Wednesday, February 15, 2017

পদিনাৰ খেতিৰে জীৱন সুৰভিত হোৱা অসমৰ কৃষকসকল

2 comments

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭


কিশোৰ তালুকদাৰ –



দেউতাকে নিজৰ বুলিবলৈ থকা ১২ বিঘা মাটিৰ আটাইখিনিয়েই ১৯৭৫ চনত বিক্ৰী কৰি দিয়াৰ সময়ত অক্ষয় কলিতাৰ বয়স আছিল মাত্ৰ ১২ বছৰ। পৰিয়ালৰ সমস্ত ভূমি সম্পত্তিয়েই বিক্ৰী কৰি দিয়াৰ কথাটোৱে অক্ষয়ৰ মনত ইমানেই গভীৰ সাঁচ পেলাইছিল যে ডাঙৰ হোৱাৰ পাছতো সেই কথাটো বাবে বাৰে তেঁওৰ মনলৈ আহিছিল। জনা-বুজা হোৱাৰ পাছত খেতি-বাতিৰ সন্ধানত অক্ষয় গাৰো পাহাৰলৈ গৈছিল। তাৰপৰা তেঁও আদা আৰু জলকীয়া যোগান ধৰিবলৈ ধৰিলে। ভূমি হেৰুওৱা তিক্ত শৈশৱৰ স্মৃতিয়ে তেতিয়াও তেঁওক খেদি ফুৰিছিল আৰু নিজৰ খেতি-মাটি নোহোৱা কথাটোক লৈ কিবা এটা কৰাৰ বিষয়ে সততে ভাবি আছিল।


এসময়ত এজন সফল খেতিয়ক হোৱাৰ সপোন দেখি গাৰো পাহাৰৰ পৰা গুছি আহিছিল তেঁও। পণ লৈছিল এদিন নহয় এদিন নিজৰ মাটিত খেতি কৰাৰ। কামৰূপ জিলাৰ আজাৰাৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ নৈৰ ৰাণী চাপৰি চৰত ন-শিকাৰু খেতিয়ক হিচাপে খেতিৰ কাম আৰম্ভ কৰিছিল কলিতাই। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ধাৰাপুৰ, গৰল, ভট্টপাৰা, কেন্দুকুছি, আগচিয়া, মাজিৰগাঁও,কুহুবৰি আদি অঞ্চলত ৭০০ হেক্তৰৰো অধিক এলেকাজোৰা ৰাণী চাপৰি চৰত বিভিন্ন শস্যৰ খেতি হয়।


ধাৰাপুৰৰ বাসিন্দা ৫৪ বছৰীয়া অক্ষয় কলিতাই তেঁওৰ খেতিয়ক জীৱনৰ মূল কথাবোৰ ৰাণী চাপৰিত ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈ ছবছৰ খেতি কৰিয়েই শিকিছিল।


১৯৯৮ চনৰ শেষৰ ফালে কলিতাই এক লেছা মাটিত পদিনা খেতি কৰি অভাবনীয় ফল পাইছিল। উৎসাহিত হৈ তেঁও অধিক মাটিত পদিনা খেতি কৰিবলৈ লৈছিল। পদিনাই তেঁওক ইমান বেছি লাভবান কৰিব বুলি কেতিয়াও ভবা নাছিল কলিতাই। কিন্তু নভবাকৈয়ে পদিনাৰ খেতি কৰিয়েই অস্খয় কলিতা এজন সফল কৃষকত পৰিণত হ’ল। পদিনা খেতিৰে কেৱল আগশাৰীৰ খেতিয়ক হিচাপে পৰিচিত হোৱাই নহয়, নিজাকৈ যথেষ্ট পৰিমাণে মাটিও কিনিবলৈ সক্ষম হ’ল তেঁও পদিনা বিক্ৰী কৰিয়েই।


“খেতি কৰি পোৱা ধনেৰে প্ৰথম নাহেলি চৰত এবিঘা মাটি কিনিছিলো মই। বৰ্তমান মই ১৬ বিঘা কৃষিভূমিৰ গৰাকী আৰু সুখী এইবাবেই যে মই মোৰ বহুদিনীয়া সপোন পূৰণ কৰিবলৈ সক্ষম হৈছো,” কলিতাই ‘নিজাইন ডট কম’ আলোচনীক জনালে।


কলিতাই বৰ্তমান তিনিবিঘা মাটিত পদিনা খেতি কৰে।


দুকঠা মাটিত পদিনা খেতি কৰি এজন খেতিয়কে খা-খৰচ ২০হেজাৰ টকা বাদ দিও প্ৰায় ৩০ হেজাৰ টকা উপাৰ্জন কৰিব পাৰে।“ এই বিধ শাকৰ খেতি কৰাৰ পূৰ্বে মাটডৰাত লোৱা পৰ্যাপ্ত যত্নই তেঁওক অধিক লাভবান কৰি আহিছে। খেতিৰ পূৰ্বে মাটিখিনি সম্পূৰ্ণৰূপে পৰিস্কাৰ কৰি তুলিবলৈ আৰু সময়মতে সাজু কৰি তুলিবলৈ প্ৰতিবিঘা মাটিত ৫ জনকৈ শ্ৰমিক নিয়োগ কৰিবলগীয়া হয়,” - কলিতাই জনালে। ভাল ফচল পাবলৈ সপ্তাহত দুবাৰকৈ পানী দিব লাগে, গোবৰ দিব লাগে আৰু অপতৃণবোৰ গুছাব লাগে। প্ৰতি ২৫ দিনৰ মূৰে মূৰে ছিঙিব পৰা হয়। বছৰটোত সৰ্বাধিক ১২ বাৰলৈ পদিনা ছিঙিব পাৰি। বাৰিষা বতৰত পদিনাত ভেঁকুৰে আক্ৰমণ কৰে যদিও সময়মতে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে ক্ষতিৰ পৰা হাত সাৰিব পাৰি।


কলিতাৰ সফলতাই আনকো উৎসাহিত কৰিছে। নাহেলি চৰত এতিয়া পদিনা খেতি কৰা খেতিয়কৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে।


ধাৰাপুৰ চক্ৰৰ উন্নয়ন বিষয়া ৰবীন তালুকদাৰে জনোৱা মতে ৰাজ্যৰ বজাৰত প্ৰয়োজন হোৱা পদিনাৰ ৯০ শতাংশই এই ৩০ গৰাকী খেতিয়কে যোগান ধৰে। ইয়াৰে সিংহভাগেই বিক্ৰী হয় গুৱাহাটীৰ বজাৰত।ব্যক্তিগত ক্ৰেতাৰ উপৰি এইসকল খেতিয়কৰ খেতিৰ পদিনাৰ চাহিদা আছে হোটেলসমূহতো। বিয়াৰ বতৰত চাহিদা অনুসৰি যোগান ধৰিব নোৱৰা হৈ যায় খেতিয়কসকলে। এই চাহিদা নৱেম্বৰ মাহৰ পৰা এপ্ৰিললৈকে থাকে।


সুভাষ কলিতা (৪৫) এইসকল পদিনা খেতিয়কৰ মাজৰে এজন। তেঁও ৩ বিঘা মাটিত এই ঔষধি শাকবিধৰ খেতি কৰিছে। নিজৰ বাকী ১২ বিঘা মাটিত তেঁও আন আন খেতি কৰে। “খা-খৰচ বাদ দি পদিনা খেতিৰ পৰা মই বছৰত ৪ লাখ টকা লাভ কৰো,”- সুভাষে ক’লে। ২০১২-১৩ বৰ্ষত বস্তু কঢ়িওৱা ভান এখন কিনিবলৈ কৃষি বিভাগে তেঁওক ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিছিল। যোৱা বছৰ আগষ্ট মাহত সুভাষে এখন চাৰিচকীয়া গাড়ীও কিনিছে।


খেতিয়ক সকলে ব্ৰহ্মপুত্ৰৰ পৰা তেঁওলোকৰ কৃষিভূমিত পানীযোগান ধৰে। পদিনাৰ মুঠি বান্ধিবলৈ তেঁওলোকে কাহীবন ব্যৱহাৰ কৰে। পদিনাখেতিত ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ গৰুৰ গোৱৰ আৰু মূত্ৰ ব্যৱহাৰ কৰাটো অধিক পছন্দ কৰে তেঁওলোকে। “অধিক পৰিমাণে ৰাসায়্নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ গুণ হ্ৰাস পায়। সেয়ে আমি এই বিষয়ত অতি সতৰ্ক,”- গৰলৰ নাৰায়্ণ দাসে ক’লে।


পানীৰ অপব্যয় নকৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে তেঁওলোকে। পদিনা খেতিৰ মাটডৰাৰ চাৰিওফালে মাটিৰে ওখকৈ আলিও বান্ধি লৈছে সেয়ে।সাধৰণতে খেতিৰ মাজৰ এই আলিবোৰ এনেয়ে ৰাখি থোৱা হয়।কিন্তু এইসকল কৃষকে আলিবোৰতো শাক ৰুই লাভবান হৈছে।শাকৰ খেতিৰ উদ্যেশ্য দুটা। শাক ৰোৱাৰ ফলত আলিবোৰত অপতৃণ গজিবলৈ নাপায় আৰু দ্বিতীয়তে ওপৰঞ্চি পানীখিনি শাকৰ খেতিত কামত আহে।


অজিত, শ্ৰীধৰ, গোবিন্দ—এই তিনি ভাই-ককায়ে মিলি ৩০ বিঘা মাটিত পদিনা খেতি কৰিছে। তেঁওলোকে জনোৱা মতে ৩০ জন খেতিয়কৰ খেতিৰ ফচল কঢ়িয়াবলৈ অন্ততঃ পাঁচখন ট্ৰেক্টৰৰ প্ৰয়োজন হয়। কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰৰ খেতিৰ মাটিৰ পৰা প্ৰায় ২ ৰ পৰা ৪ কিলোমিটাৰ দূৰত্ব পদিনাৰ বোজা কান্ধত তুলি কৰি খোজ কাঢ়ি আহিবলগীয়া হয় খেতিয়কসকল। “আমাৰ যদি ট্ৰেক্টৰ থাকিলহেঁতেন পদিনা কঢ়িয়াই অনাৰ কষ্টৰ লগতে আমাৰ সময়ো বাচি গ’লহেঁতেন,”- তেঁওলোকে কয়।





শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

2 comments:

  1. কুলদীপAugust 8, 2017 at 11:46 PM

    কৃষকৰ খবৰৰ লগতে খেতিৰ দিহা বিষয়ক প্ৰবন্ধও পঢ়িবলৈ পাম বুলি আশা কৰিলো।

    ReplyDelete
  2. অশেষ ধন্যবাদ আপোনালৈ, কৃষি সম্পৰ্কীয় বাতৰি–পৱন্ধ নিশ্চয় প্ৰকাশ কৰিম

    ReplyDelete