Tuesday, November 15, 2016

এজোপা গছ বচাওক, এটা জাপিক বচাওক

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬


 

কিশোৰ তালুকদাৰ –


ব্যাপক হাৰত অৰণ্যভূমি ধ্বংসই অসমৰ জাপি-নিৰ্মাণ সংস্কৃতিলৈ কঢ়িয়াইছে ভাবুকি –


জাপি গছজোপা বহুতৰ বাবেই পৰিচিত নহয়–কিন্তু অসমীয়া সংস্কৃতিলৈ ওপৰত এই বৃক্ষ প্ৰজাতিবিধৰ অনন্য অৱদান আছে। অসমীয়া লোকৰ পৰম্পৰাগত শিৰস্ত্ৰাণ হিচাপে পৰিচিত জাপি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা এই জাপি পাতৰ বৈজ্ঞানিক নাম হৈছে লিচুৱালা পেলটালা। এশিঙীয়া গঁড়ে যিদৰে অসমক প্ৰতিনিধিত্ব কৰে, কোণীয়াকৈ সজা অনন্য জাপিটোৱেও সেইদৰেই দাঙি ধৰে ৰাজ্যখনৰ বৈশিষ্ট্য।


কিন্তু আদৰৰ সেই জাপিটোৱেই এতিয়া সংকটৰ গৰাহত।


ৰাজ্যখনৰ হাবি-বননিৰ পৰা ক্ৰমশঃ দ্ৰুতগতিত জাপিগছৰ সংখ্যা কমি আহিবলৈ ধৰিছে।টকৌ ছিঙা মানুহবোৰ যিদৰে চিন্তাত পৰিছে– সেইদৰে চিন্তিত হৈ পৰিছে উদ্ভিদবিজ্ঞানীসকলো। যদিহে কিয়নো এই গছবিধ সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়, তেন্তে অসমৰ জাপিও নোহোৱা হৈ যাব।


বজাৰত জাপি পাত বিক্ৰী কৰি জীৱিকা অৰ্জন কৰি অহা অৰণ্যৰ আশে-পাশে বাস কৰা লোকসকলে প্ৰথমে এই বিপদৰ আগজাননী পাইছে। এইবিধ উদ্ভিদ প্ৰজাতিৰ ভৱিষ্যত যে শূন্য সেই কথা অনুভৱ কৰিছে তেঁওলোকে। অসমৰ হাবিত এসময়ত উভৈনদী হৈ থকা জাপিগছ আজিকালি সতকাই দেখিবলৈ পোৱাই টান হৈ পৰিছে। প্ৰাক–মৌচুমী কালত মানুহে পাহাৰীয়া অতি কষ্টেৰে টকৌপাত বিচাৰি হাবিলৈ যায়। জানুৱাৰীৰ পৰা জুন মাহলৈকে জাপিপাত সংগ্ৰহৰ বাবে উত্তম সময়। এই সময়খিনিতেই জাপিৰ চাহিদাও সৰ্বাধিক বৃদ্ধি পায়, কিয়নো এইছোৱা সময়েই হৈছে কৃষকসকলৰ বাবে খেতিৰ মাটি চহোৱাৰ সময়, পথাৰত থকা সময়ত প্ৰখৰ ৰ’দৰ পৰা নিজকে বচাবলৈ জাপিৰ দৰকাৰ হয় তেঁওলোকক। নামনি অসমৰ দক্ষিণ কামৰূপ অঞ্চলৰ অসমৰ হাতীগড়, মায়ং–গাৰাং আৰু বিজুলীবাৰীৰ লগতে মেঘালয়ৰ ৰাজাগুমাই অঞ্চলত জাপিগছ যথেষ্ট পৰিমাণে আছিল। কিন্তু আজিকালি আৰু সেইদৰে পোৱা নাযায়।


এই আপুৰুগীয়া গছবিধ যাতে নোহোৱা হৈ নাযায় তাৰবাবে সতৰ্ক হৈ এই এলেকাবোৰৰ গাঁওবাসীয়ে পাহাৰৰ এঢলীয়া ঠাইবোৰত জাপি গছ ৰুবলৈ লৈছে বুলি জনালে প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি অহা দেবজিত নাফাই। সেইদৰে ৰাজাপাৰা নিবাসী হিতেশ ৰাভায়ো নিজৰ মাটিত এই বিধ গছ ৰুইছে। তেঁও বাৰিষা বতৰত চাহিদা বৃদ্ধি পোৱাৰ সময়ত পূৰঠ আৰু কোমল, দুয়োবিধ জাপিপাত যোগান ধৰে জাপি তৈয়াৰ কৰা লোকসকলক।


অৰণ্যভূমি কমি অহাৰ ফলত আৰু পাহাৰত জুই জলাই জংঘল পুৰি খেতিৰ বাবে মাটি মোকোলোৱাৰ বাবেই জাপি গছ নোহোৱা হৈ যাবলৈ ধৰিছে অসমৰ হাবি-বননিৰ পৰা বুলি নাফাই জনালে। “এই নাটনিৰ ফলত এচাম লোকৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে,”– নাফাই দুখেৰে ক’লে। অবৈধভাবে কাঠ সৰবৰাহ কৰা মানুহবোৰ আন এক সমস্যা হৈ দেখা দিছে। পাহাৰীয়া জংঘলত গছ কটাৰ পিছত চোৰাং ব্যৱসায়ীয়ে যকাঠৰ টুকুৰাবোৰ সৰবৰাহৰ বাবে আটাইতকৈ চুটি পথ ব্যৱহাৰ কৰে। গতিকে সুৰুকীয়া বাট উলিয়াবলৈ সিহঁতে ৰাস্তাত পোৱা গছ-গছনি কাটি বাট মুকলি কৰি লয়।


জাপি পাত সংগ্ৰহ কৰি জীৱিকা অৰ্জন কৰি অহা অসম–মেঘালয় সীমান্ত অঞ্চলৰ ৰাজাপাৰা, ৰাণীখামাৰ, জাৰামুখুৰীয়া, জিমিৰিগাঁও আৰু দেওপানী আদি ঠাইৰ অৰণ্যবাসীৰ সংখ্যা দিনকদিনে কমি আহিছে। ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট, ২০১৫ ৰ এক সমীক্ষা অনুসৰি অসমৰ ধ্বংসপ্ৰাপ্ত বনভূমিৰ পৰিমাণ ৩৮৪ বৰ্গকিলোমিটাৰ(য’ত বৃক্ষশীৰ্ষ ঘনত্ব ১০ শতাংশৰো কম), আনহাতে হ্ৰাস পোৱা বনভূমিৰ পৰিমাণ হৈছে ১৫৪ বৰ্গকিলোমিটাৰ। অতি ঘন অৰণ্যৰ ৩ বৰ্গকিলোমিটাৰকৈ আৰু মধ্যমীয়া ঘন অৰণ্যৰ ৭৭ বৰ্গকিলোমিটাৰ বনাঞ্চল হ্ৰাস পাইছে।


অকল মিহি, জাপ নোখোৱা পাতবোৰেৰেহে জাপি তৈয়াৰ কৰা হয়।পূৰঠ পাতবোৰ ঘৰৰ চাল চোওৱাত ব্যৱহাৰ কৰা হয়।পাত বিক্ৰী কৰা লোকসকলে ২০ খিলা পাতত ৫০ টকাকৈ পায়। পাত বিক্ৰীৰ বতৰ শেষ হোৱাৰ পিছত তেঁওলোক আটায়ে খেতিৰ কামত জড়িত হয়। কিন্তু আজিকালি পাত বিক্ৰীৰ কামটো তেঁওলোকৰ বাবে কঠিন হৈ পৰিছে। জাপি তৈয়াৰ কৰোতে গাঁঠি দিবলৈ হাবিত পোৱা বিশেষ এবিধ বেত ব্যৱহাৰ কৰা হয়। কিন্তু আজিকালি সেইবিধ বেত প্ৰায় বিলুপ্ত হৈ পৰাৰ ফলত জাপি তৈয়াৰ কৰা লোকসকলে প্লাষ্টিকেই ব্যৱহাৰ কৰিবলৈ লৈছে। খেতিয়কসকলৰ মতে আজিকালিৰ জাপিৰ সৌন্দৰ্য আৰু স্থায়িত্ব, দুয়োটাই নোহোৱা হৈ যাব ধৰিছে প্লাষ্টিকৰ তমাল ব্যৱহাৰ কৰাৰ ফলত। ব্যৱহাৰিক উপযোগিতাৰ উপৰি জাপি এক ধৰণৰ শিল্পকৰ্মও। অসমীয়া কাৰিকৰসকলে জাপিৰ জৰিয়তে তেঁওলোকৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা, জাপিক কেন্দ্ৰ কৰিয়েই তেঁওলোকৰ জীৱনো বৰ্তি থাকে। গতিকে জাপি গছ যদি হেৰাই যায়, জাপি শিল্পটোও হেৰাই যাব। জাপি পাত সংগ্ৰহ কৰি অনা লোকসকলৰ পৰা জাপি তৈয়াৰ কৰা লোকসকললৈকে সকলোৰে মাজত এক বৃহৎ সংকটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ‘নিজাইন ডট কম’ৰ এক ক্ষেত্ৰ অনুসন্ধানত। জাপি সাজি কাৰিকৰসকলে বেছি ধনো নাপায়। “এজন দিন হাজি্ৰা কৰা লোকে এদিনত ৩০০ টকাকৈ হাজিৰা পায়, কিন্তু জাপি সজা লোক এজনে মাত্ৰ ১০০ টকাহে পায়। সৰুৱেই হঁওক বা ডাঙৰেই হওক– এটা জাপি সাজিবলৈ এদিন লাগেই।


“বাঁহ–বেতকে ধৰি আন খৰছৰ উপৰিও জাপি সাজিবলৈ সময়ো বহুত লাগে”– বুলি ক’লে এজন দক্ষ জাপি কাৰিকৰ জীৱন কলিতাই।


এই হস্ত–শিল্পটোক লৈয়েই হেজাৰ-হেজাৰ পুৰুষ–মহিলাই জীৱিকা অৰ্জন কৰি আছে। কিন্তু জাপি সজা সামগ্ৰীৰ খৰছ দিনক–দিনে বাঢ়ি গৈছে, অথচ জাপি বিক্ৰী কৰি উচিত মূল্য পোৱা নাযায়। যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল এই শিল্পটোৰ প্ৰতি আগ্ৰহী নহয়। অসমীয়া সংস্কৃতিৰ সৈতে এৰাব নোৱৰা ধৰণে জড়িত হৈ থকা এই শিল্পটোৰ বিষয়ে চৰকাৰী কৰ্ত্তৃপক্ষই কিছু চিন্তা কৰাৰ সময় আহি পৰিছে। কাৰিকৰসকলে প্ৰথমে গছবিধক বচাবলৈ আহ্বান জনাই কয় যে, ইয়াৰ অন্যথা হালোৱা জাপি আৰু গৰখীয়া জাপি বিলুপ্ত হৈ যাব।


দুখ-ভাগৰ পাহৰি কাম কৰি এজন পৰিশ্ৰমী কৃষকক বৰষুণৰ পৰা বচাবলৈ আৰু ৰ’দত সকাহ দিবলৈ জাপিৰ বাহিৰে আৰু উৎকৃষ্ট আহিলা আন একো নাই।


 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

No comments:

Post a Comment