনাস্বৰূপ অৰ্থহীন অপ্ৰাসংগিক বেবেৰিবাং চিন্তাবোৰেও আমাক বিভ্ৰান্তিত পেলাই অনিষ্ট সাধন কৰে। এতেকে বিক্ষিপ্ত মনটোক সু–নিয়ন্ত্ৰিত কৰি প্ৰণালীবদ্ধভাৱে চিন্তা–চৰ্চা কৰি মানৱ জীৱনৰ কল্যাণৰ হকে আত্ম–নিবেদন কৰিব পাৰিলেই আমাৰ চিন্তা–চেতনাও যে মহৎ হ’ব, তাত কণমানো সন্দেহ নাই আৰু এনে উদ্দেশ্যপ্ৰণোদিত প্ৰণালীবদ্ধ চিন্তা–চৰ্চাহে আমাৰ সকলোৰে বাবে বাঞ্ছনীয়। সেইবাবেই কোৱা হয়– “চিন্তাও এটা শিল্প।” বিজ্ঞানসন্মতভাৱে ক’বলৈ গ’লে বাস্তৱ অৱস্থাইহে মানুহৰ চেতনা নিৰ্মাণ কৰে। চিন্তা–চেতনাক সৃষ্টিশীল কামত প্ৰয়োগ কৰিবলৈ হ’লে সঠিক মতাদৰ্শৰ প্ৰয়োজন। কাৰণ সঠিক মতাদৰ্শইহে জন্ম দিয়ে সঠিক চিন্তাধাৰাৰ। মতাদৰ্শ যদি একেই হয়, তেনেহ’লে বুৰঞ্জীবিদেই হওক বা পদাৰ্থবিজ্ঞানীয়েই হওক কিম্বা শিল্পী–সাহিত্যিকেই হওক বা অৰ্থনীতিবিদেই হওক, যি পৰ্যায়ৰ মানুহেই নহওক কিয়, সকলোৰে মানসিকতা একেই হ’ব আৰু চিন্তাধাৰাও একেই হ’বলৈ বাধ্য।


পৃথিৱীৰ আটাইতকৈ বিস্ময়জনক প্ৰাণীটো হ’ল মানুহ নিজেই। ইতিহাসে ঢুকি নোপোৱা সেই আদিম যুগৰপৰাই, যিদিনা মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হৈ ওপৰলৈ মূৰ তুলি বিশ্বৰ চৌপাশে দৃষ্টি নিক্ষেপ কৰি চেতনাৰ দুৱাৰখন খুলি পোন প্ৰথমবাৰৰ বাবে ভাবিবলৈ প্ৰয়াস কৰিছিল, চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল, সেই দিনৰপৰাই একবিংশ শতিকাৰ আজিৰ তাৰিখলৈকে এই সুদীৰ্ঘ অবিৰত জীৱন যাত্ৰাত মানুহৰ মনৰ মাজেদি সময়ৰ সোঁতে সোঁতে নিৰন্তৰে বৈ আহিছে বিভিন্ন চিন্তাৰ ধাৰা। ভাবিলে আচৰিত লাগে এই মানুহ নামৰ প্ৰাণীটো এদিন জংঘলত আছিল– বাস কৰিছিল পৰ্বতৰ গুহাত। জন্তুৰ দৰে হাবিয়ে–বননিয়ে ঘুৰি ফুৰিছিল। দলবদ্ধভাৱে চিকাৰ কৰি কেঁচাই–কেঁচাই জন্তুৰ মাংস খাইছিল। জুইৰ ব্যৱহাৰ নাজানিছিল। দেহত কাপোৰ–কানি নাছিল। কি যে ভয়াবহ জীৱন যাপন কৰিছিল। কিন্তু আজি সেই জংঘলত থকা, পৰ্বতৰ গুহাত বাস কৰা মানুহটোৱে কল্পনাৰ ৰহণ সানি তৰপে তৰপে আকাশলংঘী অট্টালিকা সাজি উলিয়াইছে। শীত–তাপ নিয়ন্ত্ৰিত অত্যাধুনিক ডিজাইনৰ বিভিন্ন যান–বাহনত ঘুৰি–ফুৰিছে। বিলাসী জীৱন যাপন কৰিছে। মহাকাশে মহাকাশে যাত্ৰা আৰম্ভ কৰিছে। চন্দ্ৰলোকত মাটি ক্ৰয় কৰাৰ প্ৰয়াস কৰিছে। নিত্য নতুন সাজ–পোছাক পৰিধান কৰিছে। অত্যাধুনিক ৰন্ধন–প্ৰণালী প্ৰয়োগ কৰি বিধে বিধে সুস্বাদু আহাৰ তৈয়াৰ কৰিছে। গতিশীল সময়ৰ জখলাৰে বগাই বগাই বিৱৰ্তনৰ মাজেদি আগবাঢ়ি আহি আজি একবিংশ শতিকাত অৱতীৰ্ণ হৈ সৃষ্টিশীল চিন্তাৰে জ্ঞান–বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰে পৃথিৱীখনক বহুদুৰ আগবঢ়াই লৈ গ’ল– সেই একেই মানুহ নামৰ প্ৰাণীটোৱে। পিচে সময়ৰ বিপাকত মানুহৰ সমাজখন শ্ৰেণীবিভক্ত সমাজলৈ ৰূপান্তৰিত হ’ল। বৰ্তমান আমি যিখন সমাজত বাস কৰি আছোঁ, সেইখন শ্ৰেণী–সমাজহে। শ্ৰেণীসমাজত মানুহে সুফলতকৈ কুফলহে ভোগ কৰে অধিক। সেয়ে আজি সমাজ–জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। সভ্যতাৰ চৰম শিখৰত অৱতীৰ্ণ হৈয়ো মানুহ যেন অসভ্য জন্তু–জানোৱাৰলৈহে পৰিৱৰ্তিত হ’ল। মানুহ মানুহ হৈয়ো আজি অ–মানুহ হ’ল। মানুহেই আজি মানুহৰ প্ৰধান অন্তৰায়। মানুহেই মানুহক খায় এইখন সমাজতে। নাৰীয়ে নীৰৱে চকুলো টুকে। শিশুৱে হাঁহি হেৰুৱায়। কি যে বিড়ম্বনা! এতিয়া সংকটকাল। চৌদিশে জীৱনৰ হাহাকাৰ! নিৰাপত্তাহীনতাত ভূগিছে আজিৰ মানুহ। ব্যক্তিকেন্দ্ৰিকতাই সজোৰে গা কৰি উঠিছে চৌপাশে। মানুহৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই গৈছে। ক্ৰমশঃ বিচ্ছিন্ন হৈ গৈছে মানুহৰ পৰা মানুহ। পুঁজিবাদৰ চূড়ান্ত ৰূপ এয়া সাম্ৰাজ্যবাদৰ যুগ। পণ্য সামগ্ৰীৰ দৰে ব্যৱহৃত হ’ব ধৰিছে আজিৰ মানুহ। কাৰো ক’তো সুখ নাই, শান্তি নাই। চৌদিশে মাথোঁ বন্দুক–বাৰুদৰ ধোঁৱা। অহৰ্নিশে চলি আছে হত্যা–ধৰ্ষণ–লুণ্ঠন–অপহৰণ–নাৰী নিৰ্যাতন। য’তে–ত’তে অশ্লীল ছবি, অশ্লীল পোষ্টাৰ, অশ্লীল কেছেট। টিভিৰ পৰ্দাতো বাঢ়ি আছে অশ্লীলতা। মদ–ভাং–ড্ৰাগ্‌ছৰ পূৰ্ণ পয়োভৰ। বিষ ঢালি ভেজাল কৰিছে মানুহৰ খাদ্য, ঔষধ আদি। টকাৰ পিচে পিচে দৌৰিছে এচাম মানুহ। কেৱল ধনী হোৱাৰ উগ্ৰ বাসনা মনত পোষণ কৰিছে। দ্ৰুত গতিত কমি আহিছে মানুহৰ জীৱনৰ মূল্য। যুৱ–প্ৰজন্ম আজি দিশহাৰা। চকুৰে দেখিছে সৰিয়হ ফুল। আনহাতে তীব্ৰৰূপ ধাৰণ কৰিছে বৰ্ধিত নিবনুৱা সমস্যাই। বজাৰতো জ্বলিছে প্ৰচণ্ড জুই। পিতৃ–মাতৃ–অভিভাৱকসকল চিন্তাক্লিষ্ট। চৌদিশে অন্ধকাৰ, মাথোঁ অন্ধকাৰ। পোহৰৰ বাট নাই কোনোফালে। তেন্তে ক’ত থৈ যাম আমাৰ প্ৰিয়তম সন্তানসকলক!! গোটেই সমাজখনেই দেখোন আসুৰিক হ’ল। যি কোনো সুস্থ বিবেকবান লোকে এনে অৱস্থা মানি ল’ব নোৱাৰে। তথাপিও আমি আশাবাদী। নিজৰ ওপৰত আস্থা ৰাখি এতিয়াও আমি অনুভৱ কৰোঁ– চাব জানিলে হতাশাৰ মাজতো আশাৰ ৰেঙণি, এন্ধাৰৰ মাজতো পোহৰৰ জিলিঙনি দেখিবলৈ পোৱা যায়। যিসকলে নিজৰ পুত্ৰ–কন্যাক ভাল পায়, ভাল পায় জীৱনক, সমাজক, যিসকলে নিকে সুস্থ–চিন্তাশীল ব্যক্তি বুলি উপলব্ধি কৰে, তেওঁলোকে এই ঘৃণনীয় অৱস্থাৰ পৰিৱৰ্তন বিচাৰিবই!! কিন্তু বিচাৰিলেই সকলো বস্তু পোৱা নাযায়। তাৰবাবে সঠিক আদৰ্শ আৰু চিন্তা–চেতনাৰে উদ্বুদ্ধ হৈ মানৱতাৰ সপক্ষে সাহসী পদক্ষেপ লোৱাৰ উদ্দেশ্যে আত্মসচেতন হৈ নিজকে প্ৰস্তুত কৰিব লাগিবজীৱন যুঁজৰ এজন সুদক্ষ সৈনিকৰূপে। এতেকে বাস্তৱ অৱস্থাৰ প্ৰতি নিজে সচেতন হৈ আনকো সচেতন কৰি সু–সংগঠিত হৈ সুস্থিৰ চিন্তা–চৰ্চাৰে ছাত্ৰ সমাজ, শিক্ষক সমাজ, অভিভাৱকমণ্ডলী তথা সকলো ৰাইজে মিলি এখন সুস্থ–সবল বৃহত্তৰ সমাজ গঢ়াৰ দৃঢ় সংকল্প লোৱাৰ সময় সমাগত। এয়া যে ক্ৰান্তিকাল। ক্ৰান্তিকালৰ সেনানী আমি। সেয়ে আকৌ কৰিছোঁ পাঠ– “চিন্তাও এটা শিল্প।”



 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৮৬৪৩৫৩১৩৭

শিৰোনামৰ ছবিঃ কল্প কলিতা

No comments:

Post a Comment