Friday, January 15, 2016

জনগণৰ ঐক্যবদ্ধ আন্দোলনেহে গৰাখহনীয়া সমস্যা সমাধান কৰিব পাৰিব।

0 comments
প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

হাফিজ আহমেদ -

অসমৰ বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰিবলৈ কেইদিনমান পূৰ্বে অসম বিধান সভাই কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। ২০১২ চনতো অসম বিধান সভাই উক্ত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল। অসম বিধানসভাৰ এই প্ৰস্তাৱত দাবী কৰা হৈছিল যে অসমৰ খহনীয়া প্ৰতিৰোধ অাঁচনিবোৰ কেন্দ্ৰীয় চৰকাৰে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ আঁচনিৰ অন্তৰ্ভূক্ত কৰিব লাগে। উল্লেখযোগ্য যে বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ ২০১২ চনৰ ১৮ জুলাইত অসম বিধানসভাই এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু এই প্ৰস্তাৱ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ নকৰাত পুনৰাই ২০১৩ চনৰ ১৭ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰক এই প্ৰস্তাৱ সন্দৰ্ভত মনত পেলাই দিয়া হৈছিল। কিন্তু পূৰ্বৰ ইউ পি এ চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। অসমৰ গৰাখহনীয়া সমস্যা এক পুৰণি, জটিল সমস্যা। ১৯৫০ চনৰ পাছৰে পৰা গৰাখহনীয়া সমস্যাই ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰিব ল’লেও ১৯৩০ চন মানৰ পৰাই অসমত গৰাখহনীয়া চলি থকাৰ প্ৰমাণ চৰকাৰী নথি-পত্ৰত পোৱা যায়। বিগত শতিকাৰ চল্লিছৰ দশকত অবিভক্ত কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ গৰাখহনীয়াপীড়িত ৰাইজে কৈমাৰী অঞ্চলত বসতি স্থাপন কৰিছিল। বৰপেটা মহকুমাৰ মহকুমাধিপতিয়ে ১৯৩৮ চনত লাইন প্ৰথা অধ্যয়নৰ বাবে অহা কমিটীৰ অাগত গৰাখহনীয়াগ্ৰস্ত এই ভূমিহীন খেতিয়কসকলক উচ্ছেদ কৰাৰ কথা উল্লেখ কৰিছিল। ১৯৪১ চনৰ ১৮ জুলাইত অসমৰ তদানীন্তন ৰাজহ মন্ত্ৰী ৰোহিনী কুমাৰ চৌধুৰীয়ে ‘Land Development Scheme’ মতে বানপানী আৰু গৰাখহনীয়াত মাটি-ভেটি হেৰুওৱা লোককো সংস্থাপিত কৰাৰ কথা ঘোষণা কৰিছিল।


তেতিয়াই আৰম্ভ হোৱা গৰাখহনীয়াৰ তাণ্ডৱ অসমত এতিয়াও অব্যাহত আছে। ১৯৫১ চনৰ পৰা ২০০০ চনলৈকে ব্ৰহ্মপুত্ৰ অাৰু ইয়াৰ উপনৈবোৰে ৪,২৯,৬৯৭ হেক্টৰ কৃষিযোগ্য ভূমি খহাই নিছে। এই কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৭ শতাংশ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে খহাই লৈ গৈছে। অসমৰ জলসম্পদ মন্ত্ৰীয়ে চলিত বিধানসভাৰ অধিবেশনত ১৯৫৪ চনৰ পৰা বৰ্তমানলৈকে ৪.২৭ লাখ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে ৯ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে, ১.২৫ লাখ পৰিয়ালক স্থানান্তৰ কৰা হৈছে বুলি উল্লেখ কৰিছে। ইয়াৰ ফলত ১ লাখ ৩০ হেজাৰ পৰিয়ালে গৃহহীন হৈ মথাউৰি বা চৰকাৰী ভূমিত বাস কৰিবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে বিধানসভাক জনাইছে। কিন্তু মন্ত্ৰীগৰাকীৰ এই তথ্য সম্পূৰ্ণ শুদ্ধ বুলি ক’ব নোৱাৰি। বিভিন্নজনে হাতত লোৱা অধ্যয়ন-গৱেষণা আদিৰ পৰা প্ৰাপ্ত তথ্যমতে অসমত গৰাখহনীয়াৰ ফলত অতি কমেও কুৰি লাখ লোক প্ৰভাৱান্বিত হৈছে।


গৰাখহনীয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে এক বিভীষিকাৰ সৃষ্টি কৰিছে। ১৯৫৫–৫৬ চনৰ কালছোৱাত মাজুলীৰ পূব অংশত আৰম্ভ হোৱা গৰাখহনীয়াই ১৯৬৪ চনৰ ভিতৰত ১৬ কিলোমিটাৰ মথাউৰি আৰু ২৩৫ বৰ্গকিলোমিটাৰ অঞ্চল গ্ৰাস কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডে যুটীয়াভাবে চলোৱা এক অধ্যয়ন মতে ১৯৬৯–৯৪ কালছোৱাত মাজুলীৰ ৫০.০৭ ব’ৰ্গকিলোমিটাৰ ভূমি খহনীয়াত জাহ গৈছে। মাজুলীৰ ২৪৪ খন গাঁৱৰ ৬৪ খন সম্পূৰ্ণৰূপে আৰু ৩০ খন গাঁও আংশিকভাৱে আক্ৰান্ত হৈছে। ২০০৩ চনৰ ডিচেম্বৰ মাহৰ ৩১ তাৰিখে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম বিধানসভাত ঘোষণা কৰা মতে উজনিৰ ডিব্ৰুগড়ৰ ২৯৮ হেক্টৰ, যোৰহাটৰ নিমাতীৰ ৩২৮ হেক্টৰ, মাজুলীৰ ৪২ হেক্টৰ অাৰু মাতমৰা বালিঘাটত দহ হেজাৰ হেক্টৰ ভূমি খহনীয়াত ধ্বংসপ্ৰাপ্ত হৈছিল। সেইদৰে মৈৰাবাৰী, ভূৰাগাঁও, লাহৰিঘাটত ১৫ হেজাৰ হেক্টৰ, পলাশবাৰী-গুমিত ১০ হেজাৰ হেক্টৰ, মুকালমুৱাত ৮ হেজাৰ হেক্টৰ, বহৰি-বাঘবৰত ৮ হেজাৰ হেক্টৰ, চুনাৰী, হাজিৰহাটত ৪০ হেজাৰ হেক্টৰ আৰু পাটামাৰীত আঢ়ৈ হেজাৰ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে খহাই নিছে। বৰপেটা জিলাত ১৯৫০ চনৰ পৰা ১৯৮৮ চনলৈকে ১৫০ খন গাঁও ব্ৰহ্মপুত্ৰই খহাই নিছিল। জিলাখনৰ বাঘবৰ, সত্ৰকনৰা, বহৰিত গৰাখহনীয়াৰ তাণ্ডৱ এতিয়াও অব্যাহত আছে। গোৱালপাৰা জিলাৰ পাগলাৰ টেকৰ পৰা জলেশ্বৰলৈ এক বৃহৎ অঞ্চল নৈৰ গৰ্ভত লীন হৈ গৈছে। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ ২০১ খন গাঁৱৰ ১৩৫ খন গৰাখহনীয়াই ধ্বংস কৰি পেলাইছে। ৩২,৭৬৯ হেক্টৰ কৃষিযোগ্য ভূমি এই ৰাজহ চক্ৰত ধ্বংসপ্ৰাপ্ত হৈছে। দক্ষিণ শালমাৰা, মানকাচৰ মহকুমাৰ ৬১৪ খন গাঁও গৰাখহনীয়াই বিলীন কৰি দিছে। ধুবুৰী নগৰৰ পৰা বাংলাদেশৰ সীমান্তলৈ ৩০খন গাঁও ব্ৰহ্মপুত্ৰই খহাই নিছে। অাই অাই টি ৰুৰকীৰ এক বিশেষজ্ঞৰ দলে ২০১২ চনৰ মে’ মাহত National Disaster Management Authority of India ৰ হ’কে হাতত লোৱা এক অধ্যয়ন মতে ১৯৯০ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰই ১০৯৪ বৰ্গকিলোমিটাৰ ভূমি খহাই নিছে। এই কালছোৱাত প্ৰতিবছৰে ৬২ বৰ্গকিলোমিটাৰকৈ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে ধ্বংস কৰিছে। এই অধ্যয়ন মতে ১৯৯৭ চনৰ পৰা ২০০৭–০৮ চনলৈকে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ৭২.৫ বৰ্গকিলোমিটাৰ ভূমি নৈৰ বুকুত বিলীন হৈ গৈছে।


ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াই অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৌগোলিক গাঁথনি থৰক-বৰক হৈ পৰিছে। বিস্তীৰ্ণ অঞ্চলৰ কৃষিযোগ্য ভূমি ধ্বংস হোৱাৰ ফলত গৰাখহনীয়া পীড়িত খেতিয়কসকল দিনমজুৰত পৰিণত হৈছে। চহৰমুখী হৈ এওঁলোকে ঠেলাৱালা, ৰিক্সাৱালাৰূপে জীৱিকা অৰ্জন কৰিবলগীয়া হৈছে। মাজুলী, ধেমাজি, বৰপেটা, ধুবুৰীৰ যুৱকে বহিঃৰাজ্যত নামমাত্ৰ মজুৰিত কাম কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰ অাৰু ইয়াৰ উপনৈবোৰত অসমৰ বিশেষকৈ মধ্য আৰু নামনি অসমৰ শ শ গাঁও গৰাখহনীয়াত জাহ যোৱাৰ কথা অসমৰ অধিকাংশ লোকৰ দৃষ্টিৰ অগোচৰতে ৰৈ গৈছে। ফলত নামনি বা মধ্য অসমৰ গৰাখহনীয়াপীড়িত অচিনাকি মানুহবোৰে যেতিয়া উজনিলৈ বা নগৰে-চহৰে কাম বিচাৰি যায়, তেওঁলোকৰ নাগৰিকত্ব সম্বন্ধে ৰাইজৰ মনত সন্দেহৰ উদ্ৰেক হয় । ইয়াৰ সুযোগ লৈ দেশৰ বিভেদকামী, সাম্প্ৰদায়িক শক্তিবোৰে এই কথাক সাম্প্ৰদায়িক ৰূপ দি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰা দেখা যায়। আনহাতে শ শ ৰাজহ গাঁও নদীৰ গৰ্ভত জাহ যোৱাৰ ফলত খেতিয়কৰ মাটিৰ পট্টা বাতিল হোৱাৰ বিপৰীতে চৰকাৰৰ ভূমি ৰাজহৰ পৰিমাণো কমি অাহিছে। তদুপৰি গৰাখহনীয়াই অসমৰ অনেক ঐতিহাসিক স্থান, মঠ-মন্দিৰ নিশ্চিহ্ন কৰি পেলাইছে। বাঘবৰৰ বৈঠাপোতা সত্ৰ, ময়নবৰী সত্ৰ, সত্ৰকনৰা সত্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। সেইবাবে কমলাবাৰী, বৰদোৱা, বহৰি, মন্দিয়া আদি সত্ৰৰ অস্তিত্ব গৰাখহনীয়াই বিপদাপন্ন কৰি পেলাইছে। গৰাখহনীয়াই বহু পুৰণি বাণিজ্য কেন্দ্ৰ, নদীবন্দৰো নিশ্চিহ্ন কৰি পেলাইছে। খোলাবান্ধা, তাৰাবাৰী, দক্ষিণ শালমাৰা, পলাশবাৰী, সুখচৰ আদি এসময়ৰ প্ৰখ্যাত ব্যৱসায়িক কেন্দ্ৰবোৰৰ কথা এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি। গৰাখহনীয়াত মাটি-ভেটি হেৰুওৱা লোকে জনজাতি অধ্যুষিত অঞ্চলবোৰত বসতি স্থাপন কৰাৰ ফলস্বৰূপে সেইবোৰ অঞ্চলত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰাখহনীয়া প্ৰতিৰোধৰ নামত বৰ্তমানলৈকে যিবোৰ ব্যৱস্থা হাতত লোৱা হৈছে, সেইবোৰৰ পৰা ৰাইজ উকৃত হৈছে বুলি ক’ব নোৱাৰি। চৰকাৰী অাঁচনিবোৰে দুৰ্নীতিগ্ৰস্ত বিষয়া, ঠিকাদাৰকহে লাভবান কৰিছে বুলি সততে অভিযোগ উত্থাপিত হোৱা দেখা যায়। শাসকগোষ্ঠী, আমোলাসকলৰ বাবে গৰাখহনীয়া সমস্যাটো সোণৰ কণী দিয়া ৰাজহাঁহত পৰিণত হৈছে। সেয়ে আন্তৰিকভাৱে এই সমস্যা সমাধানত মন দিয়া নাই। এই সমস্যা সমাধানৰ বিফলতাৰ বাবে সেয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দোষাৰোপ কৰা দেখা গৈছে। দিল্লীত শাসনাধিষ্ঠিত সকলে অসমৰ গৰাখহনীয়া সমস্যাক লৈ কেতিয়াও চিন্তা নকৰে– তেওঁলোক ইউ পি এৰে হওক বা এন ডি এৰে হওক। ৰাজ্য চৰকাৰেও স্বৰাজোত্বৰ কালত এই সমস্যা সমাধানৰ বাবে বিশেষ একো কৰিছে বুলি ক’ব নোৱাৰি।


এনে পৰিস্থিতিত পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ডৰ গৰাখহনীয়াগ্ৰস্ত ৰাইজে মিলি ‘গংগা ভাঙোন প্ৰতিৰোধ সমিতি’ গঢ়ি তোলাৰ দৰে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ সকলো জাতি, ধৰ্ম, ভাষাৰ লোক একত্ৰিত হৈ এক উমৈহতীয়া মঞ্চ গঠন কৰি গৰাখহনীয়া সমস্যা সমাধানৰ বাবে তীব্ৰ গণ অান্দোলন গঢ়ি তুলিব লাগিব। ধৰ্মৰ নামত সমগ্ৰ অসমৰ জনগণক বিভাজিত কৰিবলৈ ৰাজনৈতিক দলবোৰে উঠি-পৰি লগা পৰত এই কাম কৰাটো উজু নহয়। কিন্তু যেতিয়ালৈকে এনে মঞ্চ গঢ়ি তুলি চৰকাৰক খহনীয়াৰোধৰ বাবে বাধ্য কৰাব পৰা নাযাব, তেতিয়ালৈকে অসমৰ খেতিয়কসকলৰ দুখ-দুৰ্দশাও লাঘৱ কৰিব পৰা নাযাব– এই কথাষাৰ আমি মনত ৰখা ভাল।


 

(লেখকৰ যোগাযোগ নম্বৰঃ ৯৪৩৫৫৪১৮৭৪)


শিৰোনামাৰ আলোকচিত্ৰঃ কিশোৰ তালুকদাৰৰ

No comments:

Post a Comment