Friday, July 15, 2016

দক্ষিণ কামৰূপৰ মৃৎশিল্পৰ পৰম্পৰা

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৬


কিশোৰ তালুকদাৰ, নিজাইন –



বজাৰে বজাৰে প্লাষ্টিকৰ সামগ্ৰীৰ অবাধ বিচৰণৰ সৈতে ফেৰ মাৰি দৈনন্দিন জীৱনত ব্যৱহৃত আৰু অপৰূপ নান্দনিক সৌন্দৰ্যৰে ভৰপুৰ মাটিৰ পাত্ৰৰ গঢ়া মৃৎশিল্পীসকলে অসমৰ এই পৰম্পৰাগত শিল্পটিক জীয়াই ৰাখিছে। অসমৰ ১৮ লাখ মৃৎ শিল্পীৰ পৰিয়ালে পৰম্পৰাগতভাৱে হস্তচালিত চকা ব্যৱহাৰ কৰি মাটিৰ পাত্ৰ গঢ়ি আহিছে। সততে আৰ্থিক দৈন্যতাৰে জুৰুলা বহুতে আকৌ কাষৰ ঘৰৰ কুমাৰ চকাটোকে ব্যৱহাৰ কৰে।


পৰম্পৰাগত মৃৎশিল্পৰ বাবে প্ৰয়োজন হয় নৈৰ বুকুত পোৱা আলতীয়া মাটি, গোবৰ, ৰঙ, ইন্ধন আৰু বালি। ইয়াৰে আলতীয়া মাটিৰ বাহিৰে কুশলীসকলে আন সকলো কিনি ল’বলগীয়া হয়। একেবাৰে সম্বলহীনজনে প্ৰয়োজনীয় এই উপাদানবোৰ বজাৰৰপৰা কিনি লোৱা সম্ভৱ নহয়।


নামনি অসমৰ দক্ষিণ কামৰূপৰ ৰাজাপুখুৰী, গড়গড়াৰ দৰে মৃৎশিল্পৰে চহকী গাঁওবোৰত কুমাৰ আৰু হীৰা এই দুটি সম্প্ৰদায়ে পৃথকে দুইধৰণৰ পৰম্পৰাগত মাটিৰ পাত্ৰ গঢ়ি আহিছে। কুমাৰসকলে উৎসৱ–পাৰ্বণ আদিত ব্যৱহাৰ কৰা মাটিৰ পাত্ৰ গঢ়াৰ বিপৰীতে হীৰাসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পাত্ৰ গঢ়ে। দৈনন্দিন জীৱন ব্যৱহাৰ কৰা পাত্ৰবোৰ কুমাৰে সজা পাত্ৰতকৈ টান হয়। পুৰুষসকলে নদীৰ বুকুৰপৰা আলতীয়া মাটি সংগ্ৰহ কৰে আৰু নাৰীগৰাকীয়ে সেই মাটিৰে বাচন–বৰ্তনৰপৰা আৰম্ভ কৰি সজোৱা সামগ্ৰীলৈকে বিভিন্ন গঢ়ৰ বস্তুবোৰ সাজে। কাঠৰ মাৰি এডালেৰে মৰিয়াই মৰিয়াই মাটিবোৰ কোমল কৰি লোৱা হয়। পিছত নিৰ্দিষ্ট আকৃতি প্ৰদান কৰি ৰ’দত শুকুৱাই ‘থুপা দিয়া’ অৰ্থাৎ ভাটীত শুকোৱা হয়। চৌব্বিশ ঘণ্টা একেৰাহে জুইত সেক দিয়াৰ পিছত বজাৰত বিক্ৰীৰ বাবে সামগ্ৰী প্ৰস্তুত হৈ উঠে। এই সময়তে বৰষুণ আহিলে শিল্পীৰ সকলো প্ৰচেষ্টা অথলে যায়।




শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

No comments:

Post a Comment