Wednesday, June 15, 2016

কিছুমান বিপন্ন পক্ষী আৰু উদ্ভিদ প্ৰজাতি

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ জুন ২০১৬


 

নৃপেন কছাৰী –


প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বনাঞ্চলসমূহত বিভিন্ন প্ৰজাতিৰ চৰাই ‘সাত সাগৰ তেৰ নদী’ৰ সিপাৰৰপৰা প্ৰতিবছৰৰ অক্টোবৰ মাহৰপৰা আগমন ঘটে। ই এক চিৰাচৰিত প্ৰকৃতিৰ নিয়ম। সুদূৰ ছাইবেৰিয়াৰপৰা অহা পৰিভ্ৰমী চৰাই, বিশেষকৈ বিভিন্ন প্ৰজাতিৰ হাঁহবোৰে পৰিভ্ৰমণৰ সময়ত মাজবাটত পোৱা বিল, জলাশয়সমূহত জিৰণি লৈহে পুনৰ নিজৰ লক্ষ্যস্থানলৈ আগবাঢ়ে। কিন্তু বৰ্তমান চোৰাং চিকাৰীৰ দৌৰাত্ম্য আৰু হাবি-জংঘলৰ ওখ গছ, বিল, জান-জুৰি, পিতনি আদিৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ লগতে পৰিৱেশ প্ৰদূষণৰ ফলত চৰাইবোৰৰ সংখ্যা কমি আহিছে আৰু কিছুমান চিৰকাললৈ বিলুপ্ত হৈ গৈছে। ইতিমধ্যে পৃথিৱীৰপৰা সম্পূৰ্ণৰূপে হেৰাই যোৱা পক্ষীসমূহৰ ভিতৰত– ড’ড’ চৰাই, পেচেঞ্জাৰ পাৰ চৰাই, অ’ক পক্ষী, হস্তী পক্ষী, ফিছ ঈগল, সাগৰীয় ঘনচিৰিকা, কেৰলিনা ভাটৌ, হিথ্ কুকুৰা, হিমালয়ান মাউণ্টেইন কুৱেইল, গোলাপীমূৰীয়া হাঁহ আদি অন্যতম। মৰিছাছৰ ড’ড’ চৰাই একোটাৰ ওজন ২৫ পাউণ্ডৰপৰা ৫০ পাউণ্ড পৰ্যন্ত আছিল। উৰণ শক্তিহীন ড’ড’ চৰাই পৃথিৱীত প্ৰায় এশ হাজাৰ বছৰ জীয়াই আছিল। কিন্তু ইউৰোপীয় নাৱিকসকলৰ চিকাৰৰ বলি হৈ ড’ড’ চৰাই পৃথিৱীৰপৰা চিৰদিনৰ বাবে বিলুপ্ত হয়। বিংশ শতিকাৰ আৰম্ভণিলৈকে লাখ লাখ আমেৰিকান পেচেঞ্জাৰ পাৰ চৰাই আছিল। কিন্তু সুস্বাদু মাংসৰ বাবে মানুহে ইমান বেছিকৈ চৰাইবিধ বধ কৰিবলৈ ধৰিলে যে, ১৯১৪ চনত চিন্‌চিনাটি চিৰিয়াখানাত পেচেঞ্জাৰ পাৰ প্ৰজাতিৰ শেষ চৰাইটোৰ মৃত্যু হয়। আটলাণ্টিক সাগৰৰ বিভিন্ন দ্বীপত থকা অ’ক চৰাই দেখাত পেংগুইনসদৃশ আছিল। এই চৰাইবিধো নাৱিকসকলৰ নিৰ্বিচাৰ চিকাৰৰ ফলত ১৮৫২ চনত চিৰদিনৰ বাবে বিলুপ্ত হয়। মাদাগাস্কাৰ দ্বীপত পোৱা হস্তী পক্ষীৰ ওজন প্ৰায় ৫০০ কিলোগ্ৰাম পৰ্যন্ত আছিল। বৰ্তমান এইবিধ পক্ষী সম্পূৰ্ণৰূপে হেৰাই গ’ল। হিমালয়ান মাউণ্টেন কুৱেইল এটা সময়ত হিমালয়ৰ নামনি অঞ্চলত বাস কৰিছিল; কিন্তু এতিয়া বিলুপ্ত হ’ল। গোলাপীমূৰীয়া হাঁহ এসময়ত অসমকে ধৰি দেশৰ বহুতো অঞ্চলত পোৱা গৈছিল। কিন্তু চিকাৰীৰ অত্যাচাৰতেই এই হাঁহবিধ ১৯৩৫ চনত সম্পূৰ্ণৰূপে বিলুপ্তি ঘটে।


চৰাইসমূহ অৱলুপ্তিৰ পথলৈ আগবঢ়াৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত প্ৰধান কাৰণসমূহ হৈছে– অৰণ্য ধ্বংস, উদ্যোগ স্থাপন, চৰাই চিকাৰ, কণী সংগ্ৰহ আৰু বিদেশী প্ৰজাতিৰ অনুপ্ৰৱেশ আদি। এইদৰে বিভিন্ন ভাবুকিৰ সম্মুখীন হৈ ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ আগবঢ়া কিছুমান চৰাইৰ প্ৰজাতিসমূহ হ’ল– সোণালী ঈগল, হামিং বাৰ্ড, মৰু বাদুলি, এমু চৰাই, দেওহাঁহ (White winged wood duck) হাড়গিলা (Greater adjutant stork), গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, উলুম’ৰা (Bengal florican), ভেল্লা চৰাই (pelican), হয়কলি (Swamp partridge), পাটমাদৈ (Black necked oriole), শামুক ভঙা (Open billed stork), তেলীয়া-সাৰেং (Black necked stork), ৰজা ধনেশ (Great pied hornbill), কাঁচিনেজীয়া দলপুঙা, পানীমৈৰা, ডৰিকা, হুদু, কুৰুৱা, ম’ৰা, চাকৈচকোৱা, ৰঙা ঠোঁটৰ কামচৰাই, ধোঁৱা বৰণীয়া ঈগল, হাইঠা, নাকখেৰী, ৰূপহীশৰ আদি প্ৰধান। সোণালী ঈগলৰ ডিঙি আৰু মূৰৰ পাখিবোৰ সোণৰ দৰে উজ্জ্বল। ডেউকাৰ পাখিবোৰ কজলা বাদামী ৰঙৰ। বৰ্তমান ইংলেণ্ডত এইবিধ পক্ষীৰ সংখ্যা শূন্য। স্কটলেণ্ডত মাথোঁ দুশযোৰমান আছে। বিশ্বৰ দ্বিতীয় বৃহত্তম পক্ষী এমুৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে; ইয়াৰ মাংস, তেল আৰু ছালৰ বাবে যাৰ মূল্য আন্তৰ্জাতিক বজাৰত বহু বেছি। আন্দামান নিকোবৰ দ্বীপপুঞ্জত পোৱা ‘মেগাপদ’ সম্প্ৰতি অৱলুপ্তিৰ গৰাহত। অসমৰ বনাঞ্চলত দেখা দেওহাঁহৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। বিলুপ্তিৰ গৰাহত উপনীত হোৱা আন এবিধ উল্লেখনীয় চৰাই হৈছে হাড়গিলা। এটা সময়ত অসমৰ বিভিন্ন জলাশয়সমূহত হাড়গিলাৰ অৱস্থিতি তেনেই সুলভ আছিল। শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে হাড়গিলাৰ সংখ্যা কেৱল ১,১০০টা মানহে আছেগৈ। ইয়াৰে ৯৫০ টাৰেই বসতিস্থল হৈছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা। বাকী ১৫০ টা আছে কম্বোডিয়াত। ইয়ৰা সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে জলাশয়ৰ সংখ্যা কমি অহা আৰু খাদ্যৰ অভাৱ। প্ৰকৃতিৰ ‘জমাদাৰ’ হিচাপে পৰিচিত শগুণৰ সংখ্যা বৰ্তমান সমগ্ৰ বিশ্বতে দ্ৰুতগতিত হ্ৰাস পাইছে। সম্প্ৰতি লুপ্তপ্ৰায় অৱস্থাত থকা শগুণৰ প্ৰধান প্ৰজাতি তিনিটা হ’ল– White Backed Vulture, Long Billed Vulture আৰু Slender Billed Vulture। অসমত পোৱা White Backed আৰু Slender Billed Vultureৰ সংখ্যা সমগ্ৰ বিশ্বৰ ১০০০ৰ ভিতৰত ৭০০টা মানহে বৰ্তমান আছে। গতিকে ই এক খুব উদ্বেগৰ বিষয়। শগুণৰ এই মহা সংকটৰ কাৰণ হিচাপে বিবেচিত হৈছে পশু চিকিৎসাত ‘Diclofenac’ জাতীয় ঔষধৰ প্ৰয়োগ। বেমাৰী গৰু, ম’হ, ছাগলী আদিৰ চিকিৎসাত Diclofenac প্ৰয়োগ কৰিলে আৰু তেনে প্ৰাণীৰ মৃত্যুৰ পিচত তাৰ মাংস শগুণে ভক্ষণ কৰিলে শগুণৰ দেহত এক ৰাসায়নিক বিষক্ৰিয়া সংঘটিত হয় আৰু অতি কম সময়ৰ ভিতৰত তেনে শগুণ মৃত্যু মুখত পৰে। সেয়েহে ভাৰত চৰকাৰে পশু চিকিৎসাত ‘Diclofenac’ জাতীয় ঔষধৰ প্ৰয়োগৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে। গতিকে আমি সকলোৱে Diclofenac যাতে ব্যৱহাৰ নহয়, তাৰ বাবে গুৰুত্ব আৰোপ কৰিব লাগে। উল্লেখনীয় যে, কামৰূপ জিলাৰ ৰাণী অঞ্চলত ‘বম্বে নেচাৰেল হিষ্ট’ৰী ছ’চাইটী’ৰ দ্বাৰা অসম চৰকাৰৰ বন বিভাগৰ সহযোগত এটা ‘শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ’ স্থাপন কৰা হৈছে। তাত শগুণৰ দুটা প্ৰজাতিৰ সংৰক্ষণ কৰা হৈছে– (১) Slender Billed Vulture আৰু (২) White Backed Vulture। এই দুই প্ৰজাতিৰ শগুণ কেন্দ্ৰটোত কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা কৰা হৈছে আৰু সাফল্যমণ্ডিত হৈছে। গতিকে আশা কৰা যায় যে, এই কেন্দ্ৰটিয়ে শগুণ সংৰক্ষণৰ ক্ষেত্ৰত এক মাত্ৰা প্ৰদান কৰিব।


পক্ষীকূলৰ উপৰিও আমাৰ সেউজী ধৰাৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ওপৰতো এই সংকটকাল আহি পৰিছে। পৃথিৱীৰপৰা ইতিমধ্যে বহু উদ্ভিদ প্ৰজাতি বিলুপ্তি হ’ল আৰু কিছুমান বিলুপ্তিপ্ৰায় অৱস্থাত আছে। উদাহৰণস্বৰূপে– ভাৰতবৰ্ষৰ কৃষকে আজিৰপৰা ৫০ বছৰ আগতে ধানৰ বিভিন্ন জাতৰ শালি, আহু, বাওধানৰ খেতি কৰিছিল; কিন্তু সেউজ বিপ্লৱৰ ফলত উচ্চ উৎপাদনক্ষম ধানৰ খেতি কৰিবলৈ লোৱাত পুৰণি প্ৰজাতিবোৰ আজি বিলুপ্তি হ’ল, পাবলৈ নোহোৱা হ’ল। এইবিলাক ধানৰ প্ৰজাতি ভাৰতবৰ্ষৰপৰাই নহয়, সমগ্ৰ পৃথিৱীৰপৰাই নাইকীয়া হ’ল।


ভাৰতবৰ্ষৰ প্ৰায় ২৫০০ প্ৰজাতিৰ উদ্ভিদ ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ লগত বহু কোটি টকাৰ ব্যৱসায় জড়িত হৈ আছে। ভাৰতবৰ্ষৰ অৰণ্যসমূহৰপৰা এইবিলাক বহু মূল্যৱান ঔষধি গছ জধে-মধে সংগ্ৰহ কৰাৰ ফলত বহু প্ৰজাতিৰ গছ-লতা পাবলৈ নোহোৱা হৈছে; অৰ্থাৎ বিলুপ্তি হৈছে বা দূষ্প্ৰাপ্য হৈছে। গতিকে এইবিলাক ঔষধি গছৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বহুল প্ৰয়োজন হৈছে। কিছুমান বিলুপ্তিপ্ৰায় উদ্ভিদ হ’ল– নীল ভেণ্ডা (Blue Vanda)। ই এক প্ৰকাৰ নীলা বৰণৰ কপৌফুল। এটা সময়ত ইয়াক উত্তৰ-পূৰ্বাঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল; কিন্তু বহু বছৰ ধৰি ব্যৱসায়ীসকলে ইয়াক জধে-মধে সংগ্ৰহ কৰি দেশে-বিদেশে চালান দিয়াৰ ফলত এই কপৌবিধ বৰ্তমান অৰণ্যত পাবলৈ নাই। কলহী উদ্ভিদ (Pitcher Plant) এক প্ৰকাৰৰ সৰু সৰু পোক-পৰুৱা ভক্ষণ কৰিব পৰা উদ্ভিদ; অৰ্থাৎ প্ৰাণী ভক্ষণ কৰা উদ্ভিদ। ইয়াক মেঘালয়ৰ অৰণ্যত পোৱা যায়; কিন্তু অৰণ্য ধ্বংসৰ ফলত ইয়াৰ সংখ্যা হ্ৰাস পাইছে। ফলত ইয়াক বিপন্ন উদ্ভিদ হিচাপে ধৰিব পাৰি। সৰ্পগন্ধা অতি মূল্যৱান ঔষধি গছ।


বনাঞ্চলৰ অবাধ ধ্বংসৰ ফলত এই বৃহৎসংখ্যক বন্য জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু উদ্ভিদ প্ৰজাতিৰ ওপৰত এক ভয়াৱহ সংকট আহি পৰিছে। যাৰ ফলত এই আপুৰুগীয়া প্ৰাকৃতিক সম্পদসমূহ এই পৃথিৱীৰপৰা চিৰদিনৰ বাবে লুপ্ত হৈ যাবলৈ উপক্ৰম ঘটিছে। গতিকে এই প্ৰজাতিসমূহৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰিলে সমাগত ভৱিষ্যতত আমি আমাৰ আপুৰুগীয়া সম্পদ জীৱৰ বৈচিত্ৰ্য চিৰদিনলৈ হেৰুৱাম।



শিৰোনামৰ ছবিঃ ইষ্টাৰ্ণ ফ’টো চাৰ্ভিচ

No comments:

Post a Comment