Tuesday, March 15, 2016

ডাইনী বিশ্বাসৰ বিৰুদ্ধে দেশী-বিদেশী ৫০০ চিত্ৰ শিল্পীৰ শৈল্পিক প্ৰতিবাদ

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ ২০১৬


 

দীনেশ দাস -


সম্ভৱতঃ আদিম সমাজ পাতি বাস কৰাৰ সম-সাময়িক সময়ৰ পৰাই সমাজত বিভিন্ন লোকবিশ্বাসৰ জন্ম হয়। অঘৰী জীৱন অন্ত পেলাই স্থায়ীভাৱে ঘৰ সাজি আত্মৰক্ষা, জিৰণী লোৱাৰ কথা মনলৈ অহা, সমূহীয়াভাৱে কৃষিকাৰ্য কৰাৰ চিন্তা আদিয়ে মানৱ সমাজলৈ ন ন চিন্তাৰ উন্মেষ হয়। পৰিবৰ্তনৰ চাকনৈয়াত প্ৰকৃতিপ্ৰদত্ত নৈ, নিজৰা, বনাঞ্চল, মেঘৰ গাজনি আদিৰ পিছত নিজক সুৰক্ষাৰ প্ৰশ্নত সকলো বস্তুৰ ভেদ ভাঙিবলৈ সক্ষম নোহোৱাত মনলৈ ভয়ৰ জন্ম হয়। কালক্ৰমত অজান ভয়-ভীতিৰ পৰা পৰিত্ৰাণৰ উপায়কল্পে বাছি লয় পূজা-পাতলৰ অনুশীলন। বিৱৰ্ত্তনৰ সেই সময়ছোৱাত এই চিন্তা সমূহৰ স্বাৰ্থত মংগলজনক আছিল। কিন্তু কালক্ৰমত আদিম সাম্যবাদী সমাজখন যেতিয়া সামন্তীয়, পুঁজিবাদী তথা আনৰ বহতীয়া জীৱন-ধাৰণাৰ সৃষ্টি হ’ল তেতিয়াই আদিম বিশ্বাসবোৰ সামাজিক মংগলৰ সলনি ব্যক্তিৰ মংগললৈ পৰিবৰ্তনৰ অচিলালৈ ৰূপান্তৰ হ’ল। তেতিয়াই শান্তিৰ সমাজখনলৈ অসূয়া-অপ্ৰীতি, শোষণ-বঞ্চনাৰ ভেঁটি ৰচিত হ’ল। অৰ্থাৎ সামন্তীয় বিকাশৰ অন্তৰালত আছে স্ব-জাতি, গোষ্ঠী, বৰ্ণৰেই দুৰ্বল অংশকে কৰা শোষণৰ ইতিহাস। এই ইতিহাসেই হ’ল এচামে নিজ স্বাৰ্থৰ বাবে খোজ দিয়াৰ ইতিহাস। নিজ স্বাৰ্থৰ বাবে খোজ দিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ পিছতেই হৃদয় বিদাৰক ঘটনাসমূহ বৃদ্ধিৰ অন্যতম কাৰণ। অ-সম বিকাশে ঠাই লোৱা সমাজখনত এচামে যিকোনো উপায়ে নিজ ইচ্ছা অনুসৰি চলিব খোজা, ধনী হোৱাৰ প্ৰৱণতা বৃদ্ধিয়েই সমাজখনত শ্ৰেণীৰ সৃষ্টি কৰিলে। শ্ৰেণী বিভক্ত সমাজত উচ্চ শ্ৰেণীয়ে জোৰকৈ জাপি দিয়ে শাসন, শোষণ আৰু অত্যাচাৰ। শাসক তথা ধনীক শ্ৰেণীটোৱে প্ৰজা সাধাৰণৰ জীৱনলৈ আনে নিৰ্মম শোষণ আৰু বৰ্বৰতা।


তেনে বৰ্বৰ ঘটনাসমূহৰ ভিতৰেই অহা এটা হ’ল ডাইনী বিশ্বাস। এই অন্ধবিশ্বাসৰ বলিৰ সংখ্যা নিতৌ বাঢ়ি অহা দেখা যায়। ডাইনী মানে ভূত-প্ৰেত। সহজ-সৰল তথা নিৰক্ষৰ সমাজ এখনত এই বিশ্বাস অনুসৰি ডাইনী লম্ভা ব্যক্তিয়ে গাঁও অথবা চুবা এটাত মানুহ খায় (হত্যা কৰে)। জ্বৰ, তেজ-শৌচ অথবা অচিন ৰোগত কোনো ব্যক্তিৰ মৃত্যু হ’লে ইয়াৰ বৈজ্ঞানিক সন্মতভাৱে চিকিৎসা বিচাৰ–বিশ্লেষণ নকৰি অকল দেও অথবা ভূতে লম্ভিছে নেকি তাক পৰীক্ষা কৰে অঞ্চলটোত থকা বেজ, ওজা, বাবা জাতীয় ব্যক্তিৰ হতুৱায়। পিছপৰা গাঁৱত এচামে বেজ–ওজা (ভাগ্য বিধাতা)ই বেজালি কৰিয়েই চলি আছে। অশিক্ষিত ৰাইজখনেও সেইসকলৰ কথাকে গুৰুবাক্য, শেষকথা বুলি মানিও আহিছে। সেইসকলেই গাঁৱে গাঁৱে কোন ডাইনী, কোন যখিনী কিছুমান ফাং-ফুং পৰীক্ষাৰ হতুৱাই প্ৰদৰ্শন কৰি নিৰ্দ্ধাৰণ কৰে আৰু বেজ অথবা ওজাগৰাকীৰ কথামতেই অশিক্ষিত সমাজখনে গুৰুবাক্য বুলি কোনো নীৰিহ লোকক খেদি দিয়ে অথবা হানি-খুচি-কোবাই হত্যা কৰে। এই হত্যা ইমানেই বৰ্বৰ আৰু কৰুণ যে নিজ পুত্ৰ-জী অথবা আত্মীয়-স্বজনৰ সম্মুখতে সংঘটিত কৰে। প্ৰায়ে এনে ঘটনা সমূহত এখন ৰাইজ জড়িত হৈ পৰে। এনে ঘটনাৰ বলি হয় সমাজখনৰ বেমাৰত, অভাৱত, নাখাই-খীনাই আধামৰা অথবা অকলশৰীয়া দুখীয়া মহিলা। অৱশ্যেই দুই-এজন পুৰুষো (ডাইনা) নথকা নহয়, সেয়া হ’লেও ৯৯ (নিৰানব্বৈ শতাংশ) অৱলা, দুখীয়া মহিলাকে ডাইনী সজাই অহা দেখা যায়। অথচ ডাইনী সজোৱা প্ৰক্ৰিয়াবোৰ ভালকৈ অধ্যয়ন কৰিলে দেখা যায় প্ৰতিটো ঘটনাৰ আঁৰত মাটিৰ লোভ, কোনো মাতব্বৰৰ নাৰীৰ প্ৰতি থকা যৌন লালসা অথবা কোনো সবল ব্যক্তিৰ ব্যক্তিগত আখেজ পূৰণৰ অভিপ্সা। এনে ঘটনাসমূহ ঘাইকৈ দূখীয়া, পিছপৰা অশিক্ষিত অঞ্চলসমূহতে প্ৰাধান্য দেখা যায়।


নগৰ কেন্দ্ৰীক আধুনিক সমাজত শিক্ষিত লোকসকলে ৰাইজৰ উন্নয়ন, শাসন কৰা বুলি ফিতাহি মাৰে। চৰকাৰ বোলা শাসনযন্ত্ৰ এটা চলি আছে যদিও ভোটৰ ৰাজনীতিৰ বাবে নিমাতে থকা দেখা যায়। সমাজত নেতৃত্ব দিয়া বুলি বুকু ফুলাই কথা কোৱা জাতীয় সংগঠন সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভাবোৰ, আছুকে ধৰি সৰু-বৰ ছাত্ৰ-যুৱ সংগঠনবোৰ প্ৰত্যেকে নিমাত। অথচ সমাজখনৰ শিক্ষিত লোকসকল, বৰলোকসকল অধিকাংশই সমস্যা জৰ্জ্জৰ, পিছপৰা গাঁৱৰে পৰা অহা। পুনৰ অতি উদ্বেগজনক কথা এই যে ঘাইকৈ জনজাতীয়, আদিবাসী অঞ্চলতেই এনে কৰুণ ঘটনাসমূহৰ উৎসস্থলী হৈ পৰাৰ পিছতো জাতীয় আন্দোলন, জনগোষ্ঠীয় আন্দোলনৰ নেতাসকলো প্ৰায়ভাগ মৌন থকা দেখা যায়। কথাটো অকল উদ্বেগজনকেই নহয় অতি চিন্তনীয়। এই দিশটো শিক্ষিত নবীন চামটোৱে সচেতনতাৰে নিশ্চয় গুৰুত্ব দিব লাগিব।


অৱশ্যে ইয়াৰ মাজতো আশাবাদ নথকা নহয়। উচ্চ শিক্ষা-দীক্ষাৰ ভদ্ৰলোক সকলৰ সময় নোহোৱাৰ বিপৰীতে সমাজখনৰ সকলো লোকেই মৌন হৈ থকা নাই। এই বিষয়টো সন্দৰ্ভত দুই-এজনে কৰবাত কৰবাত অসংগঠিতভাৱে চিন্তা-চৰ্চ্ছা কৰি আহিলেও গোৱালপাৰাৰ এখন অখ্যাত গাঁও ঠাকুৰবিলাৰ পৰা বীৰুবালা ৰাভা নামৰ মহিলা এগৰাকী স্বেচ্ছাই আগবাঢ়ি আহিল। স্কুল-কলেজৰ কোনো ডিপ্ল’মা নাই, অশিক্ষিত এই গৰাকী মহিলাই মাত্ৰ অসমীয়া আখৰ কেইটা চিনি পায়। প্ৰায় আশীৰ দশকতে তেওঁৰ সন্তান এগৰাকীক স্থানীয় দেওধনীয়ে ডাইনী বুলি অভিহিত কৰি বলি কৰিব খোজাৰ পৰিবেশ এটাই তেওঁক অতি সাহসী কৰিলে আৰু নিজে ভবাই নহয় সমাজকো মুকলিকৈ ক’লে যে– সমাজত ডাইনী বুলি কোনো দেও-ভূত-প্ৰেত নাই। এই বাক্যশাৰীয়ে আজি বিৰুবালাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। ২০০৫ চনত বিশ্ব শান্তিৰ নোবেল বঁটাৰ বাবে লাভ কৰিলে মনোনয়ন। বিশ্বৰ এহেজাৰ ব্যক্তিৰ নাম তালিকাত বীৰুবালা বাইদেউ অন্তৰ্ভূক্ত হ’ল। পুনৰ একে চনতে ৰিলায়েন্সে মুম্বাইলৈ মাতি নি আগবঢ়ালে ‘ৰিয়েল হিৰোজ’ৰ সন্মান। মাত্ৰ দুই-এজনী সহযোগীৰ সৈতে ডাইনী হত্যাৰ বিৰুদ্ধে অব্যাহত ৰখা প্ৰায় তিনি দশকজোৰা সংগ্ৰামখনৰ অন্তত বীৰুবালাই প্ৰায় চল্লিশ গৰাকী মহিলাৰ প্ৰাণ অন্ধবিশ্বাসী ঘাতক সমাজৰ পৰা বচালে। এই সময়ত বীৰুবালাই লাভ কৰিলে বহু ঘাত-প্ৰতিঘাত, বহু অপমান। আমাৰ আগত কোৱা অনুসৰি আনকি বীৰুবালা বাইদেউক কোনো কোনো অঞ্চলত গাত মদ ঢালি অপমানেই কৰা নাই, মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰিছে। ইয়াৰ পিছতো বীৰুবালা থমকি ৰোৱা নাই। লক্ষ্য সুনিৰ্দিষ্ট, স্পষ্ট, একমাত্ৰ আত্মবিশ্বাস আৰু সাহসকেই সংগী কৰি বীৰুবালাই অব্যাহত ৰাখিছে ডাইনী হত্যাৰ বিৰুদ্ধে এখন অনমনীয় যুঁজ। বাইদেউৰ এই যুঁজখন ক্ৰমাৎ অসমৰ অন্যান্য ঠাইলৈ সম্প্ৰসাৰিত হৈছে। আজি অসমত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী যুঁজখনৰ বীৰুবালা বাইদেউ এজনী অদ্বিতীয়া তথা সবল নেত্ৰী। এই যুঁজখনৰ বাবে আজি বাইদেউক অসমৰ একাংশ সাহিত্যিক, শিক্ষক, সাংবাদিকে কাষ চাপি অহাই নহয়, আগবঢ়াইছে অকুণ্ঠ সহযোগিতা। আনকি দুই-এজন শিল্পীয়ে তথ্য চিত্ৰ নিৰ্মাণ কৰিছে, যদিও সাহিত্য আৰু সাংস্কৃতিক দিশত এই বিষয়টোৱে মুখ্য স্থান পোৱা নাই।


বিৰুবালাই বহু কাইটীয়া যাত্ৰাপথত বাধা অতিক্ৰমি আহিছে। কিন্তু বাইদেউৰ চেষ্টা অথলে যোৱা নাই। আজি শিক্ষিত চামে বাইদেউক সংগ দিছে, সহায় কৰিছে। আৰু বাইদেউৰ চেষ্টাৰ ভ্ৰূণে যে আজি সম্পূৰ্ণ গঁজালি মেলি গছ হ’বলৈ লৈছে সেয়া গোৱালপাৰাতে প্ৰমাণিত হ’ল। অত্যুৎসাহী কাৰ্টুনিষ্ট, শিল্পী তথা সাংবাদিক, নবীন লেখক মুবীন ৰাভাই আগভাগ লৈ অলপতে গঠন কৰা স্মাৰ্ট ভিলেজত ‘এথনিক আৰ্টিষ্ট ছ’চাইটি’ৰ উদ্যোগত যোৱা ৫ ফেব্ৰুৱাৰী/ ২০১৬ ত অনুষ্ঠিত হ’ল ‘ডাইনী বিশ্বাসৰ বিৰুদ্ধে ৫০০ চিত্ৰশিল্পীৰ সমাবেশ তথা চিত্ৰ অংকন। সেইদিনা বাংলাদেশ, কলকাতাকে ধৰি উজনি-নামনিৰ নবীন-প্ৰবীন শিল্পীৰ লগতে কণ কণ তিনিশ শিশুৱে ৰং-তুলিকাৰে আঁকিলে ডাইনী বিশ্বাসৰ বিৰুদ্ধে চিত্ৰ। শিল্পীৰ লগতে হাজাৰোধিক লোকে একেলগে সমবেত হ’ল ডাইনী বিশ্বাসৰ বিৰুদ্ধে। এই শিশুসকল ডাঙৰ হ’ব, ডাইনী বিশ্বাসৰ বিৰুদ্ধে এদিন তেওঁলোকৰ প্ৰতিবাদো অন্যৰূপ ল’ব। ভালুকডুবিত সেইদিনা সেইসময় চোৱাত মোৰ বাৰুকৈৱে মনত পৰিছিল বীৰুবালা বাইদেউলৈ। সশ্ৰদ্ধাত মোৰ মূৰ তল হৈছিল বাৰে বাৰে। মহিয়সী নাৰী গৰাকীৰ চেষ্টা অথলে যোৱা নাই। মনলৈ বৰ স্ফুৰ্তি লাগিছে যে বীৰুবালা তথা বাইদেউৰ লগত থকা উৎসাহী দুই-এগৰাকী নাৰীৰ খোজৰ শব্দত হাজাৰ ভৰিৰ খোজধ্বনি। দলদোপ্-হেন্দোলদোপ্। … অন্ধবিশ্বাস এদিন নোহোৱা হ’বই। সেইদিনটোলৈ হয়তো বেছিদিন নাই। …. অশিক্ষিতা হোজা বীৰুবালাৰ প্ৰতিবাদ আজি দেশে-বিদেশে, শিল্পী সমাজৰ হৃদয়ত প্ৰোথিত হৈছে। এইটোহে ডাঙৰ কথা, এক সমুজ্জ্বল আশা। এইক্ষেত্ৰত বয়সত নবীন হ’লেও এনে মহান কামৰ প্ৰচেষ্টাৰ বাবে মুবীন ৰাভা ধন্যবাদৰ পাত্ৰ নিশ্চয়। সময়ে বিছাৰিছে– শিল্পী, সাহিত্যিক সমাজে সৰ্বত্ৰ প্ৰচাৰ আৰু প্ৰতিৰোধৰ বাবে আগভাগ লওক আৰু সুবিধাবাদৰ চোলা খুলি আহক, আমি আটাইয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী সংগ্ৰামখনৰ একোজন যোদ্ধা হওঁ।


 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৭০৭৯১৩০২২

শিৰোনামৰ ছবিঃ লেখকৰ নিজা

No comments:

Post a Comment