Friday, January 15, 2016

ভৱেশ বৈশ্যৰ কবিতা

0 comments
প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

পুৱাৰ অপেক্ষাত তুমি আৰু মই


ভৱেশ বৈশ্য


ইয়াত এখন গাঁও আছিল


পক্ষীকুলে নিতৌ কলৰোল তুলিছিল


আবাল বৃদ্ধ বণিতাই ৰজনজনাই আছিল


জোনৰ সীহবোৰত নিশাৰ আন্ধাৰ আঁতৰিছিল


ধৰি ৰাখিব পৰা হ’লে– তাহানিৰ সময়


হয়তো কাহানিও নহ’লহেঁতেন– সভ্যতাৰ আবেলি।


এৰাতিৰ বাবে শুব পৰা হ’লে– শান্তিৰে


নিশ্বাসত উঠা নমা কৰাহেঁতেন


মোৰ গাঁৱৰ চিনাকী গোন্ধ


সাৰে থাকিলোহেঁতেন ওৰে নিশা– গোন্ধ বিচাৰি


চিনাকী মাটিৰ গোন্ধ।
সময় গতিশীল


আজি কবিকুলৰ স্বপ্নত বিভোৰ পৃথিবীৰ শৈশৱ


দুৰ্নীতি, গণিকা সংগত ব্যাধিগ্ৰস্ত আজিৰ সভ্যতা


নিশ্বাসত শুহিব লাগে কলুষিতা


হলাহলে পান কৰিব লাগে গৰল


আজি পাহৰণিৰ গৰ্ভত


ইয়াত এখন গাঁও আছিল নদী আছিল


পক্ষীকুলে নিতৌ কলৰোল তুলিছিল


আবাল-বৃদ্ধ বণিতাই ৰজনজনাই আছিল


জোনৰ সীহবোৰত নিশাৰ আন্ধাৰ আঁতৰিছিল।


তেনেহ’লে ক’ত পাম মোৰ প্ৰিয় গাঁওখন


ক’ত পাম কলুষিতাহীন মোৰ আই, বাই, ভাই


আত্মক্ষয়ী সংঘাতৰ অসহনীয় যন্ত্ৰণাত


ভীতিগ্ৰস্ত মোৰ আত্মজ– দহনত দগ্ধ মোৰ শৰীৰ


সেয়ে হ’বলা ভীত-সন্তুষ্ট মোৰ গাঁৱৰ মানুহ


পূজা পাৰ্বনত অধিক মত্ত– কিবা এটা লাগে


মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰত অন্ধ তমসাৰ গোঁজৰণ


শান্তি হেনো এনেকৈয়ে আহে । বিশ্বাস ।।


মাথো পাহৰণিৰ বিফল মনোৰথ


সময় বাগৰে দিনৰ পিছত ৰাতি


হিচাপহীন জোতাৰ চ’লত মৃতকৰ পৰিমাণ বাঢ়িহে যায়


হিচাপ ৰাখোতা নাই– তাৰ ওপৰেৰে আমিও যাওঁ– বগুৱা বাই


যেন এক ৰণক্ষেত্ৰ জিকাৰহে পণ


শান্তি, সম্প্ৰীতি, একতা মাথো মুখৰহে আৱাজ


হিয়াৰ আৱাজ দিলেহে পুৱাব ৰাতি


তেনে এক নতুন পুৱাৰ অপেক্ষাত তুমি আৰু মই।


(যোগাযোগ নম্বৰঃ ৯৮৫৪২৫৭৩২৬)

No comments:

Post a Comment