Sunday, January 15, 2017

মামণি বাইদেউৰ আপোন গাঁওখনৰ হেৰোৱা অতীতৰ প্ৰতিচ্ছবি

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭


 

সীমান্ত কাকতি –


অতীতক বৰ্তমানৰ তুলাচনিৰে জোখমাপ কৰি ভৱিষ্যত দৰ্শনৰ যি প্ৰয়াস সেয়াই ঐতিহাসিক বুলি ক’ব পাৰি। তেনে এক শুভচিন্তাক জাগ্ৰত কৰাৰ মানসেৰে আমাৰ এই কলম যাত্ৰা। সুধী সমাজে সমালোচনাৰে দোষ–ক্ৰুতিবোৰ আঙুলিয়াই দিব।


১৯ শতিকালৈ ভৌগোলিক ভাৱে জগলীয়াৰ বিশাল জলভাগে আমৰাঙা অঞ্চলটক বহিঃস্থলভাগৰ পৰা পৃথক দেখা গৈছিল। শালি খেতি চপোৱালৈ খৰাঙৰ কবলত এই জলভাগ সময়ত উদং হৈ পৰে। অহিনকোণীয়া, হাবি–জংঘলেৰে ভৰপূৰ বাবেই সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ অহা পূৰ্বৰ ৰজা মহাৰজা সকলে এই অঞ্চলটোক বিশেষ গুৰুত্ব আৰোপ কৰা যেন নালাগে। খুব সম্ভব জনজাতীয় সামন্ত প্ৰভূৰ দ্বাৰাই শাসিত হৈছিল এই বৃহত্তৰ অঞ্চল। আমৰাঙাৰ অতীত সন্দৰ্ভত “বাহাৰিস্থান ই ঘাইবি” গ্ৰন্থত উল্লেখিত খামৰঙা ৰাজ্যক এচামে স্বীকাৰ কৰি ল’লেও অন্য এচামে নিৰ্দিষ্ট তথ্য প্ৰমাণৰ ভিত্তিত ইয়াৰ উপস্থিতিক লৈ সন্দেহ প্ৰকাশো কৰা দেখা যায়।


ঐতিহাসিকভাবে স্বাভাৱিক জীৱন প্ৰণালীক আকোৱালি লোৱা আমাৰ পূৰ্বপুৰুষসকলে সময়ৰ পাকচক্ৰত জনজাতীয় চিন্তাক একাষৰীয়া কৰি, ৰাজকীয় ব্যৱস্থাতে সত্ৰীয় সংস্কৃতিক আকোৱালি ল’লে। ১৬ শতিকাৰ প্ৰথমাৰ্দ্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশ শিৰত লৈ তেওঁৰ একান্ত শিষ্য মাধৱদেৱে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে কামৰূপ জিলাৰ দক্ষিণ ৰাণী আৰু ভোলাগাঁও মৌজাৰ সীমা কাঁহিগংগা (কাঁহিডঙা) জানৰ পাৰত অৱস্থিত বৰহেৰামদো সত্ৰ স্থাপন কৰে। আকৌ মহাপুৰুষ মাধৱদেৱে প্ৰায় ছমাহ কাল থাকি এই অঞ্চলত নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়। ১৭১৫ খৃঃত গৰৈমাৰীত থকা গোপীনাথ সত্ৰ গৰাখহনীয়াত জাহ যোৱাত মহাৰাজ শিৱ সিংহই আমৰাঙাত কিছু মাটি সত্ৰৰ নামত দান দি দামোদৰদেৱে মহাপুৰুষীয়া সনাতন ধৰ্মৰ ক্ষেত্ৰ বৰ্দ্ধন কৰে। এই সত্ৰতে মামণি বাইদেউৰ পূৰ্বপুৰুষসকলে সত্ৰাধিকাৰৰ আসন শুৱনি কৰি আজিলৈ সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে। এক আধ্যাত্মিক চিন্তাৰ আলোকেৰে প্ৰতিপালিত এই বৃহৎ অঞ্চলটোত পিছলৈ সত্ৰীয় সংস্কৃতিৰ চত্ৰচায়াত শৃংখলিত জীৱন পৰিক্ৰমাৰ ইতিহাস আমি বিচাৰি পাওঁ।


অষ্টাদশ শতিকাৰ সামন্ত ৰজাৰ লীলাভূমি দক্ষিণ কুলৰ অৰ্থনীতি বিশেষভাবে কৃষি আৰু বিনিময় প্ৰথাই মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত প্ৰভাৱ বিস্তাৰ কৰিছিল। সৌ তাহানিৰ পৰাই শালি খেতিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটো কোনো কাৰণতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া নহৈছিল। ৰাজ ব্যৱস্থাৰ অন্ত পৰাত কৃষি উৎপাদনী প্ৰক্ৰিয়াটোত লগুৱা, ক্ষুদ্ৰ খেতিয়ক, ভূ–স্বামী (মহাজন) শ্ৰেণীৰ আবিৰ্ভাৱে অন্য এক অৱস্থালৈ তুলি লৈ আহিল। লগুৱা শ্ৰেণীয়ে নিজৰ পৰিয়াল চলাবলৈ মহাজনৰ ঘৰত বছৰৰ পিছত বছৰ কাম কৰিব লাগিছিল আৰু খেতিয়ক শ্ৰেণীয়ে মহাজনৰ মাটিত আধি চুকানী খাই বছৰৰ ৬–৭ মাহ মান চলিব পাৰিছিল। আকালৰ দিনত মহাজনৰ ওচৰ চাপি নিজৰ ভেঁটি মাটি পৰ্যন্ত বন্ধকত দি জীৱনৰ দুৰ্যোগবোৰ পাৰ কৰিছিল।


সমসাময়িক কালছোৱাত সমাজত নাৰীৰ স্থান আছিল নিশকতীয়া। মহাজনৰ লেখীয়া মানুহচামে দুজনী–তিনিজনী বিয়া কৰোৱাটো কোনো নীতি বহিৰ্ভূত কথা নাছিল। তাকে দেখি সাধাৰণ প্ৰজাও লঘু কাৰণতে এজনী ত্যাগ কৰি আন এজনী চপাই লোৱা কথাটো সমস্যা বুলি নধৰিছিল। সমাজৰ নেতৃস্থানীয় আসনত আছিল ‘মহাজন’, ‘গোহাঁই’, ‘মহন্ত’ শ্ৰেণীৰ লোকসকল। মহাপুৰুষীয়া সত্ৰৰ অধিকাৰী (মহন্ত) আৰু দামোদৰীয়া সত্ৰৰ সত্ৰাধিকাৰ (গোসাঁই) ধৰ্মীয় ক্ষেত্ৰখনৰ উপৰিও সমসাময়িক কালছোৱাত সামাজিক বিষয়বোৰতো প্ৰাধান্য বিস্তাৰ কৰা দেখা যায়। এই ক্ষেত্ৰত ভূসম্পত্তিৰে বলিয়ান মহাজন সকলো পিছ পৰি নাছিল। দামোদৰীয়া সত্ৰৰ সত্ৰধিকাৰ (বিশেষকৈ আমৰাঙা সত্ৰ) কেৱল ধৰ্মীয় জগতখনেৰে নহৈ বিশাল ভূসম্পত্তিৰ মালিক হৈ পৰাত তেওঁলোক দুয়োটা দিশৰ পৰাই শক্তিশালী হৈ উঠে। ভূ–সম্পত্তিক কেন্দ্ৰ কৰি মহাজন আৰু গোঁসাই দুটা ফৈদে সমসাময়িক কালছোৱাত সামাজিক ক্ষেত্ৰখনত প্ৰাধান্য প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ সক্ষম হয়। এই দুই শক্তিৰ সহযোগিতা বিদ্বেষ অন্তৰ্দন্দৰ কাৰকবোৰৰ মাজেৰেই বিভিন্ন সময়ত সামাজিক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ তলতীয়া শ্ৰেণী হিচাপে গৰ্জি উঠিছিল উল্লেখিত খেতিয়ক ৰায়ত শ্ৰেণী। শোষণ উৎপীড়নৰ অজস্ৰ উদাহৰণেৰে পৰিবেষ্টিত ৰায়তসকলৰ ভূ–সম্পত্তিক কেন্দ্ৰ কৰি অসন্তুষ্টি বাঢ়িছিল যদিও ই শ্ৰেণী সংগ্ৰমালৈ গতি কৰা নাছিল। ৰায়ত সকলৰ শ্ৰেণী দৃষ্টিভঙ্গী ইমানেই দুৰ্বল আছিল যে পৰবৰ্তী ৬০ দশকৰ কমিউনিষ্ট আন্দোলৰ দ্বাৰা প্ৰভাৱিত হৈও লুকাই চুৰকৈ মহাজন বা গোঁহাইক আধি–চুকানি দি আহিছিল। মামণি বাইদেৱে ‘দঁতাল হাতীৰ উয়ে খোৱা হাউদা’ত গোঁহাইৰ শিষ্যৰ দ্বাৰাই উল্লেখ কৰিছে “কমিউনিষ্ট গিলাই উচেতনি দিলি কি হ’ব, বুঢ়া গসাঁই দিনৰে ৰায়ত এইমখা–ভুকি মাল্লিয়ে কিবা কল পকেনা?” তথাপিতো ভিতৰি ভিতৰি এই আন্দোলৰ প্ৰতি একাংশ ৰায়তৰ সমৰ্থন নুই কৰিব নোৱাৰি। ৬০ দশকৰ কমিউষ্ট আন্দোলনত সুদূৰপ্ৰসাৰী প্ৰভাৱতে অৱশেষত মহাজনীয়া ব্যৱস্থাই হাৰ মানিছিল। ঠিক একেদৰে গসাঁইৰো পূৰ্বৰ প্ৰতিপত্তি হ্ৰাস পাইছিল। প্ৰতিষ্ঠিত সমাজ ব্যৱস্থাত একশ্ৰেণীৰ লোকে শ্ৰেণীগত কাৰণতে সমাজত দোষী সাব্যস্ত হ’লেও সাতগুণ মাফ হৈছিল আৰু লগুৱাই তিলমান ভূলতে বেত্ৰাঘাত সহ্য কৰিব লাগিছিল। অজাতিৰ প্ৰতি দেখুওৱা সাম্প্ৰদায়িক দৃষ্টিভঙ্গী, অন্ধবিশ্বাস, কু–সংস্কাৰেৰে আক্ৰান্ত জনজীৱনত ৰক্ষণশীল অৱস্থা এটাই গা কৰি উঠা বাৰুকৈয়ে পৰিলক্ষিত হয়।


মানুহৰ ইতিহাস ৰচনা হয় সমসাময়িক জীৱন সংগ্ৰামৰ মাজেদি। প্ৰকৃতিৰ সৈতে যুঁজিয়েই হওঁক কিম্বা দ্বন্দ সংঘৰ্ষৰ মাজেৰেই মানুহৰ সংগ্ৰামী গাঠা গঢ় লৈ উঠে। এনেধৰণৰ কোনো এটা উপাদানে আমাৰ এই বৃহত্তৰ অঞ্চলত প্ৰাধান্য বিস্তাৰ নকৰি কেৱল ধৰ্মীয় আৱেগেৰে জনজীৱনৰ চিন্তা–চেতনা গঢ় লৈ উঠিছিল। ঐতিহাসিকভাবে প্ৰাকৃতিক দুৰ্যোগ–প্ৰতিবাদ–প্ৰতিৰোধ–সংঘৰ্ষৰ পৰা বহুজন দূৰত অৱস্থান কৰা সৰ্বসাধাৰণ ৰাইজ স্বাধীনতা আন্দোলনত জড়িত হোৱাৰ কোনো নিৰ্দিষ্ট দৃষ্টান্ত পাবলৈ নাই। কেৱল ৮৫ চনৰ বিদেশী বহিস্কাৰ আন্দোলনৰ সৈতে এই অঞ্চলৰ শিক্ষিত মধ্যবিত্ত একাংশ আৱেগিকভাবে জড়িত হৈ পৰে।


কোনো ঘটনা–পৰিঘটনাৰ অন্তৰালত অন্তৰালত থকা পৰিবেশ পৰিস্থিতিয়ে মানুহৰ মনত ক্ৰিয়া কৰে। নিৰ্দিষ্ট পৰিবেশ পৰিস্থিতিৰ তাড়ণাত মনৰ কোনোবাখিনি বিকাশত মন্থৰ হ’লেও আন এক পৰিস্থিতিত শৈক্ষিক–সাংস্কৃতিক বিকাশৰ দিশটোৰ বৰ্দ্ধন ঘটে। পৰবৰ্তী কালছোৱাত এই কাৰণতে এক উন্নত বাতাবৰণে–সমগ্ৰ অঞ্চলটোতে গঢ় লৈ উঠে। কুৰি শতিকাৰ প্ৰাৰম্ভৰ পৰা বঙালি নাট্য চিন্তাৰ দ্বাৰা আকৃষ্ট হৈ সমগ্ৰ দক্ষিণ কামৰূপত কেইটামান যাত্ৰাদলে আত্মপ্ৰকাশ কৰাত আমাৰ এই অঞ্চলটোৰ একাংশ নেতৃস্থানীয় পিছপৰি নাথাকিল। ইতিমধ্যে বৈষ্ঞৱ আন্দোলনৰে পৰাই ধাৰাবাহিকভাবে সংস্কৃতিৰ ভেঁটি ৰচনা হোৱাত এই যাত্ৰাদল সমূহে সহজেই ভাৱিষ্যতৰ সেন্দুৰীয়া আলি নিৰ্মাণ কৰি ল’লে। “স্বৰ্গীয়– মঞ্জয় চৌধুৰী, স্বৰ্গীয়– নবীন ঠাকুৰীয়া, স্বৰ্গীয়– কেহাৰাম গাওবুঢ়াকে ধৰি একাদিক্ৰমে পৰৱৰ্তী সময়ত অন্য বহুকেইজন যাত্ৰাদলৰ গুৰি বঠা ধৰে। উক্ত সময়ছোৱাত এই যাত্ৰাদল সমূহেই আছিল আমৰাঙা অঞ্চলৰ সামূহিক ভেটি। সমষ্টি চেতনা জাগ্ৰত কৰা এই যাত্ৰাদল সমূহৰ কঠিয়াতলিতে এই অঞ্চলৰ শিল্পী প্ৰাণ সাৰ পাই উঠে। সৰ্বসাধাৰণ শ্ৰেণীৰ পৰাই ওলাই আহে বৰহেৰামদোৰ স্বৰ্গীয়– হৰিচিং কৈৱৰ্ত আৰু আমৰাঙাৰ স্বৰ্গীয়– মেদু কুমাৰৰ কালিয়া বাদন, স্বৰ্গীয়– লেতৰু মিস্ত্ৰীৰ শিল্প ভাস্কৰ্য, প্ৰশ্ৰুখুৱাৰ সান্দহু ৰাভা, স্বৰ্গীয়– পিটলু ৰাভাৰ ঢুলিয়া চেৱেৰে আৰম্ভ হয় নতুন শিল্পী প্ৰজন্মৰ সাংস্কৃতিক যাত্ৰা।


সময়ৰ দলিচাত পূৰ্বৰ নেতৃত্বৰ সালসলনি ঘটিল। আধুনিক সভ্যতাৰ গছকত জন্ম হ’ল শিক্ষিত মধ্যবিত্ত শ্ৰেণী। এই শ্ৰেণীয়ে পূৰণ কৰিলে পূৰ্বৰ ‘গোঁহাই’ আৰু ‘মহাজন’ৰ স্থান। প্ৰতিষ্ঠিত সামাজিক ক্ষেত্ৰখনৰো সালসলনি হ’ল। পৰিবেশ পৰিস্থিতিয়ে দাবী কৰা ধৰণেই সাংস্কৃতিক ক্ষেত্ৰখনো চহকী হৈ উঠিল। বাইদেউৰ আপোন গাঁওখনে এনেদৰেই আধুনিক শিক্ষা–সংস্কৃতিৰ কবলত গতিশীল হৈ পৰিল।


 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৭০৭৫৪৯৯০১

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

No comments:

Post a Comment