Friday, April 15, 2016

ডাইনী নিগ্ৰহৰ বিৰুদ্ধে জনজাতীয় সংগঠন সমূহ গৰ্জি নুঠেনো কিয় ?

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৬


 

দীনেশ দাস –


বিজ্ঞান অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আমাৰ সমাজ জীৱন আজিও ছানি ধৰি আছে। ইয়াৰ পিছতো আমি সভ্য বুলি কওঁ। সমাজৰ বিশ শতাংশৰ বৈজ্ঞানিক মানসিকতা থকা বুলি ভাবিও কেতিয়াবা ৰৈ যাব লাগে। যেতিয়া আমাৰ দেশ চলাওঁতা, দেশ চালনাৰ নীতি-নিয়ম কৰা মন্ত্ৰী, বিধায়ক, সাংসদসকলৰ হাতত ৰং বিৰঙৰ আঙুঠি দেখো। আনকি বিদ্যালয়-মহাবিদ্যালয়ত বিজ্ঞান শিকায় অথচ হাতত বাবা, জ্যোতিষীৰ আঙুঠি। এইবোৰ কি বৈজ্ঞানিক মানসিকতা। লাজ লগা বিষয় নহয় নে ? এই লাজনো আচলতে কাৰ ? অথচ এই ধৰণৰ শিক্ষিত(!) মানুহসকলে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সভা, সমিতি, টিভিত ভাষণ দিয়ে। শিক্ষিতসকলে লাজ নাপাওঁনে। দেখা গৈছে বিজ্ঞানৰ সা-সুবিধা, মূল্যবান সা-সৰঞ্জাম থকা বিশ শতাংশৰ মাজতো বৈজ্ঞানিক মানসিকতাৰ অভাৱ। নামমাত্ৰ একাংশৰ মাজতহে হয়তো দেখা পোৱা যাব বৈজ্ঞানিক মানসিকতা।


এতিয়া মূল আলোচ্য বিষয়লৈ আহোঁ। আমাৰ সমাজখনত বহু ধৰণৰ অন্ধ বিশ্বাস, কু-সংস্কাৰ থাকিলেও অতি সম্প্ৰতি বহু চৰ্চিত অন্ধবিশ্বাসটো হ’ল ডাইনী বিশ্বাস। সমাজৰ মংগলৰ নিমিত্তে কোনো দুখীয়া, ভালকৈ এসাজ খাব নোপোৱা, অভাৱত চিকিৎসা কৰিব নোৱাৰা, নিৰাশ্ৰয়া বিধৱা (কেতিয়াবা দুখীয়া পুৰুষো বলি হয়) আদিক সমাজত দপ্‌দপাই থকা স্বয়ম্ভু বাবা, দেওধনী, ওজা, মঙল চাওঁতা এচামে ডাইনী বুলি সাব্যস্ত কৰে। আৰু তেনে ডাইনী থাকিলে গাঁওখনৰ নানান অপায়-অমঙ্গল হ’ব বুলি অশিক্ষিত তথা অসচেতন একাংশ ৰাইজক বুজনি দিয়ে। ফলস্বৰূপে কোনো বিচাৰ-বিবেচনা নকৰাকৈ কোনো নীৰিহ ব্যক্তি এগৰাকীক ডাইনী বুলি হত্যা কৰে অথবা গাঁওখনৰ পৰা খেদি দিয়ে। বহুক্ষেত্ৰত দেখা যায় এগৰাকী ডাইনী অভিহিত কৰাৰ আঁৰত কোনো চৰিত্ৰহীন লম্পট, দালাল জাতীয় ব্যক্তিৰে হাত তথা উচতনি থকা দেখা যায়। এতিয়া এইধৰণৰ ঘটনা নিতৌ বৃদ্ধি পাই আহিছে। পূৰ্বৰ পৰা এই প্ৰথা চলি থাকিলেও ইলেকট্ৰনিক মিডিয়া, কাকতৰ বহুল প্ৰচাৰেও ঘটনাসমূহ পোহৰলৈ অনাত এক ভূমিকা লৈছে। দেখা গৈছে এই ঘটনাসমূহ অতি বেছিকৈ সংঘটিত হৈ আছে ঘাইকৈ আদিবাসী জনজাতি বসতি প্ৰধান গ্ৰাম্যাঞ্চলসমূহত। নিৰ্মম, অমানবীয় এই ঘটনাৰাজিৰ বিৰোধ কৰিবলৈ কিন্তু ৰাজ্য চৰকাৰখনে বৰ বেছি গুৰুত্ব দিয়া দেখা নাযায়। আনকি নামনি অসমত কেইবছৰমান আগতে আৰক্ষীয়ে ‘প্ৰজেক্ট প্ৰহৰী’ শীৰ্ষক সজাগতামূলক আঁচনি এখন গ্ৰহণ কৰাৰ কথা শুনিছিলো। এবছৰ কি দুবছৰতে সকলো বন্ধ। গাঁৱৰ মানুহ মৰি থাকিলে চৰকাৰৰ কি আহে কি যায়! এতিয়া কথাটো হ’ল আদিবাসী অথবা জনজাতীয় অঞ্চলত এই ঘটনাৰাজি ঘটে মানে প্ৰধানতঃ উজনি-নামনিত দুখীয়া পিছপৰা আদিবাসী তথা জনজাতীয় লোকসকলেই ঘাইকৈ ডাইনীৰ বলি হৈ আহিছে।


চৰকাৰে একো নকৰে। কাৰণ ভোটসৰ্বস্ব ৰাজনীতিত ভোটাৰৰ ভোট কেইটাই মূল। এনে হত্যাৰ ঘটনাবোৰত জড়িত হৈ থাকে প্ৰায়ে একোখন ৰাইজ, কেতিয়াবা ৰাইজখনৰে বৃহদাংশ লোক। ৰাজনৈতিক নেতাসকল প্ৰায়ে ভোটৰ কাৰণে মৌন থাকে। পাৰিলে বহু ক্ষেত্ৰত হত্যাকাৰীৰ পক্ষহে লোৱা দেখা যায় মন্ত্ৰী, বিধায়কসকলে। অৱশ্যে এইটো সত্য নহয় যে আজিৰ তাৰিখত নাৰকীয় তথা অমানবীয় এই ঘটনাৰাজিৰ বিৰোধ কৰিবলৈ কোনোৱেই ওলাই অহা নাই। অসমৰ অ’ত ত’ত তাকৰীয়াকৈ হ’লেও দুই-এজন বিক্ষিপ্তভাৱে ওলাই নহাকৈ থকা নাই। সমাজত শিক্ষিতলোক বহুত। তেনে অৱস্থাত দানৱীয় এই অন্ধবিশ্বাসৰ বিৰুদ্ধে শিক্ষিত লোকসকল আশ্বৰ্যকৰভাৱে ওলাই অহা দেখা নাই। পলমকৈ হ’লেও দেখা গৈছে অশিক্ষিত মহিলাসকলৰে এজনী সাহসী মহিলা ওলাই আহিছে। যাৰ নাম বিৰুবালা ৰাভা। ডাইনী অভিহিতকৰণৰ পৰিবেশ এটাৰ মাজৰ পৰা অহা বিৰুবালা ৰাভা আজি অকল ৰাজ্যখন, দেশতেই নহয়, জগত জুৰি পৰিচিত হৈ পৰিছে মহিলাজনী। ইয়াৰ কাৰণ শিক্ষা-দীক্ষা নহয়, তেওঁৰ বৈজ্ঞানিক মানসিকতা তথা ডাইনী বিশ্বাসৰ বিৰুদ্ধে অক্লান্তভাৱে যুঁজ দি থকা মনোভাৱ তথা সাহসৰ বাবেহে। আজি ডাইনীৰ নাম ওলালেই খবৰ ৰখাসকলৰ মুখলৈ অহা নামটোৱেই হ’ল বীৰুবালা ৰাভা। দুই-এজন সহকৰ্মীৰ সৈতেই বীৰুবালাই অব্যাহত ৰাখিছে ডাইনী হত্যা, নিৰ্যাতন বিৰোধী অভিযান।


ডাইনী সমস্যাটোৰ সমাধানৰ বাবে আৰু যেন অধিক শকতি লাগে এই যুঁজখনত। এনে ভাৱ হয়। সেয়ে সময়ে দাবী কৰে সমাজত ডাইনী সজোৱা প্ৰক্ৰিয়াৰ আঁৰৰ শক্তিৰ বিৰুদ্ধে এখন শক্তিশালী যুঁজ। এখন গণতান্ত্ৰিক যুঁজ। এনে সময়তে মনলৈ আহে প্ৰথমে আছুৰ লেখীয়া বৃহৎ জাতীয় সংগঠনলৈ। কথাই প্ৰতি কেৱল ৮৫০ জন শ্বহীদৰ কথা কোৱা সংগঠনটোৱে নিতৌ ৫০ৰ পৰা ৬০ জন পৰ্যন্ত নীৰিহ লোক ডাইনীৰ বলি হয়। তাৰ পিচতো শক্তিশালী বুলি নাম থকা সংগঠনটো মৌন হৈ থাকে। একেদৰে ভাষা-সাহিত্যৰ কথা কোৱা অসম সাহিত্য সভা তথা জনগোষ্ঠীয় সাহিত্য সভাবোৰ। সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জনগোষ্ঠীয় ছাত্ৰ সংগঠন ক্ৰমে আৰছু, এবছুকে ধৰি কে এছ ইউ, মিচিং ছাত্ৰ সংগঠনকে ধৰি আদিবাসী ছাত্ৰ সংগঠনলৈকে সকলো মৌন। কিন্তু কিয়! জাতি প্ৰেমত গদ্ গদ্ আদিবাসী তথা জনগোষ্ঠীয় সংগঠনসমূহে যেতিয়া নিজ জাতিৰ মুক্তিৰ কথা কয়, অধিকাৰৰ কথা কয়, তেনে সময়ত জাতিটোৰ নীৰিহ দুখীয়া আই-বাই-ভনী, দাদাজনক কোনো চক্ৰান্তকাৰীৰ চক্ৰান্তৰ বলি হোৱাৰ সময়ত আমি মৌন থাকো কিয়? তেতিয়া আমৰ জাতি প্ৰেম ক’ত লুকাই থাকে।


আৰু অধিক সময় ধৰি আদিবাসী, জনজাতিৰ নামত নেতৃত্বধাৰীসকলে মৌন হৈ থাকিলে বৈজ্ঞানিক মানসিকতা থকা সাহসী বীৰুবালা বাইদেউ এদিন ভাগৰি পৰিব। এচামে আমাক লাজ দিব। এই লাজ নেতৃত্বৰ নহৈ জাতীয় লাজলৈ ৰূপান্তৰ হ’ব। আহক আমাৰ মৰমৰ সমাজখনৰ পৰা ডাইনী নামৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সোচ্চাৰ হওঁ, একেমুখে গৰ্জি উঠো। বীৰুবালাই আৰম্ভ কৰা মানবীয় সংগ্ৰামখনক অধিক বল দি জয়ৰ দিশে আগবঢ়াই নিওঁ আৰু আমাৰ চেনেহৰ আই, বাই ভনী, দাদাহঁতক মৃত্যুৰ দুৱাৰমূখৰ পৰা উদ্ধাৰ কৰো। সমাজখনৰ চক্ৰান্তকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হওঁ।



লেখকৰ যোগাযোগ নম্বৰঃ +৯১ ৯৭০৭৯১৩০২২


শিৰোনামৰ ছবিঃ লেখকৰ নিজা

No comments:

Post a Comment