Sunday, January 15, 2017

শালকাঠৰ নাটনিৰ বাবেই সোঁৱৰণি হোৱাৰ উপক্ৰম হৈছে চহাৰ আপোন গৰুগাড়ীখন

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭


 

কিশোৰ তালুকদাৰ –


নামনি অসমৰ কমৰূপ জিলাৰ জাজেৰবাৰী গাৱঁৰ বিপুল কলিতাই তেঁওৰ ২০ বিঘা মাটিৰ ধান চপাই ঘৰলৈ আনিবৰ সময়ত তেঁওৰ সমুখত দুটাই উপায় আছিল– হয় ৬০০০ টকা খৰছ কৰি এখন মটৰগাড়ী ভাৰা কৰা, নহলে ১২,০০০ বা ১৩,০০০মান টকা খৰছ কৰি তেঁওৰ নিজা গৰুগাড়ীখনৰ চকাটো নতুনকৈ বনাই লোৱা। তেঁও প্ৰথম উপায়টোকে অৱলম্বণ কৰাটো উচিত বুলি বিবেচনা কৰিলে আৰু এইদেৰই অন্ত পৰিল পৰিয়ালটোত কেইবাপুৰুষো ধৰি পথাৰৰ পৰা ধান কঢ়িওৱাৰ লগতে আন কাম- বনৰ লগৰী গৰুগাড়ীৰখন চলাই ৰখাৰ এক সমৃদ্ধ পৰম্পৰাৰ।


আমাৰ গাৱঁৰ জীৱনপ্ৰৱাহৰ অতিকে চিনাকি গৰুগাড়ীখনৰ চকাৰ বাবে প্ৰয়োজনীয় শাল গছবোৰ অসমৰ হাবি-বননিৰপৰা ক্ৰমে হেৰাই হোৱাত উপক্ৰম হোৱাত এই গৰুগাড়ীবোৰ এতিয়া হয় হেৰাই গৈছে, নহলে আগৰ শালকাঠৰ চকাৰ পৰিৱেৰ্ত ৰবৰৰ চকা লগাবলগীয়া হৈছে।


“শালকাঠৰ চকা লগালে গৰুগাড়ীখন বহুদিন টিকি থাকে। আনহাতে ইয়াৰ পৰিৱৰ্তে শিশুগছৰ কাঠো কোতিয়াবা লগোৱা হয়। কিন্তু এই দুবিধ কাঠৰ বাদে আন কাঠেৰে গৰুগাড়ীৰ চকা সাজিব নোৱাৰি”– বুলি জনালে পৰম্পৰাগতভাৱে গৰুগাড়ীৰ চকা সাজি অহা বসন্ত দাস নামৰ মিস্ত্ৰিজনে। দুটা কাঠৰ গৰুগাড়ীৰ চকা সাজিবলৈ ৭ ঘন–মিটাৰ শালকাঠ লাগে। আজিৰ বজাৰত ইয়াৰ দাম ২৫,০০০ টকা। আনহাতে, কেৱল পুৰঠ শালকাঠেৰেৰে এই চকাবোৰ সাজিব পাৰি বুলিও তেখেতে জনালে। এসময়ত এই কাঠবোৰ অতিকৈ সুলভ আছিল। কিন্তু বৰ্তমানে পুৰঠ শালকাঠ প্ৰায় দুৰ্লভ হৈ পৰিছে। বৰ্তমানে প্ৰতি ঘন-মিটাৰ শালকাঠৰ দাম ২০০০ টকা। এজন কৃষকৰ বাবে এই পৰিমাণৰ টকাৰ বোজা বহন কৰাটো সম্ভৱ নহয়। তদুপৰি চকাটোৰ বাহিৰৰ খোলাটোত ষ্টীলৰ ফ্ৰেম এটাও থাকে। কাঠৰ লগতে ষ্টীলৰ অভাৱনীয় দামৰ বাবেও তেঁওলোকক মাধমাৰ শোধাইছে।


এখন গৰুগাড়ীত দুই ধৰণৰ চকা লগোৱা হয়। ডাঙৰ আকাৰৰ গৰুৱে টনা গাড়ীৰ বাবে ৪.৫ ফুটৰ আৰু সৰু আকাৰৰ গৰুৰ বাবে তিনিফুটৰ চকা লগোৱা হয়। সাধাৰণতে এখন পৰম্পৰাগত গৰুগাড়ীয়ে ১০ৰপৰা ১২ কুইণ্টল সামগ্ৰী বোজাই কৰিব পাৰে।


কিছুমান খেতিয়কে কাঠৰ চকাৰ পৰিৱৰ্তে ৰবৰৰ চকা লগাই গৰুগাড়ীবোৰ চলাই ৰাখিছে। “কিন্তু ৰবৰৰ চকা লগোৱা গৰুগাড়ীয়ে বেছি সামগ্ৰী বহন কৰিব নোৱাৰে। ওখোৰা–মোখোৰা পথত কেতিয়াবা এনে চকাবোৰ ভাগি পৰে আৰু গৰুহালৰো ক্ষতি সাধন কৰে– বুলি ৰমেশ দাস নামৰ কৃষক এজনে জনায়।


“নিজৰ নিজৰ গৰুগাড়ী থকা খেতিয়কে সুবিধা অনুসৰি পথাৰৰপৰা শইচ চপাই আনিব পাৰে। কিন্তু এখন মটৰগাড়ী কেইঘণ্টামানৰ বাবেহে ভাৰা কৰিব পাৰি। তদুপৰি গাড়ীত উঠাবৰ বাবেও সুকীয়াকৈ শ্ৰমিক নিয়েজিত কৰিবলগীয়া হয়। গতিকে ভাৰা পৰিশোধ কৰিবলগীয়া হয় দুবাৰ। গতিকে মটৰগাড়ী কেইবাবাৰো ভাৰা কৰা মানেই অধিক টকা ভৰিবলগীয়া হয়– বুলি তেখেতে জনালে।


অতীতত এই অঞ্চলৰ খেতিয়কসকলে শইচ চপোৱাৰ সময়ত খেতি–পথাৰতেই গৰুগাড়ীৰে সৈতে বাহৰ পাতি থাকিছিল আৰু ইয়াক তেঁওলোকে “বাহাৰ দিয়া” বুলি কৈছিল। ধান কটাৰ পিছত গধূলি গৰুগাড়ীত বোজাই কৰি দি খেতিয়কে সমুখত লণ্ঠণ এটা জ্বলাই দি গৰুহাল গাড়ীত জুটি দি চলিবলৈ এৰি দিছিল আৰু নিজে ক্লান্ত হৈ গাড়ীৰ ভিতৰতে টোপনিত ঢলি পৰিছিল। নিজৰ ঘৰৰ বাট চিনি পোৱা গৰুহালে গৰাকীয়ে নিৰ্দেশ নিদিয়াকৈয়ে আপোনমনে ঘৰ আহি ওলাইছিলহি। এই সকলো দিনেই এতিয়া মাথো ধূসৰ অতীতৰ সোঁৱৰণি হৈ পৰিছে বুলি দাসে লগতে জনায়।


মাথো পথাৰৰ শইচ ঘৰলৈ কঢ়িয়াবৰ বাবেই নহয়, এটা সময়ত বেপাৰ–বণিজৰ বাবেও অতি প্ৰয়োজনীয় আছিল গৰুগাড়ীখন। বিয়াৰ দৰাই হাতীত উঠি অহাৰ বিপৰীতে কইনাই আত্মীয়-স্বজন সহিতে সজাই-পৰাই অনা চৈ দিয়া গৰুগাড়ীত উঠি শহুৰ ঘৰলৈ অহাৰ ছবিখন এতিয়াও চহা জীৱনৰ মনৰপৰা হেৰোৱা নাই। নগৰীয়া জীৱনৰ খৰতকীয়া ছন্দত এলাগী হৈ পৰিলেও দূৰণিবটীয়া, আৰু আধুনিকতাৰ পৰা দূৰৈত থকা অঞ্চলবোৰত এতিয়াও আনকি হস্পিতাললৈ বেমাৰী কঢ়িওৱাৰ দৰে কামতো গৰুগাড়ীখন দৰকাৰ হয়।


আমাৰ সংস্কৃতিৰ এক অভিন্ন অংগ হিচাপেই গৰুগাড়ীখন সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কৈ দাসে আক্ষেপ কৰে– নহলে হয়তো আমাৰ গাৱঁৰ জীৱনৰ অতিকে আপোন গৰুগাড়ীখনো সোৱঁৰণি হৈ পৰিব।


 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

No comments:

Post a Comment