Friday, July 15, 2016

বিলুপ্তপ্ৰায় শগুন–হাড়গিলা সংৰক্ষণৰ কথাও মানুহে চিন্তা কৰিব লাগিব

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৬


 

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা–


অসমত এতিয়া মুক্ত আকাশত শগুন–হাড়গিলাই উৰি ফুৰা দৃশ্য দেখা পোৱা নাযায়। গাঁও সমূহৰ আঁহত, শিমলু, বট আদি ওখ ওখ গছবোৰত জিৰণি লোৱা দৃশ্যও দেখা পোৱা নাযায়। সেই গছবোৰত সাঁজি লোৱা বাঁহবোৰৰ পৰা নিৰাপদে পোৱালি জগাই নিয়া দৃশ্যবোৰো আজি পাহৰণিৰ গৰ্ভত বিলীন হ’ল। কিন্তু আশীৰ দশকত সেই দৃশ্যবোৰ কিমান সূলভ আছিল। সেই অতীতৰ কথাবোৰে আজি মন ভাৰাক্ৰান্ত কৰি তোলে। প্ৰকৃতিৰ জামাদাৰ ৰূপে অভিহিত কৰা শগুন সম্প্ৰতি সংকটৰ গৰাহত। কিন্তু সিহঁতবোৰৰ সংকট প্ৰকৃতিৰ পৰা নামি অহা নাই, সংকট নামিছে জীৱশ্ৰেষ্ঠ ৰূপেখ্যাত মানুহবোৰৰ পৰাহে।


শান্ত–শিষ্ট, নিৰীহ এই পক্ষীবিধক বুজিবলৈ জীৱ–শ্ৰেষ্ঠ মানুহৰ আকৌ কি গুণৰ অভাৱ ঘটিল? উন্নত বিজ্ঞান–প্ৰযুক্তিৰ বলত এচাম মানুহে শীৰ্ষস্থানত উপনীত হৈ থকাৰ বিপৰীতে আন এচামে আকৌ শগুন–হাড়গিলা আদি বধৰ দৰে নিকৃষ্টতম্ কৰ্মত জড়িত। অন্ধবিশ্বাস আৰু সহজলভ্য ধনৰ লালসাত পৰি এনেধৰণৰ নিকৃষ্টতম্ কৰ্মত জড়িত হৈ পৰা মানুহৰ সংখ্যাও আজিৰ তাৰিখত কম হৈ থকা নাই। বাটৰুৱা কুকুৰ, শিয়ালে বধ কৰা গৰু পোৱালী–ছাগলীৰ সংখ্যাও অধিক হাৰত বাঢ়িব ধৰিছে। ফলত এচাম মানুহে হত্যাকাৰী এই কুকুৰ–শিয়ালবোৰক প্ৰতিশোধ পূৰাবলৈ যোৱাৰ ফলতো বহু শগুনৰ মৃত্যু হোৱা দেখা যায়। এই হত্যাৰ পোতক তুলিবলৈ গৰু–ছাগলীৰ মৰাশবোৰত গৃহস্থই ডাইক্ল’ফেনাক নামৰ বিষাক্ত কীটনাশক বিধ প্ৰয়োগ কৰে। যাৰ ফলত তেনে মৰাশ ভক্ষণ কৰা শগুনৰ লগতে অন্যান্য জীৱ–জন্তু, চৰাই চিৰিকটিৰো মৃত্যু হোৱা দেখা যায়। এনে সমস্ত ঘটনাই এতিয়া অসমত সূলভ হৈ পৰিছে।


অসমত ২০০০ চন মানৰ পৰা মানুহে জীৱ–জন্তুৰ মৰাশত ডাইক্ল’ফেনাক নামৰ কীটনাশক বিধ প্ৰয়োগ কৰা দেখা যায়। ২০০১ চনত গোৱালপাৰা জিলাৰ ৰংজুলি এলেকাত ৬০টা আৰু নলবাৰী জিলাত ২৩টা শগুনৰ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে। ২০১৪ চনৰ ২২ জানুৱাৰী আৰু ১৫ মাৰ্চৰ ভিতৰত ১৯৩টা শগুন বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে বুলি বাতৰি পোৱা গৈছিল উজনি অসমৰ তিনিচুকীয়া জিলাত। ২০১৬ চনৰ ২৮ এপ্ৰিলত নৱগঠিত দক্ষিণ কামৰূপ জিলাৰ কুকুৰমাৰাৰ আমতলা গাঁৱত কীটনাশক প্ৰয়োগ কৰা মৰাশ ভক্ষণ কৰাৰ ফলত থিতাতে ২০টা শগুনৰ কৰুণ মৃত্যু হোৱাৰ লগতে ৪টা আঘাতপ্ৰাপ্ত হয়। মৃত্যুমুখত পৰা শগুনকেইটা হিমালয়ান গ্ৰিফন (Himalayan Griffon) নামৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ আছিল বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত বাকী ৪টা শগুন বনকৰ্মীসকলে উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ ফলত পুনৰ মুকলি আকাশত উৰি যাবলৈ সক্ষম হয়। অৱশ্যে ডাইক্ল’ফেনাক প্ৰয়োগৰ বাদেও গৰু-ছাগলীৰ কোনো বেমাৰৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধেও অঘটন ঘটাব পাৰে। যদিহে তেনেধৰণৰ ঔষধৰ ছিটা দিয়া গৰু–ছাগলীৰ মৃতদেহ ৭২ ঘণ্টাৰ ভিতৰত ভক্ষণ কৰে তাৰ ফলতো মৃত্যু হ’ব পাৰে। অৱশ্যে আজিৰ দৰে সেই সময়ত প্ৰচাৰ মাধ্যম সমূহ সক্ৰিয় নাছিল কাৰণে বহু ঘটনা আঁৰতে থাকি গৈছিল।


প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখৰ সংবাদ, সম্প্ৰতি এই বিলুপ্তপ্ৰায় পক্ষীবিধক সংৰক্ষণ কৰিবলৈ আগবাঢ়ি আহিছে ইউ, কে (ইউনাইটেড কিংডম)ৰ দ্য ৰয়েল ছ’চাইটি ফৰ দ্য বাৰ্ডচ, জুল’জিকেল ছ’চাইটি অৱ লণ্ডন, নেচনেল বাৰ্ডছ অৱ প্ৰে ট্ৰাষ্ট আদি বিশ্বৰ আগশাৰীৰ দেশসমূহৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহে। লগতে ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ‘বোম্বে নেচাৰেল হিষ্টৰী ছ’চাইটি’ৰ সহযোগত বিভিন্ন ৰাজ্যত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ (Vulture Conservation and Breeding Centre) গঢ়ি তুলিছে। ভাৰতৰ ভিতৰৰ তৃতীয় সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰটো অসমৰ নৱগঠিত দক্ষিণ কামৰূপ জিলাৰ ৰাণীৰ বেলগুৰি গাঁৱত অৱস্থিত। এই কেন্দ্ৰটোত প্ৰথমে পূৰ্বদেশীয় পাতি শগুন (Oriental White Backed Vulture), কৃশাংগী শগুন (Slender Billed Vulture) নামৰ দুই প্ৰজাতিৰ ৪০টা শগুন ৰাখিছিল। বৰ্তমান এই কেন্দ্ৰটোত শগুনৰ সংখ্যা ৭২টালৈ বৃদ্ধি পাইছে। এয়া এক মহৎ প্ৰচেষ্টা।


কিন্তু আচৰিতভাৱে(!) শগুন সংৰক্ষণ আৰু প্ৰজননৰ দৰে মহান প্ৰচেষ্টা এটাৰ কথা নাজানে কেন্দ্ৰটোৰ ওচৰ চুবুৰীয়া লোকসকলে। কেন্দ্ৰকেইটিৰ সবিশেষ নাজানে দূৰদূৰণিৰ পৰ্যটক আৰু পক্ষীপ্ৰেমী সকলেও। এই কাৰ্য কেৱল গৱেষণাগাৰতে সীমাবদ্ধ ৰখাৰ লেখীয়া হৈছে। শগুন প্ৰজনন আৰু সংৰক্ষণ কৰাই যদি মুখ্য উদ্দেশ্য তেনেহ’লে ইয়াক গৱেষণাগাৰতে সীমাৱদ্ধ ৰাখিলে নহ’ব। প্ৰাকৃতিকভাৱেও বংশ বৃদ্ধি হোৱাৰ পৰিৱেশ এটা দিব লাগিব। তেতিয়াহে শগুনৰ বংশ ৰক্ষা হ’ব বুলি ধাৰণা কৰিব পাৰি। এনেহেন মহৎ প্ৰচেষ্টা এটাৰ উদ্দেশ্যক প্ৰচাৰৰ পৰা কিয় বিৰত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই? সেয়া সাঁথৰেই হৈ থাকিল। ৰাণীৰ বেলগুৰিত অৱস্থিত কেন্দ্ৰটোৰ উদ্দেশ্যৰ বিষয়ে আজিও নাজানে নিকটৱৰ্টী গাঁওসমূহৰ লোকসকলে। এই কাৰ্যৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিক দোষাৰোপ নকৰি কাক কৰিব?


আনহাতে, অতি নিমাখিত পক্ষী হাড়গিলা (বৈজ্ঞানিক নাম–লেপটপিটলোচ্ ডুবিয়াচ্)ও বৰ্তমান সংকটৰ গৰাহত। সেয়ে এই পক্ষীবিধক ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰ (আই ইউ চি এন)এ বিপন্ন প্ৰজাতিৰ তালিকাত অন্তৰ্ভূক্তি কৰি সংৰক্ষণ–সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। উল্লেখনীয় যে, সমগ্ৰ বিশ্বত হাড়গিলাৰ সংখ্যা ১২০০টাতকৈও কম বুলি আই ইউ চি এন’ৰ শেষতীয়া জৰীপত প্ৰকাশ। সেই জৰীপ অনুসৰি অসমত– ৮০০, বিহাৰত– ১৫৬, কম্বোডিয়াত– ২০০টা হাড়গিলাৰ অৱস্থিতিৰ সন্ধান পোৱা গৈছে। জৰীপৰ তথ্যমতে, সমগ্ৰ বিশ্বত পোৱা হাড়গিলাৰ আধাতকৈও বেছি পোৱা যায় অসমৰ অবিভক্ত কামৰূপ জিলাত।


হাড়গিলাই খাদ্যৰ সন্ধানত ঘুৰি ফুৰোতে খেতিপথাৰত সামান্য ক্ষতি কৰে যদিও শগুনে কিন্তু মানুহৰ কোনো ক্ষতি নকৰে। আনকি শগুনে মৰাশ ভক্ষণ কৰি পাৰিপাৰ্শ্বিক অৱস্থাহে সুস্থ কৰি তোলে। তথাপিও জামাদাৰৰ দৰে মৰাশবোৰ আঁতৰোৱাৰ দায়িত্ব পালন কৰা এই নিমাখিত পক্ষীবিধৰ প্ৰতি যে অলপ দায়িত্ব পালন কৰা দৰকাৰ এই কথাটোওনো জীৱশ্ৰেষ্ঠ মানুহে উপলব্ধি কৰিব নোৱাৰা হ’লনে?


সম্প্ৰতি ভাৰতীয় বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ অনুসৰি শগুন-হাড়গিলা এই দুয়োবিধ পক্ষীকে নিৰাপত্তা প্ৰদান কৰা হৈছে।


বিশ্ব বন দিৱস, বন্যপ্ৰাণী সপ্তাহ পালনৰ নামত ৰাজ্যৰ বনবিভাগে প্ৰতিবছৰে লাখ লাখ টকা শৰাধ কৰি আহিছে। লাখ লাখ টকা শৰাধ কৰি পতা এই অনুষ্ঠান সমূহৰ দ্বাৰা কাৰ কি উপকাৰ সাধন হৈছে সততে উদাৰহণ পোৱাটো টান। দুই এখন মেল–মিটিঙ অনুষ্ঠিত কৰি গছপুলি কেইডালমান বিতৰণৰ মাজতে সীমাবদ্ধ থাকি গ’ল এইবোৰ কাৰ্যসূচী। এই কাৰ্যসূচীবোৰৰ দ্বাৰা আকৃষ্ট হৈ কেইজন মানুহে বৃক্ষ ৰোপনৰ কামত জড়িত হৈছে? শগুন–হাড়গিলা বৃদ্ধি, সংৰক্ষণ আৰু বৃক্ষৰোপনৰ হকে কাম কৰিবলৈ স্পৃহা বঢ়োৱাৰ কাৰণে ৰাইজৰ মাজত কিয় সোমাই পৰা নাই বিভাগীয় কৰ্তৃপক্ষ? ৰাইজক জড়িত কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা, প্ৰচাৰৰ পৰা বিৰত থকা বনবিভাগৰ এই বিষয়সমূহৰ ৰহস্য কেতিয়া ফাদিল হ’ব।


বৰ্তমান নগৰ সমূহত দিনক দিনে জনসংখ্যাৰ বিস্ফোৰণ ঘটাৰ ফলত ওখ গছ-গছনি ৰোপনৰ বাবে মুকলি ঠাইৰ অভাৱ ঘটিছে। মুকলি ঠাইৰ অভাৱে ওখ গছ-গছনি ৰোপনৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব। বিপৰীতে, গ্ৰামাঞ্চলত এতিয়াও মুকলি ঠাইৰ অভাৱ ঘটা নাই। প্ৰকৃতিৰ ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি গাঁও অঞ্চলতে অধিক হাৰত ওখ গছ-গছনি ৰোপনৰ আঁচনি এখন যদি জনপ্ৰিয় কৰিব পৰা যায় তেনেহ’লে লক্ষ্য বহুগুণে ফলপ্ৰসু হ’ব বুলি ধাৰণা কৰিব পাৰি। তাৰবাবে সংশ্লিষ্ট বিভাগ, জনসাধাৰণ উভয়ৰে সততা, নিষ্ঠা আৰু সদিচ্ছাৰ প্ৰয়োজন হ’ব। শগুন-হাড়গিলাই বাস সাজিব পৰা শিমলু, আঁহত, বট আদি ওখ গছ-গছনি ৰোপন কৰি যদি এটা পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তেনেহ’লে সেই আশী দশকৰ অৱস্থা পুনৰ ঘূৰাই আনিবলৈ কেইদিন লাগিব? অৱশ্যে ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে গছ কটাৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰিছিল তাকো কটকটীয়াভাৱে পালন কৰিব লাগিব।



লেখকৰ যোগাযোগ নম্বৰঃ + ৯১ ৯৮৬৪৮৭৯৬৪৩


শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtsey: Google Image

No comments:

Post a Comment