Friday, January 15, 2016

অতুল তামুলীৰ কবিতা

6 comments
প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৬

- শব্দৰ গান - 


অতুল তামুলী


সাৱধান, সাৱধান
প্ৰিয় জনগণ
এতিয়া সকলোতে
শব্দৰ প্ৰদূষণ,
শব্দৰ ত্ৰাসত
শব্দৰ পলায়ন ।
আজি
শব্দই শব্দৰ শত্ৰু
শব্দই শব্দৰ মিত্ৰ,
শব্দই শব্দক হানে
শব্দই শব্দক টানে,
শব্দ-শয্যাত শব্দবিদ্ধ
আজিৰ ভীষ্ম সমাজ
কৌৰৱৰ দাম্ভিক হুংকাৰ
শব্দৰ কুৰুক্ষেত্ৰ ৰণ
মহাশূন্যত মহানাদ
শব্দৰ মহা বিষ্ফোৰণ
এক  অঘটন, যেন
নতুন সৃষ্টিৰ পাতন ।


শব্দৰ পৰিক্ৰমা
নাই পৰিসীমা ।


শব্দৰ লয়
শব্দতে হয়,
শব্দয়ে গায়
শব্দৰ জয়,,
শব্দ অমল শক্তি
শব্দৰ বিপুল ব্যাপ্তি
শব্দৰ নাই অৱসান
শব্দ চিৰ প্ৰৱাহমান ।


শব্দৰ শোধন
অব্দৰে মিলন
কৰা হাথিয়াৰ
শত জনতাৰ
ৰঁচা নতুন গান
হোৱা আগুৱান
অপ-শব্দৰ
কৰি বিনাশন
নতুন শব্দৰ
গোৱা জয়গান ।


(যোগাযোগ নম্বৰঃ ৮৮১১৮৮৪৪২০)

6 comments:

  1. মোৰ কবিতা " শব্দৰ গান " প্ৰকাশ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ বহু পলমকৈ । তাৰ বাবে দু:খিত। আজিহে চকুত পৰিল ।

    ReplyDelete
  2. অশেষ ধন্যবাদ, আমাৰ আলোচনীখন পঢ়াৰ বাবে, মাজে সময়ে আমালৈ লেখা আগবঢ়াব বুলি আশা থাকিল।

    ReplyDelete
  3. Hi,Myself Ashwini .. I am regular reader of ur blog , ur blog is very informative with good photographs .I would like to ask u Can u pls suggest me a good book on Ayurvedic balance diet? Thanking u in an#inipatioc&t8230;

    ReplyDelete
  4. I am a bit cou,lsedfpnease help me I am curently in a small group and love it however did I understand that there are new small groups forming for singles at PC3? I have signed up for Converge in Oct. is that the new group for singles or is there another way to join???? THANKS …

    ReplyDelete
  5. Information on natural health,health supplements, home remedies for common illnesses and cures. Blogs, Articles on healthy natural products, nutrition etc. https://www.naturalhealthscam.com/

    ReplyDelete