Monday, February 15, 2016

ডাইনী হত্যাৰ বিৰুদ্ধে একক প্ৰতিবাদৰ প্ৰতীক বীৰুবালা ৰাভা

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী


দীনেশ দাস -


আমাৰ সমাজ জীৱনত বৰবিহ ৰূপে ছানি ধৰা ধন্যতম এটি সমস্যা নিশ্চয় ডাইনী হত্যা। অসমৰ অতি পিছপৰা শিক্ষা-স্বাস্থ্য সেৱাই ঢুকি নোপোৱা অঞ্চলবোৰত সামন্তীয় অলেখ ৰীতি-নীতি, পুৰণি লোক বিশ্বাস আদিয়ে বাসিন্দাসকলৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আছে। দৈনন্দিন গ্ৰাম্য জীৱনক আলোড়িত কৰি থকা অলেখ বিশ্বাসৰ ভিতৰত ‘ডাইনী’ বিশ্বাসে বৰ্তমান সময়ত এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। সাধাৰণ সহজ-সৰল মানুহৰ অন্তৰত থিতাপি লোৱা এই বিশ্বাস অনুসৰি মানুহৰ দেহত এটি অপ-দেৱতা প্ৰৱেশ কৰে আৰু এই দেৱতাই গাঁও খনলৈ নানান অপায়-অমঙ্গল নমাই আনে। সেয়ে যি মানুহৰ দেহত এই ভূত বা অপ-দেৱতা প্ৰৱেশ কৰে তেনে ব্যক্তিক ওজা, বেজ আদিৰ হতুৱাই চিনাক্তকৰণ কৰি খেদি পঠিয়াই অথবা মাৰি পেলায়। এনেজাতীয় বিশ্বাস আৰম্ভণিতে বেজ অথবা দেওধনীয়ে মানুহৰ মাজত প্ৰচাৰ কৰি ভীতিগ্ৰস্ত কৰে। কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তি, প্ৰমাণ নথকাকৈ একমাত্ৰ সন্দেহৰ বশৱৰ্তী হৈয়ে এজন ব্যক্তিক ‘ডাইনী আখ্যা দি নিৰ্মমভাৱে হত্যা কৰে অথবা আধা মৰা কৰি অঞ্চল এটাৰ পৰা খেদি দিয়ে। আটাইতকৈ দুখ লগা দিশ এইটোৱে যে ‘ডাইনী’ বুলি চলোৱা এনে অভিযান সমূহত এটা অঞ্চলৰ উন্মত্ত দূখীয়া একাংশ লোকে এজন অথবা দুজন লোকৰ ওপৰত অত্যাচাৰত নামি পৰে।


আমি জানো যে আজিও আমাৰ সমাজৰ গ্ৰামাঞ্চলৰ বহু ঠাইত বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰ নাই, অথবা ঘৰকেইটা আছে শিক্ষক, ডাক্তৰ নাই। বহু অঞ্চলত ঠেলা অথবা কান্ধত ভাৰ কৰি ৰোগী আনোতে ১২–১৫ কিঃ মিঃ বাট খোজ কাঢ়ি আহিব লাগে। তেনে বহু অঞ্চলত বেমাৰী ডাক্তৰৰ ওচৰ গৈয়ে নাপায়, বাটতে মৰি থাকেগৈ। তেনে অঞ্চলত আজিও বেমাৰ-আজাৰত প্ৰথমে প্ৰাথমিক চিকিৎসা হিচাপে নিজ অঞ্চলৰ কাষতে পোৱা ‘বেজ’ৰ কাষত গৈ ‘মঙ্গলখন’ চাই ‘মানুহে বেয়া’ কৰিছেনে পৰীক্ষা কৰে। যোগাযোগত পিছপৰা অঞ্চলৰ বহু বাসিন্দাই বেজে যি কয় তাকে কৰে। গ্ৰাম্যাঞ্চলত এই বেজসকলক গঞা ৰাইজে বিশেষ ঐশ্বৰিক গুণৰ অধিকাৰী বুলি বিশেষ মৰ্যাদা দিয়া দেখা যায়। নিৰক্ষৰ ৰাইজৰ এনে গুৰুত্ব লাভ কৰিয়ে বেজ, দেওধনী আদিয়ে যি মন যায় তাকে কৰি ৰাইজক নচুৱাই থাকে। অৰ্থাৎ নিজে কেতিয়াবা বেয়া পোৱা ব্যক্তি, অথবা গাঁওখনৰ প্ৰভাৱশালী কোনো ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই কোনো ব্যক্তিক ‘ডাইনী’ সজায়। আমি জানো যে কিছুমান গাঁও আজিও এজন-দুজনৰ কথামতে চলে। চলোৱা মানুহজন যদি চৰিত্ৰহীন হয়, অথবা সম্পত্তিৰ লোভী হয় তেন্তে এনে স্বাৰ্থপৰ একাংশ মানুহে নিজ অভিপ্সা পূৰণৰ হাতিয়াৰ কৰে ‘ডাইনী’ প্ৰথাক। বিশেষকৈ অঞ্চল এটাত কোনো ৰোগী এজনে দীৰ্ঘদিন বেমাৰত কক্‌বকাই থাকিলে অথবা কেঁচুৱা ল’ৰা-ছোৱালী অকালতে ঢুকালে পৰিয়ালটোৱে প্ৰথমেই ‘বেজ’ অথবা ‘দেওধনী’ৰ ওচৰলৈ মঙল চাবলৈ যায়। তেতিয়াই বেজে বেমাৰৰ প্ৰকৃত কাৰণ উলিয়াব নোৱাৰি ভূল পথে পৰিচালিত কৰে। কোনো ব্যক্তিৰ মৃত্যুৰ কাৰণ ‘ডাইনী’ লম্ভা বুলি কয়। বৈজ্ঞানিক চিন্তা আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ পৰা দূৰৈত থকা সৰলচিতীয়া হোজা গঞা ৰাইজে এনে বিভ্ৰান্তিমূলক কথাকে মানি লৈ ‘ডাইনী’ৰ বিৰুদ্ধে নামি পৰে।


বেজ অথবা কবিৰাজে নিৰ্দেশ কৰা ‘ডাইনী’ চিনাক্তকৰণ প্ৰক্ৰিয়াও বৰ কৰুণ। ‘বেজ’ৰ নিৰ্দেশ অনুসৰি কোনো ঠাইত সমাজৰ সম্মুখত অভিযুক্ত কোনো ব্যক্তিক মাতি আনিব। বেজে ধূপ চাকি জ্বলাই পূজাভাগ আগবঢ়াই ডাইনী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। বেজে মদ-পানী খাই অভিযুক্তক গছত বান্ধি লৈ ৰাইজৰ সহযোগত গাহৰিৰ দাঁতেৰে হানি-খুচি ‘ডাইনী’ হয় নে নহয় সোধ-পোচ কৰিব। অভিযুক্ত গৰাকীয়ে ‘হয়’ বুলি নোকোৱালৈ নিৰ্মম অত্যাচাৰ চলাই যাব। ইফালে অন্ধ বিশ্বাসী ৰাইজৰ মাৰ-ধৰ, চিঞৰ-বাখৰ। ‘হয়’ বুলি ক’লে এৰি দিয়াৰ আশাত অভিযুক্তই এটা সময়ত এনেয়ে ক’ব লগাত পৰে। মৰি নগ’লেও হয়তো খেদি দিব। কাৰণ কেতিয়াবা কেতিয়াবা ডাইনী বুলি কোনো লোকক প্ৰাণে নামাৰি গাঁৱৰ পৰা খেদি দিয়াৰো উদাহৰণ নোপোৱা নহয়। ‘ডাইনী’ মানেনো কি হয়তো ‘হয়’ বুলি কোৱা জনেও নাজানে। আটাইতকৈ ডাঙৰ কথা নিজ পুত্ৰ, জী, নাতি আত্মীয় সহস্ৰৰ সম্মুখত হানি-খুঁচি যেনেকৈ হত্যা কৰে তেনে অমানৱীয় দৃশ্য প্ৰত্যক্ষ কৰিলে সকলো চেতনা থকা ব্যক্তিয়ে উচপ্‌ খাই উঠিব। সচেতন একাংশ প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি কাৰোবাক ‘ডাইনী’ চিনাক্তকৰণ প্ৰক্ৰিয়াত বেজ জনে ২০ৰ পৰা ৪০ হাজাৰ টকা পৰ্যন্ত লাভ কৰে।


চৰকাৰী তথ্য অনুসৰি ২০০৬ বৰ্ষৰ পৰা ২০১২ বৰ্ষলৈ অসমত প্ৰায় ১০০ জনৰো অধিক নিৰীহ লোকক ডাইনী বুলি হত্যা কৰে। পুনৰ শ শ লোকৰ ওপৰত শাৰিৰীক-মানসিক নিৰ্যাতন চলাইছে, ঘৰৰ পৰা খেদিছে, ইয়াৰ সঠিক হিচাপ নাই। ঘাইকৈ কোক্‌ৰাঝাৰ, ওদালগুৰি, নলবাৰী, কামৰূপ, শোণিতপুৰ আদি জিলাতেই এনেবোৰ ঘটনা সৰ্বাধিক সংঘটিত হোৱা দেখা যায়। উল্লেখযোগ্য যে ‘ডাইনী’ সন্দেহত হত্যা কৰা অধিকাংশ হত্যাকাণ্ডৰে নিৰানব্বৈ শতাংশ মহিলা হোৱাৰ উপৰি আৰ্থিকভাৱে দূৰ্বল, তথা ঘৰৰ কোনো সবল ব্যক্তি নথকা অকলশৰীয়া বিধৱা আদি লোক।


আধুনিক সমাজ এখনত য’ত বিজ্ঞানৰ জয়-জয়, ময়-ময় অৱস্থা তেনে ক্ষেত্ৰত অন্ধবিশ্বাসক সাৰোগত কৰি নিৰীহ মানুহক হত্যা কৰা ঘটনা আদিম অৱস্থাৰ নৰবলিৰ সৈতেহে তুলনা কৰিব পাৰি। এনে ভয়াবহ এটি সমস্যাক লৈ আমাৰ অসমত তেনেকৈ কোনো শিক্ষিত সমাজ ওলাই অহা নাই। অথবা অসমৰ শক্তিশালী কোনো সংগঠনে চিৰিয়াচভাৱে কাৰ্যসূচী লোৱা চকুত পৰা নাই। কোনোৱে দেখুৱাই নিদিলে চৰকাৰৰতো কোনো সাৰে-সুৰেই নাই। চৰকাৰ এখনৰ উন্নয়নৰ পৰা প্ৰতিৰক্ষালৈ সকলো বিভাগ থকাৰ পিছতো যেন ভয়াবহ এই সমস্যাৰ প্ৰতি চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নাই। এনে অৱস্থাত গোৱালপাৰা জিলাৰ মেঘালয় সীমাৰ এজনী অশিক্ষিত মহিলাই ভয়াবহ ‘ডাইনী’ বিশ্বাসৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। এয়া নিশ্চয় অতি গৌৰৱৰ কথা। মানুহজনী আমি হয়তো বহু অসমীয়াই নাজানো কিন্তু বিশ্বৰ যিসকল সচেতন লোক তেওঁলোকে জানে তেওঁৰ নাম। সেইজনী মহান অসমীয়া বীৰু বালা ৰাভা। বিশ্বত বহু অখ্যাত লোক আছে, যিসকলৰ হয়তো নামৰ শেষত লম্বা কোনো ডিগ্ৰী নাই, কিন্তু সমাজৰ বাবে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি অব্যাহত ৰাখিছে কষ্টকৰ সংগ্ৰাম। এইজনী বীৰু বালা ৰাভাই অসমত প্ৰথম বাৰৰ বাবে ‘ডাইনী’ প্ৰথাৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই ২০০৫ বৰ্ষত ন’বেল বঁটাৰ বাবে মনোনয়ন লাভ কৰে। এই মনোনয়নৰ পিছতেই বীৰু বালাৰ নাম আটাইয়ে শুনিবলৈ পাওঁ। আজি যেন বীৰু এটি নাম হৈ থকা নাই– এলান্ধুকলীয়া নীতি-নিয়মৰ বিৰুদ্ধে এক সবল আৱাজ, এক বাংময় প্ৰতিবাদ।


অলপতে গোৱালপাৰাত অৱস্থিত অসম মহিলা সমতা ছোচাইটী নামৰ ভাৰত চৰকাৰৰ এটি সংস্থাৰ কাৰ্যালয়ত বীৰু বালা ৰাভাক লগ কৰিলোঁ। সাংবাদিক বন্ধু নৱ কুমাৰ ৰাভাৰ সৈতে তেওঁৰ আগিয়াৰ ওচৰৰ বৰঝাৰ (বালিজানা)ৰ ঠাকুৰবিলাস্থিত ঘৰলৈ লগ কৰাৰ উদ্দেশ্যে গৈছিলো। ঘৰত লগ নাপাই গোৱালপাৰাত ছোচাইটীৰ কাৰ্যালয়ত বাইদেউক সাক্ষাৎ কৰি কথা বতৰা পাতি অনুভৱ হ’ল বীৰু বালা বাইদেউ যেন এজনী প্ৰকৃত নাৰী– এটি প্ৰয়োজনীয় সৎ প্ৰচেষ্টাৰ নাম, সমাজৰ এটি নতুন উদ্যম। সাক্ষাৎ কালত আমাক জনালে যে তেওঁৰ পুত্ৰ এজনৰ মুৰৰ বিকৃতি ঘটিছিল। তেওঁৰ স্বামীয়ে ওচৰৰ বেজৰ ওচৰত মঙ্গল চালে। বেজে ক’লে যে তেওঁলোকৰ পুত্ৰৰ তিনিদিনৰ ভিতৰত মৃত্যু ঘটিব। কাৰণ তেওঁৰ পুত্ৰই এজনী পৰীক বিয়া কৰাইছে। ঘৰলৈ আহি কথাটো ক’লে। কথাটো শুনি আটাইয়ে মৰ্মাহত হ’ল। তিনিদিন পাৰ হ’ল। ল’ৰাৰ একো নহ’ল। ল’ৰাক নি বাইদেউ বীৰু বালাই শ্বিলঙৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰালে। এই কথাখিনি পোহৰলৈ আহিল তেতিয়া, যেতিয়া গোৱালপাৰা জিলাৰ অসম মহিলা সমতা ছোচাইটীয়ে ২০০০ চনত দ’দান মন্দিৰত ডাইনী প্ৰথাৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল। ছোচাইটীৰ গোৱালপাৰাৰ আঁচনি সমন্বয়ক মামনী শইকীয়াই তেতিয়া জিলাখনৰ বহু ঠাইৰে মহিলা সকলক আমন্ত্ৰণ কৰি ডাইনী বিশ্বাস কৰে নে নকৰে সোধাত বহু মহিলা মৌন হৈ আছিল। সমাজৰ ভয়ত। কিন্তু এজনী মহিলাই ডাইনী বিশ্বাস নকৰো বুলি সদম্ভে ঘোষণা কৰিলে। মানসিক ৰোগী নিজ পুত্ৰৰ উদাহৰণ দি নিজৰ মতামত সাহসেৰে প্ৰদান কৰা মহিলাজনীয়েই আছিল বীৰু বালা ৰাভা। আৰু গোৱালপাৰাস্থিত এই গৰাকী সমন্বয়ক মামনী শইকীয়াই সাহসী নাৰীৰ বহীত বীৰু বালাৰ নামটি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰে। আৰু তেনেকৈয়ে শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ কথা আমাৰ আগত উল্লেখ কৰে মামনী শইকীয়াই।


বীৰু বালা বাইদেৱে আমাৰ আগত কোৱা অনুসৰি আৰম্ভণিতে অৰ্থাৎ ২০০০ বৰ্ষত, যেতিয়া সভাখনত ‘ডাইনী’ নামানো বুলি কোৱাৰ প্ৰতিক্ৰিয়া হিচাপে নিজ গাঁৱৰ মূৰব্বীসকলে তেওঁক মাতবোল পৰ্যন্ত কৰা নাছিল। পিছত মেঘালয় সীমাত বাইদেউৰ ঘৰ বাবে মেঘালয় আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ মূৰব্বীসকলৰ সৈতে লগ লাগি ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ধন আৱণ্টন অনাৰ বাবেহে বীৰু বালাক চুবুৰীৰ লোকসকলে মাতবোল, আৰু আজি সন্মান কৰে। অৰ্থাৎ প্ৰায় তিনি বছৰ নিজ অঞ্চলৰ পৰা লোকৰ আন্তৰিকতাৰ পৰা নিৰ্বাসনৰ পিছত বাইদেৱে পূৰ্ণদ্যমে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতে। সভা-সমিতি কৰে, মানুহক বুজায়। মানৱীয় দৃষ্টিভংগীক আগস্থান দি অন্ধবিশ্বাস আঁতৰোৱাৰ বাবে গাঁৱে-গাঁৱে ঘুৰি ফুৰে। বাইদেউৰ আজি সময়ৰ অভাৱ। অকল ডাইনীয়ে নহয়, প্ৰেম-প্ৰীতিত প্ৰৱঞ্চিত ছোৱালীও বাইদেউক লগ কৰে, সহায় খোজে। আনকি যোৱা ২০ জুনত যিদিনা বাইদেউক লগ কৰিছিলো সেইদিনাও বাইদেৱে তেনে ঘটনা এটিৰে মিলা-মিছা কৰি দিয়া অহা বুলি আমাক জানিবলৈ দিছিল। বীৰু বালা বাইদেৱে আমাৰ আগত কোৱা অনুসৰি যেতিয়া চৰকাৰে দুখীয়া ৰাইজক শিক্ষা-স্বাস্থ্যৰ সম-অধিকাৰৰ পৰা আঁতৰাই ৰাখিব তেতিয়ালৈ এই নিৰ্মম হত্যাযজ্ঞৰ অৱসান নহয়। বাইদেৱে গভীৰভাৱে বিশ্বাস কৰে যে সা-সুবিধা নথকা বাবেই উপায়হীন দুখীয়া গঁঞাই কাষ চাপে ‘বেজ’ৰ। মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকা সমাজত এনে দুখ লগা ঘটনাসমূহ ঘটিয়েই থাকিব।


সেয়ে চৰকাৰে পিছপৰা অঞ্চলসমূহৰ ক্ষীপ্ৰ উন্নয়নেই হ’ব ডাইনী হত্যাৰ বিৰুদ্ধে এক সঠিক পদক্ষেপ। অন্যথা ডাইনী হত্যাৰ বিপৰীতে আৰক্ষীয়ে দহ-বিশজন ব্যক্তিক আটক কৰিব আৰু দুদিন পিছতেই স্থানীয় ৰাজনৈতিক লীডাৰৰ ফোনত মোকলাই দিব। এনে কৰি থাকিলে নিশ্চয় অপৰাধীয়ে উচিত শিক্ষা নাপায়। বৰ্তমান বৃদ্ধিপোৱা ক্ৰমাগত ডাইনী হত্যাৰ ঘটনাসমূহৰ বিপৰীতে চৰকাৰৰ পৰ্বত সমান উদাসীনতা যেন অপৰাধী এচামৰ বাবে বিৰাট উৎসাহৰহে সৃষ্টি কৰিছে। সেয়ে এহাতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আনহাতে জনগণক বৈজ্ঞানিক শিক্ষা-দীক্ষাৰে আগুৱাই নিব নোৱাৰিলে সামগ্ৰীক অৰ্থৎ ‘ডাইনী’ৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজখন হ’ব প্ৰায়ে বিফল। এনে চৰকাৰী বিফলতাৰ বিপৰীতে বীৰু বালা বাইদেউ যেন এক ন’ সংগ্ৰাম, এক জৰুৰী সামাজিক সংগ্ৰাম। যি সংগ্ৰামক অসমৰ সচেতন ব্যক্তি, প্ৰগতিশীল সংগঠনবোৰে যদি সঁহাৰি নজনায় তেন্তে বীৰু বালা এই অভিযানত নিৰাশ হ’ব। দুখীয়া ৰাইজৰ হৈ মাত মতা ব্যক্তি, সংগঠনসমূহে চৰকাৰী প্ৰৱঞ্চনা, ভুল ৰাজনীতিৰ বিৰুদ্ধে অব্যাহত যুঁজখনো সমানে সমানে আগুৱাই নিয়াই হ’ব ৰাইজৰ সুস্থ গণতান্ত্ৰিক সমাজ প্ৰতিষ্ঠাৰ এখন উমৈহতীয়া ৰণ।


 

(মূল লেখাটিৰ পৰা সম্পাদিত ৰূপত প্ৰকাশ কৰা হৈছে)


 

লেখকৰ যোগাযোগ নম্বৰঃ ৯৭০৭৯১৩০২২

শিৰোনামৰ ছবিঃ লেখকৰ নিজা

No comments:

Post a Comment