Sunday, May 15, 2016

ৰাভা ইতিহাসৰ ৰ’দ কাঁচিয়লিত বৃটিছ শাসনত এজাক ‘সোণসেৰীয়া মানুহ’ৰ জিলিকনি

4 comments

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৬


 

মাটিৰাম ৰাভা–


ভৌগোলিকভাৱে বৰ্তমান এই ৰাভা অধ্যুষিত এলেকা সমূহক কামৰূপ, গোৱালপাৰা, মেঘালয় আৰু পশ্চিমবংগত অন্তৰ্ভূক্ত কৰা হৈছে। ১৯০৩ চনত প্ৰকাশিত Languishes Survey of India (Vol. III, Griersonৰ মানচিত্ৰত অসমৰ ৰাণীৰ পৰা মেঘালয়ৰ ফুলবাৰীলৈ ৰাভা মানুহৰ বাসভূমি বুলি সেউজীয়া চিহ্নিত কৰি দেখুৱাইছে। ১৮৭২ চনৰ লোকপিয়লত এই এলেকা সমূহত ৰাভা জনসংখ্যা অধিক পোৱা গৈছে। এইটোৱে ৰাভাৰ প্ৰথম লোকপিয়ল গণনা। অৱশ্যে এই লোকপিয়লত দৰং, নলবাৰী, (এতিয়া বাক্সা, চিৰাং, ওদালগুৰি) আৰু অন্যান্য জিলাৰ জনসংখ্যাও সন্নিৱিষ্ট কৰিছিল। এই লোকপিয়লৰ তুলনাত বৰ্তমান ৰাভাৰ জনসংখ্যা বৃদ্ধি কম বুলি অনুমান হয়। উক্ত লোকপিয়লত ৭৩,০৬৮জন ৰাভা জনসংখ্যা দেখুওৱা হৈছে। উল্লেখনীয় যে টোটোলা আৰু মদাহী ৰাভাৰ জনসংখ্যাৰ হিচাপ এই পিয়লত সন্নিৱিষ্ট কৰা হোৱা নাই।


অসমত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আহোম আৰু অন্যান্য ৰাজ্যৰ শাসন বৃটিছৰ অধীনলৈ যায়। দক্ষিণ পাৰৰ যিকেইজন ৰাভা বংশাৱলীৰ ৰজা আছিল তেওঁলোকৰ শাসনো বৃটিছ আগমনৰ লগে লগে অন্ত পৰে।


ৰাজ শাসনৰ সময়ত ৰাভাসকলে ভাষিক, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত কম-বেছি পৰিমাণে যি সুৰক্ষিত অনুভৱ কৰিছিল, বৃটিছ আগমনৰ লগে লগে সেই অনুভৱ নাইকীয়া হয়। ৰাজনৈতিক পৰিৱৰ্তনৰ ঢৌত ৰাভাসকলৰ সামাজিক জীৱন-যাপনত যথেষ্ট প্ৰভাৱ পৰে। সেই সময়ৰ উচ্চ শ্ৰেণীৰ মাজত বৰ্তি থকা অস্পৃশ্য, উচ্চ-নীচ আদি ধাৰণাই ৰাভাসকলক সামাজিকভাৱে জাতীয় সংকটত পেলায়। ৰাভা, কছাৰী নীচ জাত হৈ থাকি ঈশ্বৰৰ কোপদৃষ্টিত পৰাতকৈ জাত্যান্তৰ হৈ উচ্চজাত হোৱাই ভাল এনেবোৰ ধাৰণাই ৰাভা সমাজক যথেষ্ট প্ৰভাৱান্বিত কৰিলে। উচ্চ শ্ৰেণীৰ এই প্ৰৰোচনাত পৰি ৰাভা, কছাৰী আদি জাতিৰ মানুহ শৰণ-ভোজন লৈ সামাজিকভাৱে অন্য জাতিত শৰণ লয়। একে সময়তে ৰাভা, কছাৰী জাতিৰ সমান্তৰালভাৱে বহু গাঁওৰ শ শ আন জনজাতিৰ মানুহেও শৰণ-ভোজনৰ দ্বাৰা জাত্যান্তৰ হৈ অন্য জাতিলৈ উন্নীত হৈছিল। এই জাত্যান্তৰ আৰু ধৰ্মান্তৰৰ গৰাখহনীয়াৰ ফলত ৰাভাসকল সামাজিকভাৱে জাতীয় সংকটত পৰে।


বৃটিছ শাসনত হোৱা এনে সামাজিক অস্থিৰতাৰ বাবে ভাষিক, সাংস্কৃতিক দিশত ৰাভা সমাজত যথেষ্ট প্ৰভাৱ পৰে। এই ঘটনাসমূহৰ বাবে কিছু ৰাভা মানুহৰ মনত জাতীয় চিন্তাৰ কথাই জুমুৰি দি ধৰিছিল। ৰাভা হিচাপে জীয়াই থকাৰ চিন্তা মনত উদয় হৈছিল। সেয়ে ৰাভাসমাজে এক গোট হৈ জাত্যান্তৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন অনুভৱ কৰিলে।


এনে ফলশ্ৰুতিতে ১৮৮৬ চনত ‘বাৰদল’ নামে এটা সামাজিক সংগঠন জন্ম হয়। গোৱালপাৰা জিলাৰ ডিৰ্মা, জাখিলী, শালপাৰা আদি বৃহৎ অঞ্চলৰ বাৰখন ৰাভা সমাজক একত্ৰিত কৰি এই ‘বাৰদল’ৰ গঠন হয়। ৰাভাসকলৰ এই ‘বাৰদল’য়ে প্ৰথম সামাজিকভাৱে গঠন হোৱা অনুষ্ঠান বুলি জনা যায়। এই ‘বাৰদল’ গঠনৰ মুখ্য ভূমিকা পালন কৰে সেই অঞ্চলৰ বাৰখন সমাজৰ পাটগিৰি (মুখীয়াল ব্যক্তি) সকলে। শালপাৰা নিবাসী স্বৰ্গীয় পুৰু পাটগিৰি (ৰাভা)ৰ অশেষ চেষ্টাৰ ফলত এই সংগঠনৰ জন্ম হৈছিল। বাৰদলৰ অন্যান্য সদস্যসকল হ’ল –
স্বৰ্গীয় যাত্ৰা ৰাভা (পাটগিৰি), ঠেকাচু
বুলু ৰাভা (মেম্বৰ), ঠেকাচু
কেহোমালি ৰাভা, দহেলা
কুচু ৰাভা (গাঁওবুঢ়া), জনাইমাৰী
খুদীৰাম ৰাভা (গাঁওবুঢ়া), পুখুৰীপাৰ
পটাং ৰাভা (গাঁওবুঢ়া), মাণিকগঞ্জ
নম্বৰ ৰাভা সৰকাৰ, বনগাঁও
আৰু চাৰিজন সদস্যৰ নাম, ঠিকনা এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই।


চিৰ নমস্য এই ব্যক্তিসকলৰ আত্মপ্ৰচেষ্টাত গঠন হোৱা ‘বাৰদল’ৰ জড়িয়তে ছিন্ন-ভিন্ন হ’ব ধৰা ৰাভা সমাজক একত্ৰিত কৰি ধৰি ৰখাত বহু মাত্ৰাই সফল হৈছিল। চিৰদিন এই ব্যক্তিসকল ৰাভা সমাজৰ পথ প্ৰদৰ্শক হিচাপে চিহ্নিত হৈ থাকিব।


অশেষ চেষ্টাৰ পিচতো শৰণ-ভোজনৰ খহনীয়াই ৰাভা জাতিক আৰু দুটা দশকে চুই যায়। দেশীয় জাত্যান্তৰ চলি থকা সময়তে বিলাতফেৰা পাদুৰী চাহাবৰ ধৰ্মান্তৰে সামাজিক-সাংস্কৃতিক দিশত ৰাভা সমাজত দুগুণে কুপ্ৰভাৱ পৰিল। আমেৰিকা, ইংলেণ্ডৰ পাদুৰী চাহাবসকলে আৰু এখোপ আগবাঢ়ি গৈ ৰাভা গোষ্ঠীয় ভাষাৰে ধৰ্ম প্ৰচাৰত নামি পৰিল। ৰাভা ভাষাৰে ধৰ্ম প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি ধৰ্মান্তৰ হ’বলৈ উৎসাহ যোগাইছিল। ১৯০৯ চলতে তেনে এখন ধৰ্ম প্ৰচাৰ পত্ৰিকা প্ৰকাশৰ কথা জনা যায়। ‘যীশুনি নেমকাই মাৰ্কনি সাইকাই কাথা’ নামৰ সৰু ধৰ্ম পুস্তিকাখন British & Foreign Bible Societyৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত আছিল। বঙলা হৰফেৰে লিখা পুস্তিকাখন ৰন্দন ৰাভাই ৰাভা ভাষালৈ অনুবাদ কৰিছিল। এইখনে ৰাভা ভাষাত ছপা কৰা প্ৰাচীন নিদৰ্শন বুলি চিহ্নিত কৰা হৈছে।


১৯শ শতিকাৰ আৰম্ভণি। তিনি কাণ্ডাৰী পুৰুষ ৰাভা জাতীয় চিন্তাধাৰালৈ আগমণ হয়। এওঁলোকক তেতিয়া ৰাভাৰ ত্ৰিমূৰ্তি বুলি কোৱা হৈছিল। সেই সময়ত জাত্যান্তৰ আৰু ধৰ্মান্তৰৰ গৰাখহনীয়াই জাতীয় অস্তিত্বৰ যি সংকট সৃষ্টি কৰিছিল তাৰপৰা উদ্ধাৰ পাবলৈ এওঁলোকে জাতীয় সংগ্ৰামীৰ ভূমিকা গ্ৰহণ কৰিছিল।
১। দ্বাৰিকা নাথ ৰাভা (১৮৮৮ – ১৯৮৮)
২। ৰাজেন ৰংখ।
৩। গোৱৰ্দ্ধন সৰকাৰ (১৮৯৭ – ১৯৮২)


তেতিয়াৰ অস্পৃশ্যতাৰ সামাজিক ভয়াৱহ প্ৰতিচছবি বিশেষকৈ গোৱৰ্দ্ধন সৰকাৰৰ সংগ্ৰামী জীৱন ভুমূকী মাৰিলে দেখা যায়। অস্পৃশ্যতা আৰু জাত্যান্তৰৰ বিৰুদ্ধে জীৱনৰ শেষ মুহূৰ্তলৈ সৰকাৰদেৱে সংগ্ৰাম কৰি ৰাভা সমাজ জাতীয় সংকটৰ পৰা ৰক্ষা কৰি গৈছিল। সেয়ে অসমৰ বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱে গোৱৰ্দ্ধন সৰকাৰক ৰাভা জাতিৰ কাণ্ডাৰী বুলি অভিহিত কৰি গৈছিল।


১৯১০ চন। ঘটনা এটি ঘটিল। গোৱালপাৰা জিলাৰ টিপলাই প্ৰাইমাৰী স্কুলত গোৱৰ্দ্ধন সৰকাৰে পঢ়া-শুনা কৰে। ঘৰৰ পৰা অহা-যোৱা কৰিবলৈ অসুবিধা হেতুকে ভূৱনেশ্বৰ নাথ পণ্ডিতৰ ঘৰৰ বাটচ’ৰাত ৰাতি থাকে (বেলেগত ভাত ৰান্ধি খায়)। এদিন স্কুলৰ মেৰামতিৰ বাবে ৰাইজ পণ্ডিতৰ ঘৰত গোট খালে। আদবয়সীয়াল মানুহ এজনৰ গাত সৰকাৰৰ পিন্ধা কাপোৰ এখন কেনেবাকৈ লাগিল। মানুহজন চুৱা গ’ল। মানুহজনে গালি-শপনি পাৰিলে। মনৰ দুখতে গোৱৰ্দ্ধন সৰকাৰে টিপলাই স্কুল ত্যাগ কৰি গুচি আহিল। এই ঘটনাই তেখেতৰ মনত গভীৰ ৰেখাপাত কৰিলে। সেইদিনৰপৰা জাত্যান্তৰ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃঢ় সংকল্প লয়। নিজকে সু-শিক্ষিত ৰূপে গঢ়ি জাতিৰ উন্নতি সাধিবলৈ মন বান্ধি পুনৰ ৰংজুলি উচ্চ প্ৰাইমাৰী স্কুলত নামভৰ্তি কৰে। ৰংজুলিত পঢ়ি থকা সময়তে কেইজনমান ছাত্ৰই গোপনে একগোট হৈ ৰাভা ছাত্ৰ সংগঠন কৰাৰ আলোচনা কৰে। আলোচনাত শালপাৰৰ মিহিৰ চন্দ্ৰ ৰাভাৰ উৎসাহ আৰু সাহস আছিল সকলো কেইজনতকৈ বেছি। গোৱৰ্দ্ধন সৰকাৰ, মিহিৰ চন্দ্ৰ ৰাভা, বধুমল চন্দ্ৰ ৰাভা আৰু বহুতে ‘কিবা এটা’ কৰাৰ বাবে একমত হয়। মুখ্য আলোচনা হ’ল– ধৰ্মগুৰুৰ শৰণ লৈ নিজ জাতি ত্যাগ কৰা অনৰ্থক। নিজ জাতি ত্যাগ নকৰাকৈ কুসংস্কাৰ আঁতৰাবলৈ হ’লে ৰাভাসকল সু-শিক্ষিত আৰু একত্ৰিত হ’বই লাগিব। অৱশেষত ১৯১৬ চনৰ ফেব্ৰুৱাৰী মাহত ৰংজুলিত ‘ৰাভা ছাত্ৰ সন্মিলন’ গঠন কৰা হয়। সন্মিলনৰ প্ৰথম বৰ্ষৰ সভাপতি মিহিৰ চন্দ্ৰ ৰাভাক, গোৱৰ্দ্ধন সৰকাৰক সম্পাদকৰ দায়িত্ব দিয়া হয়। এয়াই বৃটিছ আমোলত অস্পৃশ্য, কুসংস্কাৰ আৰু ধৰ্মান্তৰ-জাত্যান্তৰৰ বিৰুদ্ধে ৰাভাসকলৰ প্ৰথমটো খোজ। সেই সময়ত অস্পৃশ্য ৰাভা জাতি হৈ থকাতকৈ সকলোৰে গ্ৰহণযোগ্য ৰাজবংশী বা উন্নত জাতত উঠিবলৈ বহু ৰাভা লোক আগবাঢ়ি গৈছিল। এই কাৰ্যক বাধা দিবলৈ ৰাভা ছাত্ৰ সন্মিলনে কাৰ্যসূচী প্ৰস্তুত কৰিছিল। গাঁৱৰ মানুহৰ মাজত সভা সমিতি অনুষ্ঠিত কৰি ৰাভা হিচাপে বসবাস কৰি থাকিবলৈ উৎসাহ যোগাবলগীয়া হৈছিল।


১৯১৭ চনৰ অধিবেশনে পুনৰ আগৰ সমিতিখনকে বাহাল ৰাখে। ১৯১৮ চনৰ তৃতীয় বাৰ্ষিক অধিবেশনত ৰাভা ছাত্ৰ সন্মিলনৰ নতুন সমিতি এখন গঠন কৰে। এই নতুন সমিতিত গোৱৰ্দ্ধন সৰকাৰক সভাপতি আৰু ধৰ্মেশ্বৰ ৰাভাক সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।


১৯১৯ চনত চতুৰ্থ বাৰ্ষিক অধিবেশন মাদং এল, পি, স্কুল (গোৱালপাৰা)ত অনুষ্ঠিত হয়। পঞ্চম বাৰ্ষিক অধিবেশন ১৯২০ চনত শালপাৰাত অনুষ্ঠিত হৈছিল। এই অধিবেশনৰ পিচৰপৰা ৰাভা ছাত্ৰ সন্মিলন দুৰ্বল হয়। কাণ্ডাৰী পুৰুষ গোৱৰ্দ্ধন সৰকাৰ ১৯২১ চনৰ পৰা ১৯২৫ চনলৈ যোৰহাটত নৰ্মাল পঢ়িবলৈ যায়। এই সময়খিনিত ৰাভা ছাত্ৰ সন্মিলন প্ৰায় নিষ্ক্ৰিয় হৈ পৰে।


আনফালে গোৱৰ্দ্ধন সৰকাৰৰ অনুপস্থিতিত জাত্যান্তৰ প্ৰৰোচনাত পৰি সন্মিলনৰ নেতা মিহিৰ চন্দ্ৰ ৰাভা সপৰিয়ালে তথাকথিত উচ্চ ধৰ্ম গ্ৰহণ কৰি শৰণীয়া হয়। জাত্যান্তৰৰ ধামখুমীয়াত পৰি ইমানতে ৰাভা ছাত্ৰ সন্মিলন থানবান হয়।


যোৰহাটৰ পৰা নৰ্মাল শেষ কৰি গোৱৰ্দ্ধন সৰকাৰৰ পুনৰ ৰংজুলিলৈ উভতি আহিল। আহিয়েই থান বান হৈ থকা জাতীয় সংগঠনক আকৌ ন-ৰূপেৰে সংগঠিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। সেয়ে বকো, ছয়গাঁও, কৃষ্ঞাই, গোৱালপাৰা আদিৰ ছাত্ৰসকলক একগোট কৰি ১৯২৫ চনত ‘আসাম ৰাভা ছাত্ৰ সন্মিলন’ নামেৰে পুনৰ এটি নতুন সংগঠনৰ জন্ম দিয়ে। উক্ত সন্মিলনৰ সভাপতি দ্বাৰিকানাথ ৰাভা, সম্পাদক গোবিন্দ সৰকাৰক মনোনীত কৰে। কাৰ্তিক চন্দ্ৰ ৰাভাক যুটীয়া সম্পাদকৰ দায়িত্ব অৰ্পন কৰে। ইয়াৰ পিচৰ বৰ্ষতে অৰ্থাৎ ১৯২৬ চনৰ ১৫ জানুৱাৰীত দ্বাৰিকানাথ ৰাভাৰ সভাপতিত্বত আসাম ৰাভা সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনৰ সৈতে ৰাভা ছাত্ৰ সন্মিলনো জড়িত হৈ আছিল। ৰংজুলিত অনুষ্ঠিত এই অধিবেশনকে ‘নিখিল ৰাভা জাতীয় পৰিষদ’ৰ গঠন বৰ্ষ তথা অধিবেশন বুলি চিহ্নিত কৰা হয়। ইয়াতে উল্লেখ কৰিবই লাগিব যে, যদিও প্ৰথম বাৰ্ষিক অধিবেশনত দ্বাৰিকানাথ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল, তথাপি আসাম ৰাভা সন্মিলনৰ এই অধিবেশনে তদৰ্থক কাৰ্যকৰী কমিটিহে গঠন কৰি দিছিল। তদৰ্থ কমিটিৰ সভাপতি দলোৰাম ৰাভা (পণ্ডিত), সম্পাদক গোৱৰ্দ্ধন সৰকাৰ। কমিটিৰ আন সদস্যসকল হ’ল– ৰবিলোচন সৰকাৰ, সমাজু ৰাম ৰাভা, নগদ চন্দ্ৰ পাটগিৰি, হৰ্কেশ্বৰ ৰাভা (মেম্বৰ), কমলাকান্ত ৰাভা, অথন পাটগিৰি, চৈত্যৰাম ৰাভা, জুজ ৰাম ৰাভা (মেম্বৰ) আদি। গুৱহাটী, ধুবুৰী, গাৰোপাহাৰ আদি ঠাইৰ প্ৰতিনিধি উপস্থিত থকা এই অধিবেশন তেতিয়া সৰ্বাধিক অঞ্চল সামৰি হোৱা অধিবেশন আছিল। দ্বিতীয় বাৰ্ষিক অধিবেশন শিংৰাত অনুষ্ঠিত হৈছিল। এই অধিবেশনত দ্বাৰিকানাথ ৰাভা আৰু ৰাজেন্দ্ৰ নাৰায়ণ ৰাভাক সভাপতি, সম্পাদকৰ দায়িত্ব দিয়া হয়। এনেদৰে আসাম ৰাভা ছাত্ৰ সন্মিলন আৰু আসাম ৰাভা সন্মিলনৰ কামকাজ চলি থাকোতে আকৌ অঘটন ঘটিল। জীৱনৰ শেষ ছোৱাত দ্বাৰিকানাথ ৰাভা আৰু ৰাজেন্দ্ৰ ৰংখই কলিকতীয়া ব্ৰহ্মধৰ্মত শৰণ লোৱাত ৰাভা জাতীয় কামকাজত ১৯৪১ চনত নিষ্ক্ৰিয় হৈ পৰে। জাত্যান্তৰৰ বিৰুদ্ধে চলোৱা সংগ্ৰামখনত গোৱৰ্দ্ধন সৰকাৰ পুনৰ অকলশৰীয়া হয়। গোৱৰ্দ্ধন সৰকাৰদেৱেও বহি থকা ভকত নহয়। পুনৰ নতুন সতীৰ্থ লৈ ৰাভা যুৱ সংঘ গঠন কৰে। পিচলৈ ৰাভা সেৱা সংঘ নামে জনা যায়। ক্ষীৰোদ মোহন ৰাভা সভাপতি, গোৱৰ্দ্ধন সৰকাৰক সম্পাদক হিচাপে লৈ ৰাভা সেৱা সংঘৰ কাৰ্যকৰী কমিটি গঠন কৰা হৈছিল। দ্বিতীয় বৰ্ষ বকো অধিবেশনৰ পিচত সভাপতি ক্ষীৰোদ মোহন ৰাভাৰ অকাল মৃত্যু হয়। সতীৰ্থৰ অভাৱত ৰাভা সেৱা সংঘৰ কামকাজ সিমানতে অন্ত পৰে।


এনেদৰে কৰ্মীৰ অভাৱত জাতীয় কাম-কাজত গোৱৰ্দ্ধন সৰকাৰৰ আহুকাল সষ্টি হৈছিল। বৃটিছে ভাৰত এৰি যোৱাৰ পিচত আসাম ৰাভা সন্মিলনক সক্ৰিয় কৰি পুনৰ কামকাজ আৰম্ভ কৰে। আসাম ৰাভা সন্মিলনক পিচলৈ নিখিল ৰাভা জাতীয় পৰিষদ নামেৰে নামাকৰণ কৰা হয়। গোৱৰ্দ্ধন সৰকাৰৰ প্ৰচেষ্টাত নিজাকৈ ৰাভাৰ পতাকা নিখিল ৰাভা জাতীয় পৰিষদৰ মজিয়াত ১৯৭৫ চনত গ্ৰহণ কৰা হয়।


বৃটিছ শাসনৰ সময়ত জাত্যান্তৰ আৰু ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে যুঁজ দি গোৱৰ্দ্ধন সৰকাৰ আৰু এচাম ৰাভা মানুহে সৃষ্টি কৰি থৈ গৈছিল ‘জাতীয় সংগ্ৰামৰ ধাৰা’। সেইয়ে ৰাভা জাতিৰ ‘সোণসেৰীয়া মানুহ’ৰ শাৰীত এইসকলক অভিহিত কৰিব পাৰোঁ।


বিঃদ্ৰঃ যোৰহাটত নৰ্মাল পঢ়ি থকা সময়ৰ কথা। গোৱৰদ্ধন সৰকাৰ বাচনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱাত চুপাৰিটেণ্টণ্ড হৰিনাৰায়ণ দত্ত বৰুৱাৰ চকুত পৰে। সৰকাৰক দত্ত বৰুৱাই কৈছিল– ‘তোমালোকৰ ধৰ্মগুৰু নাই। সেয়ে উচ্চ সম্প্ৰদায়ৰ মানুহে তোমালোকক ঘিণ কৰে। তুমি ঘৰলৈ গৈ এশমান গৃহস্থ ঠিক কৰি মোলৈ খবৰ দিবা। আমাৰ বংশৰ এজন ধৰ্ম গুৰু পঠিয়ায় দিম। শৰণ-ভোজন ল’বা।’ শিক্ষাগুৰুৰ ওচৰত কোনো প্ৰতিবাদ নকৰি ‘চেষ্টা কৰি চাম’ বুলি ঘৰলৈ উভতি আহিছিল। কামফেৰা কিন্তু গোৱৰ্দ্ধন সৰকাৰদেৱে কৰাৰ সলনি আজীৱন অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজিহে গ’ল। ধৰ্মান্তৰ আৰু জাত্যান্তৰে টলাব নোৱাৰিলে গোৱৰ্দ্ধন সৰকাৰক। তেখেতে স্বীকাৰ কৰি গৈছিল– ‘মই ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী সমাজ ল’লে বৃহৎ অঞ্চলত হয়তো এটাও ৰাভা নাথাকিলেহেতেন।’ তেখেতৰ এই সৎ চিন্তা-চৰ্চাৰ বাবে হয়তো আমি ৰাভা হাছঙ দাবী কৰিবলৈ এটুকুৰা মাটি পাইছোঁ বুলি ভাৱ হয়। সেই ‘সোণালী মানুহ’লৈ শ্ৰদ্ধা সদায়ে থাকিব।


সংযোজনঃ জাত্যান্তৰ আৰু ধৰ্মান্তৰৰ বিৰুদ্ধে অকল সংগ্ৰাম কৰিছিল এনে নহয়, বৃটিছ শাসনক ওফৰাবলৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল এজাক ৰাভা সংগ্ৰামীয়ে। স্বাধীনতাৰ বুৰঞ্জীত নিজৰ লগতে জাতিৰ নাম খোদিত কৰি থৈ গৈছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত ৰাভা জাতিৰ নাম লিপিবদ্ধ কৰা সংগ্ৰামীসকলৰ সম্পূৰ্ণ নামৰ তালিকা বুৰঞ্জীত পাবলৈ নাই। বহু স্বাধীনতা যুঁজাৰুৰ নাম সন্নিৱিষ্ট যে হোৱাই নাই তাক সন্দেহ কৰাৰ যথেষ্ট থল আছে।


১৯৭৯ চনত অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত Report of the Inquiry Committee of Freedom Fighters পত্ৰত ৰাভা জনগোষ্ঠীৰ স্বাধীনতা যোদ্ধা হিচাপে এইসকলৰ নাম লিপিবদ্ধ আছে –


(ক) অসযোগ আন্দোলন (১৯২১)
কামৰূপ জিলাঃ গান্ধো ৰাভা (বকো), কামেশ্বৰ ৰাভা (শাখাতি), শৈলেন ৰাভা (বকো), উদয় ৰাভা (বকো), নিদান চন্দ্ৰ ৰাভা (বকো), চন্দ্ৰ ৰাম ৰাভা (বামুনীগাঁও), দেৱান ৰাভা (বকো), বিদুৰ ৰাভা (বকো), কালিচৰণ ৰাভা (বকো), পেটাই ৰাভা (বকো), পেংগৰ ৰাভা (পলাশবাৰী)।
গোৱালপাৰা জিলাঃ আব্দুল ৰাম ৰাভা (ৰংচাই), ১৯২১ চনত চলা মহাত্মাগান্ধীৰ এই অসহযোগ আন্দোলনত আৰু অধিক যোদ্ধাৰ নাম সন্নিৱিষ্ট নোহোৱাকৈ থকা বুলি সন্দেহ থাকি গৈছে। ড০ জিতেন দাসদেৱৰ লিখনিতো তেনে সন্দেহ প্ৰকাশ কৰিছে।


(খ) আইন অমান্য আন্দোলন (১৯৩০–১৯৩২)
অংশগ্ৰহণকাৰী মুক্তিযোদ্ধাৰ নাম–
কামৰূপ জিলাঃ প্ৰভাত চন্দ্ৰ ৰাভা (লোহাৰঘাট), পুষ্পৰাম ৰাভা (বকো), পৰ্মেশ্বৰ ৰাভা (বকো)।
গোৱলাপাৰা জিলাঃ ললিত চন্দ্ৰ ৰাভা (ধূপধাৰা), ভবৰাম ৰাভা (ভালুকডুবি), তিতাৰাম ৰাভা (গোৱালপাৰা)।


(গ) ভাৰত ত্যাগ আন্দোলন (১৯৪২)
কামৰূপ জিলাঃভন্দোৰাম ৰাভা (সাতেকোণা, ছয়গাঁও), কাতিৰাম ৰাভা (কেন্দুগুৰি, বকো), কাতিৰাম ৰাভা (বৰখাল, বকো), কমলাকান্ত ৰাভা (পানেৰী, বকো), খৰ্গৰাম ৰাভা (বকো), নন্দৰাম ৰাভা (বকো), ৰাজাৰাম ৰাভা (চক্ৰপাণি, বকো), শিশুৰাম ৰাভা (বকো), চন্দ্ৰৰাম ৰাভা (বামুণীগাঁও), ছটাৰাম ৰাভা (জাৰাপাৰা, বকো), গোবিন্দ ৰাভা (নধিয়াপাৰা), জাচিং ৰাভা (ডাকুৱাপাৰা, বকো)।


গোৱালপাৰা জিলাঃ ভগৱান ৰাভা (হাতীগাঁও), বালাৰাম ৰাভা (বায়দা), আনন্দ চন্দ্ৰ ৰাভা (দুধনৈ), অখিল চন্দ্ৰ ৰাভা (শালপাৰা), অক্ষয় কুমাৰ ৰাভা (আগিয়া), আঞ্জাৰাম ৰাভা (বায়দা), ভৱৰাম ৰাভা (ভালুকডুবি), ভবেন্দ্ৰ নাৰায়ণ ৰাভা (ধনুভাংগা) ভীম চন্দ্ৰ ৰাভা (দুধনৈ), বাবুৰাম ৰাভা (শালপাৰা), হাকিম ৰাভা (ঠেকাচু), যোগেন্দ্ৰ চন্দ্ৰ ৰাভা (হাতীগাঁও), যোগেন্দ্ৰ নাৰায়ণ ৰাভা (বদহাপুৰ), খৰ্গেশ্বৰা ৰাভা (ধনুভাংগা) দেচাৰু ৰাভা (বায়দা), ধনীৰাম ৰাভা (অম্বুক), দামাল ৰাভা (পোকাপাৰা), গোলাপ সিং ৰাভা (হাতীগাঁও), গুলুং ৰাম ৰাভা (নাগবাৰী), ঘনশ্যাম ৰাভা (শালপাৰা), গোবিন্দ চন্দ্ৰ ৰাভা (চাটাবাৰী), কলিতাৰাম ৰাভা (শালপাৰা), কাবিল চন্দ্ৰ ৰাভা (মাদাং), খুদিৰাম ৰাভা (বৰদামাল), লখন ৰাভা (বায়দা), ৰাম ৰাভা (হাতীগাঁও), মহিত চন্দ্ৰ ৰাভা (ঠেকাচু), নন্দেশ্বৰ ৰাভা (ছেকোবাৰী), পৰিন্দ্ৰ চন্দ্ৰ ৰাভা (হাতীগাঁও), পূজাৰুৰাম ৰাভা (ঠেকাচু), ঋষিকান্ত ৰাভা (হাতীগাঁও), ৰমেশ চন্দ্ৰ ৰাভা (দৰংগিৰি), শৰৎ চন্দ্ৰ ৰাভা (শালপাৰা), শশৰং ৰাভা (বায়দা), থাকিৰাম ৰাভা (লক্ষীপুৰ)।


অন্যান্য জিলাৰ মুক্তিযোদ্ধাঃ
শনিৰাম ৰাভা (তামুলপুৰ), মংগলা ৰাভা (ঠিকনা উদ্ধাৰ হোৱা নাই)।
৬৭জন ৰাভা মুক্তিযোদ্ধাৰ নাম পালেও বামুণীগাঁও নিবাসী চন্দ্ৰ ৰাম ৰাভা অসহযোগ আৰু ভাৰত ত্যাগ আন্দোলনত জড়িত হৈছিল। উল্লেখ কৰিব লাগিব যে, কেন্দুগুৰি (বকো) নিবাসী কাতিৰাম ৰাভা (৯৮) এতিয়ালৈ জীৱিত থকা স্বাধীনতা যুঁজাৰু (২০১৫ লৈ)।


বৃটিছ শাসনৰ সময়ত জাত্যান্তৰ আৰু ধৰ্মান্তৰ বিৰুদ্ধে কৰা সংগ্ৰামী আৰু স্বাধীনতা আন্দোলনত ভাগ লোৱা সংগ্ৰামীসকলৰ চিন্তা চৰ্চাই বৰ্তমান ৰাভা হাছং আন্দোলনৰ ভেটি বুলি স্বীকাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ এই জাতীয় কৰ্মীসকলৰ নাছিল কোনো সস্তীয়া ৰাজনৈতিক আকাংক্ষা, নাছিল কোনো লবী কেন্দ্ৰীক চিন্তাচৰ্চা। আছিল মাথো জাতিটোক একত্ৰিত কৰি উন্নয়ণৰ দিশে আগুৱাই নিয়াৰ চিন্তা চৰ্চা। অন্যক ‘বহোৱা’, অন্যক ‘আঁতৰোৱা’ এই লেখিয়া কুটিল মনোভাৱ নথকা এইসকল চিৰ নমস্য ব্যক্তিয়ে কৰি যোৱা সংগ্ৰামী ধাৰাটোতেই বৰ্তমান ৰাভা জাতিৰ উন্নতিৰ জখলা বিচাৰি পাইছোঁ। সেয়ে এইচাম মানুহক ‘সোণালী মানুহ’ বুলি ক’বই লাগিব। এই সোণালী মানুহৰ কৰ্মত জাতীয় চিন্তাৰ ধাৰাহে জন্ম হৈছিল; কোনো ‘ৰাজনৈতিক শ্ৰেণী’ সৃষ্টিৰ বাবে সংগ্ৰাম কৰা নাছিল।


 

(লেখকৰ যোগাযোগ নম্বৰঃ + ৯১ ৯৫৭৭৯৫৩৭১২)

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtsey: Google Image

4 comments:

  1. দিলীপ কু: ৰাভাMay 18, 2016 at 7:00 PM

    ৰাভা ইতিহাসৰ ৰ'দ কচিয়লিত বৃটিছ শাসনত এজাক সোণসেৰীয়া মানুহৰ জিলিকনি -পঢ়ি ভাল পালোঁ । আশা কৰোঁ - আহি থকা দিনবোৰলৈ আৰু এনেধৰণৰ লিখনি পঢ়িবলৈ পাম।

    ReplyDelete
  2. দিলীপ কু: ৰাভা।May 19, 2016 at 7:18 AM

    ৰাভা ইতিহাসৰ ৰ'দ কাঁচিয়ালিত বৃটিছ শাসনত এজাক 'সোণসেৰীয়া মানুহ'ৰ জিলিকনি- লিখনি খন পঢ়ি ভাল লাগিল।

    ReplyDelete
  3. অশেষ ধন্যবাদ

    ReplyDelete
  4. অশেষ ধন্যবাদ। যিমান পাৰো তেনে লেখা প্ৰকাশ কৰাৰ চেষ্টা কৰিম।

    ReplyDelete