Tuesday, November 15, 2016

বৰ্তমান সময়ত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰাসঙ্গিকতা

2 comments

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬


 

সীমান্ত কাকতি –


খ্ৰীষ্টীয় পঞ্চদশ আৰু ষোড়শ শতিকাত ভাৰতবৰ্ষত ধৰ্মসংস্কাৰৰ এক প্ৰবল ঢৌ উঠে। ভাৰতৰ বিভিন্ন প্ৰান্তত বহুকেইজন মহাপুৰুষে ভক্তিবাদৰ ওপৰত প্ৰাধান্য দি হিন্দুধৰ্মৰ কালিমা স্বৰূপ অস্পৃশ্যতাক মষিমুৰ কৰি হিন্দুধৰ্মক সংস্কাৰিত ৰূপত প্ৰচাৰ কৰিবলৈ উঠিপৰি লাগে। এই ক্ষেত্ৰত উত্তৰ প্ৰদেশত কবীৰ, বংগৰ চৈতন্যদেৱ আৰু অসমৰ শংকৰদেৱ এই ভক্তি আন্দোলনৰ গুৰিয়াল আছিল। সেই সময়তে অসমত শংকৰদেৱৰ নেতৃত্বত গঢ়ি উঠা এই আন্দোলন অকল ধৰ্ম সংস্কাৰৰ আন্দোলনেই নাছিল, ই আছিল অসমীয়া জাতীয় জীৱনৰ সংস্কাৰৰ আন্দোলন।


এই সময়ছোৱাত সমগ্ৰ অসমতে শাক্তধৰ্মৰ বহুল প্ৰচাৰ আছিল। মানুহৰ মন আকাশ কু-সংস্কাৰেৰে আচন্ন কৰি পেলাইছিল। এটা সঠিক উমৈহতীয়া ধৰ্ম বিশ্বাস বা পন্থা নোহোৱাৰ বাবে সুসংহত বৃহৎ সমাজ এখন গঢ়াৰ অসুবিধা হৈছিল। কোচ, কছাৰী, চুটীয়া, আহোম আদি বিভিন্ন জাতি, জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ অভাৱৰ লগতে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰটো বিশৃংখলতাই গা কৰি উঠিছিল। জাতীয় জীৱনৰ এনে এক মহাসন্ধিক্ষণত আবিৰ্ভূত হৈ শ্ৰীশংকৰদেৱ অসমীয়া সমাজক জীয়াই এক সঠিক পথৰ সন্ধান দিছিল।


ধৰ্মই সামন্তীয় চিন্তাৰ কুচকাৱাজ হ’লেও যুগসাপেক্ষক আমি মানি ল’বই লাগিব। বিভিন্ন ধৰ্মৰ কাণ্ডাৰীসকলে সেয়ে দুস্কৃতিৰ বিৰুদ্ধে বলা বতাহজাক ধৰ্ম নৱতম উদ্ভাবনাৰে সংস্কৃতিক প্ৰতিস্থা কৰাৰ লগতে ই ঐতিহাসিক সত্য হিচাপে পৰৱৰ্তীকালত স্বীকৃত হৈছে। শংকৰদেৱে মূলতঃ তেওঁৰ ভাগৱতী বৈষ্ঞৱধৰ্ম প্ৰচাৰৰ জৰিয়তে সকলো সম্প্ৰদায়ৰ ঐক্য প্ৰতিষ্ঠাৰে এখন সমৃদ্ধিশালী বৃহত্তৰ অসম গঢ়াত নিজকে আত্মনিয়োগ কৰিছিল। উচ্চ–নীচ, ব্ৰাহ্মণ–চণ্ডাল কোনো জাত বিচাৰ নকৰি কেৱল মানুহৰ মাজত এখন বহল সমন্বয় সমাজ গঢ়ি জাতীয় ঐক্য, জাতীয় চেতনা প্ৰতিষ্ঠা কৰি তাৰ মাজত বিলাইছিল তেওঁৰ ধৰ্মীয় আদৰ্শ। তেওঁ লিখিছিল –


ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল
দাতাত চোৰক দৃষ্টি সমতুল।।


আজি একৈশ শতিকাত ভাৰতবৰ্ষত অস্পৃশ্যতাৰ যি আন্দোলন চলিছে পাচশ বছৰ আগতে শ্ৰীমন্ত শংকৰদেৱে অসমত তাক কাৰ্যকৰী কৰিছিল। আনকি গান্ধীজীও শংকৰদেৱৰ অস্পৃশ্যতা বৰ্জন আন্দোলনক অগ্ৰণী বুলি স্বীকাৰ কৰি গৈছে।


তেওঁ ধৰ্ম প্ৰচাৰ কৰাৰ প্ৰধান চিন্তা আছিল অসমৰ পৰ্বত, ভৈয়ামত সিচৰিত হৈ থকা বিভিন্ন জাতি–উপজাতিৰ মাজত এটা ধৰ্মীয় আৰু সাংস্কৃতিক ঐক্য স্থাপনৰ দ্বাৰা এক বৃহৎ অসমীয়া জাতি গঠন কৰা। এই ক্ষেত্ৰত শংকৰদেৱে তেওঁৰ চিন্তাক বাস্তবত ৰূপায়িত কৰাত সম্পূৰ্ণভাৱে কৃতকাৰ্য হৈছিল। অথচ তাৰ পৰবৰ্তী যুগত বৃহৎ অসমৰ ৰাজনৈতিক সীমা ভাঙি ছিঙি, টুকুৰাটুকুৰ হ’ল আৰু এতিয়াও ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ আকৌ অসমীয়া জাতি খণ্ড–বিখণ্ড হোৱাৰ পথত। যি মণিকূটৰ চত্ৰছায়াত সকলো শ্ৰেণীৰ মানুহৰ উচ্চনীচ ভেদভাৱৰ উৎখাট কৰিছিল; সেই নৱবৈষ্ঞৱ আন্দোলনৰে পৰবৰ্তী পৰ্যায়ত লাভ কৰা সন্মানীয় পদমৰ্যাদাক লৈ আত্ম অহংকাৰৰ প্ৰতীকলৈ অধপতিত হয়। পুনৰ শ্ৰেণী বৈষম্য (উচ্চ–নীচৰ) ব্যৱধান বাঢ়ি আহিবলৈ ধৰে। বণিকসূলভ কিছুমান বাহিৰা শক্তিয়ে এই ভেদাভেদৰ সুযোগ গ্ৰহণ কৰিলে। নিজদেশৰ মাটিত সাৰ পানী প্ৰায় যি নৱ বৈষ্ঞৱ আন্দোলনে উজ্বলি উঠিছিল তাৰ ঠাইত বিদেশী ধৰ্মই পৰবৰ্তী পৰ্যায়ত আগ্ৰাসী ভূমিকা ল’লে। নিজৰ আত্মঘাতী গোড়ামীৰ বাবে আমি উচ্চ নীচৰ ব্যৱধান ৰচিলো ফলত সেইসকলেই অৱহেলিত জাতি জনগোষ্ঠী বিদেশী ধৰ্মক আকোৱালি ল’লে। কিন্তু শংকৰদেৱে “ ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল” নগাৰ নৰোত্তমক লৈ সাম্যবাদী সমাজৰ আৰ্হি প্ৰস্তুত কৰি জাত পাতৰ বিভাজনক নিঃশেষ কৰিবলৈ প্ৰয়াস কৰিছিল। ৫০০ বছৰ পূৰ্বেই বৰ্তমান সময়ত দিয়া সাম্প্ৰদায়িকতাৰ বিপৰিতে তেওঁ জাতিগত বৈষম্য আতৰাই সকলো শ্ৰেণীৰ মাজত সমতা স্থাপন কৰিছিল। মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত সাম্যবাদ আৰু অহিংসাৰ কথা ওলোৱাত তেওঁ নিজে কৈছিল –


“নীচৰ সাধুত যাৰ ভৈল জ্ঞান।
তাকেসে পণ্ডিত বোলয় সৰ্বজন।।
বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ঞু বুদ্ধিভাৱে সৰ্বদায় মান্য কৰে।
ঈৰষা অসূয়া তিৰস্কাৰ অহংকাৰ।
সৰ্বে নষ্ট হোৱা তেৱে অবক্ষণে তাৰ”।।


শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বেলিকা বুদ্ধদেৱৰ সংঘ অনুষ্ঠানৰ লেখিয়াকৈ তেওঁৰ সত্ৰানুষ্ঠান সৃষ্টি কৰিছিল। সত্ৰানুষ্ঠানবোৰ আজিৰ দৰে গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত হৈছিল। সত্ৰবোৰক কেন্দ্ৰ কৰি সেইসময়তে পঞ্চায়তী শাসনৰ ভেটি গঢ়ি উঠিছিল। সত্ৰসমূহ হৈ পৰিছিল সংস্কৃতিৰ যাদুঘৰ স্বৰূপে। সত্ৰসমূহ আছিল একেধাৰে ধৰ্মৰ কেন্দ্ৰ, শিক্ষালয়, ৰংগমঞ্চ, বিচৰালয় আৰু পঞ্চায়তী শাসনৰ মূখ্য কাৰ্যলয়। তেওঁ নামঘৰ আৰু কীৰ্তনঘৰকেই কৰিব বিচাৰিছিল “জনতাৰ মনৰো মনৰ, প্ৰাণৰো প্ৰাণৰ কেন্দ্ৰভূমি।” শংকৰদেৱৰ এনে ধৰণৰ কাৰ্যৱলী আছিল অত জাতিৰ বাবে মৰুভূমিৰ প্ৰাণৰ স্পন্দনৰ দৰে। সেয়ে ড০ মহেশ্বৰ নেওঁগদেৱে শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কত উল্লেখ কৰিছে “শংকৰদেৱে আজিৰ পৰা ৫০০ বছৰ পূৰ্বেই যি সংস্কৃতিৰ বীজ দেশজুৰি সিঁচিলে সি আজিকোপতি জাতীয় জীৱনৰ তলিলৈকে শিপাই তাক জীপ দি আছে।


বৰ্তমান সময়ত দেখা দিয়া গোষ্ঠীগত দ্বন্দৰ বাবেই শ্ৰীশংকৰদেৱৰ আদৰ্শক পুনৰবাৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত প্ৰতিফলন কৰিব লাগিব। অন্যথাই এই গোষ্ঠীগত দ্বন্দই শংকৰে প্ৰতিষ্ঠা কৰা বৃহৎ অসমীয়া জাতি এসময়ত বুৰঞ্জীৰ এখিলা পাতৰহে গৰাকী হ’ব। আমি জানো এচাম উচ্চাকাংখী মধ্যবিত্তৰ আত্মঅহংকাৰৰ বাবেই অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীয়ে বিচ্ছিন্ন হ’বলৈ এখন সংগ্ৰামৰ আহ্বান দি আহিছে। আমি আজি তেওঁলোকৰ সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক সমস্যাক স্বীকাৰ কৰি লৈ প্ৰাপ্য আদায়ৰ বাবে সমূহীয়া সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। কোনো কাৰণতে কোনো পক্ষৰ প্ৰৰোচনাৰ বলি হৈ আমি ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হ’ব নালাগিব। সংগ্ৰামৰ সঠিক বেঠিকৰ মূল্যায়নেৰে আমি আমাৰ সচেতনতাক জগাই তুলিব লাগিব। জ্যোতি–বিষ্ঞুই দেখুওৱা পথেৰেই আমি ধাৱমান হ’ব লাগিব। শংকৰদেৱৰ আদৰ্শক উদ্বুদ্ধ হৈ সমস্বৰে ক’ব লাগিব– “আমি অসমৰ লুইতৰ পাৰৰ বহল অসমীয়া জাতি, আমাৰ কোনো জাতি বৰ্ণ নাই, কেবল আমি অসমীয়া।”


পঞ্চদশ–ষোড়শ শতিকাৰ সামন্তীয় ব্যৱস্থাৰ লগত বৰ্তমান ভংগাসুৰ সামন্তীয় চিন্তাৰ এক মৌলিক পাৰ্থক্য নিশ্চয় আছে। বিজ্ঞানৰ আলোকত মানুহৰ চিন্তাই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ প্ৰকাশ ঘটিছে। সেয়ে পৰিস্থিতি সাপেক্ষে নৱবৈষ্ঞৱ আন্দোলনক আমি কি চিন্তাৰে বা কি কৰ্ম আচঁনিৰে আগুৱাই লৈ যাম তাক বিচাৰ কৰিবলগীয়া। নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ আমিহৌ নিশ্চয় নতুন নীতি নিৰ্ধাৰণ কৰিব লাগিব। বৰ্তমানৰ আৰ্থসামাজিক ব্যৱস্থাটো বৈজ্ঞানিক বিশ্লেষণেৰে আমাৰ কৰণীয়খিনি বাছি উলিয়াব লাগিব।


শ্ৰীমন্ত শংকৰদেৱ আমাৰ চিৰ আদৰ্শ হৈ উপচি থাকক; কিন্তু তেওঁক লৈ যেন আমি আত্মসন্তুষ্ট নহওঁ। আত্মসমালোচনাৰে আমাৰ নিজৰ দোষক্ৰুটিসমূহ দূৰ কৰি তেওঁৰ আদৰ্শ অনুকৰণ কৰি আমি আমাৰ জাতীয় সংস্কৃতি পুনৰ গঠন কৰোঁহক, আধুনিক জগতলৈ চাই–আধুনিক জগতৰ লগত খাপ খুৱাই আমাৰ জাতীয় জীৱনৰ সৰ্বাংগীন বিকাশ সাধন কৰিবলৈ আমি দেহেকেহে লাগোহঁক।


 

লেখকৰ যোগাযোগ নম্বৰঃ +৯১ ৯৮৬৪৮৭৯২৭৭

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

2 comments: