Friday, January 15, 2016

পৰিবৰ্তনৰ বা বলিছে আজিৰ বতাহত|

1 comments
প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

সিদ্ধিনাথ দাস -

শিক্ষা জীৱনৰে অংগ। জন্মৰ ঠিক পিচ মুহুৰ্তৰ পৰাই মানৱ শিশুৱে জীৱনৰ পৰাই শিক্ষা আহৰণ কৰিবলৈ লয়। ক্ৰমাগত ভাৱে যেতিয়া শিশুটি ডাঙৰ-দীঘল হ’বলৈ ধৰে– তেতিয়াই আৰম্ভ হয় জীৱন অাৰু জগত সম্বন্ধে জীৱন যোৰা জ্ঞানৰ অন্বেষণ। জীৱন অাৰু জগতক জানিবলৈ বুজিবলৈ প্ৰয়োজন হয় প্ৰণালীবদ্ধ শিক্ষাৰ। আমাৰ সমুখত যিখন বাস্তৱ জগত ৰৈ আছে, সেইখনেই এখন বৃহৎ গ্ৰন্থ। মাথোঁ আমি পঢ়িব লাগে। লাগে অধ্যয়ন কৰিব। দেখি শুনি শিকি ঠেকি বুজি মানুহে জ্ঞান অাহৰণ কৰে। চকু কাণ নাক আদি জ্ঞানেন্দ্ৰিয় সমূহ জগত দৰ্শনৰ দুৱাৰ খিৰিকি। এই দুৱাৰ খিৰিকিবোৰৰ যোগেদি বাহ্যিক জগতৰ পৰা অহৰহ আমাৰ মন মগজুলৈ জ্ঞানৰ পোহৰ সোমাই আহে।


বৰ্তমানৰ বাস্তৱ জগতখন বৰ অসু্স্থ। কোনেও ক’তো সুখ–শান্তিত থাকিব পৰা নাই। মানুহৰ দৰে বসবাস কৰিব পৰা নাই। আজিৰ মানুহ অনবৰতে আতংকিত হৈ থাকে। থাকে সন্ত্ৰাসিত হৈ। য’তে ত’তে অঘটন– বোমা বিস্ফোৰণ, হত্যা, অপহৰণ লুণ্ঠন আদি অমানৱীয় কাৰ্যবোৰ অহনি্ৰশে অবিৰত ভাৱে চলিয়েই অাছে। বৰ কদৰ্য ৰূপ। আমি এনে এখন সমাজত কাম কৰিবলগীয়া হৈছে– য’ত কেইটামান টকাৰ বিনিময়ত নিস্পাপ শিশুক অপহৰণ কৰি নি হত্যা কৰা হয়। চাৰিওফালে এতিয়া মৰাশৰ গোন্ধ। বৰ আসুৰিক হ’ল মানুহৰ সমাজখন। গোষ্ঠীয়ে গোষ্ঠীয়ে কাজিয়া, ধৰ্মই ধৰ্মই হিংসা-হিংসি, ভায়েকে-ভায়েকে কাটাকটি মৰা-মৰি। জীৱনৰ নিৰাপত্তা নাই ক’তো! বহুতেই আকৌ টকাৰ পিছে পিছে দৌৰিছে। আনহাতে ভয়ংকৰ নিবনুৱা সমস্যা– বানপানী সমস্যা অত্যাৱশ্যকীয় বয়বস্তুৰ মূল্যবৃদ্ধিৰ সমস্যা– আদি এশ-এবুৰি সমস্যাৰে জৰ্জৰিত আজিৰ মানুহ। অন্যায়-অনীতি-দুৰ্নীতিয়ে এফালৰ পৰা গ্ৰাস কৰিছে আমাৰ দেশ। মদ, ভাং, ড্ৰাগচ, জুৱাৰ পূৰ্ণ পয়োভৰ চাৰিওফালে। উগ্ৰপন্থীৰ দপ্‌দপনি– দিনদুপৰতে চোৰ-ডকাইতৰ টিঘিল-ঘিলনি নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে। কিন্তু কিয় এনেকুৱা হয় ? এইগোটেই ঘটনাবোৰ কাৰ্যকৰণ সম্পৰ্কৰে সম্পৰ্কিত হৈ আছে। কোনো ঘটনা অাকস্মিক ভাবে নঘটে। প্ৰতিটো ঘটনাৰ অাঁৰত একো-একোটাকাৰণ নিহিত হৈ থাকে।


“অৰ্থনীতিৰ ওপৰত ভিত্তি কৰিয়েই ৰাজনীতিৰ জন্ম হয় অাৰু ৰাজনীতিৰ ওপৰত ভিত্তি কৰি সংস্কৃতি নিৰ্মাণ হয়।” আমাৰ দেশৰ অৰ্থনীতি বৰ্তমান দেউলীয়া, অৰ্থনীতি দেউলীয়া হ’লে ৰাজনীতি ভ্ৰষ্ট হ’বলৈ বাধ্য। সেয়েহে এতিয়া সংস্কৃতিৰ নামত দুস্কৃতিৰ ব্যাপক প্ৰচলন হৈছে দশোদিশে। টি ভিৰ যোগেদি বা অন্যান্য সংবাদ মাধ্যমৰ যোগেদি যিবোৰ অৰ্দ্ধনগ্ন অাৰু যৌনগন্ধী অসামাজিক কাৰ্যসূচী পৰিবেশন কৰি থকা হৈছে তাৰ পৰাই কোমল মনৰ ল’ৰা-ছোৱালীহঁতৰ মনত এক বিকৃত ৰুচিবোধৰ জন্ম হয় অাৰু বিকৃত ৰুচিবোধে কেতিয়াও সুস্থ-মানসিকতাৰ জন্ম দিব নোৱাৰে।


সেই কাৰণেই বৰ্তমান সমাজত বিশৃংখল পৰিবেশে বিৰাজ কৰিছে। সৌ তাহানিতে জ্যোতি প্ৰসাদে কোৱা কথাষাৰ মনলৈ অাহিছে– “যি কথাই, যি কামে, যি চিন্তাই, মানুহক সুন্দৰ কৰে, মানুহৰ জীৱন সুন্দৰ কৰে, মানুহক বৰ্বৰ প্ৰাকৃতিক অৱস্থাৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱনৰ সম্পূৰ্ণ অানন্দ পাবলৈ বাট দেখুৱাই দিয়ে, সেই কথাই, সেই কামেই, সেই চিন্তাই হৈছে সংস্কৃতি।” সমাজৰ বয়োজেষ্ঠ সকলে প্ৰায়েই কোৱা শুনা যায়– “আজি-কালিৰ ল’ৰা-ছোৱালীবোৰ জাহান্নামে গ’ল। গুৰু-গোঁসাই নমনা হ’ল। মোবাইল ফোনে ল’ৰা-ছোৱালীৰ জীৱন ধ্বংস কৰিলে। ক্লাছ চেভেনৰ ল’ৰাই হাতত তুলি লয় মদৰ বটল। অপৈনত বয়সতেই জধে-মধে ৰাষ্টাই ঘাটে বাইক চলাই অঘটন ঘটায়েই আছে।” কথাবোৰ দেখাত সঁচা যেন লাগিলেও দৰাচলতে, ল’ৰা-ছোৱালীহঁতৰ দোষ নাই। দোষ মাথোঁ পৰিবেশৰহে। অৰ্থাৎ সামাজিক অৱস্থাৰ। আমাৰ ল’ৰা-ছোৱালীহঁতে ঘৰৰ পৰা ওলায়েই ৰাষ্টাত পৰি থকা প্লাষ্টিকৰ মদৰ ঠোঙাৰ ওপৰেৰে খোজ কাঢ়িব লগা হয়। চাৰিঅালিৰ দোকানত জুৱা খেলি থকা মানুহবোৰলৈ সিহঁতৰ চকু যায়। গাঁৱে গাঁৱে মদৰ দোকান খুলিবলৈ চৰকাৰে অনুমতি দিয়া দোকানবোৰত মদ বিক্ৰী কৰি থকা দোকানী অাৰু মদ খাই থকা মানুহবোৰক সিহঁতে স্কুল-কলেজলৈ অহা-যোৱা কৰোঁতে প্ৰত্যক্ষ কৰে। ক্ৰমশঃ সিহঁতৰ মনবোৰো সেইবোৰৰ প্ৰতি আকৰ্ষিত হয়।


এনে প্ৰতিকুল অৱস্থাৰ মাজতো আমাৰ ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট কষ্ট কৰি পঢ়া-শুনা কৰি বছৰে বছৰে শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। এই যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ষ্টাৰ নম্বৰ সহ নাইবা ডিষ্টিংশ্বন নম্বৰ লাভ কৰা কিম্বা প্ৰথম কুৰিটা স্থান দখল কৰা মেধাবী ছাত্ৰ-ছাত্ৰীবোৰ কলেজীয়া জীৱন শেষ কৰি তেওঁলোক পিচলৈ কি হয়গৈ ? তেওঁলোকৰ বহুতেই ডাঙৰ-ডাঙৰ অফিচাৰ হয়। কিছুমানে অাকৌ ডাক্তৰ-ইঞ্জিনিয়াৰ হৈ শেষ পৰ্যায়ত টকা ঘটা একো একোটা যন্ত্ৰত পৰিণত হয়গৈ অাৰু চূড়ান্ত ভাবে ব্যক্তিগত মুনাফা লাভত নিজকে ব্যস্ত ৰাখি বিলাসী জীৱন যাপন কৰে। মাথোঁ এমুঠিমান উচ্চ চেতনা সম্পন্ন মানুহে সমাজৰ হকে চিন্তা-চৰ্চা কৰে। মানৱতাৰ সেৱা কৰে। বৰ্তমান সমাজত ডিগ্ৰীধাৰী মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। প্ৰকৃত শিক্ষিত অাৰু গুণী-জ্ঞানী মানুহৰ পৰিমাণ কমি গৈ আছে। আজিৰ দিনৰ শিক্ষিত মানুহ এজনে তেওঁ কিমানটা ডিগ্ৰী লাভ কৰিলে সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ’ল সমাজলৈ তেওঁৰ অৱদান কিমান! তেওঁ কি কি অৱদান মানৱ সমাজলৈ আগবঢ়ালে সেইটোহে গুৰুত্বপূৰ্ণ আৰু মূল্যৱান কথা। অন্যথা তেওঁ মানুহৰ সংখ্যাহে মাথোঁন– এক দুই তিনি চাৰি। প্ৰচলিত শিক্ষা-ব্যৱস্থাই মানুহক যি শিক্ষাৰে শিক্ষিত কৰি তুলিছে, সেই শিক্ষাৰে মানুহক প্ৰকৃত মানুহ হিচাপে গঢ়ি নোতোলে। সমাজৰ কল্যাণৰ হকে– মানৱ জীৱনৰ মঙ্গলৰ হকে কাম কৰিবলৈ নিশিকায়। শিকায় মাথোঁ ব্যক্তিকেন্দ্ৰিক হ’বলৈ। বৰ্তমানৰ সমাজখনো ব্যক্তিকেন্দ্ৰিক সমাজ। বিগত ইং ২০১১ চনৰ ১৪ অক্টোৱৰৰ “দেওবৰীয়া খবৰ” সংখ্যাটিত ডা0 বি এম হেগড়ে, নামৰ ডাক্তৰ এজনে লিখা “কেনেকৈ একাংশ চিকিৎসকে লুণ্ঠন কৰে ৰোগীক”? নামৰ নিৱন্ধটো পঢ়ি বিস্ময় মানিছিলোঁ। নিন্ধটিত ডা0 বি এম হেগড়ে এজন ডাক্তৰ হৈয়ো কিছুমান ডাক্তৰৰ বিৰুদ্ধে তথ্য সহকাৰে যিবোৰ অমানৱীয় ঘটনা বৰ্ণনা কৰিছে, সেইবোৰ প্ৰতিজন সচেতন ব্যক্তিয়ে জনা উচিত। ডাক্তৰ সকলক সাধাৰণ লোকে অাজিও ভগবানৰ লগত তুলনা কৰে। অথচ, সেই ডাক্তৰ সকলৰ একাংশই ধনৰ লোভত ৰোগীক অবিৰত ভাবে লুণ্ঠন কৰা কাৰ্যক সবিস্তাৰে প্ৰকাশ কৰিছে। পৰীক্ষাগাৰ বা লেবৰেটৰী সমূহৰ লগত ডাক্তৰৰ গোপন বুজাবুজিৰ পৰা আৰম্ভ কৰি নাৰ্ছিংহোমৰ কৰ্তৃপক্ষৰ লগত লাভাংশৰ বুজাবুজি, আই চি ইউৰ লগত কেনেকৈ চলি আছে ৰমৰমীয়া ব্যৱসায়, আনকি মৃতদেহকো চিকিৎসা কৰা ধনৰ টোপোলা আদায় কৰা ইত্যাদি ঘটনাৰ হুবহু বৰ্ণনা দিছে নিৱন্ধটোত। এচাম সৎ চিকিৎসকৰো অভাৱ যে হোৱা নাই এই কথাও ডা0 বি এম হেগড়ে দেৱে ক’বলৈ পাহৰা নাই। উল্লেখ কৰা ভাল হ’ব যে ডা0 বি এম হেগড়ে নিজেও ভাৰতবৰ্ষৰ আগশাৰীৰ এজন সু-চিকিৎসক। তেখেতে কেইবাখনো মেডিকেল কলেজত অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। ভাৰত চৰকাৰে পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰা ডা0 বি এম হেগড়ে আজিৰ সমাজৰ বাবে চিৰনমস্য ব্যক্তি।


মানৱতাবিহীন নৈতিকতা বিহীন এনে ব্যক্তিকেন্দ্ৰিক সমাজৰ আমি সকলোৱে পৰিবৰ্তন বিচাৰোঁ। শিক্ষা ব্যৱস্থা ৰাষ্ট্ৰ ব্যৱস্থাৰ এটা প্ৰধান অংগ। ৰাষ্ট্ৰৰ চৰিত্ৰ সলনি নোহোৱাকৈ শিক্ষা-নীতিৰো সলনি নহয়। জীৱনমুখী সুস্থ শিক্ষা-নীতিয়েহে আনিব শিক্ষা জগতলৈ পৰিবৰ্তন। পৰিবৰ্তন অৱশ্যম্ভাৱী। সময়ৰ গতিশীলতাই জগত আৰু জীৱনলৈ অানে পৰিবৰ্তন। পিচে, পৰিবৰ্তন এনেয়ে নাহে। পৰিবৰ্তন সাধন কৰে মানুহে। পৃথিবীত একমাত্ৰ মানুহেই প্ৰাণী যিয়ে নিজেও পৰিবৰ্তিত হৈ গৈ থাকে অাৰু আনকো পৰিবৰ্তন কৰিব বিচাৰে। ভাবি ভাল লাগে যে মানুহ নামৰ এই প্ৰাণীটোৱে এদিন পৰ্বতৰ গুহাত বাস কৰিছিল, হাবিয়ে-জংঘলে বিচৰণ কৰি ফুৰিছিল। কাপোৰ পিন্ধিব নজনা, খাদ্য খাব নজনা, ঘৰ সাজিব নজনা এই প্ৰাণীটোৱে পৰিবৰ্তনৰ জখলা বগাই বগাই সময় বাটেৰে আহি আহি আজি জীৱ শ্ৰেষ্ঠ ৰূপত মহাকাশে মহাকাশে বিচৰণ কৰাত ব্যস্ত। ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, ন্যায়-অন্যায় আদি বিচাৰ বিশ্লেষণ কৰিব পৰা বুদ্ধিবৃত্তি গুণটো থকাৰ বাবেই মানুহ জীৱ শ্ৰেষ্ঠ। সেই আদিম মানৱৰ পৰা আজিৰ আধুনিক মানুহলৈ ৰূপান্তৰিত হোৱা মানৱ ইতিহাসৰ যি দীঘলীয়া পৰিক্ৰমা, তাৰ ফলস্বৰূপে জীৱন আৰু জগতলৈ বহুতো অভাৱনীয় পৰিবৰ্তন অাহিল।


পিচে, পৰিবৰ্তনো দুই ধৰণে হ’ব পাৰে– বেয়া অৱস্থাৰ পৰা ভাল অৱস্থালৈ অাকৌ ভাল অৱস্থাৰ পৰা বেয়া অৱস্থালৈ। অনুভৱ কৰি দুখ লাগে যে বৰ্তমান মানুহৰ সমাজখন এতিয়া বৰ ভয়াবহ– কদৰ্যময়– বৰ অসহনীয়। এনে লাগে যেন এতিয়া মানুহৰ সমাজত “মানুহৰেই” আকাল। মানুহবোৰ দৈত্য-দানৱ হ’ল। এই দৈত্য-দানৱবোৰক নিঃশেষ কৰি মানুহৰ বাসযোগ্য পৃথিৱী এখন প্ৰতিষ্ঠা কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সকলৰ নেতৃত্বত জনসাধাৰণক লগত লৈ বিজ্ঞানসন্মত ভাবে বিচাৰ বিশ্লেষণ কৰি সমাজলৈ শান্তি অনাৰ স্বাৰ্থত, সুস্থ শিক্ষা-নীতিৰ স্বাৰ্থত অাৰু এক মহান মানৱতাৰ স্বাৰ্থত এক ঐতিহাসিক সাংস্কৃতিক বিপ্লৱ গঢ়ি তুলিব লাগিব। আজিৰ সময়ে তাকেই দাবী কৰে।


 

(লেখকৰ যোগাযোগ নম্বৰঃ ৯৮৬৪৩৫৩১৩৭)

শিৰোনামৰ আলোকচিত্ৰঃ ইষ্টাৰ্ণ ফটো চাৰ্ভিছ

1 comment:

  1. Do you might have a spam concern on this website; I also am a blogger, and I was quinoitnesg your scenario; we have created some nice strategies and were looking to exchange solutions with other people, be sure to blast me an e-mail if planning to pursue.

    ReplyDelete